প্ৰধানমন্ত্ৰীয়ে এইবাৰৰ #পৰীক্ষা পে চৰ্চাৰ বাবে ছাত্ৰ-ছাত্ৰী, অভিভাৱক আৰু শিক্ষক-শিক্ষয়িত্ৰীক নিজৰ ধাৰণা তথা অভিমত প্ৰেৰণ কৰিবলৈ আমন্ত্ৰণ জনাইছে
January 07th, 07:05 pm
দশম আৰু দ্বাদশ শ্ৰেণীৰ ব’ৰ্ড পৰীক্ষা চমু চাপি অহাৰ লগে লগে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পুনৰবাৰ বহু প্ৰত্যাশিত বাৰ্ষিক কাৰ্যসূচী পৰীক্ষা পে চৰ্চাত ছাত্ৰ-ছাত্ৰী, অভিভাৱক আৰু শিক্ষকৰ সৈতে মত বিনিময় কৰিব।এখন ‘বিকশিত ভাৰত’ৰ সংকল্প নিশ্চিতভাৱে পূৰণ হ’ব: ‘মন কী বাত’-ত প্ৰধানমন্ত্ৰী মোদী
December 28th, 11:30 am
‘মন কী বাত’-ৰ বছৰটোৰ অন্তিমটো খণ্ডত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ২০২৫ চনত ভাৰতে ৰাষ্ট্ৰীয় নিৰাপত্তা, ক্ৰীড়া, বিজ্ঞান পৰীক্ষাগাৰ আৰু বিশ্ব মঞ্চসমূহত নিজৰ নাম উজলাই তুলিছিল। তেওঁ আশা প্ৰকাশ কৰে যে ২০২৬ চনত দেশখনে নতুন সংকল্পৰে আগবাঢ়ি যাবলৈ সাজু হৈছে। প্ৰধানমন্ত্ৰীয়ে ‘বিকশিত ভাৰত যুৱ নেতা আলাপ’, ‘কুইজ প্ৰতিযোগিতা’, ‘স্মাৰ্ট ইণ্ডিয়া হেকাথন ২০২৫’ আৰু ‘ফিট ইণ্ডিয়া মুভমেণ্ট’ আদিৰ দৰে যুৱকেন্দ্ৰিক পদক্ষেপসমূহৰ সন্দৰ্ভতো আলোকপাত কৰে।ওমানত থকা ভাৰতীয় ছাত্ৰ-ছাত্ৰী আৰু ভাৰতীয় সমাজক উদ্দেশ্যি প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ পূৰ্ণপাঠ
December 18th, 12:32 pm
আপোনালোকৰ উৎসাহ আৰু শক্তিয়ে ইয়াৰ সমগ্ৰ পৰিৱেশটো উজ্জীৱিত কৰি তুলিছে। সেই সকলো ভাই-ভনীকো মই শুভেচ্ছা জনাইছো যিসকলে ঠাইৰ অভাৱৰ বাবে এই প্ৰেক্ষাগৃহত উপস্থিত থাকিব পৰা নাই , কিন্তু ওচৰৰ হলঘৰৰ পৰ্দাত লাইভ অনুষ্ঠান চাই আছে। এতিয়া আপোনালোকে কল্পনা কৰিব পাৰে যে ইমান দূৰলৈ আহি সোমাব নোৱাৰাৰ পিছতো তেওঁলোকৰ হৃদয়ত কেনে ভাবে ক্ৰিয়া কৰি আছে।ওমানত থকা ভাৰতীয় সম্প্ৰদায়ক সম্বোধন প্ৰধানমন্ত্ৰীৰ
December 18th, 12:31 pm
সমাৱেশত সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে ভাৰতীয় পৰিয়াল আৰু তেওঁলোকৰ বন্ধুবৰ্গক শুভেচ্ছা জ্ঞাপন কৰে। অতি উষ্ম আৰু ৰঙীন আদৰণিৰ বাবে তেওঁ তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ কয় যে তেওঁ ওমানত বাস কৰা ভাৰতৰ বিভিন্ন প্ৰান্তৰ লোকসকলক সাক্ষাৎ কৰি আনন্দিত হৈছে আৰু উল্লেখ কৰে যে বৈচিত্ৰ্য হৈছে ভাৰতীয় সংস্কৃতিৰ ভেটি-এনে এক মূল্যবোধে যিকোনো সমাজত মিলি যোৱাত সহায় কৰে। ওমানত ভাৰতীয় সম্প্ৰদায়ক কিমান গুৰুত্ব দিয়া হয় সেই বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে সহনশীলতা আৰু সহযোগিতা হৈছে প্ৰবাসী ভাৰতীয়সকলৰ এক বৈশিষ্ট্য।ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ সৈতে যুটীয়া সংবাদ মেলত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতিৰ অসমীয়া অনুবাদ
December 05th, 02:00 pm
আজি ২৩সংখ্যক ভাৰত-ৰাছিয়া সন্মিলনৰ বাবে ৰাষ্ট্ৰপতি পুটিনক আদৰণি জনাই মই আনন্দিত হৈছো। তেওঁৰ এই ভ্ৰমণ এনে এটা সময়ত হৈছে যেতিয়া আমাৰ দ্বিপাক্ষিক সম্পৰ্কই কেইবাটাও ঐতিহাসিক মাইলৰ খুঁটি অতিক্ৰম কৰিছে। ঠিক ২৫ বছৰৰ আগতে ৰাষ্ট্ৰপতি পুটিনে আমাৰ কৌশলগত অংশীদাৰিত্বৰ ভেটি স্থাপন কৰিছিল। পোন্ধৰ বছৰৰ আগতে ২০১০ চনত আমাৰ অংশীদাৰিত্বক বিশেষ আৰু সুবিধাজনক কৌশলগত অংশীদাৰিত্বৰ মৰ্যাদালৈ উন্নীত কৰা হৈছিল।PM Modi’s remarks during the joint press meet with Russian President Vladimir Putin
December 05th, 01:50 pm
PM Modi addressed the joint press meet with President Putin, highlighting the strong and time-tested India-Russia partnership. He said the relationship has remained steady like the Pole Star through global challenges. PM Modi announced new steps to boost economic cooperation, connectivity, energy security, cultural ties and people-to-people linkages. He reaffirmed India’s commitment to peace in Ukraine and emphasised the need for global unity in the fight against terrorism.২৮ নৱেম্বৰত কৰ্ণাটক আৰু গোৱা ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে
November 27th, 12:04 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৮ নৱেম্বৰত কৰ্ণাটক আৰু গোৱা ভ্ৰমণ কৰিব। দিনৰ প্ৰায় ১১.৩০ বজাত প্ৰধানমন্ত্ৰীয়ে কৰ্ণাটকৰ উডুপিৰ শ্ৰী কৃষ্ণ মঠ দৰ্শন কৰিব। পিছত তেওঁ গোৱালৈ যাত্ৰা কৰিব, য'ত তেওঁ দিনৰ প্ৰায় ৩.১৫ বজাত মঠৰ ৫৫০ সংখ্যক বৰ্ষপূৰ্তি উদযাপন শৰ্দা পঞ্চশতমনোৎসৱ উপলক্ষে শ্ৰী সংস্থান গোকৰ্ণ পৰ্তাগলী জীৱোত্তম মঠ দৰ্শন কৰিব।গুজৰাটৰ ছুৰাটত ভাৰতৰ বুলেট ট্ৰেইনৰ সৈতে জড়িত দলৰ সৈতে প্ৰধানমন্ত্ৰীৰ মত বিনিময়ৰ অসমীয়া অনুবাদ
November 16th, 03:50 pm
গতি ঠিক আছে বুলি ভাবিছেনে? আপোনালোকে নিৰ্ধাৰণ কৰা সময়সূচীত চলি আছেনে, নে আপোনালোকৰ কিবা সমস্যা হৈছে?গুজৰাটৰ চুৰাটত নিৰ্মিত বুলেট ট্ৰে্ইন ষ্টেচন পৰিদৰ্শন কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে; মুম্বাই-আহমেদাবাদ হাই-স্পীড ৰেল কৰিডৰৰ অগ্ৰগতিৰ পৰ্যালোচনা
November 16th, 03:47 pm
কেৰালাৰ এগৰাকী অভিযন্তাই গুজৰাটৰ নৱছাৰীৰ নইজ বেৰিয়াৰ ফেক্টৰীত কাম কৰাৰ অভিজ্ঞতা শ্বেয়াৰ কৰে, য’ত ৰিবাৰ কেজ ৱেল্ডিঙৰ বাবে ৰবটিক ইউনিট নিয়োগ কৰা হৈছে। প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁক ভাৰতৰ প্ৰথমখন বুলেট ট্ৰেইন নিৰ্মাণৰ ক্ষেত্ৰত ব্যক্তিগতভাৱে কেনে অনুভৱ কৰে আৰু এই ঐতিহাসিক কৃতিত্বৰ বিষয়ে তেওঁৰ পৰিয়ালৰ সৈতে কি শ্বেয়াৰ কৰে বুলি প্ৰশ্ন কৰে। দেশৰ প্ৰথমখন বুলেট ট্ৰেইনত অৰিহণা যোগোৱাৰ বাবে গৌৰৱ প্ৰকাশ কৰি ইয়াক “সপোনৰ প্ৰকল্প” আৰু পৰিয়ালৰ বাবে “গৌৰৱৰ মুহূৰ্ত” বুলি অভিহিত কৰে।প্ৰধানমন্ত্ৰীয়ে ৪ অক্টোবৰত ৬২,০০০ কোটি টকাতকৈ অধিক মূল্যৰ বিভিন্ন যুৱকেন্দ্ৰিক পদক্ষেপ মুকলি কৰিব
October 03rd, 03:54 pm
যুৱ বিকাশৰ এক ঐতিহাসিক পদক্ষেপ হিচাপে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীৰ বিজ্ঞান ভৱনত দিনৰ ১১ বজাত ৬২,০০০ কোটিৰো অধিক মূল্যৰ বিভিন্ন যুৱকেন্দ্ৰিক পদক্ষেপ মুকলি কৰিব, যাৰ ফলত সমগ্ৰ দেশতে শিক্ষা, দক্ষতা আৰু উদ্যোগীকৰণৰ ক্ষেত্ৰত এক নিৰ্ণায়ক উত্থান ঘটিব। এই অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগী অনুসৰি আয়োজন কৰা ৰাষ্ট্ৰীয় দক্ষতা সমাৰোহৰ চতুৰ্থ সংস্কৰণ কৌশল দীক্ষান্ত সমাৰোহৰো অনুষ্ঠিত হ’ব, য’ত দক্ষতা বিকাশ আৰু উদ্যোগ মন্ত্ৰালয়ৰ অধীনস্থ ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ ৪৬ গৰাকী সৰ্বভাৰতীয় শীৰ্ষ স্থানপ্ৰাপকক সম্বৰ্ধনা জনোৱা হ’ব।২৭ ছেপ্টেম্বৰত ওড়িশা ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে
September 26th, 09:05 pm
২৭ ছেপ্টেম্বৰত ওড়িশা ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। দিনৰ প্ৰায় ১১:৩০ বজাত তেওঁ ঝাৰছুগুদাত ৬০ হাজাৰ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰিব। এই উপলক্ষে আয়োজিত সভাত তেওঁ ৰাইজক উদ্দেশ্যি ভাষণ দিব। এই প্ৰকল্পসমূহে টেলিকমিউনিকেচন, ৰে’লৱে, উচ্চ শিক্ষা, স্বাস্থ্যসেৱা, দক্ষতা বিকাশ, গ্ৰাম্য গৃহ নিৰ্মাণ খণ্ড আদিৰ লগতে অন্যান্য বিষয়সমূহক সামৰি লৈছে। টেলিকম সংযোগৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰীয়ে স্বদেশী প্ৰযুক্তিৰে প্ৰায় ৩৭,০০০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মিত ৯৭,৫০০ৰো অধিক মোবাইল ৪জি টাৱাৰৰ শুভাৰম্ভ কৰিব। ইয়াৰ ভিতৰত বিএছএনএলৰ কমিচন দিয়া ৯২,৬০০ৰো অধিক ৪জি প্ৰযুক্তি ছাইট অন্তৰ্ভুক্ত। ডিজিটেল ভাৰত নিধিৰ অধীনত ১৮,৯০০ৰো অধিক ৪জি ছাইটৰ বাবে ধন আগবঢ়োৱা হৈছে যিয়ে দূৰৱৰ্তী, সীমান্ত, আৰু বাওঁপন্থী উগ্ৰবাদ প্ৰভাৱিত অঞ্চলৰ প্ৰায় ২৬,৭০০ অসংলগ্ন গাঁও সংযোগ কৰিব, ২০ লাখৰো অধিক নতুন গ্ৰাহকক সেৱা আগবঢ়াব। এই টাৱাৰসমূহ সৌৰশক্তিচালিত, যাৰ ফলত ই ভাৰতৰ সৰ্ববৃহৎ সেউজ টেলিকম ছাইটৰ ক্লাষ্টাৰ আৰু বহনক্ষম আন্তঃগাঁথনিৰ ক্ষেত্ৰত এক পদক্ষেপ।দেশত স্নাতকোত্তৰ আৰু স্নাতক চিকিৎসা শিক্ষাৰ ক্ষমতাৰ ব্যাপক সম্প্ৰসাৰণত কেন্দ্ৰীয় কেবিনেটৰ অনুমোদন
September 24th, 05:52 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে বৰ্তমানৰ ৰাজ্য চৰকাৰ/কেন্দ্ৰীয় চৰকাৰী চিকিৎসা মহাবিদ্যালয়/স্বাধীন স্নাতকোত্তৰ প্ৰতিষ্ঠান/চৰকাৰী চিকিৎসালয়ৰ সবলীকৰণ আৰু উন্নীতকৰণৰ বাবে কেন্দ্ৰীয় পৃষ্ঠপোষক আঁচনিৰ তৃতীয় পৰ্যায়ত ৫,০০০ স্নাতকোত্তৰ আসন বৃদ্ধিত অনুমোদন জনাইছে। তদুপৰি, চৰকাৰী চিকিৎসা মহাবিদ্যালয়সমূহৰ উন্নীতকৰণৰ বাবে কেন্দ্ৰীয় পৃষ্ঠপোষক আঁচনিখন সম্প্ৰসাৰণ কৰি ৫,০২৩খন এমবিবিএছ আসন সংযোজনৰ লগতে প্ৰতিখন আসনৰ বাবে ১.৫০ কোটি টকা ব্যয়ৰ সীমা নিৰ্ধাৰণ কৰা হ’ব। এই পদক্ষেপে স্নাতক চিকিৎসা ক্ষমতা যথেষ্ট বৃদ্ধি কৰিব; অতিৰিক্ত স্নাতকোত্তৰ আসন সৃষ্টিৰ ফলত বিশেষজ্ঞ চিকিৎসকৰ পৰ্যাপ্ততা বৃদ্ধি পাব; আৰু চৰকাৰী প্ৰতিষ্ঠানসমূহত চিকিৎসা বিশেষজ্ঞতাৰ নতুন ক্ষেত্ৰ প্ৰৱৰ্তনৰ সুবিধা প্ৰদান কৰিব। ইয়াৰ ফলত দেশত চিকিৎসকৰ সামগ্ৰিক পৰ্যাপ্ততা বৃদ্ধি পাব।ৰাষ্ট্ৰীয় বঁটা বিজয়ী শিক্ষকৰ সৈতে হোৱা বৈঠকত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ পূৰ্ণপাঠ
September 04th, 05:35 pm
আমাৰ পৰম্পৰাত শিক্ষকৰ প্ৰতি স্বাভাৱিকভাবেই সন্মান আছে আৰু তেওঁলোক সমাজৰ এক বৃহৎ শক্তিও। শিক্ষকসকলক আশীৰ্বাদ লাভৰ বাবে থিয় হ’ব লৈ দিয়াটো ভুল হ’ব। মই এনে পাপ কৰিব নিবিচাৰো। কিন্তু আপোনালোকৰ সৈতে বাৰ্তালাপ কৰিব পাৰে মই নিশ্চয়কৈ ভাল পাম। মোৰ বাবে আপোনালোক সকলোকে লগ পোৱাটো এক সুন্দৰ অভিজ্ঞতা হৈ ৰ’ব। আপোনালোকৰ প্ৰত্যেকৰে নিজৰ নিজৰ কাহিনী থাকিব লাগিব, কাৰণ ইয়াৰ অবিহনে আপোনালোকে এই পৰ্যায়ত উপনীত নহ’লহেঁতেন। সেই সকলোবোৰ কাহিনী জানিবলৈ যথেষ্ট সময় পোৱাটো কঠিন, কিন্তু আপোনালোকৰ পৰা যিখিনি শিকিব পাৰিলোঁ সেয়া সঁচাকৈয়ে প্ৰেৰণাদায়ক আৰু তাৰ বাবে মই আপোনালোক সকলোকে আন্তৰিকতাৰে অভিনন্দন জনাইছো। ৰাষ্ট্ৰীয় বঁটা লাভ কৰাটো নিজৰ বাবেই শেষ কথা নহয়। এতিয়া এই বঁটা লাভৰ পিছতে সকলোৰে দৃষ্টি আপোনালোকৰ ওপৰতে নিবদ্ধ থাকিব। অৰ্থাৎ আপোনালোকৰ প্ৰসাৰ বহু পৰিমাণে বৃদ্ধি পাইছে। আগতে আপোনালোকৰ প্ৰভাৱ বা আদেশৰ ক্ষেত্ৰখন সীমিত আছিল যদিও এতিয়া এই স্বীকৃতিৰ পিছত ই বহু পৰিমাণে বিশাল হৈ পৰিল। । মোৰ বিশ্বাস এয়াই আৰম্ভণি, আৰু এই সুযোগটো গ্ৰহণ কৰিব লাগিব। আপোনালোকৰ ভিতৰত যি আছে, যিমান পাৰে সেয়া ভাগ-বতৰা কৰা উচিত। তেনে কৰাৰ লগে লগে আপোনালোকৰ সন্তুষ্টিৰ ভাব বাঢ়িব আৰু সেই দিশত আপোনালোকে চেষ্টা অব্যাহত ৰাখিব লাগে। এই বঁটাৰ বাবে আপোনালোকক নিৰ্বাচন কৰাটো আপোনালোকৰ কঠোৰ পৰিশ্ৰম আৰু অহৰহ নিষ্ঠাৰ সাক্ষ্য। তাৰ বাবেইহে এয়া সম্ভৱ হৈছে। এজন শিক্ষকে কেৱল বৰ্তমানেই নহয়, দেশ খনৰ ভৱিষ্যত প্ৰজন্মকো গঢ় দিয়ে, ভৱিষ্যতক উজ্জ্বল কৰে আৰু মই বিশ্বাস কৰোঁ যে এয়া আন যিকোনো কামতকৈ কম নহয়। আজি আপোনালোকৰ দৰে কোটি কোটি শিক্ষকে একে ভক্তি, আন্তৰিকতা, নিষ্ঠাৰে দেশৰ সেৱাত নিয়োজিত হৈ আছে। সকলোৱে ইয়ালৈ অহাৰ সুযোগ নাপায়। হয়তো বহুতে চেষ্টাও কৰা নাছিল, বা কিছুমানে লক্ষ্যও স্থিৰ কৰা নাছিল। এনে সামৰ্থ্য থকা মানুহ অগণন। তেওঁলোকৰ সকলোৰে সামূহিক প্ৰচেষ্টাই দেশ খনৰ অগ্ৰগতি অব্যাহত থকাটো নিশ্চিত কৰে, নতুন প্ৰজন্মক লালন-পালন কৰে, যিসকলে দেশৰ বাবে জীয়াই থাকে আৰু তাত সকলোৰে অৱদান আছে।ৰাষ্ট্ৰীয় বঁটা বিজয়ী শিক্ষকসকলক সম্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ
September 04th, 05:33 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত ৰাষ্ট্ৰীয় বঁটা বিজয়ী শিক্ষকসকলক সম্বোধন কৰে । শ্ৰী মোদীয়ে ভাৰতীয় সমাজে শিক্ষকসকলৰ প্ৰতি থকা স্বাভাৱিক সন্মানক প্ৰশংসা কৰি তেওঁলোকক ৰাষ্ট্ৰ নিৰ্মাণৰ এক শক্তিশালী শক্তি বুলি অভিহিত কৰে। তেওঁ গুৰুত্ব আৰোপ কৰে যে শিক্ষকসকলক সন্মান জনোৱাটো কেৱল এটা অনুষ্ঠানেই নহয়, বৰঞ্চ এয়া তেওঁলোকৰ আজীৱন নিষ্ঠা আৰু প্ৰভাৱৰ স্বীকৃতি।ভাৰত-জাপান মানৱ সম্পদ বিনিময় আৰু সহযোগিতাৰ বাবে কাৰ্য্য পৰিকল্পনা
August 29th, 06:54 pm
ভাৰত-জাপান বাৰ্ষিক সন্মিলন ২০২৫ৰ সময়ত ভাৰত আৰু জাপানৰ প্ৰধানমন্ত্ৰীয়ে ভ্ৰমণ আৰু বিনিময়ৰ জৰিয়তে তেওঁলোকৰ নাগৰিকসকলৰ মাজত গভীৰ বুজাবুজি গঢ়ি তোলাৰ লগতে তেওঁলোকৰ মানৱ সম্পদৰ বাবে সহযোগিতামূলক পথ বিচাৰি উলিওৱাৰ প্ৰয়োজনীয়তাৰ ওপৰত সহমত প্ৰকাশ কৰে আৰু নিজ নিজ ৰাষ্ট্ৰীয় অগ্ৰাধিকাৰ অনুসৰি কাম কৰে।আহমেদাবাদৰ কন্যা ছাত্ৰালয়ৰ চৰ্দাৰধাম দ্বিতীয় পৰ্যায়ৰ আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
August 24th, 10:39 pm
কেন্দ্ৰীয় মন্ত্ৰীসভাৰ মোৰ সতীৰ্থসকল, গুজৰাট চৰকাৰৰ মন্ত্ৰীবৰ্গ, ইয়াত উপৱিস্ত সাংসদ, বিধায়ক, চৰ্দাৰধামৰ মুৰব্বী শ্ৰী গগজী ভাই, ন্যাসৰক্ষী ভি. পেটেল, দিলীপভাই, অন্যান্য গণ্যমান্য ব্যক্তি আৰু মোৰ মৰমৰ ভাই-ভনীসকল, বিশেষকৈ মোৰ মৰমৰ কন্যাসকল।আহমেদাবাদৰ কন্যা ছাত্ৰালয়ৰ চৰ্দাৰধাম দ্বিতীয় পৰ্যায়ৰ কামৰ আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণৰ অসমীয়া অনুবাদ
August 24th, 10:25 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' বাৰ্তাৰ জৰিয়তে গুজৰাটৰ আহমেদাবাদত কন্যা ছাত্ৰালয়ৰ চৰ্দাৰধাম দ্বিতীয় পৰ্যায়ৰ কামৰ আধাৰশিলা স্থাপন অনুষ্ঠানত ভাষণ দিয়ে। তেওঁ চৰ্দাৰধাম নামটোক ইয়াৰ প্ৰতিনিধিত্ব কৰা কামৰ দৰেই পবিত্ৰ বুলি অভিহিত কৰাৰ লগতে কন্যাৰ সেৱা আৰু শিক্ষাৰ বাবে বিশেষভাৱে উৎসৰ্গিত ছাত্ৰীনিবাসৰ উদ্বোধনী অনুষ্ঠানৰ ওপৰত আলোকপাত কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে এই ছাত্ৰীনিবাসত থকা ছাত্ৰীসকলে দুচকুত ডাঙৰ ডাঙৰ সপোন আৰু আকাংক্ষা কঢ়ুিয়াব, আৰু সেইবোৰক বাস্তৱায়িত কৰাৰ বাবে তেওঁলোকক যথেষ্ট সুযোগ প্ৰদান কৰা হ’ব। এই ছাত্ৰীসকলে এবাৰ আত্মনিৰ্ভৰশীল আৰু সক্ষম হ’লেই তেওঁলোকে কেৱল জাতি গঠনত অৰিহণা যোগোৱাই নহয়, পৰিয়ালকো সবলীকৰণ কৰিব বুলিও তেওঁ উল্লেখ কৰে। সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি শ্ৰী মোদীয়ে এই পদক্ষেপৰ দ্বাৰা উপকৃত হোৱা সকলো কন্যা সন্তানৰ লগতে তেওঁলোকৰ পৰিয়াললৈও উজ্জ্বল আৰু সমৃদ্ধিশালী ভৱিষ্যতৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে।অসমত আইআইএম প্ৰতিষ্ঠাৰ বাবে প্ৰধানমন্ত্ৰীয়ে ৰাজ্যবাসীক অভিনন্দন জনায়
August 20th, 07:48 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অসমত ভাৰতীয় মেনেজমেন্ট প্ৰতিষ্ঠান (IIM) প্ৰতিষ্ঠাৰ বাবে ৰাজ্যবাসীক অভিনন্দন জনাইছে।জ্যোতিৰ্বিজ্ঞান আৰু জ্যোতিৰ্পদাৰ্থ বিজ্ঞানৰ অষ্টাদশ আন্তঃৰাষ্ট্ৰীয় অলিম্পিয়াডৰ বাবে প্ৰধানমন্ত্ৰীৰ ভিডিঅ’ বাৰ্তাৰ অসমীয়া অনুবাদ
August 12th, 04:34 pm
৬৪খন দেশৰ তিনি শতাধিক উজ্জ্বল নক্ষত্ৰৰ সৈতে সংযোগ স্থাপন কৰাটো আনন্দৰ কথা। জ্যোতিৰ্বিজ্ঞান আৰু জ্যোতিৰ্পদাৰ্থ বিজ্ঞানৰ অষ্টাদশ আন্তঃৰাষ্ট্ৰীয় অলিম্পিয়াডৰ বাবে মই আপোনালোকক ভাৰতলৈ উষ্ম আদৰণি জনাইছো। ভাৰতত পৰম্পৰাই উদ্ভাৱনক, আধ্যাত্মিকতাই বিজ্ঞান আৰু কৌতুহলে সৃষ্টিশীলতাৰ সৈতে সমাযোজন ঘটায়। যুগ যুগ ধৰি ভাৰতীয়সকলে আকাশ পৰ্যবেক্ষণ কৰি ডাঙৰ ডাঙৰ প্ৰশ্ন কৰি আহিছে। উদাহৰণস্বৰূপে, পঞ্চম শতিকাত আৰ্যভট্টই শূন্য আৱিষ্কাৰ কৰিছিল। তেওঁ প্ৰথমে কৈছিল যে পৃথিৱীখন নিজৰ অক্ষত ঘূৰি থাকে। আক্ষৰিক অৰ্থত তেওঁ শূন্যৰ পৰা আৰম্ভ কৰি ইতিহাস ৰচনা কৰিছিল!জ্যোতিৰ্বিজ্ঞান আৰু জ্যোতিৰ্পদাৰ্থ বিজ্ঞানৰ অষ্টাদশ আন্তঃৰাষ্ট্ৰীয় অলিম্পিয়াডত ভাষণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
August 12th, 04:33 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ বাৰ্তাৰ জৰিয়তে জ্যোতিৰ্বিজ্ঞান আৰু জ্যোতিৰ্পদাৰ্থ বিজ্ঞানৰ অষ্টাদশ আন্তঃৰাষ্ট্ৰীয় অলিম্পিয়াডত ভাষণ প্ৰদান কৰে। এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে ৬৪খন দেশৰ ৩০০ৰো অধিক অংশগ্ৰহণকাৰীৰ সৈতে সংযোগ স্থাপন কৰি আনন্দ প্ৰকাশ কৰে আৰু আন্তঃৰাষ্ট্ৰীয় অলিম্পিয়াডৰ বাবে ভাৰতলৈ তেওঁলোকক উষ্ম আদৰণি জনায়। “ভাৰতত পৰম্পৰাই উদ্ভাৱনক লগ পায়, আধ্যাত্মিকতাই বিজ্ঞানক লগ পায় আৰু কৌতুহলে সৃষ্টিশীলতাক লগ পায়। যুগ যুগ ধৰি ভাৰতীয়সকলে আকাশ নিৰীক্ষণ কৰি আহিছে আৰু ডাঙৰ ডাঙৰ প্ৰশ্ন সুধি আহিছে”, শ্ৰী মোদীয়ে কয়। পঞ্চম শতিকাত শূন্য আৱিষ্কাৰ কৰা আৰ্যভট্টৰ উদাহৰণ দি তেওঁ প্ৰথমে কৈছিল যে পৃথিৱীখন নিজৰ অক্ষত ঘূৰি থাকে। “আক্ষৰিক অৰ্থত তেওঁ শূন্যৰ পৰা আৰম্ভ কৰি ইতিহাস ৰচনা কৰিছিল!” প্ৰধানমন্ত্ৰীয়ে লক্ষ্য কৰিলে।