আধ্যাত্মিক বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰি সংস্কৃত হিতোপদেশ শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ
August 05th, 12:30 pm
আধ্যাত্মিক বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এটা সংস্কৃত হিতোপদেশ শ্বেয়াৰ কৰেঃসন্ত নিৰঞ্জন দাসজীক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ
July 17th, 10:30 pm
আজি জলন্ধৰত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সন্ত নিৰঞ্জন দাসজীক সাক্ষাৎ কৰে। শ্ৰী মোদীয়ে কয় যে আধ্যাত্মিক সচেতনতা আৰু সমাজ কল্যাণৰ ক্ষেত্ৰত সন্ত নিৰঞ্জন দাসজীৰ অৱদান গভীৰভাৱে প্ৰেৰণাদায়ক।দালাই লামাক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন প্ৰধানমন্ত্ৰীৰ
July 06th, 12:53 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দালাই লামাক তেওঁৰ জন্মদিন উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছে। শ্ৰী মোদীয়ে মন্তব্য কৰে যে আধ্যাত্মিক নেতাজনৰ শান্তি আৰু সম্প্ৰীতিৰ বাৰ্তা সমগ্ৰ বিশ্বৰ জনসাধাৰণৰ বাবে এক পথ প্ৰদৰ্শক শক্তি হিচাপে পৰিগণিত হৈ আহিছে।ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ লগত প্ৰধানমন্ত্ৰীয়ে পাহাৰপুৰ গাঁৱৰ সান্থালী জাহেৰা আৰু হো জাহেৰালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে
June 20th, 08:51 pm
ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ লগত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পাহাৰপুৰ গাঁৱৰ সান্থালী জাহেৰা আৰু হো জাহেৰালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।ভাৰতৰ সাংস্কৃতিক ঐতিহ্যৰ সংৰক্ষণ আৰু প্ৰচাৰৰ প্ৰচেষ্টাৰ ওপৰত আলোকপাত প্ৰধানমন্ত্ৰীৰ
June 18th, 02:33 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ সাংস্কৃতিক ঐতিহ্যৰ সংৰক্ষণ আৰু প্ৰচাৰৰ প্ৰচেষ্টাৰ ওপৰত আলোকপাত কৰি কয় যে ভাৰতৰ সাংস্কৃতিক ঐতিহ্য সংৰক্ষণ, উদযাপন আৰু নতুন উদ্যমেৰে আগবঢ়াই নিয়া হৈছে।ৰাষ্ট্ৰপতি জীৰ আন্তৰিক শুভেচ্ছা আৰু মৰমৰ বাবে প্ৰধানমন্ত্ৰীৰ কৃতজ্ঞতা প্ৰকাশ
June 10th, 07:18 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাষ্ট্ৰপতি জীৰ আন্তৰিক শুভেচ্ছা আৰু মৰমৰ বাবে তেওঁৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে বছৰ বছৰ ধৰি যি লাভ কৰা হৈছে সেয়া ভাৰতৰ জনসাধাৰণৰ সামূহিক প্ৰচেষ্টা আৰু আকাংক্ষাৰ ফলাফল।The trust of 140 crore Indians is our greatest strength and responsibility: PM Modi at the NDA Leaders’ Conclave
June 10th, 06:33 pm
PM Modi addressed the NDA Leaders' Conclave in New Delhi, highlighting the government's commitment to fulfilling the aspirations of 140 crore Indians and accelerating India's journey towards a Viksit Bharat. Speaking at the NDA Conclave at Bharat Mandapam after becoming the longest continuously serving elected Prime Minister of India, he said, To have the opportunity to serve Maa Bharti for such a long time is possible only through God's blessings. For me, 'Janta Janardan' is God.PM Modi addresses NDA Leaders' Conclave, reaffirms commitment to Viksit Bharat
June 10th, 06:30 pm
PM Modi addressed the NDA Leaders' Conclave in New Delhi, highlighting the government's commitment to fulfilling the aspirations of 140 crore Indians and accelerating India's journey towards a Viksit Bharat. Speaking at the NDA Conclave at Bharat Mandapam after becoming the longest continuously serving elected Prime Minister of India, he said, To have the opportunity to serve Maa Bharti for such a long time is possible only through God's blessings. For me, 'Janta Janardan' is God.আমাৰ মাতৃভূমিৰ পৱিত্ৰ ঐতিহ্যৰ ওপৰত আলোকপাত কৰি তথা সাৰ্বজনীন সমৃদ্ধিৰ বাবে প্ৰাৰ্থনাৰে এটা সংস্কৃত হিতোপদেশ শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ
May 21st, 09:04 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এটা সংস্কৃত হিতোপদেশ শ্বেয়াৰ কৰি উল্লেখ কৰে যে আমাৰ মাতৃভূমি হৈছে আধ্যাত্মিক অনুশীলন আৰু উপাসনাৰ লগতে সাহস, শক্তি আৰু সাৰ্বজনীন কল্যাণৰ পৱিত্ৰ ভূমি। শ্ৰী মোদীয়ে এই বুলি আশা প্ৰকাশ যে মহান ঐতিহ্য আৰু প্ৰাচীন সংস্কৃতিৰ এই পবিত্ৰ ভূমিয়ে সকলোকে সদায় সুখ আৰু সমৃদ্ধিৰে ভৰাই ৰাখক।গুৰুৰ প্ৰতি সমৰ্পিত সেৱাৰ জৰিয়তেহে জ্ঞান লাভ কৰিব পাৰি বুলি উল্লেখ থকা হিতোপদেশ শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ
May 12th, 02:21 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এটা সংস্কৃত হিতোপদেশ শ্বেয়াৰ কৰি উল্লেখ কৰে যে জ্ঞান কেৱল গুৰুৰ প্ৰতি সমৰ্পিত সেৱাৰ জৰিয়তেহে লাভ কৰিব পাৰি।সোমনাথ মন্দিৰ দৰ্শন কৰিলে প্ৰধানমন্ত্ৰীয়ে
May 11th, 12:28 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সোমনাথ মন্দিৰ দৰ্শন কৰি পুনৰ নিৰ্মাণ কৰা মন্দিৰটোৱে ভক্তৰ বাবে দুৱাৰ মুকলি কৰাৰ ৭৫ বছৰ সম্পূৰ্ণ কৰাৰ শুভক্ষণত নিজকে ধন্য অনুভৱ কৰা বুলি প্ৰকাশ কৰে। পুনৰ নিৰ্মিত মন্দিৰ উদ্বোধনৰ ৭৫ বছৰীয়া জয়ন্তীত সোমনাথৰ পবিত্ৰ মন্দিৰত উপস্থিত হোৱাৰ পিছতে প্ৰধানমন্ত্ৰীয়ে লাভ কৰা ঐশ্বৰিক অভিজ্ঞতাৰ কথা উল্লেখ কৰে। শ্ৰী মোদীয়ে কয় যে মন্দিৰৰ পথত ভগৱান সোমনাথৰ ভক্তসকলৰ অপৰিসীম উদ্যম আৰু উৎসাহ দেখি তেওঁ আপ্লুত আৰু আৱেগিক হৈ পৰিছে। তেওঁ উল্লেখ কৰে যে ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি ড০ ৰাজেন্দ্ৰ প্ৰসাদ জীয়ে পুনৰ নিৰ্মিত মন্দিৰ উদ্বোধনৰ সময়ত নিশ্চয় যি অনুভৱ কৰিছিল, সেই মুহূৰ্তটোৱেই তেওঁ আজি পুনৰ সজীৱ হৈ পৰিছে। তেওঁ লগতে কয় যে সোমনাথ অম্ৰুত মহোৎসৱৰ ভক্তিমূলক পৰিৱেশে চৌদিশে এক শক্তিৰ সঞ্চাৰ কৰিছে।গুজৰাটৰ প্ৰভাস পাটনত সোমনাথ অমৃত মহোৎসৱত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
May 11th, 10:20 am
আজি প্ৰভাস পাটনৰ পবিত্ৰ অঞ্চলটো এক আচৰিত উজ্জ্বলতাৰে ভৰি পৰিছে। মহাদেৱৰ এই দৰ্শন, এই সৌন্দৰ্য্য, পৃথিৱী আৰু আকাশৰ পৰা পুষ্পবৃষ্টি, গেৰুৱা পতাকাৰ আভা, শিল্প, সংগীত, নৃত্যৰ আচৰিত প্ৰদৰ্শন, বৈদিক মন্ত্ৰৰ জপ, অভয়াৰণ্যত শিৱ পঞ্চক্ষৰীৰ অবিৰত আবৃত্তি আৰু গুঞ্জৰিত সাগৰীয় ঢৌ, যেন সমগ্ৰ বিশ্বব্ৰহ্মাণ্ডই সমস্বৰে কৈছে: জয় সোমনাথ! জয়-জয় সোমনাথ!গুজৰাটৰ পুনৰুজ্জীৱিত সোমনাথ মন্দিৰ উদ্বোধনৰ ৭৫সংখ্যক বৰ্ষপূৰ্তি উপলক্ষে সোমনাথ অমৃত মহোৎসৱত অংশগ্ৰহণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
May 11th, 10:15 am
প্ৰাচীন শাস্ত্ৰৰ প্ৰজ্ঞাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে কেনেকৈ সৃষ্টি ঈশ্বৰৰ পৰাই জন্ম হয় আৰু তাৰ পিছত তাতেই একত্ৰিত হয়। শ্ৰী মোদীয়ে তেওঁৰ ব্যক্তিগত ভক্তি প্ৰদৰ্শন কৰি কয় যে তেওঁ দাদা সোমনাথৰ ভক্ত হিচাপে অগণন বাৰ এই মন্দিৰ ভ্ৰমণ কৰিছে। শ্ৰী মোদীয়ে কয়, মই তেওঁক বহুবাৰ শ্ৰদ্ধাঞ্জলি জনাইছো। কিন্তু আজি যেতিয়াই ইয়ালৈ আহো, তেতিয়াই সময়ৰ যাত্ৰাই মোক এক আনন্দৰ অভিজ্ঞতা দি আহিছে।১০-১১ মে’ত গুজৰাট ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে
May 09th, 11:19 am
২০২৬ চনৰ ১০-১১ মে’ত গুজৰাট ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।১০ মে’ৰ নিশা গুজৰাটৰ জামনগৰত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী মোদী । ১১ মে’ৰ পুৱা প্ৰায় ১০:১৫ বজাত সোমনাথ মন্দিৰত অনুষ্ঠিত হ’বলগীয়া সোমনাথ অমৰুত মহোৎসৱত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীয়ে। ইয়াৰ পিছত প্ৰধানমন্ত্ৰীয়ে বদোদৰালৈ যাত্ৰা কৰিব, য’ত তেওঁ সন্ধিয়া প্ৰায় ৬ বজাত চৰ্দাৰধাম হোষ্টেল উদ্বোধন কৰিব। লগতে দুয়োটা অনুষ্ঠানতে জনসভাক সম্বোধন কৰিব।ভিয়েটনামৰ ৰাষ্ট্ৰপতি টো লামৰ সৈতে যুটীয়া সংবাদমেলত প্ৰধানমন্ত্ৰীৰ ভাষণৰ মূল পাঠ
May 06th, 01:00 pm
কেৱল এয়াই নহয়, তেওঁ বুদ্ধগয়াৰ পৰাই তেওঁৰ ভাৰত ভ্ৰমণ আৰম্ভ কৰিছে। ই আমাৰ দুয়োখন দেশৰ অভিন্ন সভ্যতা আৰু আধ্যাত্মিক পৰম্পৰাক প্ৰতিফলিত কৰে। এই ভ্ৰমণ আৰু আমাৰ ফলপ্ৰসূ আলোচনাৰ জৰিয়তে আমি আমাৰ পাৰস্পৰিক সদিচ্ছাক দৃঢ় ফলাফলত পৰিণত কৰিছো।গেংটকত ছিকিমৰ ৫০ সংখ্যক ৰাজ্যিক প্ৰতিষ্ঠা দিৱস উদযাপনৰ সামৰণি অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ মূল পাঠ
April 28th, 10:25 am
ছিকিমৰ ৰাজ্যপাল শ্ৰী ওম মাথুৰ জী, ইয়াৰ জনপ্ৰিয়, উদ্যমী যুৱক-যুৱতী আৰু মোৰ বন্ধু শ্ৰী প্ৰেম সিং তামাং জী, সংসদত মোৰ বন্ধু শ্ৰী দৰ্জী শ্বেৰিং লেপচা জী, ড০ ইন্দ্ৰ হং সুব্বা জী, শ্ৰী দিলী ৰাম থাপা জী আৰু ছিকিমৰ মোৰ মৰমৰ ভাই-ভনীসকল।ছিকিমৰ গেংটকত ছিকিমৰ ৫০ সংখ্যক ৰাজ্যিক প্ৰতিষ্ঠা দিৱস উদযাপনৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
April 28th, 10:15 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ছিকিমৰ গেংটকত ছিকিমৰ ৫০ সংখ্যক ৰাজ্যিক প্ৰতিষ্ঠা দিৱসৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ লগতে সহস্ৰাধিক কোটি টকাৰ ৩০ টাৰো অধিক উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ তথা উদ্বোধন কৰে।শ্ৰী কেদাৰনাথ ধামৰ উদ্বোধন তথা চাৰিধাম যাত্ৰাৰ শুভাৰম্ভ প্ৰধানমন্ত্ৰীৰ
April 22nd, 11:28 am
এই বছৰৰ চাৰিধাম যাত্ৰাৰ আৰম্ভণি উপলক্ষে দেৱভূমি উত্তৰাখণ্ডত শ্ৰী কেদাৰনাথ ধামৰ দুৱাৰ মুকলিৰ পবিত্ৰ অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে আজি গভীৰ শ্ৰদ্ধা প্ৰকাশ কৰে। এই উপলক্ষে, প্ৰধানমন্ত্ৰীয়ে এই যাত্ৰাৰ বাবে উত্তৰাখণ্ড ভ্ৰমণ কৰা সকলো ভক্তক সম্বোধন কৰি এখন পত্ৰৰ জৰিয়তে তেওঁৰ আন্তৰিক অনুভূতি বিনিময় কৰাৰ লগতে তেওঁলোকৰ কল্যাণৰ বাবে শুভেচ্ছা আৰু প্ৰাৰ্থনা জনায়।প্ৰধানমন্ত্ৰীৰ কৰ্ণাটক ভ্ৰমণ, শ্ৰী গুৰু ভৈৰৱৈক্য মন্দিৰ উদ্বোধন আৰু দৰ্শনাৰ্থীৰ সৈতে মত বিনিময়
April 15th, 05:46 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তেওঁৰ কৰ্ণাটক ভ্ৰমণৰ কিছু দৃশ্য শ্বেয়াৰ কৰে।কৰ্ণাটকৰ মাণ্ডিয়াত শ্ৰীগুৰু ভৈৰৱৈক্য মন্দিৰ উদ্বোধন কৰি দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
April 15th, 11:10 am
পৰম পূজ্য জগদগুৰু শ্ৰী শ্ৰী শ্ৰী ডঃ নিৰ্মলানন্দনাথ মহাস্বামীজী, প্ৰাক্তন প্ৰধানমন্ত্ৰী মাননীয় এইচ. ডি. দেৱগৌড়া জী, ৰাজ্যখনৰ ৰাজ্যপাল শ্ৰী থাওৱাৰ চান্দ গেহলট জী, পৰম পূজ্য জগদগুৰু স্বামী পৰমাতমানন্দ সৰস্বতী জী, কেন্দ্ৰৰ মোৰ সহযোগী এইচ. ডি. কুমাৰস্বামী জী, শোভা কৰান্দলাজে জী, কৰ্ণাটকৰ বিৰোধী দলৰ নেতা আৰ. অশোক জী, ৰাজ্যিক মন্ত্ৰী এন. চেলুৱাৰায়স্বামী জী, সকলো সন্মানীয় সাধক, অন্যান্য বিশিষ্ট ব্যক্তিসকল আৰু ইয়াত বৃহৎ সংখ্যাত সমবেত হোৱা সকলো ভাই-ভনীসকল।