ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ওমান ভ্ৰমণৰ সময়ত ভাৰত - ওমানে প্ৰকাশ কৰা যুটীয়া বিবৃতি
December 18th, 05:28 pm
ওমানৰ চুলতান মহামহিম চুলতান হাইথাম বিন তাৰিকৰ আমন্ত্ৰণমৰ্মে ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৫ চনৰ ১৭-১৮ ডিচেম্বৰলৈ ওমান ভ্ৰমণ কৰে। ২০২৫ চনৰ ১৮ ডিচেম্বৰত তেওঁক মহামহিম চুলতান হাইথাম বিন তাৰিকে আল বাৰাকা প্ৰাসাদত আদৰণি জনায়। শ্ৰী মোদীৰ এই ভ্ৰমণৰ বিশেষ তাৎপৰ্য আছে। কাৰণ প্ৰধানমন্ত্ৰী ভ্ৰমণ দুয়োখন দেশৰ মাজত কূটনৈতিক সম্পৰ্ক স্থাপনৰ ৭০ বছৰীয়া জয়ন্তী উপলক্ষে এই ভ্ৰমণ কৰিছে। ২০২৩ চনৰ ডিচেম্বৰ মাহত মহামহিম চুলতান হাইথাম বিন তাৰিকৰ ভাৰত ভ্ৰমণৰ পিছতে প্ৰধানমন্ত্ৰীয়ে এই ভ্ৰমণ কৰিছে।ওমানৰ মহামহিম চুলতানক সাক্ষাৎ কৰিলে প্ৰধানমন্ত্ৰীয়ে
December 18th, 05:22 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মাস্কাত মহামহিম চুলতান হাইথাম বিন তাৰিকৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয়। ৰয়েল পেলেচত উপস্থিত হোৱাৰ লগে লগে প্ৰধানমন্ত্ৰীক মহামহিম তাৰিকে উষ্ম আদৰণি জনায় ।প্ৰধানমন্ত্ৰী মোদীক প্ৰদান কৰা হ'ল অৰ্ডাৰ অৱ ওমান সন্মান
December 18th, 05:22 pm
ভাৰত-ওমান সম্পৰ্ক আৰু এইক্ষেত্ৰত ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁ দূৰদৰ্শী নেতৃত্বৰে আগবঢ়োৱা ব্যতিক্ৰমী অৱদানৰ বাবে ওমানৰ মহামহিম চুলতান হাইথাম বিন তাৰিকে প্ৰধানমন্ত্ৰী শ্ৰী মোদীক ‘অৰ্ডাৰ অৱ ওমান’ সন্মান প্ৰদান কৰে।প্ৰধানমন্ত্ৰীৰ জৰ্ডান, ইথিওপিয়া, ওমান ভ্ৰমণ
December 11th, 08:43 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহামহিম ৰজা দ্বিতীয় আব্দুল্লাহ-II বিন আল হুছেইনৰ আমন্ত্ৰণক্ৰমে ২০২৫ৰ ১৫–১৬ ডিচেম্বৰত জৰ্ডানৰ হাশ্বিমিত সাম্ৰাজ্য ভ্ৰমণ কৰিব।এই ভ্ৰমণকালত প্ৰধানমন্ত্ৰীয়ে মহামহিম ৰজা আব্দুল্লাহ দ্বিতীয় বিন আল হুছেইনক সাক্ষাৎ কৰি ভাৰত আৰু জৰ্ডানৰ মাজৰ সম্পৰ্কৰ সমগ্ৰ দিশ পৰ্যালোচনা কৰাৰ লগতে আঞ্চলিক বিষয়সমূহৰ সন্দৰ্ভত দুয়ো মত বিনিময় কৰিব। দুয়োখন দেশৰ মাজত কূটনৈতিক সম্পৰ্ক স্থাপনৰ ৭৫সংখ্যক বৰ্ষপূৰ্তি উপলক্ষে এই ভ্ৰমণে ভাৰত-জৰ্ডানৰ দ্বিপাক্ষিক সংযোগ আৰু অধিক শক্তিশালী কৰিব। তদুপৰি, এই ভ্ৰমণে পাৰস্পৰিক বিকাশ আৰু সমৃদ্ধিৰ বাবে সহযোগিতাৰ নতুন পথ অন্বেষণ কৰাৰ লগতে আঞ্চলিক শান্তি, সমৃদ্ধি, নিৰাপত্তা আৰু সুস্থিৰতা প্ৰসাৰৰ বাবে আমাৰ দায়বদ্ধতাক দোঁহাৰে।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তৃতীয়বাৰৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত বিশ্বৰ বিভিন্ন দেশৰ নেতাসকলৰ পৰা ধাৰাবাহিক অভিনন্দন বাৰ্তা লাভ
June 11th, 05:47 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তৃতীয়বাৰৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত বিশ্বৰ বিভিন্ন দেশৰ নেতাসকলে প্ৰেৰণ কৰা অভিনন্দন বাৰ্তাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘এক্স’ত বিশ্বৰ বিভিন্ন দেশৰ নেতাসকলে কৰা বাৰ্তা আৰু টেলিফোন কলৰ উত্তৰ দিয়ে প্ৰধানমন্ত্ৰী মোদীয়ে।ওমানৰ চুলতানে অভিনন্দন জনাই কৰা টেলিফোন লাভ কৰে প্ৰধানমন্ত্ৰীয়ে
June 11th, 01:50 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ওমানৰ মহামহিম চুলতান হাইথাম বিন তাৰিকৰ পৰা এটা ফোন কল লাভ কৰে।ওমানৰ চুলতানক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ
December 16th, 09:29 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ওমানৰ চুলতান হাইথাম বিন তাৰিকৰ সৈতে এক বৈঠকত মিলিত হয়। বৈঠকৰ সময়ত দুয়োগৰাকীয়ে দ্বিপাক্ষিক সম্পৰ্কৰ পৰ্যালোচনা কৰে।ওমানৰ চুলতানৰ সৈতে ডেলিগেশ্যন লেভেল বাৰ্তালাপৰ সময়ত (১৬ ডিচেম্বৰ ২০২৩) প্ৰধানমন্ত্ৰীৰ প্ৰাৰম্ভিক বক্তব্যৰ অসমীয়া অনুবাদ
December 16th, 07:02 pm
আমাৰ পাৰস্পৰিক ঘনিষ্ঠতা কেৱল ভূগোলতে সীমাবদ্ধ নহয়, হাজাৰ হাজাৰ বছৰ ধৰি চলি থকা আমাৰ বাণিজ্য, আমাৰ সংস্কৃতি আৰু আমাৰ উমৈহতীয়া অগ্ৰাধিকাৰতো ই প্ৰতিফলিত হয়।ওমানৰ মহামহিম চুলতান হাইথাম বিন তাৰিক আৰু প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ মাজত টেলিফোনৰে বাৰ্তালাপ
February 17th, 09:43 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ওমানৰ মহামহিম চুলতান হাইথাম বিন তাৰিকৰ সৈতে টেলিফোনৰে বাৰ্তালাপত মিলিত হয়।