Prime Minister meets Chancellor of Germany on the sidelines of G7 Summit

Prime Minister meets Chancellor of Germany on the sidelines of G7 Summit

June 18th, 01:48 am

PM Modi met German Chancellor Friedrich Merz on the sidelines of the G7 Summit in Canada, their first meeting since Merz took office in May 2025. Both the leaders agreed to deepen the India-Germany Strategic Partnership, marking 25 years, with focus on trade, defence, green energy, tech, innovation and mobility.

India has witnessed rapid transformations across diverse sectors: PM Modi

India has witnessed rapid transformations across diverse sectors: PM Modi

June 09th, 09:40 am

The Prime Minister, Shri Narendra Modi has highlighted the remarkable transformation India has undergone over the past eleven years under the NDA Government.

নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত বিশ্ব বিমান পৰিবহণ সন্মিলনৰ পূৰ্ণাংগ অধিবেশনত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত বিশ্ব বিমান পৰিবহণ সন্মিলনৰ পূৰ্ণাংগ অধিবেশনত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

June 02nd, 05:34 pm

আইএটিএ-ৰ ৮১ সংখ্যক বাৰ্ষিক সাধাৰণ সভা আৰু বিশ্ব বিমান পৰিবহণ সন্মিলনত ভাগ ল’বলৈ ভাৰতলৈ অহা সকলো অতিথিকে আদৰণি জনাইছোঁ। আপোনাসৱক ইয়াত লগ পাই সন্তোষ লভিছোঁ। চাৰি দশকৰ অন্তত ভাৰতত এই অনুষ্ঠান অনুষ্ঠিত হৈছে। এই চাৰিটা দশকত ভাৰতত একাধিক পৰিৱৰ্তন সাধন হৈছে। আজিৰ ভাৰত পূৰ্বতকৈ অধিক আত্মবিশ্বাসেৰে ভৰি পৰিছে। আমি কেৱল বিশ্ব বিমান পৰিবহণ ব্যৱস্থাৰ এক বিশাল বজাৰেই নহয়, বৰঞ্চ নীতি নেতৃত্ব, উদ্ভাৱন আৰু অন্তৰ্ভুক্ত উন্নয়নৰ প্ৰতীকো। আজি ভাৰতে বিশ্ব মহাকাশ-বিমান পৰিবহণৰ সমন্বয়ৰ ক্ষেত্ৰত আগশাৰীৰ দেশ হিচাপে আত্মপ্ৰকাশ কৰিছে। যোৱা দশকত ভাৰতৰ অসামৰিক বিমান পৰিবহণ খণ্ডৰ ঐতিহাসিক উত্থান সম্পৰ্কে আপোনালোক সকলো জ্ঞাত।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আইএটিএ-ৰ ৮১ সংখ্যক বাৰ্ষিক সাধাৰণ সভা আৰু বিশ্ব বিমান পৰিবহণ সন্মিলনৰ পূৰ্ণাংগ অধিবেশনৰ কাৰ্য্যসূচী সম্বোধন কৰে

June 02nd, 05:00 pm

বিশ্ব-মানৰ বিমান আন্তঃগাঁথনি গঢ়ি তোলা আৰু যোগাযোগ ব্যৱস্থাৰ বৰ্ধনৰ প্ৰতি থকা দায়বদ্ধতাৰে সংগতি ৰাখি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত আন্তঃৰাষ্ট্ৰীয় বিমান পৰিবহণ সংস্থাৰ (IATA) ৮১ সংখ্যক বাৰ্ষিক সাধাৰণ সভা আৰু বিশ্ব বিমান পৰিবহণ সন্মিলনৰ পূৰ্ণাংগ অধিবেশনৰ কাৰ্য্যসূচী সম্বোধন কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে ইয়ালৈ অতিথিসকলক আদৰণি জনাই চাৰি দশকৰ পিছত ভাৰতত অনুষ্ঠিত এই কাৰ্য্যসূচীৰ তাৎপৰ্য্যত আলোকপাত কৰে। তেখেতে এই সময়ছোৱাত ভাৰতৰ ৰূপান্তৰৰ যাত্ৰাত গুৰুত্ব আৰোপেৰে কয় যে আজিৰ ভাৰত পূৰ্বতকৈ অধিক আত্মবিশ্বাসী হৈ উঠিছে। তেখেতে বিশ্ব বিমান পৰিবহণ ব্যৱস্থাত ভাৰতৰ ভূমিকাত আলোকপাত কৰে, যি কেৱল এখন বিশাল বজাৰ হিচাপেই নহয়, বৰঞ্চ নীতিগত নেতৃত্ব, উদ্ভাৱন আৰু সৰ্বাংগীন উন্নয়নৰ প্ৰতীক হিচাপেও পৰিগণিত হৈছে। “আজি ভাৰতে গ্ল’বেল স্পেচ-এভিয়েচন কনভাৰ্জেন্সত অগ্ৰণী শক্তি হিচাপে আত্মপ্ৰকাশ কৰিছে”, প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে উল্লেখেৰে কয় যে বিগত দশকত অসামৰিক বিমান পৰিবহণ খণ্ডত ঐতিহাসিক অগ্ৰগতি প্ৰত্যক্ষ হৈছে, ই স্বীকৃতিও লাভ কৰিছে।

While building a healthy planet, let us ensure that no one is left behind: PM Modi at World Health Assembly

May 20th, 04:42 pm

PM Modi addressed the 78th World Health Assembly, aligning India’s vision with One World for Health. He showcased India’s scalable health models like Ayushman Bharat, tech-driven solutions, and affordable access initiatives. Encouraging inclusion, collaboration and holistic well-being, he called for united global action to ensure no one is left behind.

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জেনেভাত বিশ্ব স্বাস্থ্য সন্মিলনৰ ৭৮ সংখ্যক অধিৱেশন সম্বোধন কৰে

May 20th, 04:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জেনেভাত বিশ্ব স্বাস্থ্য সন্মিলনৰ ৭৮ সংখ্যক অধিৱেশনত ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে ভাষণ দিয়ে। সমাৱেশত সম্বোধন কৰি তেওঁ এই বছৰৰ মূল বিষয় 'স্বাস্থ্যৰ বাবে এখন বিশ্ব'ৰ ওপৰত আলোকপাত কৰি অংশগ্ৰহণকাৰীসকলক উষ্ম অভিনন্দন জ্ঞাপন কৰে আৰু বিশ্ব স্বাস্থ্যৰ সৈতে ভাৰতৰ দৃষ্টিভংগীৰ সংগতি থকা বুলি গুৰুত্ব আৰোপ কৰে। ২০২৩ চনৰ বিশ্ব স্বাস্থ্য সমাবেশত তেওঁ দিয়া ভাষণৰ কথা মনত পেলাই তেওঁ ‘এখন পৃথিৱী, এটা স্বাস্থ্য’ৰ বিষয়ে কয়। তেওঁ মন্তব্য কৰে যে অন্তৰ্ভুক্তি, সংহত দৃষ্টিভংগী আৰু সহযোগিতাৰ ওপৰত এখন সুস্থ পৃথিৱীৰ ভৱিষ্যত নিৰ্ভৰশীল।

ছৌদি আৰৱলৈ প্ৰধানমন্ত্ৰীৰ ৰাজ্যিক ভ্ৰমণৰ সামৰণিত যৌথ বিবৃতি

April 23rd, 12:44 pm

এক ঐতিহাসিক বন্ধুত্ব; প্ৰগতিৰ বাবে এক অংশীদাৰিত্ব।” ছৌদি আৰব ৰাজ্যৰ ক্ৰাউন প্ৰিন্স আৰু প্ৰধানমন্ত্ৰী, ভাৰত গণৰাজ্যৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে ২০২৫ চনৰ ২২ এপ্ৰিলত ছৌদি আৰৱ ৰাজ্যত ৰাজ্যিক ভ্ৰমণ কৰে। এয়া আছিল প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ তৃতীয়টো ছৌদি আৰৱ ভ্ৰমণ। ২০২৩ চনৰ ছেপ্টেম্বৰ মাহত ছৌদি আৰৱৰ ক্ৰাউন প্ৰিন্স আৰু প্ৰধানমন্ত্ৰী প্ৰিন্স মহম্মদ বিন ছালমান বিন আব্দুলজিজ আল চৌদৰ ভাৰত ভ্ৰমণৰ পিছত জি-২০ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ আৰু ভাৰত-ছৌদি আৰব কৌশলগত অংশীদাৰিত্ব পৰিষদৰ প্ৰথমখন বৈঠকৰ সহ-অধ্যক্ষতা।

ফিনলেণ্ডৰ ৰাষ্ট্ৰপতি শ্ৰীযুত আলেকজেণ্ডাৰ ষ্টাবৰ সৈত টেলিফোনিত বাৰ্চালাপ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

April 16th, 05:45 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ফিনলেণ্ডৰ ৰাষ্ট্ৰপতি শ্ৰীযুত আলেকজেণ্ডাৰ ষ্টাবৰ সৈতে আজি এক টেলিফোনিক বাৰ্তালাপ কৰে।

কেবিনেটে ২০২৫-২০২৬ৰ বাবে প্ৰধানমন্ত্ৰী কৃষি সিঁচাই যোজনাৰ উপ-আঁচনি হিচাপে কমাণ্ড এৰিয়া উন্নয়ন আৰু জল ব্যৱস্থাপনাৰ আধুনিকীকৰণত অনুমোদন জনায়

April 09th, 03:12 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে আজি ২০২৫-২০২৬ৰ বাবে ১৬০০ কোটি টকা প্ৰাৰম্ভিক মুঠ ব্যয় সাপেক্ষে প্ৰধানমন্ত্ৰী কৃষি সিঁচাই যোজনা (PMKSY)-ৰ উপ-আঁচনি হিচাপে কমাণ্ড এৰিয়া উন্নয়ন আৰু জল ব্যৱস্থাপনাৰ আধুনিকীকৰণ (M-CADWM)ত অনুমোদন জনায়।

কেবিনেটে ২০২৪-২৫ৰ পৰা ২০২৮-২৯ বিত্তীয় বৰ্ষলৈ ভাইব্ৰেন্ট ভিলেজ কাৰ্য্যক্ৰম-II (VVP-II)ত অনুমোদন জনায়

April 04th, 03:11 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে আজি কেন্দ্ৰীয় খণ্ডৰ আঁচনি (১০০% কেন্দ্ৰীয় পুঁজি) হিচাপে ভাইব্ৰেন্ট ভিলেজ কাৰ্য্যক্ৰম-II (VVP-II)ত অনুমোদন জনায়। এই অনুমোদনে ‘নিৰাপদ, সুৰক্ষিত আৰু স্পন্দনশীল স্থল সীমান্ত’ৰ ক্ষেত্ৰত বিকশিত ভাৰত@২০৪৭-ৰ দৃষ্টিভংগীৰ বাবে এই কাৰ্য্যসূচীৰ দায়বদ্ধতাৰ বৰ্ধন ঘটায়। এই কাৰ্য্যসূচীয়ে ইতিমধ্যে ভিভিপি-I ৰ অধীনত সামৰি লোৱা উত্তৰ সীমান্তৰ বাহিৰেও আন্তঃৰাষ্ট্ৰীয় স্থল সীমান্তৰ (ILB) সংলগ্ন ব্লকসমূহত অৱস্থিত গাঁওসমূহৰ ব্যাপক উন্নয়নত সহায় কৰিব।

ভাৰতৰ নৱীকৰণযোগ্য শক্তি খণ্ডৰ উল্লেখনীয় বিকাশৰ প্ৰশংসা কৰে প্ৰধানমন্ত্ৰীয়ে

April 01st, 07:40 pm

ভাৰতৰ নৱীকৰণযোগ্য শক্তি খণ্ডৰ বিকাশক ‘উল্লেখনীয়’ আৰু ‘স্থিৰতাৰ প্ৰতি আমাৰ জনসাধাৰণৰ প্ৰতিশ্ৰুতি’ বুলি আজি প্ৰশংসা কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।

৩০.০৩.২০২৫ত ‘মন কী বাত’ৰ ১২০সংখ্যক খণ্ডত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

March 30th, 11:30 am

নমস্কাৰ। আজি এটা অতি পবিত্ৰ দিনত আপোনালোকৰ লগত মোৰ চিন্তাধাৰা ব্যক্ত কৰাৰ সুযোগ পালোঁ। আজি চ’ত মাহৰ শুক্ল পক্ষৰ প্ৰতিপদ তিথি। আজিৰ পৰা আৰম্ভ হৈছে চৈত্ৰ নৱৰাত্ৰি। আজি ভাৰতীয় নৱবৰ্ষৰো আৰম্ভণি। এইবাৰ বিক্ৰম সংম্বাত ২০৮২ আৰম্ভ হৈছে। এই সময়ত মোৰ সন্মুখত আপোনালোকে পঠোৱা বহু চিঠি আছে। কোনোবাখন বিহাৰৰ, কোনোবাখন বংগৰ, কোনোবাখন তামিলনাডুৰ, কোনোবাখন গুজৰাটৰ। এই চিঠিসমূহত মানুহে নিজৰ চিন্তাবোৰ অতি আনন্দদায়ক ৰূপত লিখিছে। কেইবাখনো চিঠিত শুভেচ্ছা আৰু অভিনন্দন বাৰ্তাও আছে। আজি আপোনালোকৰ সৈতে কিছু বাৰ্তা শ্বেয়াৰ কৰিব ওলাইছোঁ-

বিশ্ব জল দিৱসত জল সংৰক্ষণৰ প্ৰতি দায়বদ্ধতা পুনৰ দৃঢ় কৰিলে প্ৰধানমন্ত্ৰীয়ে

March 22nd, 10:13 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জল সংৰক্ষণ আৰু বহনক্ষম উন্নয়নৰ প্ৰসাৰৰ বাবে ভাৰতৰ দায়বদ্ধতাক পুনৰ দোহাৰিছে। মানৱ সভ্যতাত পানীৰ অতি গুৰুত্বপূৰ্ণ ভূমিকাৰ কথা উল্লেখ কৰি ভৱিষ্যত প্ৰজন্মৰ বাবে এই অমূল্য সম্পদবিধ সুৰক্ষিত কৰাৰ বাবে সামূহিকভাৱে কাম কৰিবলৈ আহ্বান জনায় প্ৰধানমন্ত্ৰী মোদীয়ে।

কেবিনেটে দুগ্ধ উন্নয়নৰ অৰ্থে সংশোধিত ৰাষ্ট্ৰীয় কাৰ্য্যক্ৰমত (NPDD) অনুমোদন জনায়

March 19th, 04:23 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে আজি দুগ্ধ উন্নয়নৰ অৰ্থে সংশোধিত ৰাষ্ট্ৰীয় কাৰ্য্যক্ৰমত (NPDD) অনুমোদন জনাইছে।

গ্ৰেণ্ড কমাণ্ডাৰ অব দা অৰ্ডাৰ অব দা ষ্টাৰ এণ্ড কী অব দা ইণ্ডিয়ান অ’চেন (জিচিএছকে) বঁটা গ্ৰহণ সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ মন্তব্য

March 12th, 03:00 pm

মৰিচাছৰ সৰ্বোচ্চ ৰাষ্ট্ৰীয় বঁটা লাভ কৰাৰ বাবে মই আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰিছো। এয়া কেৱল মোৰ সন্মান নহয়। ই ১.৪ বিলিয়ন ভাৰতীয়ৰ সন্মান। ভাৰত আৰু মৰিচাছৰ মাজত যুগ যুগ ধৰি চলি অহা সাংস্কৃতিক আৰু ঐতিহাসিক আত্মীয়তাৰ বান্ধোনৰ প্ৰতি শ্ৰদ্ধাঞ্জলি। আঞ্চলিক শান্তি, প্ৰগতি, নিৰাপত্তা আৰু বহনক্ষম উন্নয়নৰ প্ৰতি আমাৰ ভাগ-বাটোৱাৰা দায়বদ্ধতাৰ স্বীকৃতি আৰু ই গ্ল’বেল চাউথৰ অংশীদাৰী আশা আৰু আকাংক্ষাৰ প্ৰতীক। এই বঁটাটো মই সম্পূৰ্ণ নম্ৰতাৰে আৰু কৃতজ্ঞতাৰে গ্ৰহণ কৰিলো। শতিকা আগতে ভাৰতৰ পৰা মৰিচাছলৈ অহা আপোনালোকৰ পূৰ্বপুৰুষৰ প্ৰতি আৰু তেওঁলোকৰ সকলো প্ৰজন্মলৈ এই সন্মান উৎসৰ্গা কৰিছো। তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ জৰিয়তে তেওঁলোকে মৰিচাছৰ উন্নয়নৰ এক সোণালী অধ্যায় লিখিছিল আৰু ইয়াৰ সজীৱ বৈচিত্ৰ্যত অৰিহণা যোগাইছিল। মইও এই সন্মানক দায়িত্ব হিচাপে আঁকোৱালি লৈছো। ভাৰত-মৰিচাছ কৌশলগত অংশীদাৰিত্বক অধিক উচ্চতালৈ উন্নীত কৰাৰ বাবে আমি সকলো প্ৰচেষ্টা অব্যাহত ৰাখিম বুলি আমাৰ প্ৰতিশ্ৰুতি পুনৰ দৃঢ় কৰিছো।

ভাৰত মৰিচাছৰ যুটীয়া প্ৰেছ বিবৃতিৰ সময়ত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতিৰ অসমীয়া অনুবাদ

March 12th, 12:30 pm

১৪০ কোটি ভাৰতীয়ৰ হৈ মৰিচাছৰ জনসাধাৰণক তেওঁলোকৰ ৰাষ্ট্ৰীয় দিৱসত আন্তৰিক শুভেচ্ছা জনাইছো। ৰাষ্ট্ৰীয় দিৱসৰ বাবে পুনৰ মৰিচাছ ভ্ৰমণ কৰাটো মোৰ বাবে এক বৃহৎ সন্মানৰ বিষয়। এই সৌভাগ্যৰ বাবে প্ৰধানমন্ত্ৰী নবীনচন্দ্ৰ ৰামগুলম জী আৰু মৰিচাছ চৰকাৰলৈ মোৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।

যোৱা দশকত বাঘ, নাহৰফুটুকী, গঁড়ৰ জনসংখ্যাও বৃদ্ধি পাইছে, ইয়াৰ পৰা বুজা যায় যে আমি বন্যপ্ৰাণীক কিমান গভীৰভাৱে লালন-পালন কৰোঁ আৰু জীৱ-জন্তুৰ বাবে বহনক্ষম বাসস্থান নিৰ্মাণৰ বাবে কাম কৰি আছো: প্ৰধানমন্ত্ৰী

March 03rd, 12:36 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মন্তব্য কৰে যে যোৱা দশকত বাঘ, নাহৰফুটুকী, গঁড়ৰ জনসংখ্যাও বৃদ্ধি পাইছে, ইয়াৰ পৰা বুজা যায় যে আমি বন্যপ্ৰাণীক কিমান গভীৰভাৱে লালন-পালন কৰোঁ আৰু জীৱ-জন্তুৰ বাবে বহনক্ষম বাসস্থান নিৰ্মাণৰ বাবে কাম কৰি আছো।

কৃষি আৰু গ্ৰাম্য সমৃদ্ধিৰ ওপৰত বাজেট-পৰৱৰ্তী ৱেবিনাৰত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ

March 01st, 01:00 pm

বাজেটৰ পিছত বাজেটৰ সৈতে জড়িত ৱেবিনাৰত আপোনালোক সকলোৰে উপস্থিতি অতি গুৰুত্বপূৰ্ণ। এই কাৰ্যসূচীত যোগদান কৰাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কৃষি আৰু গ্ৰাম্য সমৃদ্ধিৰ ওপৰত বাজেট-পৰৱৰ্তী ৱেবিনাৰত ভাষণ দিয়ে

March 01st, 12:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে কৃষি আৰু গ্ৰাম্য সমৃদ্ধিৰ ওপৰত বাজেট-পৰৱৰ্তী ৱেবিনাৰত ভাষণ দিয়ে। বাজেট-পৰৱৰ্তী ৱেবিনাৰত অংশগ্ৰহণৰ গুৰুত্বৰ ওপৰত জোৰ দি প্ৰধানমন্ত্ৰীয়ে অনুষ্ঠানটোত যোগদান কৰাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰে আৰু এই কথাৰ ওপৰত আলোকপাত কৰে যে এই বছৰৰ বাজেট চৰকাৰৰ তৃতীয় কাৰ্যকালৰ প্ৰথমখন পূৰ্ণাংগ বাজেট, যিয়ে নীতিসমূহৰ ধাৰাবাহিকতা আৰু বিকশিত ভাৰতৰ দৃষ্টিভংগীৰ নতুন সম্প্ৰসাৰণ প্ৰতিফলিত কৰে। বাজেটৰ পূৰ্বে সকলো অংশীদাৰৰ পৰা লাভ কৰা মূল্যৱান তথ্য আৰু পৰামৰ্শক তেওঁ স্বীকাৰ কৰে, যিবোৰ অতি উপযোগী আছিল। তেওঁ জোৰ দি কয় যে এই বাজেটখনক অধিক ফলপ্ৰসূ কৰি তোলাৰ ক্ষেত্ৰত অংশীদাৰসকলৰ ভূমিকা আৰু অধিক গুৰুত্বপূৰ্ণ হৈ পৰিছে।

নেতাসকলৰ বিবৃতিঃ ইউৰোপিয়ান কমিছনৰ প্ৰেচিডেন্ট শ্ৰীমতী উৰ্চুলা বন ডেৰ লেয়েন আৰু ইইউ কলেজ অৱ কমিছনাৰ্ছৰ ভাৰত ভ্ৰমণ (২৭-২৮ ফেব্ৰুৱাৰী, ২০২৫)

February 28th, 06:05 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু ইউৰোপিয়ান কমিছনৰ প্ৰেচিডেন্ট শ্ৰীমতী উৰ্চুলা বন ডেৰ লেয়েনে দৃঢ়তাৰে কয় যে ইউৰোপিয়ান ইউনিয়ন (EU)-ভাৰত কৌশলগত অংশীদাৰিত্বই তেওঁলোকৰ জনতা আৰু বৃহত্তৰ বিশ্বৰ মংগলৰ বাবে ব্যাপক সুবিধা প্ৰদান কৰিছে। ভাৰত-ইউৰোপিয়ান ইউনিয়নৰ ২০ বছৰীয়া কৌশলগত অংশীদাৰিত্ব আৰু ৩০ বছৰীয়া ভাৰত-ইচি সহযোগিতা চুক্তিৰ ওপৰত ভিত্তি কৰি তেওঁলোকে এই অংশীদাৰিত্বক উচ্চ পৰ্য্যায়লৈ উন্নীতকৰণৰ অংগীকাৰ কৰে।