আইচিচি মহিলা বিশ্ব কাপ চেম্পিয়ন দলৰে প্ৰধানমন্ত্ৰীৰ মত বিনিময়ৰ অসমীয়া অনুবাদ
November 06th, 10:15 am
–মাননীয় প্ৰধানমন্ত্ৰী মহোদয়, আপোনাক বহুত বহুত ধন্যবাদ। আমি ইয়াত উপস্থিত হৈ নিজকে সন্মান আৰু সৌভাগ্যৱান অনুভৱ কৰিছো। মই মাত্ৰ এটা অভিযানৰ কথা ক’ম, এই ছোৱালীবোৰে এটা আচৰিত কাম কৰিলে, দেশৰ কন্যাসকলে এটা আচৰিত কাম কৰিলে, তেওঁলোকে দুবছৰ ধৰি এই লক্ষ্যত কাম কৰি আহিছে। ছাৰ, তেওঁলোকে ইমান কষ্ট কৰিছে, আচৰিত ধৰণে কষ্ট কৰিছে, প্ৰতিটো অনুশীলনত একে তীব্ৰতাৰে খেলিছে, প্ৰতিটো অনুশীলনত একে শক্তিৰে খেলপথাৰত প্ৰৱেশ কৰিছে, মই মাত্ৰ ক’ব পাৰো যে তেওঁলোকে তেওঁলোকৰ কষ্টৰ ফল পাইছে।আইচিচি মহিলা বিশ্বকাপ ২০২৫ চেম্পিয়নৰ সৈতে মত বিনিময় প্ৰধানমন্ত্ৰীৰ
November 06th, 10:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কালি নতুন দিল্লীৰ ৭, লোক কল্যাণ মাৰ্গত আইচিচি মহিলা বিশ্বকাপ ২০২৫ৰ চেম্পিয়নসকলৰ সৈতে বাৰ্তালাপ কৰে। ভাৰতীয় দলটোৱে ২০২৫ চনৰ ২ নৱেম্বৰ দেওবাৰে অনুষ্ঠিত ফাইনেলত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে জয়লাভ কৰে। প্ৰধানমন্ত্ৰীয়ে দেৱ দীপাৱলী আৰু গুৰপুৰবৰ উপলক্ষৰ প্ৰসংগৰে এয়া এটা অতি গুৰুত্বপূৰ্ণ দিন বুলি মন্তব্য কৰি উপস্থিত সকলোকে তেওঁৰ শুভেচ্ছা জ্ঞাপন কৰে।বিশ্ব টি২০ জয়ী ভাৰতীয় ক্ৰিকেট দলৰ সৈতে প্ৰধানমন্ত্ৰীৰ মত-বিনিময়ৰ পূৰ্ণপাঠ
July 05th, 04:00 pm
প্ৰধানমন্ত্ৰীঃবন্ধুসকল! আপোনালোক সকলোকে স্বাগতম জনালোঁ আৰু আমাৰ বাবে আনন্দৰ বিষয় এয়ে যে আপোনালোকে দেশখনক উৎসাহ আৰু উদযাপনেৰে ভৰাই তুলিছে। আৰু, দেশবাসীৰ সকলো আশা-কামনাক আপোনাসৱেপূৰণ কৰিছে। মোৰফালৰপৰা আপোনালোকক অলেখ অভিনন্দন জনালোঁ। সাধাৰণতে মই কাৰ্য্যালয়ত গভীৰ নিশা কাম কৰোঁ। কিন্তু,সিদিনা টিভিটো অন কৰি ফাইল এটাওচাই আছিলোঁ যদিওফাইলটোত মনোনিৱেশ কৰিব পৰা নাছিলোঁ। সেইদিনা আপোনালোকে দলীয় মনোভাৱক উজ্জ্বল কৰি তুলিছিল, আপোনালোকৰ প্ৰতিভা আৰু ধৈৰ্য্য দেখা পাইছিলোঁ। মই দেখিবলৈ পাইছিলোঁ,আপোনালোকে ধৈৰ্য্য ধৰিছিল, কোনো খৰখেদা নাই। আপোনালোক গভীৰ আত্মবিশ্বাসেৰে ভৰি আছিল, মোৰ ফালৰপৰা আপোনালোকক অভিনন্দন জনাইছোঁ।