স্কাইৰুট এৰ’স্পেচলৈ প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা জ্ঞাপন
July 18th, 09:54 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰতৰ প্ৰথমটো ব্যক্তিগতভাৱে বিকশিত উৎক্ষেপণ বাহন বিক্ৰম-1-ৰ প্ৰথম কক্ষপথ উৎক্ষেপণৰ পূৰ্বে স্কাইৰুট এৰ’স্পেচক শুভেচ্ছা জ্ঞাপন কৰি ইয়াক দেশৰ মহাকাশ যাত্ৰাৰ এক ঐতিহাসিক মাইলৰ খুঁটি বুলি অভিহিত কৰে। শ্ৰী মোদীয়ে কয় যে বিক্ৰম-1 ৰ উৎক্ষেপণে ভাৰতৰ মহাকাশ উচ্চাকাংক্ষাৰ বাবে এক নতুন সীমা মুকলি কৰিছে আৰু উদ্ভাৱন, প্ৰযুক্তি তথা উদ্যোগশীলতাৰ ক্ষেত্ৰত দেশৰ বৰ্ধিত ক্ষমতাক প্ৰতিফলিত কৰিছে।ইণ্ডোনেছিয়াৰ সংসদত প্ৰধানমন্ত্ৰীৰ ভাষণৰ ইংৰাজী অনুবাদ
July 07th, 03:15 pm
আজি আপোনালোকৰ মাজত উপস্থিত থকাটো মোৰ বাবে এক ডাঙৰ সন্মান আৰু সৌভাগ্য। ১.৪ বিলিয়ন ভাৰতীয়ৰ প্ৰতিনিধি হিচাপে আৰু গণতন্ত্ৰৰ মাতৃৰ এগৰাকী গৌৰৱান্বিত নাগৰিক হিচাপে মই আপোনালোকক ভাৰতৰ সকলো জনসাধাৰণৰ হৈ উষ্ম শুভেচ্ছা জনাইছো।ইণ্ডোনেছিয়াৰ সংসদত প্ৰধানমন্ত্ৰীৰ ভাষণ প্ৰদান
July 07th, 03:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জাৰ্কাৰ্টাত ইণ্ডোনেছিয়াৰ সংসদত ভাষণ দিয়ে। তেওঁ হৈছে ইণ্ডোনেছিয়াৰ সংসদত ভাষণ দিয়া প্ৰথমগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰী।ছেচেলছলৈ প্ৰধানমন্ত্ৰীৰ ৰাজ্যিক ভ্ৰমণ
June 28th, 08:30 pm
২০২৬ চনৰ ২৭-২৯ জুনলৈ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ছেচেলছ ভ্ৰমণৰ অংশ হিচাপে প্ৰধানমন্ত্ৰী তথা ছেচেলছৰ ৰাষ্ট্ৰপতি মহামান্য ডাঃ পেট্ৰিক হাৰ্মিনীয়ে আজি মাহেৰ ভিক্টোৰিয়াৰ ষ্টেট হাউছত আনুষ্ঠানিক আলোচনাত মিলিত হয়।ফলাফলৰ সবিশেষঃ প্ৰধানমন্ত্ৰীৰ চৰকাৰী ছেচিলছ ভ্ৰমণ
June 28th, 08:17 pm
ছেচিলছ চৰকাৰক এখন দ্ৰুত টহলদাৰী জাহাজ উপহাৰশ্লভাকিয়াৰ প্ৰধানমন্ত্ৰীৰ সৈতে যুটীয়া সংবাদমেলত প্ৰধানমন্ত্ৰীৰ বক্তব্য
June 15th, 03:00 pm
আজি প্ৰধানমন্ত্ৰী আৰু মই আমাৰ পাৰস্পৰিক সহযোগিতাক এক নতুন দিশ আৰু নতুন শক্তি প্ৰদান কৰাৰ সন্দৰ্ভত বিতংভাৱে আলোচনা কৰিলোঁ। আমাৰ দ্বিপাক্ষিক বাণিজ্য আৰু অৰ্থনৈতিক সহযোগিতাৰ ক্ষেত্ৰত হোৱা প্ৰগতিত আমি সন্তোষ প্ৰকাশ কৰিছোঁ।ফ্ৰান্সত অনুষ্ঠিত ‘ভাৰত ইনোভেটছ্ ২০২৬’ অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
June 14th, 04:36 pm
এই সম্পৰ্কৰ ভেটিৰ ওপৰত ভিত্তি কৰিয়েই বিগত বৰ্ষবোৰত আমি যৌথভাৱে নতুন পদক্ষেপ গ্ৰহণ কৰিছোঁ, নতুন চিন্তাধাৰাক পথ প্ৰদৰ্শন কৰিছোঁ আৰু গোলকীয় প্ৰত্যাহ্বানসমূহৰ সমাধান বিচাৰি উলিয়াবলৈ সম্ভৱপৰ সকলো প্ৰচেষ্টা চলাইছোঁ।ভাৰত ইনোভেটছ ২০২৬ত অংশগ্ৰহণ প্ৰধানমন্ত্ৰীৰ
June 14th, 03:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু ফ্ৰান্সৰ ৰাষ্ট্ৰপতি মহামহিম ইমানুৱেল মেক্ৰনে আজি নাইচৰ পেলা ডে এক্সপ'জিচনছত যুটীয়াভাৱে ভাৰত ইনোভেটছ ২০২৬ উদ্বোধন কৰে। তিনিদিনীয়া এই অনুষ্ঠান 'ভাৰত ইনোভেটছ'-এ ভাৰতীয় ডিপ-টেক, ষ্টাৰ্ট-আপ, উদ্ভাৱক, গৱেষক আৰু বিনিয়োগকাৰীসকলক গোলকীয় উদ্ভাৱন পুঁজি আৰু প্ৰভাৱৰ সৈতে একত্ৰিত কৰিছে। ই বিশ্ব দৰবাৰত ভাৰতৰ আগশাৰীৰ গভীৰ প্ৰযুক্তি প্ৰদৰ্শন কৰে, য'ত গোলকীয় গুৰুত্বৰ ১৩টা গুৰুত্বপূৰ্ণ প্ৰযুক্তি স্তম্ভৰ বিপৰীতে ১২০টা যুগান্তকাৰী ষ্টাৰ্ট-আপ আৰু ২০টাতকৈও অধিক উৎকৰ্ষ প্ৰতিষ্ঠান উপস্থাপন কৰা হৈছে। সমগ্ৰ বিশ্বৰ ৩৫০জনতকৈও অধিক শীৰ্ষ বিনিয়োগকাৰী আৰু ভেঞ্চাৰ কেপিটেলিষ্টেও এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছে।ইউ এ ই, নেদাৰলেণ্ড, ছুইডেন, নৰৱে, আৰু ইটালীলৈ প্ৰধানমন্ত্ৰীৰ ভ্ৰমণ (১৫ - ২০ মে', ২০২৬)
May 11th, 09:00 pm
২০২৬ চনৰ ১৫ মে’ৰ পৰা ২০ মে’লৈ ইউ এ ই, নেদাৰলেণ্ড, ছুইডেন, নৰৱে আৰু ইটালী ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। এই ভ্ৰমণৰ সময়ত তেওঁ ইউ এ ইৰ ৰাষ্ট্ৰপতি শ্বেইখ মহম্মদ বিন জায়েদ আল নাহিয়ানক সাক্ষাৎ কৰি বিভিন্ন বিষয়ত মত বিনিময় কৰিব। নেদাৰলেণ্ডত প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰজা উইলেম-আলেকজেণ্ডাৰক সাক্ষাৎ কৰাৰ লগতে প্ৰধানমন্ত্ৰী ৰব জেটেনৰ সৈতে আলোচনাত মিলিত হ’ব। ছুইডেনত তেওঁ প্ৰধানমন্ত্ৰী ক্ৰীষ্টাৰছনৰ সৈতে আলোচনাত মিলিত হ’ব। নৰৱেত তেওঁ ৰজা পঞ্চম হাৰাল্ডক সাক্ষাৎ কৰাৰ লগতে প্ৰধানমন্ত্ৰী জ’নাছ গাহৰ ষ্ট’ৰৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ’ব। ইয়াৰ পিছত তেওঁ ইটালী ভ্ৰমণ কৰি প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলনীৰ সৈতে আলোচনাত মিলিত হ’ব।Gen Z & Gen Alpha will lead India to the goal of a Viksit Bharat: PM Modi
December 26th, 01:30 pm
While addressing the national programme marking ‘Veer Baal Diwas’ in New Delhi, PM Modi stated that the Sahibzades broke the boundaries of age and stage and stood like a rock against the cruel Mughal empire. The PM highlighted that the courage and ideals of Mata Gujri, Shri Guru Gobind Singh Ji, and the four Sahibzades continue to give strength to every Indian. He added that India will demonstrate complete liberation from the colonial mindset by 2035.নতুন দিল্লীত বীৰ বাল দিৱসৰ কাৰ্যসূচীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণ
December 26th, 01:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত ‘বীৰ বাল দিৱস’ উপলক্ষে আয়োজিত ৰাষ্ট্ৰীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰে। এই উপলক্ষে ভাষণ দি প্ৰধানমন্ত্ৰীয়ে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা অতিথিসকলক আদৰণি জনাই উপস্থিত শিশুসকলক সম্বোধন কৰি মন্তব্য কৰে যে আজি দেশত বীৰ বাল দিৱস উদযাপন কৰা হৈছে। তেওঁ বন্দে মাতৰমৰ সুন্দৰ উপস্থাপনৰ ওপৰত আলোকপাত কৰি অভিনয় কৰা সকলৰ নিষ্ঠা আৰু প্ৰচেষ্টা স্পষ্টভাৱে দেখা পোৱা বুলি উল্লেখ কৰে।ওমানত থকা ভাৰতীয় ছাত্ৰ-ছাত্ৰী আৰু ভাৰতীয় সমাজক উদ্দেশ্যি প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ পূৰ্ণপাঠ
December 18th, 12:32 pm
আপোনালোকৰ উৎসাহ আৰু শক্তিয়ে ইয়াৰ সমগ্ৰ পৰিৱেশটো উজ্জীৱিত কৰি তুলিছে। সেই সকলো ভাই-ভনীকো মই শুভেচ্ছা জনাইছো যিসকলে ঠাইৰ অভাৱৰ বাবে এই প্ৰেক্ষাগৃহত উপস্থিত থাকিব পৰা নাই , কিন্তু ওচৰৰ হলঘৰৰ পৰ্দাত লাইভ অনুষ্ঠান চাই আছে। এতিয়া আপোনালোকে কল্পনা কৰিব পাৰে যে ইমান দূৰলৈ আহি সোমাব নোৱাৰাৰ পিছতো তেওঁলোকৰ হৃদয়ত কেনে ভাবে ক্ৰিয়া কৰি আছে।ওমানত থকা ভাৰতীয় সম্প্ৰদায়ক সম্বোধন প্ৰধানমন্ত্ৰীৰ
December 18th, 12:31 pm
সমাৱেশত সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে ভাৰতীয় পৰিয়াল আৰু তেওঁলোকৰ বন্ধুবৰ্গক শুভেচ্ছা জ্ঞাপন কৰে। অতি উষ্ম আৰু ৰঙীন আদৰণিৰ বাবে তেওঁ তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ কয় যে তেওঁ ওমানত বাস কৰা ভাৰতৰ বিভিন্ন প্ৰান্তৰ লোকসকলক সাক্ষাৎ কৰি আনন্দিত হৈছে আৰু উল্লেখ কৰে যে বৈচিত্ৰ্য হৈছে ভাৰতীয় সংস্কৃতিৰ ভেটি-এনে এক মূল্যবোধে যিকোনো সমাজত মিলি যোৱাত সহায় কৰে। ওমানত ভাৰতীয় সম্প্ৰদায়ক কিমান গুৰুত্ব দিয়া হয় সেই বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে সহনশীলতা আৰু সহযোগিতা হৈছে প্ৰবাসী ভাৰতীয়সকলৰ এক বৈশিষ্ট্য।জোহান্সবাৰ্গত জি-২০ সন্মিলনৰ সময়তে কানাডাৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰিলে প্ৰধানমন্ত্ৰীয়ে
November 23rd, 09:41 pm
মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আজি কানাডাৰ প্ৰধানমন্ত্ৰী মহামহিম মাৰ্ক কাৰ্নি ডাঙৰীয়াকজি-২০ শীৰ্ষ সন্মিলনৰ সময়ত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ: অধিৱেশন ৩
November 23rd, 04:05 pm
প্ৰযুক্তিৰ উন্নতি অব্যাহত থকাৰ লগে লগে সুযোগ আৰু সম্পদ উভয়ে ক্ৰমান্বয়ে কিছুসংখ্যকৰ হাতত কেন্দ্ৰীভূত হৈ পৰিছে। সমগ্ৰ বিশ্বতে জটিল প্ৰযুক্তিৰ ওপৰত প্ৰতিযোগিতা তীব্ৰতৰ হৈ পৰিছে। এয়া মানৱতাৰ বাবে চিন্তাৰ বিষয়, আৰু ই উদ্ভাৱনৰ ক্ষেত্ৰতো বাধাৰ সৃষ্টি কৰে। ইয়াৰ সমাধানৰ বাবে আমি আমাৰ দৃষ্টিভংগীত এক মৌলিক পৰিৱৰ্তন আনিব লাগিব।“সকলোৰে বাবে এক স্বচ্ছ আৰু ন্যায্য ভৱিষ্যত” শীৰ্ষক বিষয়ত জি-২০ অধিৱেশনত ভাষণ প্ৰদান কৰিলে প্ৰধানমন্ত্ৰীয়ে
November 23rd, 04:02 pm
প্ৰধানমন্ত্ৰীয়ে আজি জি-২০ শীৰ্ষ সন্মিলনৰ তৃতীয় অধিৱেশনত সকলোৰে বাবে এক স্বচ্ছ আৰু ন্যায়সংগত ভৱিষ্যত - জটিল খনিজ; মান্য কাম; কৃত্ৰিম বুদ্ধিমত্তা শীৰ্ষক বিষয়ত ভাষণ প্ৰদান কৰে। প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ভাষণত জটিল প্ৰযুক্তিৰ প্ৰচাৰৰ ধৰণত মৌলিক পৰিৱৰ্তন আনিবলৈ আহ্বান জনায়। তেওঁ উল্লেখ কৰে যে প্ৰযুক্তিৰ প্ৰয়োগ ‘বিত্তকেন্দ্ৰিক’তকৈ ‘মানৱকেন্দ্ৰিক’, ‘ৰাষ্ট্ৰীয়’তকৈ ‘গোলকীয়’ হ’ব লাগিব আৰু ‘একচেটিয়া’ আৰ্হিৰ পৰিৱৰ্তে ‘মুক্ত উৎস’ৰ ওপৰত ভিত্তি কৰি হ’ব লাগিব। তেওঁ কয় যে এই দৃষ্টিভংগী ভাৰতৰ প্ৰযুক্তিগত পৰিৱেশ তন্ত্ৰৰ সৈতে সংযুক্ত কৰা হৈছে আৰু ইয়াৰ ফলত উল্লেখযোগ্য ফলাফল দেখিবলৈ পোৱা গৈছে, সেয়া মহাকাশৰ ক্ষেত্ৰত কৰা প্ৰয়োগেই হওক, এআইয়েই হওক বা ডিজিটেল পেমেণ্টৰ বিষয়তেই হওক।প্ৰধানমন্ত্ৰীয়ে ৩ নৱেম্বৰত উদীয়মান বিজ্ঞান আৰু প্ৰযুক্তি উদ্ভাৱন সন্মিলন, ২০২৫ উদ্বোধন কৰিব
November 02nd, 09:29 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ৩ নৱেম্বৰৰ পুৱা প্ৰায় ৯:৩০ বজাত নতুন দিল্লীৰ ভাৰত মণ্ডপমত উদীয়মান বিজ্ঞান আৰু প্ৰযুক্তি উদ্ভাৱন সন্মিলন (ESTIC), ২০২৫ উদ্বোধন কৰিব। প্ৰধানমন্ত্ৰীয়ে ইয়াত সমবেতসকলক সম্বোধনো কৰিব।ভাৰত-ব্ৰিটেইন চিইঅ’ ফৰামত প্ৰধানমন্ত্ৰীৰ ভাষণ
October 09th, 04:41 pm
বছৰ বছৰ ধৰি আপোনালোক সকলো ব্যৱসায়িক নেতাৰ অবিৰত প্ৰচেষ্টাৰ জৰিয়তে এই মঞ্চ ভাৰত-ব্ৰিটেইনৰ কৌশলগত অংশীদাৰিত্বৰ এক গুৰুত্বপূৰ্ণ স্তম্ভ হিচাপে আত্মপ্ৰকাশ কৰিছে। আপোনাৰ মতামত শুনি মোৰ আত্মবিশ্বাস আৰু অধিক শক্তিশালী হৈছে যে আমি স্বাভাৱিক অংশীদাৰ হিচাপে আৰু অধিক দ্ৰুতগতিত বিকাশ লাভ কৰিম। আৰু ইয়াৰ বাবে আপোনালোক সকলোকে অভিনন্দন জনাইছো।শুভাংশু শুক্লাৰ সৈতে প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপৰ ইংৰাজীৰ পৰা অনুবাদ
August 19th, 09:43 am
তাতোকৈ ভাল, মহাশয়। কিন্তু এবাৰ আমি তাত গৈ পোৱাৰ পিছত কেইবাটাও পৰিবৰ্তন ঘটে। উদাহৰণস্বৰূপে, হৃদস্পন্দন কমি যায়। এই পৰিবৰ্তনবোৰ ঘটে, কিন্তু চাৰিৰ পৰা পাঁচ দিনৰ ভিতৰত শৰীৰটোৱে ইয়াৰ সৈতে অভ্যস্ত হৈ পৰে আৰু আপুনি তাত স্বাভাৱিক হৈ পৰে। আৰু যেতিয়া আপুনি ঘূৰি আহে, তেতিয়া আকৌ একে পৰিবৰ্তনবোৰ ঘটে। আপুনি যিমানেই সুস্থ নহওক কিয়, ঘূৰি অহাৰ লগে লগে আপুনি তৎক্ষণাৎ খোজ কাঢ়িব নোৱাৰে। ব্যক্তিগতভাৱে মই অসুস্থ অনুভৱ কৰা নাছিলো, মই ভালে আছিলো, তথাপিও যেতিয়া মই মোৰ প্ৰথম খোজটো দিছিলো, মোৰ পৰি যোৱাৰ উপক্ৰম হৈছিল আৰু মানুহে মোক ধৰি ৰাখিব লগা হৈছিল। তাৰ পিছত দ্বিতীয় আৰু তৃতীয় খোজ। যদিও মনটোৱে জানে যে খোজকাঢ়িব লাগিব, মগজুৱে বুজিবলৈ সময় লয় এইটো এটা নতুন পৰিবেশ বুলি।মহাকাশচাৰী শুভাংশু শুক্লাৰ সৈতে মত বিনিময় প্ৰধানমন্ত্ৰীৰ
August 19th, 09:42 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কালি নতুন দিল্লীত মহাকাশচাৰী শুভাংশু শুক্লাৰ সৈতে মত বিনিময় কৰে। মহাকাশ ভ্ৰমণৰ পৰিবৰ্তনশীল অভিজ্ঞতাৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে এনে এক গুৰুত্বপূৰ্ণ যাত্ৰা কৰাৰ পিছত মানুহে নিশ্চয় এক পৰিবৰ্তন অনুভৱ কৰে আৰু তেওঁ মহাকাশচাৰীসকলে এই পৰিবৰ্তন কেনেদৰে অনুভৱ কৰে সেই বিষয়ে বুজিবলৈ চেষ্টা কৰে। প্ৰধানমন্ত্ৰীৰ উত্তৰত শুভাংশু শুক্লাই কয় যে মাধ্যাকৰ্ষণৰ অনুপস্থিতি এটা অন্যতম কাৰক হোৱাৰ পৰিপ্ৰেক্ষিতত মহাকাশৰ পৰিবেশ যথেষ্ট পৃথক।