প্ৰধানমন্ত্ৰীয়ে ২ জুনত নতুন দিল্লীত আন্তঃৰাষ্ট্ৰীয় বিমান পৰিবহণ সংস্থাৰ ৮১ সংখ্যক বাৰ্ষিক সাধাৰণ সভাত অংশগ্ৰহণ কৰিব
June 01st, 08:01 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তেখেতৰ বিশ্ব-মানৰ বিমান আন্তঃগাথঁনি গঢ়ি তোলা আৰু যোগাযোগ ব্যৱস্থাৰ বৰ্ধনৰ অৰ্থে অংগীকাৰৰে সংগতি ৰাখি ২ জুনৰ বিয়লি প্ৰায় ৫ বজাত নতুন দিল্লীৰ ভাৰত মণ্ডপমত আন্তঃৰাষ্ট্ৰীয় বিমান পৰিবহণ সংস্থাৰ (IATA) ৮১ সংখ্যক বাৰ্ষিক সাধাৰণ সভাত (AGM) অংশগ্ৰহণ কৰিব। তেখেতে ইয়াত সমবেতসকলক সম্বোধনো কৰিব।