ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে কোটা বিমানবন্দৰৰ আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
March 07th, 03:15 pm
মই যোৱা সপ্তাহত ৰাজস্থান ভ্ৰমণৰ সুযোগ পাইছিলো। আজমেৰৰ পবিত্ৰ ভূমিৰ পৰা আমি কেইবা হাজাৰ কোটি টকা মূল্যৰ উন্নয়নমূলক প্ৰকল্পৰাজি উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিছিলো। সেই একেটা কাৰ্য্যসূচীতে ৰাজস্থানৰ ২১ হাজাৰৰো অধিক যুৱক-যুৱতীক নিযুক্তি পত্ৰ প্ৰদান কৰা হৈছিল। আৰু এতিয়া আজমেৰ ভ্ৰমণৰ মাত্ৰ কেইদিনমান পিছতে আজি কোটাৰ এই গুৰুত্বপূৰ্ণ বিমানবন্দৰ প্ৰকল্পটো আৰম্ভ কৰাৰ সৌভাগ্য লাভ কৰিছো। এসপ্তাহৰ ভিতৰতে ৰাজস্থানৰ এই দুই বৃহৎ উন্নয়ন কাৰ্য্যসূচীয়ে এক শক্তিশালী বাৰ্তা প্ৰদান কৰিছে। এইসমূহে আজি ৰাজস্থান দ্ৰুতগতিত আগবাঢ়ি যোৱাটোকে প্ৰদৰ্শিত কৰিছে। আন্তঃগাঁথনিয়েই হওক, যুৱক-যুৱতীসকলৰ বাবে কৰ্মসংস্থাপনৰ সুযোগেই হওক, কৃষক-মহিলা সকলৰ বাবে আঁচনিয়েই হওক বা প্ৰতিটো খণ্ডৰ পদক্ষেপেই হওক- সমগ্ৰ ৰাজস্থানত কাম-কাজ অতি বেগেৰে সম্পন্ন হৈ আছে।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কোটা বিমানবন্দৰৰ আধাৰশিলা স্থাপনেৰে হাডোটি অঞ্চলৰ ৰূপান্তৰৰ ওপৰত আলোকপাত কৰে
March 07th, 02:45 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ বাৰ্তাৰ জৰিয়তে কোটা বিমানবন্দৰৰ আধাৰশিলা স্থাপন অনুষ্ঠান সম্বোধন কৰি ইয়াক হাডোটি অঞ্চলৰ বাবে এক উল্লেখযোগ্য মাইলৰ খুঁটি স্থাপন কাৰ্য্য বুলি অভিহিত কৰে। “ৰাজস্থান অভূতপূৰ্ব গতিৰে আগবাঢ়িছে, নতুন বিমানবন্দৰটো অৰ্থনৈতিক আৰু ঔদ্যোগিক বিকাশৰ অনুঘটক হিচাপে পৰিগণিত হ’ব”, শ্ৰী মোদীয়ে কয়।১৬ ফেব্ৰুৱাৰীত ইণ্ডিয়া এ আই ইমপেক্ট এক্সপ’ ২০২৬ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে
February 15th, 02:21 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬ বৰ্ষৰ ১৬ ফেব্ৰুৱাৰীৰ সন্ধিয়া ৫ বজাত নতুন দিল্লীৰ ভাৰত মণ্ডপমত ভাৰত এ আই ইমপেক্ট এক্সপ’ ২০২৬ উদ্বোধন কৰিব।