২০২৫ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ তাৰকীয় আৰম্ভণিঃ মাত্ৰ ১৫ দিনতে কল্পদৃষ্টিক বাস্তৱলৈ ৰূপান্তৰকৰণ

২০২৫ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ তাৰকীয় আৰম্ভণিঃ মাত্ৰ ১৫ দিনতে কল্পদৃষ্টিক বাস্তৱলৈ ৰূপান্তৰকৰণ

January 16th, 02:18 pm

২০২৫ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে একাধিক ৰূপান্তৰশীল পদক্ষেপ গ্ৰহণেৰে ইয়াৰ আৰম্ভণি কৰিছে। এই কাৰ্য্যই এখনি প্ৰগতিশীল, আত্মনিৰ্ভৰ আৰু ঐক্যবদ্ধ ভাৰত গঢ়ি তোলাৰ ক্ষেত্ৰত তেওঁৰ দৃষ্টিভংগীক প্ৰদৰ্শন কৰে। আন্তঃগাঁথনি আৰু বৈজ্ঞানিক গৱেষণাৰ অগ্ৰগতিৰপৰা আৰম্ভ কৰি যুৱক-যুৱতীসকলক সবলীকৰণ আৰু ভাৰতৰ সাংস্কৃতিক বৈচিত্ৰ্যক উদযাপনলৈকে তেওঁৰ নেতৃত্বই আগন্তুক এটা উল্লেখযোগ্য বছৰৰ ৰূপৰেখা অংকন কৰিছে।

জম্মু আৰু কাশ্মীৰত সোণমাৰ্গ সুৰংগৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

জম্মু আৰু কাশ্মীৰত সোণমাৰ্গ সুৰংগৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

January 13th, 12:30 pm

মই প্ৰথমে দেশৰ উন্নতিৰ বাবে, জম্মু-কাশ্মীৰৰ উন্নতিৰ বাবে যিসকল শ্ৰমিক ভাতৃয়ে কঠিনৰো কঠিন পৰিস্থিতিত কাম কৰিলে, আনকি নিজৰ জীৱনকো সংকটত পেলাই কাম কৰিলে, ধন্যবাদ জনাইছোঁ। আমাৰ সাতজন শ্ৰমিক বন্ধুৱে নিজৰ প্ৰাণ হেৰুৱালে, কিন্তু আমি আমাৰ সংকল্পৰ পৰা আঁতৰি নাহিলোঁ, মোৰ শ্ৰমিক বন্ধুসকল আঁতৰি নাহিল, কোনেও ঘৰলৈ উভতি যাওঁ বুলি কোৱা নাছিল, মোৰ এই শ্ৰমিক বন্ধুসকলে প্ৰতিটো প্ৰত্যাহ্বান অতিক্ৰম কৰি এই কাম সম্পূৰ্ণ কৰিলে৷ আৰু যি সাতজন বন্ধুক আমি হেৰুৱালোঁ, মই আজি সবাতোকৈ প্ৰথমে তেওঁলোকৰ পূণ্য স্মৰণ কৰিছোঁ।

জম্মু-কাশ্মীৰত সোণমাৰ্গ সুৰংগ উদ্বোধন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

জম্মু-কাশ্মীৰত সোণমাৰ্গ সুৰংগ উদ্বোধন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

January 13th, 12:15 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জম্মু-কাশ্মীৰত সোণমাৰ্গ সুৰংগ উদ্বোধন কৰে। এই উপলক্ষে উপস্থিত থকা ৰাইজক সম্বোধন কৰি তেওঁ জম্মু-কাশ্মীৰ আৰু ভাৰতৰ উন্নয়নৰ বাবে কঠোৰ পৰিশ্ৰম কৰি জীৱনকো তুচ্ছজ্ঞান কৰা শ্ৰমিকসকলৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে। মোদীয়ে কয় যে প্ৰত্যাহ্বানৰ মাজতো আমাৰ সংকল্পৰ হেৰফেৰ হোৱা নাছিল। তেওঁ শ্ৰমিকসকলৰ দৃঢ়তা আৰু দায়বদ্ধতাৰ বাবে আৰু সকলো বাধা অতিক্ৰম কৰি কামটো সম্পূৰ্ণ কৰাৰ বাবে প্ৰশংসা কৰে। তেওঁ লগতে ৭ জন শ্ৰমিকৰ মৃত্যুত শোক প্ৰকাশ কৰে।

সুৰংগ উদ্বোধন কৰিবলৈ জম্মু-কাশ্মীৰৰ সোণমাৰ্গ ভ্ৰমণৰ বাবে মই আগ্ৰহেৰে অপেক্ষা কৰি আছোঃ প্ৰধানমন্ত্ৰী

January 11th, 06:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে জেড মৰ্হ সুৰংগ উদ্বোধন কৰিবলৈ জম্মু-কাশ্মীৰৰ সোণমাৰ্গ ভ্ৰমণৰ বাবে তেওঁ আগ্ৰহেৰে অপেক্ষা কৰি আছে। ওপৰত উল্লেখ কৰা সুৰংগটোৰ প্ৰস্তুতি সম্পৰ্কে জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী শ্ৰী ওমৰ আব্দুল্লাৰ এক্স প’ষ্টৰ প্ৰতি সঁহাৰি জনাই শ্ৰী মোদীয়ে লিখিছে; ‘মই সুৰংগ উদ্বোধনৰ বাবে জম্মু-কাশ্মীৰৰ সোণমাৰ্গ ভ্ৰমণ কৰিবলৈ আগ্ৰহেৰে অপেক্ষা কৰি আছো। আপুনি সঠিকভাৱে পৰ্যটন আৰু স্থানীয় অৰ্থনীতিৰ বাবে লাভৰ কথা আঙুলিয়াই দিছে। লগতে, আকাশী ছবি আৰু ভিডিঅ’বোৰ ভাল লাগিল!”

১৩ জানুৱাৰীত জম্মু কাশ্মীৰ ভ্ৰমণ কৰি সোণামাৰ্গ সুৰংগ প্ৰকল্প উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে

January 11th, 05:41 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ১৩ জানুৱাৰীত জম্মু-কাশ্মীৰৰ সোণামাৰ্গ ভ্ৰমণ কৰিব। পুৱা প্ৰায় ১১:৪৫ বজাত তেওঁ সোণামাৰ্গ সুৰংগ পৰিদৰ্শন কৰাৰ পিছতে ইয়াৰ উদ্বোধন কৰা হ’ব। লগতে এই উপলক্ষে সভাত ভাষণো দিব।