প্ৰধানমন্ত্ৰীয়ে ১৮ জুলাইত বিহাৰ আৰু পশ্চিম বংগ ভ্ৰমণ কৰিব

July 17th, 11:04 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ১৮ জুলাইত বিহাৰ আৰু পশ্চিমবংগ ভ্ৰমণ কৰিব। তেখেতে দিনৰ প্ৰায় ১১:৩০ বজাত বিহাৰৰ মতিহাৰীত ৭,২০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন আৰু ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰিব। ইয়াত তেখেতে এখনি জন সভাও সম্বোধন কৰিব।