নৰ'ৱেৰ প্ৰধানমন্ত্ৰীৰ সৈতে যৌথ প্ৰেছ বিবৃতি প্ৰদানৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতি

May 18th, 04:44 pm

যোৱা বছৰ মই নৰ'ৱে ভ্ৰমণ কৰাৰ কথা আছিল যদিও পহলগামত সংঘটিত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ বাবে সেই ভ্ৰমণ পিছুৱাই দিবলগীয়া হৈছিল। সেই কঠিন সময়ছোৱাত নৰ'ৱেই সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজত ভাৰতৰ কাষত দৃঢ়তাৰে থিয় দি বন্ধুত্বৰ প্ৰকৃত মনোভাৱ প্ৰদৰ্শন কৰিছিল। আজি নৰ'ৱে ভ্ৰমণ কৰাৰ সময়ত সেই সংহতিৰ বাবে মই আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰিছো।

স্পীড স্কেটিং ৱৰ্ল্ড চেম্পিয়নশ্বিপ ২০২৫ত স্বৰ্ণ পদক লাভ আৰু স্কেটিঙত ভাৰতৰ প্ৰথম বিশ্ব চেম্পিয়ন হোৱাৰ বাবে প্ৰধানমন্ত্ৰীয়ে আনন্দকুমাৰ ভেলকুমাৰক অভিনন্দন জনাইছে

September 16th, 08:47 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে স্পীড স্কেটিং ৱৰ্ল্ড চেম্পিয়নশ্বিপ-২০২৫ত পুৰুষৰ ছিনিয়ৰ শাখাত ১০০০ মিটাৰ স্প্ৰিণ্টত সোণৰ পদক লাভ কৰাৰ বাবে আনন্দকুমাৰ ভেলকুমাৰক অভিনন্দন জনাইছে। শ্ৰী মোদীয়ে কয়, তেওঁৰ ধৈৰ্য, গতি আৰু উৎসাহে তেওঁক স্কেটিঙত ভাৰতৰ প্ৰথমগৰাকী বিশ্ব চেম্পিয়ন কৰি তুলিছে। তেওঁৰ এই কৃতিত্বই অগণন যুৱক-যুৱতীক অনুপ্ৰাণিত কৰিব।