অন্ধ্ৰপ্ৰদেশৰ পুট্টাপৰ্থীত প্ৰধানমন্ত্ৰীক উষ্ম আদৰণি
November 19th, 01:46 pm
প্ৰধানমন্ত্ৰীয়ে প্ৰশান্তি নিলয়মৰ সাই কুলৱন্ত হলত শ্ৰী সত্য সাই বাবাক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আৰু তাৰ পাছত দৰ্শনৰ বাবে ওমকাৰ হললৈ যায়। তেওঁ কয় যে এই পবিত্ৰ স্থানসমূহত উপস্থিত হ’লে শ্ৰী সত্য সাই বাবাৰ অসীম সহানুভূতি আৰু মানৱতাৰ উত্থানৰ বাবে জীৱনজোৰা প্ৰতিশ্ৰুতিৰ কথা মনত পেলাই দিয়ে। তেওঁ লগতে কয় যে শ্ৰী সত্য সাই বাবাৰ নিঃস্বাৰ্থ সেৱাৰ বাৰ্তাই লাখ লাখ লোকক পথ প্ৰদৰ্শন আৰু অনুপ্ৰাণিত কৰি আহিছে।শ্ৰীগুৰু নানক দেৱজীৰ পৰকাশ পূৰব উপলক্ষ্যে সকলোকে শুভেচ্ছা জনালে প্ৰধানমন্ত্ৰীয়ে
November 05th, 10:26 am
প্ৰধানমন্ত্ৰী, শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰী গুৰু নানক দেৱজীৰ পৰকাশ পূৰব উপলক্ষে আজি সকলোকে শুভেচ্ছা জনায়। শ্ৰী মোদীয়ে উল্লেখ কৰে যে শ্ৰী গুৰু নানক দেৱজীৰ জীৱন আৰু বাৰ্তাই কালজয়ী প্ৰজ্ঞাৰে মানৱতাক পথ প্ৰদৰ্শন কৰি আহিছে। তেওঁৰ মমতা, সমতা, নম্ৰতা আৰু সেৱাৰ শিক্ষা অতি প্ৰেৰণাদায়ক, শ্ৰী মোদীয়ে লগতে কয়।নৱ ৰায়পুৰত শান্তি শিখৰ ব্ৰহ্মকুমাৰী ধ্যান কেন্দ্ৰ উদ্বোধন কৰি দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
November 01st, 11:15 am
ছত্তীশগড়ৰ ৰাজ্যপাল শ্ৰী ৰমেন ডেকা, ৰাজ্যখনৰ জনপ্ৰিয় তথা সক্ৰিয় মুখ্যমন্ত্ৰী শ্ৰী বিষ্ণু দেও ছাই, ৰাজযোগিনী ভগ্নী জয়ন্তী, ৰাজযোগী মৃত্যুঞ্জয়, সকলো ব্ৰহ্মকুমাৰী ভগ্নী আৰু ইয়াত উপস্থিত অন্যান্য বিশিষ্ট অতিথিসকল!চত্তীশগড়ৰ নৱ ৰায়পুৰত শান্তি শিখৰ – ধ্যান কেন্দ্ৰৰ উদ্বোধনী অনুষ্ঠানত ব্ৰহ্ম কুমাৰীসকলক সম্বোধন কৰিলে প্ৰধানমন্ত্ৰীয়ে
November 01st, 11:00 am
আজি ছত্তীশগড়ৰ নৱ ৰায়পুৰত আধ্যাত্মিক শিক্ষা, শান্তি, ধ্যান-ধাৰণাৰ আধুনিক কেন্দ্ৰ “শান্তি শিখৰ”ৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ব্ৰহ্ম কুমাৰীসকলক উদ্দেশ্যি ভাষণ আগবঢ়ায় । এই উপলক্ষ্যে আয়োজিত অনুষ্ঠানত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে কয় যে ছত্তীশগড় গঠনৰ ২৫ বছৰ সম্পূৰ্ণ হোৱাৰ বাবে আজিৰ দিনটো এক অতি বিশেষ দিন। ছত্তীশগড়, ঝাৰখণ্ড আৰু উত্তৰাখণ্ডতো প্ৰতিষ্ঠা হোৱাৰ ২৫ বছৰ সম্পূৰ্ণ হৈছে। তেওঁ উল্লেখ কৰে যে সমগ্ৰ দেশৰ আন কেইবাখনো ৰাজ্যই আজি প্ৰতিষ্ঠা দিৱস উদযাপন কৰিছে। এই আটাইকেইখন ৰাজ্যৰ বাসিন্দালৈ প্ৰতিষ্ঠা দিৱসত শ্ৰীযুত মোদীয়ে শুভেচ্ছা জ্ঞাপন কৰে। “ৰাজ্যৰ উন্নয়নে দেশৰ প্ৰগতিত ইন্ধন যোগায় নীতিৰ দ্বাৰা পৰিচালিত হৈ আমি উন্নত ভাৰত নিৰ্মাণৰ অভিযানত সক্ৰিয়ভাৱে জড়িত হৈ আছো”, প্ৰধানমন্ত্ৰীয়ে কয় ।প্ৰধানমন্ত্ৰীয়ে নতুন দিল্লীত আয়োজিত আন্তঃৰাষ্ট্ৰীয় আৰ্য্য মহাসন্মিলন, ২০২৫-ৰ কাৰ্য্যসূচী সম্বোধন কৰে
October 31st, 06:08 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ৰোহিনীত আয়োজিত আন্তঃৰাষ্ট্ৰীয় আৰ্য্য মহাসন্মিলন, ২০২৫-ৰ কাৰ্য্যসূচী সম্বোধন কৰে। এই উপলক্ষে শ্ৰী মোদীয়ে কয় যে ক্ষন্তেক পূৰ্বে শুনা মন্ত্ৰধ্বনিসমূহৰ শক্তি এতিয়াও সকলোৱে অনুভৱ কৰি আছে। তেওঁ কয় যে যেতিয়াই তেওঁ এনে সমাৱেশৰ মাজলৈ আহে, তেতিয়াই ঐশ্বৰিক আৰু অসাধাৰণ অভিজ্ঞতা লাভ কৰে। এই অনুভূতিৰ কাৰণ তেওঁ স্বামী দয়ানন্দ জীৰ আশীৰ্বাদ বুলি কয়। প্ৰধানমন্ত্ৰীয়ে স্বামী দয়ানন্দ জীৰ আদৰ্শৰ প্ৰতি গভীৰ শ্ৰদ্ধা প্ৰকাশ কৰে। উপস্থিত সকলো চিন্তকৰ সৈতে তেওঁৰ দশক-দশক পুৰণি আত্মীয়তাৰ বান্ধোনৰ কথা উল্লেখেৰে কয় যে তেওঁলোকে তেওঁক বাৰে-বাৰে তেওঁলোকৰ মাজত থকাৰ সুযোগ দিছে। তেওঁ উল্লেখ কৰে যে যেতিয়াই তেওঁলোকক লগ পায় আৰু তেওঁলোকৰ সৈতে যোগাযোগ কৰে, তেতিয়াই তেওঁৰ মন এক সুকীয়া শক্তি আৰু এক অনন্য প্ৰেৰণাৰে ভৰি পৰে।Let’s take a pledge together — Bihar will stay away from Jungle Raj! Once again – NDA Government: PM Modi in Chhapra
October 30th, 11:15 am
In his public rally at Chhapra, Bihar, PM Modi launched a sharp attack on the INDI alliance, stating that the RJD-Congress bloc, driven by vote-bank appeasement and opposed to faith and development, can never respect the beliefs of the people. Highlighting women empowerment, he said NDA initiatives like Drone Didis, Bank Sakhis, Lakhpati Didis have strengthened women across Bihar and this support will be expanded when NDA returns to power.This election will bring RJD-Congress their biggest defeat ever, and NDA’s biggest victory: PM Modi in Muzaffarpur, Bihar
October 30th, 11:10 am
PM Modi addressed a massive public meeting in Muzaffarpur, Bihar and began by saying that this was his first public meeting after the Chhath Mahaparv. He said Chhath is the pride of Bihar and the nation, a festival celebrated across India and even around the world. PM Modi also launched a campaign to promote Chhath songs across the nation. He said, “The public will choose the best tracks, and their creators will be awarded - boosting the preservation of Chhath tradition.”PM Modi’s grand rallies electrify Muzaffarpur and Chhapra, Bihar
October 30th, 11:00 am
PM Modi addressed two massive public meetings in Muzaffarpur and Chhapra, Bihar. Beginning his first rally, he noted that this was his first public meeting after the Chhath Mahaparv. He said that Chhath is the pride of Bihar and of the entire nation—a festival celebrated not just across India, but around the world. PM Modi also announced a campaign to promote Chhath songs nationwide, stating, “The public will choose the best tracks, and their creators will be awarded - helping preserve and celebrate the tradition of Chhath.”৩১ অক্টোবৰত নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া আন্তঃৰাষ্ট্ৰীয় আৰ্য সন্মিলন ২০২৫ত প্ৰধানমন্ত্ৰীয়ে অংশগ্ৰহণ কৰিব
October 29th, 10:57 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৩১ অক্টোবৰত নতুন দিল্লীৰ ৰোহিনীত দুপৰীয়া ২.৫৫ বজাত অনুষ্ঠিত হ’বলগীয়া আন্তঃৰাষ্ট্ৰীয় আৰ্য সন্মিলন ২০২৫ত অংশগ্ৰহণ কৰিব। এই কাৰ্যসূচী মহৰ্ষি দয়ানন্দ সৰস্বতী জীৰ ২০০ সংখ্যক জয়ন্তী আৰু সমাজৰ প্ৰতি আৰ্য সমাজে আগবঢ়োৱা সেৱাৰ ১৫০ বছৰ উদযাপন কৰা জ্ঞান জ্যোতি উৎসৱৰ এক গুৰুত্বপূৰ্ণ অংশ। এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে এটা সমাৱেশত ভাষণ দিব।ষট্ পূজাৰ সন্ধ্যা অর্ঘ্য অনুষ্ঠান উপলক্ষে প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা জ্ঞাপন
October 27th, 02:02 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ষট্ পূজাৰ পৱিত্ৰ সন্ধ্যা অর্ঘ্য অনুষ্ঠান উপলক্ষে দেশৰ নাগৰিকসকলক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে।PM Modi greets devotees on the sacred occasion of Chhath Mahaparv
October 25th, 09:06 am
Prime Minister Shri Narendra Modi extended his warm wishes to devotees across the country and around the world on the sacred occasion of Chhath Mahaparv, which begins today with the traditional ritual of Nahay-Khay. The Prime Minister paid tribute to the unwavering devotion of all vratis and highlighted the profound cultural significance of this four-day festival.সমাগত ষট্ মহাপৰ্বৰ বাবে ভক্তিমূলক গীত ভাগ বাটোৱাৰা কৰিবলৈ নাগৰিকসকলক প্ৰধানমন্ত্ৰীৰ আহ্বান
October 24th, 10:39 am
ৰাষ্ট্ৰই পবিত্ৰ ষট্ উৎসৱ উদযাপনৰ বাবে প্ৰস্তুতি চলাই থকাৰ সময়তে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নাগৰিকসকলক ষট্ মাইয়াৰ প্ৰতি উৎসর্গীকৃত গীত ভাগ বাটোৱাৰা কৰি ভক্তি আৰু সাংস্কৃতিক একতাৰ মনোভাৱেৰে যোগদান কৰিবলৈ আহ্বান জনাইছে। এক্সত পোষ্ট কৰা এটা বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে প্ৰকৃতি আৰু সংস্কৃতিৰ সৈতে ষটৰ গভীৰ সম্পৰ্ক আৰু সমগ্ৰ বিহাৰ তথা দেশত চলি থকা প্ৰস্তুতিৰ ওপৰত আলোকপাত কৰে।দীপাৱলী উপলক্ষ্যে সকলোকে শুভেচ্ছা জনালে প্ৰধানমন্ত্ৰীয়ে
October 20th, 09:50 am
দীপাৱলী উপলক্ষ্যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছে।মংগোলিয়াৰ ৰাষ্ট্ৰপতিৰ সৈতে যুটীয়া প্ৰেছ বিবৃতিৰ সময়ত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতি
October 14th, 01:15 pm
ছবছৰৰ অন্তত মংগোলিয়াৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণ এক অতি বিশেষ অনুষ্ঠান। এই ভ্ৰমণ ভাৰত আৰু মংগোলিয়াই কূটনৈতিক সম্পৰ্কৰ ৭০ বছৰ আৰু কৌশলগত অংশীদাৰিত্বৰ ১০ বছৰ উদযাপন কৰাৰ সময়তে হৈছে। এই উপলক্ষে আমি আমাৰ ভাগ-বাটোৱাৰা কৰা ঐতিহ্য, বৈচিত্ৰ্য আৰু গভীৰ সভ্যতামূলক সম্পৰ্কৰ প্ৰতীক হিচাপে এটা যৌথ ডাক ষ্টাম্প জাৰি কৰিছো।দেৱী মাৰ পূজা অৰ্চনা প্ৰধানমন্ত্ৰীৰ, সকলোৰে কল্যান কামনা
September 29th, 09:43 am
নৱৰাত্ৰি শুভ উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেৱী মাক সকলো নাগৰিকৰ কল্যাণ আৰু উত্থানৰ বাবে তেওঁৰ ঐশ্বৰিক আশীৰ্বাদ কামনা কৰি আন্তৰিকতাৰে পূজা অৰ্চনা কৰে।দেৱী মাৰ প্ৰাৰ্থনা জনাই সকলোৰে বাবে শক্তি আৰু মংগল কামনা কৰিলে প্ৰধানমন্ত্ৰীয়ে
September 28th, 09:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দেৱী মাৰ চৰণত আন্তৰিক প্ৰণাম জনাই দেশবাসীৰ বাবে তেওঁৰ ঐশ্বৰিক আশীৰ্বাদ কামনা কৰে।আধ্যাত্মিক উদ্যম আৰু সামূহিক সদিচ্ছা অনুৰণিত বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে সকলো নাগৰিকৰ মংগল, সাহস আৰু আভ্যন্তৰীণ শক্তিৰ বাবে প্ৰাৰ্থনা কৰে।২২ ছেপ্টেম্বৰত অৰুণাচল প্ৰদেশ আৰু ত্ৰিপুৰা ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে
September 21st, 09:54 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২২ ছেপ্টেম্বৰত অৰুণাচল প্ৰদেশ আৰু ত্ৰিপুৰা ভ্ৰমণ কৰিব। তেওঁ ইটানগৰত ৫১০০ কোটিৰো অধিক টকা মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। লগতে ৰাজহুৱা অনুষ্ঠানত ভাষণ দিব।মৰিচাছৰ প্ৰধানমন্ত্ৰীৰ সৈতে যুটীয়া সংবাদ মেলৰ সময়ত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতিৰ অসমীয়া অনুবাদ
September 11th, 12:30 pm
আৰু আজি যেতিয়া আমি কাশীত মৰিচাছৰ পৰা অহা বন্ধু-বান্ধৱীক আদৰণি জনাইছো, তেতিয়া ই কেৱল আনুষ্ঠানিকতা নহয়, আধ্যাত্মিক মিলনহে। সেইবাবেই মই গৌৰৱেৰে কওঁ যে ভাৰত আৰু মৰিচাছ কেৱল অংশীদাৰ নহয় বৰঞ্চ এটা পৰিয়াল।আচাৰ্য্য বিনোবা ভাৱেৰ জয়ন্তী উপলক্ষে প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন
September 11th, 08:51 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আচাৰ্য্য বিনোবা ভাৱেৰ জয়ন্তী উপলক্ষে তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি ভাৰতৰ আধ্যাত্মিক, সামাজিক আৰু ৰাজনৈতিক প্ৰেক্ষাপটত তেওঁৰ বিশাল অৱদানৰ কথা স্মৰণ কৰে।১১ ছেপ্টেম্বৰত উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ড ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে
September 10th, 01:01 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১১ ছেপ্টেম্বৰত উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ড ভ্ৰমণ কৰিব।