কইম্বাটুৰত আয়োজিত দক্ষিণ ভাৰত প্ৰাকৃতিক কৃষি সন্মিলন, ২০২৫-ত কৃষকসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপৰ পূৰ্ণপাঠ

November 20th, 12:30 pm

এই সকলোবোৰ কলৰ মূল্য সংযোজিত সামগ্ৰী আৰু এয়া আৱৰ্জনা। মহাশয়, এয়া কলৰ আৱৰ্জনাৰ পৰা তৈয়াৰ কৰা হৈছে আৰু এয়া কলৰ মূল্য সংযোজনৰ পৰা।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তামিলনাডুৰ কইম্বাটুৰত আয়োজিত দক্ষিণ ভাৰত প্ৰাকৃতিক কৃষি সন্মিলন, ২০২৫-ত কৃষকসকলৰ সৈতে মত-বিনিময় কৰে

November 20th, 12:16 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কালি তামিলনাডুৰ কইম্বাটুৰত দক্ষিণ ভাৰত প্ৰাকৃতিক কৃষি সন্মিলন, ২০২৫-ত কৃষকসকলৰ সৈতে বাৰ্তালাপ কৰে। প্ৰাকৃতিক কৃষিকাৰ্য্যৰ সৈতে জড়িত কৃষকসকলক শুভেচ্ছা জনাই শ্ৰী মোদীয়ে কলৰ উৎপাদন পৰ্য্যবেক্ষণ কৰে আৰু কলৰ আৱৰ্জনাৰ ব্যৱহাৰৰ বিষয়ে জানিব খোজে। কৃষক এজনে তেওঁক কয় যে প্ৰদৰ্শিত সকলো সামগ্ৰী হৈছে কলৰ আৱৰ্জনাৰ পৰা তৈয়াৰ কৰা মূল্য-সংযোজিত সামগ্ৰী। প্ৰধানমন্ত্ৰীয়ে সোধে যে তেওঁলোকৰ সামগ্ৰীসমূহ সমগ্ৰ ভাৰতত অনলাইনযোগে বিক্ৰী কৰা হৈছে নেকি, ইয়াৰ উত্তৰত কৃষকজনে হয় বুলি কয়। কৃষকজনে লগতে কয় যে তেওঁলোকে কৃষক উৎপাদক সংগঠন (FPO)-ৰ লগতে ব্যক্তিগত অৱদানকাৰীৰ জৰিয়তে সমগ্ৰ তামিলনাডুক প্ৰতিনিধিত্ব কৰিছে। তেওঁ অৱগত কৰে যে তেওঁলোকৰ সামগ্ৰীসমূহ অনলাইনত বিক্ৰী কৰা হৈছে, ৰপ্তানি কৰা হৈছে আৰু সমগ্ৰ ভাৰতৰ স্থানীয় বজাৰ তথা ছুপাৰমাৰ্কেটতো উপলব্ধ হৈছে। শ্ৰী মোদীয়ে প্ৰতিটো এফপিঅ'ত কিমানজন লোকে একেলগে কাম কৰে বুলি সোধে আৰু ইয়াৰ উত্তৰত কৃষকজনে প্ৰায় এক হাজাৰ ব্যক্তি জড়িত আছে বুলি কয়। প্ৰধানমন্ত্ৰীয়ে ইয়াৰ শলাগ লয় আৰু লগতে কলৰ খেতি কেৱল এটা অঞ্চলতে কৰা হয় নে আন শস্যৰ সৈতে মিশ্ৰিত কৰা হয়, সেই সম্পৰ্কে জানিব খোজে। তেতিয়া কৃষকজনে কয় যে ভিন্ন অঞ্চল বিভিন্ন বিশেষ সামগ্ৰীত আগৰণুৱা আৰু তেওঁলোক জিআই সামগ্ৰীৰো অধিকাৰী।

তামিলনাডুৰ কইম্বাটুৰত আয়োজিত দক্ষিণ ভাৰত প্ৰাকৃতিক কৃষি সন্মিলন, ২০২৫-ৰ কাৰ্য্যসূচীত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ পূৰ্ণপাঠ

November 19th, 07:01 pm

মঞ্চত উপৱিষ্ট তামিলনাডুৰ ৰাজ্যপাল আৰ এন ৰবি জী, কেন্দ্ৰীয় কেবিনেটত মোৰ সতীৰ্থ এল মুৰুগান জী, তামিলনাডু কৃষি বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য্য ডঃ কে. ৰামাস্বামী জী, ভিন্ন কৃষি সংগঠনৰ সকলো গণ্যমান্য ব্যক্তি আৰু উপস্থিত থকা আন-আন জনপ্ৰতিনিধি, মোৰ মৰমৰ কৃষক ভাই-ভনীসকল তথা ডিজিটেল প্ৰযুক্তিৰ জৰিয়তে আমাৰ সৈতে সংযুক্ত হোৱা সমগ্ৰ দেশৰ লক্ষ-লক্ষ কৃষকক মই ইয়াৰ পৰা বনাক্কম কৈছোঁ, তেওঁলোকক মই নমস্কাৰ জনাইছোঁ। প্ৰথমে আপোনালোকৰ ওচৰত আৰু দেশজুৰি সমবেত হোৱা মোৰ খেতিয়ক ভাই-ভনীসকলৰ ওচৰত ক্ষমা বিচাৰিছোঁ। আজি পুট্টপৰ্থীত আয়োজিত সত্য সাই বাবাৰ অনুষ্ঠানত উপস্থিত থকাৰ বাবে ইয়ালৈ আহি পোৱাত প্ৰায় এঘন্টা পলম হ’ল। সেই অনুষ্ঠানটো অলপ দীঘলীয়া হ’ল, সেয়ে পলম হ’ল। মই আপোনালোকৰ বাবে সৃষ্টি কৰা অসুবিধাৰ বাবে আপোনালোক সকলোৰে ওচৰত ক্ষমা বিচাৰিছোঁ। দেশজুৰি বহুত লোক গোট খোৱা দেখিছোঁ।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তামিলনাডুৰ কইম্বাটুৰত দক্ষিণ ভাৰত প্ৰাকৃতিক কৃষি সন্মিলন, ২০২৫-ৰ কাৰ্য্যসূচী সম্বোধন কৰে

November 19th, 02:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তামিলনাডুৰ কইম্বাটুৰত দক্ষিণ ভাৰত প্ৰাকৃতিক কৃষি সন্মিলন, ২০২৫ উদ্বোধন কৰে। এই উপলক্ষে সমবেতসকলক সম্বোধনেৰে শ্ৰী মোদীয়ে কইম্বাটুৰৰ পবিত্ৰ ভূমিত মৰুধামলাইৰ ভগৱান মুৰুগানক প্ৰণাম জনাই ভাষণৰ আৰম্ভণি কৰে। তেওঁ কইম্বাটুৰক সংস্কৃতি, মমতা আৰু সৃষ্টিশীলতাৰ দেশ বুলি অভিহিত কৰে তথা ইয়াক দক্ষিণ ভাৰতৰ উদ্যমিতা শক্তিৰ কেন্দ্ৰ হিচাপে স্বীকৃতি জনায়। তেওঁ কয় যে ইয়াৰ বস্ত্ৰ খণ্ডই ৰাষ্ট্ৰীয় অৰ্থনীতিত এক প্ৰধান অৰিহণা যোগায়। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে কইম্বাটুৰে এতিয়া অধিক সুখ্যাতি লাভ কৰিছে, কিয়নো ইয়াৰ প্ৰাক্তন সাংসদ শ্ৰী চি.পি. ৰাধাকৃষ্ণনে এতিয়া উপ-ৰাষ্ট্ৰপতি হিচাপে দায়িত্ব পালনেৰে ৰাষ্ট্ৰক পথ প্ৰদৰ্শন কৰিছে।

প্ৰধানমন্ত্ৰীয়ে ১৯ নৱেম্বৰত অন্ধ্ৰ প্ৰদেশ আৰু তামিলনাডু ভ্ৰমণ কৰিব

November 18th, 11:38 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৯ নৱেম্বৰত অন্ধ্ৰ প্ৰদেশ আৰু তামিলনাডু ভ্ৰমণ কৰিব।