গুজৰাটৰ চুৰাটত উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ মূলপাঠ
June 05th, 04:30 pm
গুজৰাটৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰ ভাই পেটেল, কেন্দ্ৰীয় কেবিনেটত মোৰ সতীৰ্থ চি.আৰ. পাটিল, ৰাজ্যখনৰ উপ-মুখ্যমন্ত্ৰী ভাই হৰ্ষ সংঘভী, গুজৰাট বিজেপিৰ সভাপতি জগদীশ বিশ্বকৰ্মাজী, অন্যান্য মন্ত্ৰীসকল, জনপ্ৰতিনিধিসকল আৰু ইয়াত উপস্থিত থকা চুৰাটৰ মোৰ মৰমৰ ভাই-ভনীসকল।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ চুৰাটত ১৮,৮০০ কোটি টকাৰো অধিক মূল্যৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন, ৰাষ্ট্ৰৰ প্ৰতি উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰে
June 05th, 04:16 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ চুৰাটত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। এক বৃহৎ সমাৱেশক সম্বোধন কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে গুজৰাটৰ জনসাধাৰণৰ অদম্য সমৰ্থনৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে। শ্ৰী মোদীয়ে কয়, স্থানীয় সংস্থাৰ নিৰ্বাচনৰ পিছত এয়া মোৰ প্ৰথম চুৰাট ভ্ৰমণ। চুৰাটৰ পৰা সমগ্ৰ গুজৰাটৰ জনসাধাৰণক প্ৰণাম আৰু অভিনন্দন জনাইছো।৫ জুনত চুৰাট আৰু দমন ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে
June 04th, 10:03 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬ চনৰ ৫ জুনত গুজৰাট আৰু ডমন ভ্ৰমণ কৰিব। প্ৰধানমন্ত্ৰীয়ে দুপৰীয়া প্ৰায় দুই বাজি ত্ৰিশ মিনিটত চুৰাট জিলাৰ হাজিৰা ভ্ৰমণ কৰি চলি থকা ঔদ্যোগিক কাৰ্য্যকলাপ আৰু আন্তঃগাঁথনি প্ৰকল্পসমূহৰ পৰ্যালোচনা কৰিব। সন্ধিয়া প্ৰায় ৪ বাজি ১৫ মিনিটত প্ৰধানমন্ত্ৰীয়ে চুৰাটত প্ৰায় ১৮,৮০০ কোটি টকাৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন, ৰাষ্ট্ৰলৈ উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰিব। এই উপলক্ষে তেওঁ সমাৱেশকো সম্বোধন কৰিব।গুজৰাটৰ চুৰাটত সংঘটিত দুৰ্ঘটনাত প্ৰাণ হেৰুওৱাসকলৰ বাবে শোক প্ৰকাশ প্ৰধানমন্ত্ৰীৰ
June 02nd, 07:32 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ চুৰাট জিলাত সংঘটিত হোৱা দুৰ্ঘটনাত নিহতসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰে। তেওঁ এই দুৰ্ঘটনাত নিজৰ আপোনজনক হেৰুওৱাসকলৰ প্ৰতি আন্তৰিক সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকলে শীঘ্ৰে আৰোগ্য লাভৰ বাবে প্ৰাৰ্থনা জনায়। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে উদ্ধাৰ অভিযান চলি আছে আৰু দুৰ্ঘটনাস্থলীত কৰ্তৃপক্ষই সকলো ধৰণৰ সহায় আগবঢ়াইছে।গুজৰাটৰ ছুৰাটত ভাৰতৰ বুলেট ট্ৰেইনৰ সৈতে জড়িত দলৰ সৈতে প্ৰধানমন্ত্ৰীৰ মত বিনিময়ৰ অসমীয়া অনুবাদ
November 16th, 03:50 pm
গতি ঠিক আছে বুলি ভাবিছেনে? আপোনালোকে নিৰ্ধাৰণ কৰা সময়সূচীত চলি আছেনে, নে আপোনালোকৰ কিবা সমস্যা হৈছে?গুজৰাটৰ চুৰাটত নিৰ্মিত বুলেট ট্ৰে্ইন ষ্টেচন পৰিদৰ্শন কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে; মুম্বাই-আহমেদাবাদ হাই-স্পীড ৰেল কৰিডৰৰ অগ্ৰগতিৰ পৰ্যালোচনা
November 16th, 03:47 pm
কেৰালাৰ এগৰাকী অভিযন্তাই গুজৰাটৰ নৱছাৰীৰ নইজ বেৰিয়াৰ ফেক্টৰীত কাম কৰাৰ অভিজ্ঞতা শ্বেয়াৰ কৰে, য’ত ৰিবাৰ কেজ ৱেল্ডিঙৰ বাবে ৰবটিক ইউনিট নিয়োগ কৰা হৈছে। প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁক ভাৰতৰ প্ৰথমখন বুলেট ট্ৰেইন নিৰ্মাণৰ ক্ষেত্ৰত ব্যক্তিগতভাৱে কেনে অনুভৱ কৰে আৰু এই ঐতিহাসিক কৃতিত্বৰ বিষয়ে তেওঁৰ পৰিয়ালৰ সৈতে কি শ্বেয়াৰ কৰে বুলি প্ৰশ্ন কৰে। দেশৰ প্ৰথমখন বুলেট ট্ৰেইনত অৰিহণা যোগোৱাৰ বাবে গৌৰৱ প্ৰকাশ কৰি ইয়াক “সপোনৰ প্ৰকল্প” আৰু পৰিয়ালৰ বাবে “গৌৰৱৰ মুহূৰ্ত” বুলি অভিহিত কৰে।The Congress has now turned into ‘MMC’ - the Muslim League Maowadi Congress: PM Modi at Surat Airport
November 15th, 06:00 pm
Addressing a large gathering at Surat Airport following the NDA’s landslide victory in the Bihar Assembly Elections, Prime Minister Narendra Modi said, “Bihar has achieved a historic victory and if we were to leave Surat without meeting the people of Bihar, our journey would feel incomplete. My Bihari brothers and sisters living in Gujarat, especially in Surat, have the right to this moment and it is my natural responsibility to be part of this celebration with you.”PM Modi greets and addresses a gathering at Surat Airport
November 15th, 05:49 pm
Addressing a large gathering at Surat Airport following the NDA’s landslide victory in the Bihar Assembly Elections, Prime Minister Narendra Modi said, “Bihar has achieved a historic victory and if we were to leave Surat without meeting the people of Bihar, our journey would feel incomplete. My Bihari brothers and sisters living in Gujarat, especially in Surat, have the right to this moment and it is my natural responsibility to be part of this celebration with you.”১৫ নৱেম্বৰত ছুৰাটত নিৰ্মাণৰত বুলেট ট্ৰেইন ষ্টেচন পৰিদৰ্শন কৰিব প্ৰধানমন্ত্ৰীয়ে
November 14th, 11:43 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৫ নৱেম্বৰত গুজৰাট ভ্ৰমণ কৰিব। প্ৰধানমন্ত্ৰীয়ে পুৱা প্ৰায় ১০ বজাত ছুৰাটত নিৰ্মীয়মান অৱস্থাত থকা বুলেট ট্ৰেইন ষ্টেচন ভ্ৰমণ কৰি মুম্বাই-আহমেদাবাদ দ্ৰুতগতিৰ ৰে’ল কৰিডৰ (এমএএইচএছআৰ)ৰ অগ্ৰগতি পৰ্যালোচনা কৰিব। দেশে দ্ৰুতগতিৰ যোগাযোগৰ যুগলৈ অগ্ৰসৰ হোৱাৰ প্ৰতীকস্বৰূপ এই কৰিডৰ হৈছে ভাৰতৰ আটাইতকৈ অভিলাসী আন্তঃগাঁথনি প্ৰকল্পসমূহৰ ভিতৰত অন্যতম।ওড়িশাৰ ঝাৰছুগুডাত উন্নয়নমূলক কামৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ পূৰ্ণপাঠ
September 27th, 11:45 am
কিছুমান ডেকা বন্ধুৱে ইয়ালৈ বহুতো শিল্পকৰ্ম লৈ আহিছে। ওড়িশাৰ শিল্পৰ প্ৰতি থকা প্ৰেম বিশ্ববিখ্যাত। মই আপোনালোক সকলোৰে পৰা এই উপহাৰ গ্ৰহণ কৰিছো আৰু মোৰ এছ পি জিৰ সহকৰ্মীসকলক আপোনালোকৰ পৰা সেইবোৰ সংগ্ৰহ কৰিবলৈ কৈছো। পিছফালে নাম ঠিকনা লিখিলে মোৰ পৰা নিশ্চয় চিঠি লাভ কৰিব । তাত এটি শিশুৱে কিবা এটা হাতত লৈ থিয় হৈ আছে। তাৰ হাত দুখন বিষাইছে। বহু সময় ধৰি তেওঁ সেয়া দাঙি লৈ ফুৰিছে। সেইটোও সংগ্ৰহ কৰক । অনুগ্ৰহ কৰি তেওঁক সহায় কৰক। যদি আপোনালোকে পিছফালে আপোনালোকৰ নাম লিখিছে তেন্তে মই আপোনালোকক নিশ্চয় চিঠি লিখিম। আপোনালোক সকলো যুৱক-যুৱতী, যুৱতী, সৰু ল’ৰা-ছোৱালীক আপোনালোকৰ মৰমৰ পৰা শিল্পকৰ্ম সৃষ্টি কৰাৰ বাবে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ওড়িশাৰ ঝাৰছুগুডাত ৬০ হাজাৰ কোটিৰো অধিক মূল্যৰ উন্নয়নমূলক কামৰ উদ্বোধন, আধাৰশিলা স্থাপন
September 27th, 11:30 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ওড়িশাৰ ঝাৰছুগুদাত ৬০ হাজাৰ কোটিৰো অধিক মূল্যৰ উন্নয়নমূলক কামৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। সভাত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে অনুষ্ঠানত উপস্থিত থকা সকলো বিশিষ্ট বিশিষ্ট ব্যক্তিক শ্ৰদ্ধাৰে শুভেচ্ছা জ্ঞাপন কৰে। বৰ্তমান নৱৰাত্ৰি উৎসৱ উদযাপন কৰা হৈছে বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে প্ৰকাশ কৰে যে এই শুভ দিনবোৰত তেওঁ মা ছামালেই আৰু মা ৰামচন্দিৰ পবিত্ৰ ভূমি ভ্ৰমণ কৰি তাত সমবেত লোকসকলক লগ পোৱাৰ সৌভাগ্য লাভ কৰিছে। তেওঁ অনুষ্ঠানত বৃহৎ সংখ্যক মাতৃ-ভগ্নীৰ উপস্থিতি লক্ষ্য কৰি তেওঁলোকৰ আশীৰ্বাদেই শক্তিৰ প্ৰকৃত উৎস বুলি উল্লেখ কৰে আৰু ৰাইজক প্ৰণাম জনায়।গুজৰাটৰ চুৰাটত চুৰাট খাদ্য সুৰক্ষা পৰিপূৰক অভিযান মুকলি কৰি প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ
March 07th, 05:34 pm
আশাকৰোঁ আপোনালোক সকলোৰে ভালেই আছে। এই দেশৰ জনসাধাৰণৰ লগতে বিশেষকৈ গুজৰাটৰ জনসাধাৰণৰ কৃপাত তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ সুযোগ পোৱাটো সঁচাকৈয়ে এক সন্মানৰ কথা। পুনৰ কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত এইটোৱেই মোৰ প্ৰথমবাৰৰ বাবে চুৰাট ভ্ৰমণ। গুজৰাটৰ পৰা পোৱা মৰম আৰু সমৰ্থনে মোৰ এই যাত্ৰাক গঢ় দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে, আৰু ইয়াৰ বাবে মই চিৰদিনৰ বাবে কৃতজ্ঞ হৈ থাকিম। আজি চুৰাট ভ্ৰমণ কৰি থাকোঁতে এই চহৰখনৰ সজীৱ মনোভাৱৰ কথা মনত নেপেলোৱাকৈ থাকিব নোৱাৰিলোঁ৷ চুৰাট হৈছে এনে এখন ঠাই য’ত কাম আৰু দান-বৰঙণি একেলগে চলে, আৰু য’ত সমাজে ইজনে সিজনক সহায় কৰে, সামূহিক অগ্ৰগতিৰ উদযাপন কৰে। আজিৰ অনুষ্ঠানটো চুৰাটৰ এই আত্মা আৰু আৱেগক প্ৰচাৰৰ ক্ষেত্ৰত এক পদক্ষেপ।‘চুৰাট খাদ্য সুৰক্ষা সংপৃক্তকৰণ অভিযান’ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে
March 07th, 05:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি চুৰাটৰ লিম্বায়াতত ‘চুৰাট খাদ্য সুৰক্ষা সংপৃক্তকৰণ অভিযান’ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। প্ৰধানমন্ত্ৰীয়ে ‘ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন’ৰ অধীনত ২.৩ লাখতকৈয়ো অধিক হিতাধিকাৰীক লাভ বিতৰণ কৰে। সমবেত লোকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে চুৰাট চহৰখনৰ অনন্য ভাৱনাত গুৰুত্ব আৰোপ কৰে আৰু ইয়াৰ কাম আৰু দানৰ শক্তিশালী ভেটি সন্দৰ্ভত আলোকপাত কৰে। তেওঁ প্ৰকাশ কৰে যে কেনেকৈ চহৰখনৰ মৰ্ম পাহৰিব নোৱাৰি, কিয়নো ইয়াক সামূহিক সহযোগিতা আৰু সকলোৰে উন্নয়ণ উদযাপনেৰে সংজ্ঞায়িত কৰা হয়।প্ৰধানমন্ত্ৰীয়ে ৭-৮ মাৰ্চত কেন্দ্ৰীয় শাসিত অঞ্চল দাদ্ৰা আৰু নগৰ হাভেলি আৰু দমন আৰু দিউ আৰু গুজৰাট ভ্ৰমণ কৰিব
March 07th, 07:10 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৭-৮ মাৰ্চত কেন্দ্ৰীয় শাসিত অঞ্চল দাদ্ৰা আৰু নগৰ হাভেলি আৰু দমন আৰু দিউ আৰু গুজৰাট ভ্ৰমণ কৰিব। তেওঁ ৭ মাৰ্চত চিলভাছা ভ্ৰমণ কৰিব আৰু দুপৰীয়া প্ৰায় ২ বজাত তেওঁ ‘এনএএমঅ' হস্পিতাল’ (প্ৰথম পৰ্যায়) উদ্বোধন কৰিব। দুপৰীয়া প্ৰায় ২:৪৫ বজাত তেওঁ চিলভাছাত কেন্দ্ৰীয় শাসিত অঞ্চলৰ বাবে ২৫৮০ কোটি টকাৰো অধিক মূল্যৰ এলানি উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন কৰাৰ লগতে আধাৰশিলা স্থাপন কৰিব। তাৰ পিছত তেওঁ চুৰাট ভ্ৰমণ কৰিব আৰু সন্ধিয়া প্ৰায় ৫ বজাত তেওঁ ‘চুৰাট খাদ্য সুৰক্ষা সংপৃক্ততা অভিযান’ আৰম্ভ কৰিব। ৮ মাৰ্চত প্ৰধানমন্ত্ৰীয়ে নৱসাৰী ভ্ৰমণ কৰিব আৰু পুৱা প্ৰায় ১১:৩০ বজাত তেওঁ ‘লাখপতি দিদি’সকলৰ সৈতে বাৰ্তালাপ কৰিব যাৰ পিছত এক ৰাজহুৱা অনুষ্ঠান অনুষ্ঠিত হ'ব য'ত বিভিন্ন আঁচনিৰ শুভাৰম্ভ কৰা হ'ব।গুজৰাটৰ আমৰেলীত বিভিন্ন উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন আৰু উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
October 28th, 04:00 pm
মঞ্চত উপবিষ্ট গুজৰাটৰ ৰাজ্যপাল আচাৰ্য দেৱব্ৰত জী, গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰভাই পেটেল জী, কেন্দ্ৰৰ মোৰ সহকৰ্মী চি.আৰ. পাটিল জী আৰু গুজৰাটৰ ভাই-ভনী আৰু আজি বিশেষকৈ আমৰেলীৰ ভাই-ভনীসকল।PM Modi lays foundation stone and inaugurates various development projects worth over Rs 4,900 crore in Amreli, Gujarat
October 28th, 03:30 pm
PM Modi laid the foundation stone and inaugurated various development projects worth over Rs 4,900 crores in Amreli, Gujarat. The Prime Minister highlighted Gujarat's remarkable progress over the past two decades in ensuring water reaches every household and farm, setting an example for the entire nation. He said that the state's continuous efforts to provide water to every corner are ongoing and today's projects will further benefit millions of people in the region.Prime Minister Narendra Modi expresses pride over #HarGharTiranga campaign in Surat
August 12th, 09:21 pm
Prime Minister Shri Narendra Modi today expressed pride over the passionate spirit of the people of Surat in their participation in #HarGharTiranga campaign.গুজৰাটৰ চুৰাট বিমানবন্দৰত নতুন ‘টাৰ্মিনেল ভৱন’’ উদ্বোধন কৰে প্ৰধানমন্ত্ৰীয়ে
December 17th, 04:19 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ চুৰাট বিমানবন্দৰত নতুন টাৰ্মিনেল ভৱন উদ্বোধন কৰে। তেওঁ পদব্ৰজে নতুন টাৰ্মিনেল ভৱনটো পৰিদৰ্শন কৰে।গুজৰাটত ছুৰাট ডায়মণ্ড ব’ৰ্ছৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণত অসমীয়া অনুবাদ
December 17th, 12:00 pm
ছুৰাটৰ অৰ্থ হৈছে ছুৰাট, ছুৰাটৰ ইতিহাসৰ অভিজ্ঞতা, বৰ্তমানত গতি আৰু ভৱিষ্যতৰ দৃষ্টিভংগী আছে। আৰু এনে কামত কোনেও কেতিয়াও কোনো ত্ৰুটি ৰখা নাই বুলি মোৰ বিশ্বাস। এইদৰে ছুৰাটবাসীয়ে হয়তো সকলো কামতে খৰখেদা কৰে, কিন্তু খাদ্যৰ দোকান এখনত আধা ঘণ্টা শাৰী পাতি থিয় হোৱাৰ ধৈৰ্য্য তেওঁলোকৰ আছে। প্ৰচণ্ড বৰষুণ হৈছে আৰু আঁঠুলৈকে পানী আছে যদিও পকৰাৰ দোকানলৈ যাব লগা হ’লে যাব লাগিব। শাৰদী পূৰ্ণিমা, চণ্ডী পদৱাত গোটেই পৃথিৱীখন ছাদ ওপৰলৈ যায় আৰু এই মোৰ ছুৰাটবাসীয়ে ফুটপাথত পৰিয়ালৰ সৈতে ঘৰী (মিঠাই) খায়। আৰু আনন্দ এনেকুৱা যে চাহেব ওচৰৰ ক’লৈকো নাযায়, কিন্তু গোটেই পৃথিৱীখনে ঘূৰি ফুৰে। মনত আছে ৪০-৪৫ বছৰ আগতে যেতিয়া সৌৰাষ্ট্ৰৰ ভাইহঁতে ছুৰাটৰ ফালে গৈছিল তেতিয়া সৌৰাষ্ট্ৰৰ পৰা অহা আমাৰ পুৰণি বন্ধুক সুধিছিলোঁ যে সৌৰাষ্ট্ৰ এৰি ছুৰাটলৈ আহিলে কেনে লাগে? তেওঁ কয় যে আমাৰ ছুৰাট আৰু আমাৰ কঠিয়াৱাৰৰ মাজত বহুত পাৰ্থক্য আছে। মই ৪০-৪৫ বছৰৰ আগৰ কথা কৈছো। মই কি সুধিম? গতিকে তেওঁ কৈছিল যে আমাৰ কঠিয়াৱাৰত মটৰ চাইকেল এখনে মুখামুখিকৈ খুন্দা মাৰিলে তৰোৱালখন উলিয়াই দিয়াৰ কথা চৰ্চা হয়, কিন্তু ছুৰাটত মটৰ চাইকেল সংঘৰ্ষ হ’লে তেতিয়া লগে লগে তেওঁ কয়, চাওক ভাই, আপোনাৰ আৰু মোৰ দুয়োটাৰে দোষ, এতিয়াই বাদ দিয়ক, ইমান পাৰ্থক্য আছে।ছুৰাট ডায়মণ্ড ব’ৰ্ছ উদ্বোধন প্ৰধানমন্ত্ৰীৰ
December 17th, 11:30 am
এই উপলক্ষে সভাত আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে কয় যে ছুৰাট চহৰৰ ভব্য নতুন হীৰা সংযোজন কৰা হৈছে। “এয়া সাধাৰণ হীৰা নহয়, বৰঞ্চ ই বিশ্বৰ শ্ৰেষ্ঠ”, ছুৰাট ডায়মণ্ড ব’ৰ্ছৰ উজ্জ্বলতাই বিশ্বৰ আটাইতকৈ ডাঙৰ অট্টালিকাটোক আৱৰি লৈছে বুলি আলোকপাত কৰি কয় শ্ৰী মোদীয়ে। তেওঁ শ্ৰী বল্লভভাই লখানী আৰু শ্ৰী লালজীভাই পেটেলৰ বিনম্ৰতা আৰু ইমান বিশাল অভিযানৰ সফলতাৰ আঁৰত সকলোকে লগত লৈ যোৱাৰ মনোভাৱৰ কৃতিত্ব দি এই উপলক্ষে ছুৰাট হীৰা ব’ৰ্ছৰ সমগ্ৰ দলটোক অভিনন্দন জনায়। “বিশ্বত হীৰা ব’ৰ্ছৰ বিষয়ে আলোচনাৰ সময়ত ভাৰতৰ গৌৰৱৰ লগতে এতিয়া ছুৰাট ডায়মণ্ড ব’ৰ্ছ চৰ্চালৈ আহিব”, তেওঁ সজোৰে কয়। প্ৰধানমন্ত্ৰীয়ে কয়, ‘ছুৰাট ডায়মণ্ড ব’ৰ্ছে ভাৰতীয় ডিজাইন, ডিজাইনাৰ, সামগ্ৰী আৰু ধাৰণাৰ ক্ষমতা প্ৰদৰ্শন কৰে। এই ভৱনটো নিউ ইণ্ডিয়াৰ সামৰ্থ্য আৰু সংকল্পৰ প্ৰতীক।” শ্ৰী মোদীয়ে সমগ্ৰ হীৰা উদ্যোগ, ছুৰাট, গুজৰাট আৰু ভাৰতৰ জনসাধাৰণক ছুৰাট ডায়মণ্ড ব’ৰ্ছ উদ্বোধন কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰে। আজিৰ পূৰ্বে ছুৰাট ডায়মণ্ড ব’ৰ্ছৰ পৰিদৰ্শন কৰি প্ৰধানমন্ত্ৰীয়ে স্থাপত্যৰ সন্দৰ্ভত বিশ্বজুৰি পৰিৱেশ সমৰ্থকসকলৰ বাবে আদৰ্শ হ’ব পৰা সেউজ ভৱনটোৰ কথা উল্লেখ কৰে৷ বিশেষকৈ ভৱনটোৰ সামগ্ৰিক স্থাপত্য যিটোক শিক্ষণৰ আহিলা হিচাপে ব্যৱহাৰ কৰিব পৰা যায়, সেয়া স্থাপত্য, পঞ্চতত্ব উদ্যান আৰু আন্তঃগাঁথনি অভিযান্ত্ৰিকীৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে দৃশ্যপটৰ উদাহৰণ দাঙি ধৰিছে৷