খাদ্য আৰু কৃষি সংস্থাৰ এগ্ৰিকোলা পদক গ্ৰহণ কৰি প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ অসমীয়া অনুবাদ
May 20th, 11:00 pm
ভাৰতত কৃষি জীৱনৰ ভেটি । ই আমাৰ সংস্কৃতিৰো এক অবিচ্ছেদ্য অংগ আৰু আমাৰ মূল মূল্যবোধৰ প্ৰতিফলন। আমাৰ পৰম্পৰাত পৃথিৱীক মাতৃ বুলি শ্ৰদ্ধা কৰা হয় আৰু কৃষকক ভূমিৰ পুত্ৰ বুলি কোৱা হয়। হাজাৰ হাজাৰ বছৰৰ ঐতিহ্যৰ মাজত শিপাই থকা এই কালজয়ী মূল্যবোধে আজিও আমাৰ প্ৰচেষ্টাক অনুপ্ৰাণিত কৰি ৰাখিছে।ৰোমত ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি সংস্থা (FAO)ৰ পৰা এগ্ৰিকোলা পদক গ্ৰহণ কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে
May 20th, 10:55 pm
প্ৰধানমন্ত্ৰীয়ে এই বঁটা গ্ৰহণ কৰে খাদ্য আৰু কৃষি সংস্থাৰ সঞ্চালক প্ৰধান ড° কু ডংগিউৰ পৰা। তেওঁ এই সন্মান ভাৰতীয় কৃষক আৰু ভাৰতীয় কৃষি বৈজ্ঞানিক সমাজলৈ উৎসৰ্গা কৰে, যিয়ে ভাৰতীয় তথা বিশ্বৰ মানুহৰ বাবে খাদ্য সুৰক্ষা আৰু পুষ্টি নিশ্চিত কৰাৰ বাবে অক্লান্তভাৱে কাম কৰিন আহিছে। তেওঁ এই স্বীকৃতি মানৱ কল্যাণ, খাদ্য সুৰক্ষা আৰু বহনক্ষম উন্নয়নৰ প্ৰতি ভাৰতৰ দায়বদ্ধতাৰ প্ৰতি শ্ৰদ্ধা বুলি আলোকপাত কৰে। ভাৰতৰ কৃষি জীৱনৰ কেন্দ্ৰীয়তাৰ বিষয়ত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কৃষিক ধৰিত্ৰী আৰু ভাৰতীয় জনসাধাৰণৰ মাজত এক পবিত্ৰ বন্ধন বুলি কয়।কেবিনেটে ভাৰতৰ ৰাষ্ট্ৰীয়ভাৱে নিৰ্ধাৰিত অৱদান (২০৩১-২০৩৫)ক ৰাষ্ট্ৰসংঘৰ জলবায়ু পৰিৱৰ্তনৰ কাঠামো চুক্তিৰ সৈতে সংপৃক্ত কৰাত অনুমোদন জনায়
March 25th, 05:35 pm
ভাৰতৰ জলবায়ু সম্পৰ্কীয় কাৰ্যকলাপ শক্তিশালী কৰাৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে ২০৩১ চনৰ পৰা ২০৩৫ চনলৈকে ভাৰতৰ ৰাষ্ট্ৰীয়ভাৱে নিৰ্ধাৰিত অৱদান (এনডিচি)ত অনুমোদন জনাইছে। ই ইউএনএফচিচিচি আৰু ইয়াৰ পেৰিছ চুক্তিৰ অধীনত দেশৰ উচ্চাকাংক্ষা বৃদ্ধি কৰাৰ লগতে বহনক্ষম উন্নয়ন তথা জলবায়ু সংৰক্ষণৰ প্ৰতি দেশৰ আগ্ৰহকেই প্ৰতিফলিত কৰিছে। ২০৩১-৩৫ চনৰ বাবে ভাৰতৰ ৰাষ্ট্ৰীয়ভাৱে নিৰ্ধাৰিত অৱদান (এনডিচি) বিকশিত ভাৰতৰ দৃষ্টিভংগীৰ দ্বাৰা পৰিচালিত। যি কেৱল ২০৪৭ চনৰ বাবে নিৰ্ধাৰণ কৰা লক্ষ্য নহয়, বৰঞ্চ ভৱিষ্যত প্ৰজন্মৰ বাবে এখন সমৃদ্ধিশালী আৰু জলবায়ু স্থিতিস্থাপক ভাৰত গঢ়ি তোলাৰ বাবে কাম কৰাৰ প্ৰতিশ্ৰুতি। ভাৰতে ইয়াৰ জলবায়ু লক্ষ্যসমূহ ভাৰতৰ পূৰ্বৰ প্ৰতিশ্ৰুতিসমূহৰ ওপৰত ভিত্তি কৰি গ্ৰহণ কৰিছে। যাৰ বহুখিনি ইতিমধ্যে নিৰ্ধাৰিত সময়ৰ আগতেই পূৰণ কৰা হৈছে। পাঁচটা গুণগত লক্ষ্য, দৈনন্দিন জীৱন আৰু শাসন ব্যৱস্থাত বহনক্ষমতাক সন্নিৱিষ্ট কৰা, জলবায়ু-স্থিতিস্থাপক উন্নয়নৰ পথসমূহক প্ৰসাৰ কৰা, আৰু সমাজৰ সকলো শ্ৰেণীৰ বাবে এক ন্যায্য আৰু অন্তৰ্ভুক্ত পৰিৱৰ্তন সক্ষম কৰা আদি লক্ষ্যসমূহ স্থিৰ কৰা হৈছে।তামিলনাডুৰ কইম্বাটুৰত আয়োজিত দক্ষিণ ভাৰত প্ৰাকৃতিক কৃষি সন্মিলন, ২০২৫-ৰ কাৰ্য্যসূচীত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ পূৰ্ণপাঠ
November 19th, 07:01 pm
মঞ্চত উপৱিষ্ট তামিলনাডুৰ ৰাজ্যপাল আৰ এন ৰবি জী, কেন্দ্ৰীয় কেবিনেটত মোৰ সতীৰ্থ এল মুৰুগান জী, তামিলনাডু কৃষি বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য্য ডঃ কে. ৰামাস্বামী জী, ভিন্ন কৃষি সংগঠনৰ সকলো গণ্যমান্য ব্যক্তি আৰু উপস্থিত থকা আন-আন জনপ্ৰতিনিধি, মোৰ মৰমৰ কৃষক ভাই-ভনীসকল তথা ডিজিটেল প্ৰযুক্তিৰ জৰিয়তে আমাৰ সৈতে সংযুক্ত হোৱা সমগ্ৰ দেশৰ লক্ষ-লক্ষ কৃষকক মই ইয়াৰ পৰা বনাক্কম কৈছোঁ, তেওঁলোকক মই নমস্কাৰ জনাইছোঁ। প্ৰথমে আপোনালোকৰ ওচৰত আৰু দেশজুৰি সমবেত হোৱা মোৰ খেতিয়ক ভাই-ভনীসকলৰ ওচৰত ক্ষমা বিচাৰিছোঁ। আজি পুট্টপৰ্থীত আয়োজিত সত্য সাই বাবাৰ অনুষ্ঠানত উপস্থিত থকাৰ বাবে ইয়ালৈ আহি পোৱাত প্ৰায় এঘন্টা পলম হ’ল। সেই অনুষ্ঠানটো অলপ দীঘলীয়া হ’ল, সেয়ে পলম হ’ল। মই আপোনালোকৰ বাবে সৃষ্টি কৰা অসুবিধাৰ বাবে আপোনালোক সকলোৰে ওচৰত ক্ষমা বিচাৰিছোঁ। দেশজুৰি বহুত লোক গোট খোৱা দেখিছোঁ।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তামিলনাডুৰ কইম্বাটুৰত দক্ষিণ ভাৰত প্ৰাকৃতিক কৃষি সন্মিলন, ২০২৫-ৰ কাৰ্য্যসূচী সম্বোধন কৰে
November 19th, 02:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তামিলনাডুৰ কইম্বাটুৰত দক্ষিণ ভাৰত প্ৰাকৃতিক কৃষি সন্মিলন, ২০২৫ উদ্বোধন কৰে। এই উপলক্ষে সমবেতসকলক সম্বোধনেৰে শ্ৰী মোদীয়ে কইম্বাটুৰৰ পবিত্ৰ ভূমিত মৰুধামলাইৰ ভগৱান মুৰুগানক প্ৰণাম জনাই ভাষণৰ আৰম্ভণি কৰে। তেওঁ কইম্বাটুৰক সংস্কৃতি, মমতা আৰু সৃষ্টিশীলতাৰ দেশ বুলি অভিহিত কৰে তথা ইয়াক দক্ষিণ ভাৰতৰ উদ্যমিতা শক্তিৰ কেন্দ্ৰ হিচাপে স্বীকৃতি জনায়। তেওঁ কয় যে ইয়াৰ বস্ত্ৰ খণ্ডই ৰাষ্ট্ৰীয় অৰ্থনীতিত এক প্ৰধান অৰিহণা যোগায়। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে কইম্বাটুৰে এতিয়া অধিক সুখ্যাতি লাভ কৰিছে, কিয়নো ইয়াৰ প্ৰাক্তন সাংসদ শ্ৰী চি.পি. ৰাধাকৃষ্ণনে এতিয়া উপ-ৰাষ্ট্ৰপতি হিচাপে দায়িত্ব পালনেৰে ৰাষ্ট্ৰক পথ প্ৰদৰ্শন কৰিছে।নতুন দিল্লীস্থিত ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠানত পিএম ধন ধান্য কৃষি যোজনাৰ শুভাৰম্ভণি আৰু প্ৰকল্পৰাজি উদ্বোধন তথা আধাৰশিলা স্থাপন কৰি প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
October 11th, 12:30 pm
মঞ্চত উপৱিষ্ট কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহান ডাঙৰীয়া, প্ৰযুক্তিৰ জৰিয়তে অংশগ্ৰহণ কৰা ৰাজীৱ ৰঞ্জন সিং ডাঙৰীয়া, শ্ৰী ভগীৰথ চৌধাৰী ডাঙৰীয়া, ভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰী, সাংসদ, বিধায়ক, আন-আন বিশিষ্ট ব্যক্তি তথা দেশৰ ভিন্ন প্ৰান্তৰ মোৰ সকলো কৃষক ভাই-ভনী।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৩৫,৪৪০ কোটি টকা ব্যয় সাপেক্ষে কৃষি খণ্ডৰ দুই প্ৰধান আঁচনিৰ শুভাৰম্ভ কৰে
October 11th, 12:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠানত আয়োজিত এক বিশেষ কৃষি কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে। ৰাজহুৱা কাৰ্য্যসূচীত অংশগ্ৰহণৰ পূৰ্বে প্ৰধানমন্ত্ৰীগৰাকীয়ে কৃষক ৰাইজৰ সৈতে মত-বিনিময়ো কৰে।কেন্দ্ৰীয় কেবিনেটে ২০২৫-২৬ ৰ পৰা ২০৩০-৩১ লৈ মাহত আত্মনিৰ্ভৰতা অভিযানত অনুমোদন জনায়
October 01st, 03:14 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে আজি মাহৰ ঘৰুৱা উৎপাদন বৃদ্ধি আৰু ইয়াত আত্ম-নিৰ্ভৰতা অৰ্জনৰ লক্ষ্যৰে গ্ৰহণ কৰা এক বিশেষ পদক্ষেপ- মাহত আত্মনিৰ্ভৰতা অভিযানত অনুমোদন জনাইছে। ২০২৫-২৬ ৰ পৰা ২০৩০-৩১ লৈ ছবছৰ সময়ছোৱাত ১১,৪৪০ কোটি টকা আৰ্থিক ব্যয় সাপেক্ষে এই অভিযান কাৰ্য্যকৰী কৰা হ’ব।নতুন দিল্লীত আয়োজিত এম.এছ. স্বামীনাথন শতবাৰ্ষিকী আন্তঃৰাষ্ট্ৰীয় সন্মিলনত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
August 07th, 09:20 am
মোৰ কেবিনেট সতীৰ্থ শ্ৰী শিৱৰাজ সিং চৌহান; এম.এছ. স্বামীনাথন ৰিচাৰ্চ ফাউণ্ডেচনৰ অধ্যক্ষ ডঃ সৌম্য স্বামীনাথন; নিটি আয়োগৰ সদস্য ডঃ ৰমেশ চান্দ; মই স্বামীনাথনৰ পৰিয়ালৰ ভালে কেইজন সদস্যও ইয়াত উপস্থিত থকা দেখিবলৈ পাইছোঁ— মই তেওঁলোককো শ্ৰদ্ধাৰে শুভেচ্ছা জনাইছোঁ। সকলো বিজ্ঞানী, বিশিষ্ট অতিথি, ভদ্ৰলোক আৰু মহিলাক সম্ভাষণ জনালোঁ!এম এছ স্বামীনাথন শতবাৰ্ষিকী আন্তঃৰাষ্ট্ৰীয় সন্মিলন সম্বোধন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
August 07th, 09:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত আইচিএআৰ পিইউএছএত এম এছ স্বামীনাথন শতবাৰ্ষিকী আন্তঃৰাষ্ট্ৰীয় সন্মিলন উদ্বোধন আৰু সম্বোধন কৰে। অধ্যাপক এম এছ স্বামীনাথনৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে তেওঁক এজন দূৰদৰ্শী ব্যক্তি হিচাপে অভিহিত কৰে, যাৰ বৰঙণিয়ে এটা যুগৰ সূচনা কৰে। তেওঁ লগতে কয় যে অধ্যাপক স্বামীনাথন এগৰাকী মহান বিজ্ঞানী আছিল, যিয়ে বিজ্ঞানক জনসেৱাৰ মাধ্যমলৈ ৰূপান্তৰিত কৰিছিল। শ্ৰী মোদীয়ে উল্লেখ কৰে যে অধ্যাপক স্বামীনাথনে দেশৰ বাবে খাদ্য সুৰক্ষা নিশ্চিত কৰিবলৈ নিজৰ জীৱন উৎসৰ্গা কৰিছিল। অধ্যাপক স্বামীনাথনে এনে এক চেতনা জাগ্ৰত কৰিলে যিয়ে আগন্তুক শতিকাজুৰি ভাৰতৰ নীতি আৰু অগ্ৰাধিকাৰক পথ প্ৰদৰ্শন কৰি থাকিব বুলি তেওঁ উল্লেখ কৰে। স্বামীনাথনৰ জন্ম শতবাৰ্ষিকী উদযাপন উপলক্ষে তেওঁ সকলোকে শুভেচ্ছা জ্ঞাপন কৰে।লোকসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ ওপৰত ধন্যবাদসূচক প্ৰস্তাৱৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ
February 04th, 07:00 pm
সন্মানীয় ৰাষ্ট্ৰপতি মহোদয়াৰ ভাষণ সন্দৰ্ভত কৃতজ্ঞতা জ্ঞাপন কৰিবলৈ মই উপস্থিত হৈছোঁ। কালি আৰু আজি তো গভীৰ নিশালৈকে সকলো সন্মানীয় সাংসদে নিজৰ চিন্তাৰে এই ধন্যবাদ প্ৰস্তাৱক সমৃদ্ধ কৰিলে। বহু মাননীয় অভিজ্ঞ সংসদ সদস্যইও নিজৰ মতামত প্ৰকাশ কৰিলে, আৰু স্বাভাৱিকতে গণতন্ত্ৰৰ পৰম্পৰাও আছে, য’ত প্ৰয়োজন আছিল, তাত প্ৰশংসা হ’ল, য’ত অসুবিধা আছিল, তাত কিছুমান নেতিবাচক কথাও হ’ল, কিন্তু এয়া অতি স্বাভাৱিক! অধ্যক্ষ মহোদয়, মোৰ বাবে বহুত ডাঙৰ সৌভাগ্য যে দেশৰ জনসাধাৰণে মোক ১৪ সংখ্যক বাৰৰ বাবে এই স্থানত বহি ৰাষ্ট্ৰপতি মহোদয়াৰ ভাষণৰ কৃতজ্ঞতা প্ৰকাশ কৰাৰ সুযোগ দিছে আৰু সেয়ে মই আজি জনতা জনাৰ্দনৰো অতি সন্মানেৰে কৃতজ্ঞতা প্ৰকাশ কৰিব বিচাৰোঁ আৰু সদনত আলোচনাত যিসকল লোকে অংশগ্ৰহণ কৰিলে, আলোচনাক সমৃদ্ধ কৰিলে, সেইসকলৰ প্ৰতিও মই মোৰ কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ।লোকসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসুচক প্ৰস্তাৱৰ বিতৰ্কত উত্তৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
February 04th, 06:55 pm
লোকসভাত আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সংসদত ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসুচক প্ৰস্তাৱৰ উত্তৰ দিয়ে। সদনত ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰীয়ে কালি আৰু আজি আলোচনাত অংশগ্ৰহণ কৰা সকলো সন্মানীয় সাংসদৰ অৱদানৰ শলাগ লৈ গণতন্ত্ৰৰ পৰম্পৰাত প্ৰয়োজনত প্ৰশংসা আৰু প্ৰয়োজনত কিছু নেতিবাচক মন্তব্য দুয়োটাকে অন্তৰ্ভুক্ত কৰা বুলি উল্লেখ কৰে, যিটো স্বাভাৱিক। চতুৰ্দশ বাৰৰ বাবে ৰাষ্ট্ৰপতিৰ ভাষণৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰাৰ সুযোগ পোৱাৰ মহান সৌভাগ্যৰ ওপৰত আলোকপাত কৰি তেওঁ সকলো নাগৰিকক শ্ৰদ্ধা জনোৱাৰ লগতে আলোচনাত অংশগ্ৰহণ কৰা সকলোকে প্ৰস্তাৱটোক নিজৰ চিন্তাৰে সমৃদ্ধ কৰাৰ বাবে প্ৰশংসা কৰে।স্বনিৰ্ভৰশীলতাৰ বাবে খাদ্য সুৰক্ষা আহৰণ কৰিব পৰাকৈ বহনক্ষম কৃষি আৰু কৃষোন্নতি যোজনা (কে ওৱাই)ক উত্সাহিত কৰাৰ বাবে প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা (পিএম-আৰকেভিওৱাই)লৈ অনুমোদন জনাইছে কেবিনেটে
October 03rd, 09:18 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে আজি কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ অধীনত চলি থকা সকলো ‘কেন্দ্ৰীয় পৃষ্ঠপোষকতাযুক্ত আঁচনি’ (চিএছএছ)ক দুখন ‘আম্ব্ৰেলা’ আঁচনি, যেনে ‘প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা’ (পিএম-আৰকেভিওৱাই)শীৰ্ষক এক ‘কেফেটেৰিয়া’ আঁচনি,আৰু ‘কৃষোন্নতি যোজনা’ (কে ওৱাই)ত যৌক্তিককৰণৰ বাবে কৃষি আৰু কৃষক কল্যাণ বিভাগ (ডিএ এণ্ড এফডব্লিউ)য়ে আগবঢ়োৱা প্ৰস্তাৱলৈ অনুমোদন জনায়। ‘পিএম-আৰকেভিওৱাই’-য়ে বহনক্ষম কৃষিক উত্সাহিত কৰিব, আনহাতে ‘কে ওৱাই’য়ে ‘খাদ্য সুৰক্ষা’ আৰু ‘কৃষিৰ স্বনিৰ্ভৰশীলতা’ নিশ্চিত কৰিব। সকলো উপাদানে বিভিন্ন উপাদানৰ দক্ষ আৰু কাৰ্যকৰী ৰূপায়ণ নিশ্চিত কৰিবলৈ প্ৰযুক্তিৰ সুবিধা ল'ব।কেবিনেটে ২০২৪-২৫ চনৰ পৰা ২০৩০-৩১ চনলৈকে ৰাষ্ট্ৰীয় খাদ্য তেল অভিযান– তৈলবীজৰ (এনএমইঅ’-তৈলবীজ)ত অনুমোদন জনায়
October 03rd, 09:06 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় মন্ত্ৰীসভাই ৰাষ্ট্ৰীয় খাদ্য তেল – তৈলবীজ (NMEO-Oilseeds)ক অনুমোদন জনাইছে, যি ঘৰুৱা তৈলবীজ উৎপাদনক প্ৰসাৰিত কৰিব আৰু খাদ্য তেলত আত্মনিৰ্ভৰশীলতা (আত্মনিৰ্ভৰ ভাৰত) অৰ্জন কৰাৰ লক্ষ্যৰে এক ঐতিহাসিক পদক্ষেপ। এই অভিযান ১০,১০৩ কোটি টকাৰ আৰ্থিক ব্যয়ৰে ২০২৪-২৫ চনৰ পৰা ২০৩০-৩১ চনলৈ সাত বছৰৰ ভিতৰত কাৰ্যকৰী কৰা হ’ব।সমবায় খণ্ডৰ একাধিক মূল পদক্ষেপৰ আধাৰশিলা স্থাপন আৰু উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
February 24th, 10:36 am
আজি ‘বিকশিত ভাৰত’ৰ ‘অমৃত যাত্ৰা’ত আন এক উল্লেখযোগ্য সাফল্যৰ সাক্ষী হৈ পৰিছে ‘ভাৰত মণ্ডপম’। আজি আমি দেশে গ্ৰহণ কৰা ‘সহকাৰ সে সমৃদ্ধি’ (সহযোগিতাৰ জৰিয়তে সমৃদ্ধি) সংকল্প বাস্তৱায়িতকৰণৰ দিশত আগবাঢ়িছোঁ। কৃষি আৰু খেতিৰ ভেটি সুদৃঢ়কৰণত সমবায়সমূহে উল্লেখযোগ্য ভূমিকা পালন কৰে। এই কথা মনত ৰাখি আমি এটা সুকীয়া সমবায় মন্ত্ৰালয় স্থাপন কৰিছোঁ। আৰু, আজি এই কাৰ্য্যসূচী একে মনোভাৱেৰে উদযাপন কৰা হৈছে। আজি আমি আমাৰ কৃষকৰ বাবে বিশ্বৰ সৰ্ববৃহৎ ষ্ট’ৰেজ আঁচনি-গুদাম আঁচনি আৰম্ভ কৰিছোঁ। এই আঁচনিৰ অধীনত দেশৰ চুকে-কোণে হাজাৰ-হাজাৰ গুদাম স্থাপন কৰা হ’ব। আজি ১৮,০০০ ‘পেকছ’ (PACS-Primary Agricultural Credit Societies)ৰ কম্পিউটাৰাইজেচনৰ এক উল্লেখযোগ্য কামো সম্পূৰ্ণ হৈছে। এই সকলোবোৰ প্ৰকল্পই দেশৰ কৃষি আন্তঃগাঁথনিলৈ নতুন উদ্দীপনা যোগাব, কৃষিক আধুনিক প্ৰযুক্তিৰ সৈতে সংযোগ কৰিব। এই গুৰুত্বপূৰ্ণ আৰু সুদূৰপ্ৰসাৰী পদক্ষেপসমূহৰ বাবে আপোনালোক সকলোকে অভিনন্দন জনাইছোঁ আৰু আপোনালোক সকলোকে মোৰ শুভেচ্ছা জনাইছোঁ।সমবায় খণ্ডৰ বাবে একাধিক গুৰুত্বপূৰ্ণ আঁচনি উদ্বোধন আৰু আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰীৰ
February 24th, 10:35 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত সমবায় খণ্ডৰ বাবে একাধিক গুৰুত্বপূৰ্ণ আঁচনি উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। প্ৰধানমন্ত্ৰীয়ে ১১খন ৰাজ্যৰ ১১খন প্ৰাথমিক কৃষি ঋণ সমিতি (পেকছ)ত চলি থকা ‘সহবায় খণ্ডত বিশ্বৰ সৰ্ববৃহৎ শস্য সংৰক্ষণ পৰিকল্পনা’ৰ পাইলট প্ৰকল্প উদ্বোধন কৰে। এই পদক্ষেপৰ অধীনত প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ দেশতে গুদাম আৰু অন্যান্য কৃষি আন্তঃগাঁথনি নিৰ্মাণৰ বাবে অতিৰিক্ত ৫০০ পেকছৰ আধাৰশিলা স্থাপন কৰে। এই পদক্ষেপৰ লক্ষ্য হৈছে খাদ্য শস্য যোগান শৃংখলৰ সৈতে পেকছৰ গুদামসমূহক নিৰৱচ্ছিন্নভাৱে একত্ৰিত কৰা, খাদ্য সুৰক্ষা সুদৃঢ় কৰা আৰু নাবাৰ্ডৰ সমৰ্থিত আৰু ৰাষ্ট্ৰীয় সমবায় উন্নয়ন নিগম (এনচিডিচি)ৰ নেতৃত্বত সহযোগিতামূলক প্ৰচেষ্টাৰে দেশৰ অৰ্থনৈতিক উন্নয়নক লাভান্বিত কৰা। এই পদক্ষেপ কৃষি আন্তঃগাঁথনি পুঁজি (এআইএফ), কৃষি বিপণন আন্তঃগাঁথনি (এএমআই) আদি বিভিন্ন বৰ্তমানৰ আঁচনিৰ একত্ৰীকৰণৰ জৰিয়তে ৰূপায়ণ কৰা হৈছে যাতে প্ৰকল্পটোত অংশগ্ৰহণ কৰা পেকছে আন্তঃগাঁথনি উন্নয়নৰ কাম হাতত লোৱাৰ বাবে ৰাজসাহায্য আৰু সুদৰ সাহায্যৰ সুবিধা লাভ কৰিব পাৰে। প্ৰধানমন্ত্ৰীয়ে সমবায় খণ্ডক সজীৱ কৰি তোলা আৰু ক্ষুদ্ৰ আৰু প্ৰান্তীয় কৃষকক সবলীকৰণৰ লক্ষ্যৰে চৰকাৰৰ সহকাৰ ছে সমৃদ্ধিৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি সমগ্ৰ দেশৰ ১৮ হাজাৰ পেকছত কম্পিউটাৰাইজেচনৰ বাবে এক প্ৰকল্প উদ্বোধন কৰে।তেলেংগানাৰ কৰিমনগৰৰ শিক্ষিত কৃষকে মিশ্ৰিত-কৃষিৰ দৃষ্টিভংগী গ্ৰহণেৰে তেওঁৰ উপাৰ্জন দুগুণ কৰিছে
January 18th, 03:54 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘ভিডিঅ' কনফাৰেন্স’ ব্যৱস্থাৰ মাধ্যেমেৰে ‘বিকশিত ভাৰত সংকল্প যাত্ৰা’ৰ হিতাধিকাৰীসকলৰ সৈতে বাৰ্তালাপ কৰে। সমগ্ৰ দেশৰ পৰা ‘বিকশিত ভাৰত সংকল্প যাত্ৰা’ৰ হাজাৰ হাজাৰ হিতাধিকাৰীয়ে অনুষ্ঠানটোত যোগদান কৰিছিল। এই কাৰ্যসূচীত কেন্দ্ৰীয় মন্ত্ৰী, সাংসদ, বিধায়ক আৰু স্থানীয় পৰ্যায়ৰ প্ৰতিনিধিসকলেও যোগদান কৰে।PM Narendra Modi addresses public meetings in Pali & Pilibanga, Rajasthan
November 20th, 12:00 pm
Amidst the ongoing election campaigning in Rajasthan, PM Modi’s rally spree continued as he addressed public meetings in Pali and Pilibanga. Addressing a massive gathering, PM Modi emphasized the nation’s commitment to development and the critical role Rajasthan plays in India’s advancement in the 21st century. The Prime Minister underlined the development vision of the BJP government and condemned the misgovernance of the Congress party in the state.India & Greece have a special connection and a relationship spanning centuries: PM Modi
August 25th, 09:30 pm
PM Modi addressed the Indian community at Athens Conservatoire, in Athens. In his address, PM Modi emphasized the unprecedented transformation that India is currently undergoing and the strides being made in various sectors. He lauded the success of the Chandrayaan mission. Prime Minister highlighted the contribution of the Indian community in Greece in advancing the multi-faceted India-Greece relations and urged them to be a part of India’s growth story.এথেন্সত প্ৰৱাসী ভাৰতীয় সমূদায়ৰ সৈতে প্ৰধানমন্ত্ৰীৰ মত-বিনিময়
August 25th, 09:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৩ চনৰ ২৫ আগষ্টত এথেন্সৰ এথেন্স কনজাৰ্ভেটৰীত ভাৰতীয় সমূদায়ক সম্বোধন কৰে। ভাষণত প্ৰধানমন্ত্ৰীয়ে বিভিন্ন ক্ষেত্ৰত ভাৰতে সম্প্ৰতি লাভ কৰি থকা অভূতপূৰ্ব অগ্ৰগতিসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰে। চন্দ্ৰযান অভিযানৰ সফলতাকো তেওঁ ভূয়সী প্ৰশংসা কৰে।