বিনয় আৰু নিঃস্বাৰ্থ সেৱাৰ ওপৰত আলোকপাত কৰি সংস্কৃত হিতোপদেশ শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ

July 07th, 10:01 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে সমৃদ্ধিৰ প্ৰকৃত সৌন্দৰ্য্য হ’ল বিনয় আৰু নিঃস্বাৰ্থ সেৱা। তেওঁ উল্লেখ কৰে যে সফলতা কেৱল তেতিয়াহে অৰ্থপূৰ্ণ হয় যেতিয়া ইয়াক জনকল্যাণ আৰু সমাজৰ কল্যাণৰ দৃষ্টিভংগীৰ দ্বাৰা পৰিচালিত হয়।

ৰাষ্ট্ৰীয় চিকিৎসক দিৱসত চিকিৎসকসকলক প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা জ্ঞাপন

July 01st, 12:22 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাষ্ট্ৰীয় চিকিৎসক দিৱস উপলক্ষে সমগ্ৰ দেশৰ চিকিৎসকসকলক শুভেচ্ছা জনাই ৰাষ্ট্ৰৰ প্ৰতি তেওঁলোকৰ অটল সেৱা, সহানুভূতি আৰু প্ৰতিশ্ৰুতিৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে।

বলিদান দিৱসত ড° শ্যামা প্ৰসাদ মুখাৰ্জীলৈ শ্ৰদ্ধাঞ্জলি, সংস্কৃত হিতোপদেশ শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ

June 23rd, 03:39 pm

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ড° শ্যামা প্ৰসাদ মুখাৰ্জীক তেওঁৰ বলিদান দিৱসৰ দিনা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে তেওঁৰ অপৰিসীম অৱদানৰ কথা স্মৰণ কৰে।

ওড়িশা চৰকাৰৰ দুবছৰ সম্পূৰ্ণ হোৱা উপলক্ষ্যে প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ

June 20th, 01:10 pm

সন্মানীয় ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু জী, ৰাজ্যপাল শ্ৰীযুত হৰি বাবু জী, জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰীযুত মোহন চৰণ মাঝি জী, উপ-মুখ্যমন্ত্ৰী শ্ৰী কনক বৰ্ধন সিং দেও জী, শ্ৰীমতী প্ৰৱতী পৰিদা জী, ওড়িশাৰ মন্ত্ৰী শ্ৰী গণেশ সিং খুন্তিয়া জী, শ্ৰী কৃষ্ণ চন্দ্ৰ মহাপাত্ৰ জী, সংসদ সদস্য শ্ৰী নৱ চৰণ মাঝি জী, শ্ৰী মনমোহন সমল জী, শ্ৰী বৈজয়ন্ত পাণ্ডা জী, অন্যান্য বিশিষ্ট ব্যক্তিসকল, ভাই-ভনীসকল।

ওড়িশা চৰকাৰৰ দুবছৰ সম্পূৰ্ণ হোৱা উপলক্ষে ময়ূৰভঞ্জ জিলাৰ ৰায়ৰংগপুৰত ৪৭,৬০০ কোটি টকাৰো অধিক ব্যয়ৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

June 20th, 01:00 pm

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ময়ূৰভঞ্জ জিলাৰ পাহাড়পুৰ গাঁও ভ্ৰমণ কৰে। ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীয়ে পবিত্ৰ উপবন চাওতালী জাহেৰা আৰু হো জাহেৰা, দক্ষতা কেন্দ্ৰ আৰু পাহাড়পুৰ বিদ্যালয়ত প্ৰাৰ্থনা জনায়। ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীয়ে ওড়িশা চৰকাৰৰ দুবছৰ সম্পূৰ্ণ হোৱা উপলক্ষে ময়ূৰভঞ্জ জিলাৰ ৰায়ৰংগপুৰত অনুষ্ঠিত এক কাৰ্যসূচীত অংশগ্ৰহণ কৰে। কাৰ্যসূচীৰ বিষয় হৈছে ‘বিকাশ ৰা ধাৰা, ওড়িশা সাৰা’। শ্ৰী মোদীয়ে ৪৭,৬০০ কোটি টকাৰো অধিক ব্যয়ৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে।

শ্লভাকিয়াৰ প্ৰধানমন্ত্ৰীৰ সৈতে যুটীয়া সংবাদমেলত প্ৰধানমন্ত্ৰীৰ বক্তব্য

June 15th, 03:00 pm

আজি প্ৰধানমন্ত্ৰী আৰু মই আমাৰ পাৰস্পৰিক সহযোগিতাক এক নতুন দিশ আৰু নতুন শক্তি প্ৰদান কৰাৰ সন্দৰ্ভত বিতংভাৱে আলোচনা কৰিলোঁ। আমাৰ দ্বিপাক্ষিক বাণিজ্য আৰু অৰ্থনৈতিক সহযোগিতাৰ ক্ষেত্ৰত হোৱা প্ৰগতিত আমি সন্তোষ প্ৰকাশ কৰিছোঁ।

ৰাষ্ট্ৰপতি জীৰ আন্তৰিক শুভেচ্ছা আৰু মৰমৰ বাবে প্ৰধানমন্ত্ৰীৰ কৃতজ্ঞতা প্ৰকাশ

June 10th, 07:18 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাষ্ট্ৰপতি জীৰ আন্তৰিক শুভেচ্ছা আৰু মৰমৰ বাবে তেওঁৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে বছৰ বছৰ ধৰি যি লাভ কৰা হৈছে সেয়া ভাৰতৰ জনসাধাৰণৰ সামূহিক প্ৰচেষ্টা আৰু আকাংক্ষাৰ ফলাফল।

সমাজৰ কল্যাণৰ বাবে উৎসৰ্গিত এজন প্ৰকৃত জ্ঞানী ব্যক্তিৰ গুণসমূহৰ ওপৰত আলোকপাত কৰি এটা সংস্কৃত হিতোপদেশ শ্বেয়াৰ কৰিলে প্ৰধানমন্ত্ৰীয়ে

June 09th, 10:27 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সমাজৰ কল্যাণৰ বাবে সমৰ্পিত এজন প্ৰকৃত জ্ঞানী ব্যক্তিৰ গুণসমূহৰ ওপৰত আলোকপাত কৰি এটা সংস্কৃত হিতোপদেশ শ্বেয়াৰ কৰে।

"মন কি বাত’ত প্ৰধানমন্ত্ৰী মোদীয়ে গ্ৰীষ্মকালীন তাপপ্ৰবাহৰ সৈতে মোকাবিলাৰ পৰামৰ্শ শ্বেয়াৰ কৰি নাগৰিকসকলক শৰীৰত পানীৰ ভাৰসাম্য বজাই ৰাখিবলৈ আহ্বান জনাইছে

May 31st, 11:30 am

মোৰ প্ৰিয় দেশবাসী, 'মন কী বাত'ত আকৌ এবাৰ আপোনালোকৰ লগত যোগদান কৰি আনন্দিত হৈছোঁ। দেশৰ বিভিন্ন প্ৰান্তৰ লোকে ৰাষ্ট্ৰ আৰু সমাজৰ স্বাৰ্থত এনে কিছুমান আচৰিত কাম কৰি আছে, সেইবোৰৰ কথা শুনিলে আমি এক নতুন প্ৰেৰণা অনুভৱ কৰোঁ। আজি মই এই কাৰ্যসূচী আৰম্ভ কৰিম এথলেটিকছত দেশৰ এনে এক কৃতিত্বৰ প্ৰসংগৰে। কিছুদিন পূৰ্বে ঝাৰখণ্ডৰ ৰাঁচীত অনুষ্ঠিত হৈছিল নেচনেল ছিনিয়ৰ এথলেটিকছ ফেডাৰেচন প্ৰতিযোগিতা। সমগ্ৰ দেশৰ প্ৰায় ৮০০ খেলুৱৈয়ে ইয়াত অংশগ্ৰহণ কৰে। এই প্ৰতিযোগিতাৰ সময়ত চাৰিটা ভিন্ন ইভেণ্টত চাৰিটা ৰাষ্ট্ৰীয় অভিলেখ ভংগ কৰা হয়। গুৰিন্দৰ বীৰ সিং, বিশাল টি কে, তেজস্বীন শংকৰ, দেৱ মীনা আৰু কুলদীপ কুমাৰ আদিয়ে বিভিন্ন শিতানত নতুন অভিলেখ গঢ়িবলৈ সক্ষম হয়। পোনপ্ৰথমে সকলোকে অভিনন্দন জনাইছোঁ।

ঈদ-উল-আদহা উপলক্ষে প্ৰধানমন্ত্ৰীৰ সকলোলৈ শুভেচ্ছা জ্ঞাপন

May 28th, 09:55 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ঈদ-উল-আদহা উপলক্ষে সকলোকে শুভেচ্ছা জনাইছে।

প্ৰকৃত জ্ঞানৰ ৰূপান্তৰকাৰী শক্তিৰ ওপৰত আলোকপাত কৰি সংস্কৃত হিতোপদেশ শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ

May 26th, 09:20 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে প্ৰকৃত জ্ঞানে ৰাষ্ট্ৰ, সমাজ আৰু সমগ্ৰ মানৱতাৰ কল্যাণৰ পথ প্ৰশস্ত কৰে। তেওঁ উল্লেখ কৰে যে আমাৰ জ্ঞান আৰু কাৰ্য সমগ্ৰ মানৱ জাতিৰ বাবে অনুপ্ৰেৰণাৰ উৎস হোৱাটো গুৰুত্বপূৰ্ণ।

পঁচিশ বৈশাখ উপলক্ষ্যে গুৰুদেৱ ৰবীন্দ্ৰনাথ ঠাকুৰলৈ প্ৰধানমন্ত্ৰীৰ আন্তৰিক শ্ৰদ্ধাঞ্জলি

May 09th, 09:10 am

আজি পঁচিশ বৈশাখ উপলক্ষ্যে গুৰুদেৱ ৰবীন্দ্ৰনাথ ঠাকুৰলৈ আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে।

উত্তৰ প্ৰদেশৰ হৰদোইত গংগা এক্সপ্ৰেছৱে’ৰ উদ্বোধনৰ সময়ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ মূল পাঠ

April 29th, 11:35 am

সৰ্বপ্ৰথমে, মই ভগৱান নৰসিংহৰ এই পুণ্যভূমিক প্ৰণাম জনাইছো। ইয়াৰ পৰা কেইকিলোমিটাৰমান দূৰত মা গংগা সুন্দৰভাৱে বৈ গৈছে। সেয়েহে, এই সমগ্ৰ অঞ্চলটো কোনো তীৰ্থতকৈ কম নহয়। আৰু মই বিশ্বাস কৰোঁ যে উত্তৰ প্ৰদেশলৈ এক্সপ্ৰেছৱে’ৰ এই উপহাৰো মা গংগাৰ আশীৰ্বাদ। এতিয়া আপুনি কেইঘণ্টামানৰ ভিতৰতে সংগমলৈ যাব পাৰে আৰু কাশীত বাবাক সাক্ষাৎ কৰি উভতিও আহিব পাৰে।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ উত্তৰ প্ৰদেশৰ হাৰদোইত ৫৯৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ প্ৰৱেশ-নিয়ন্ত্ৰিত গ্ৰীণফিল্ড গংগা এক্সপ্ৰেছৱে উদ্বোধন

April 29th, 11:30 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ হাৰদোইত ৫৯৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ প্ৰৱেশ-নিয়ন্ত্ৰিত গ্ৰীণফিল্ড গংগা এক্সপ্ৰেছৱে উদ্বোধন কৰে। ভগৱান নৰসিংহৰ পৱিত্ৰ ভূমি হিচাপে আৰু মাত্ৰ কেইকিলোমিটাৰমান দূৰেৰে বৈ যোৱা মা গংগাৰ ঐশ্বৰিক উপস্থিতিক সন্মান জনাই ভাষণ আৰম্ভ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে গুৰুত্ব আৰোপ কৰি কয় যে সমগ্ৰ অঞ্চলটো নদীখনৰ আধ্যাত্মিকতা আৰু উৰ্বৰতাৰ দ্বাৰা আশীৰ্বাদপ্ৰাপ্ত এক তীৰ্থস্থান হিচাপে পৰিগণিত হৈছে। উত্তৰ প্ৰদেশত এই এক্সপ্ৰেছৱে’ৰ অৱস্থিতি স্বয়ং মা গংগাৰ পৰাও এক আশীৰ্বাদ, এই এক্সপ্ৰেছৱে’ই কেনেদৰে ঘণ্টাৰ ভিতৰত পৱিত্ৰ গন্তব্যস্থানলৈ যাত্ৰা কৰাটো সম্ভৱ কৰি তুলিব সেই বিষয়ে আলোকপাত কৰি শ্ৰী মোদীয়ে দৃঢ়তাৰে কয়।

বাসৱ জয়ন্তীত জগৎগুৰু বাসবেশ্বৰলৈ প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

April 20th, 09:43 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বাসৱ জয়ন্তী উপলক্ষে জগৎগুৰু বাসবেশ্বৰলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

কৰ্ণাটকৰ মাণ্ডিয়াত শ্ৰীগুৰু ভৈৰৱৈক্য মন্দিৰ উদ্বোধন কৰি দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

April 15th, 11:10 am

পৰম পূজ্য জগদগুৰু শ্ৰী শ্ৰী শ্ৰী ডঃ নিৰ্মলানন্দনাথ মহাস্বামীজী, প্ৰাক্তন প্ৰধানমন্ত্ৰী মাননীয় এইচ. ডি. দেৱগৌড়া জী, ৰাজ্যখনৰ ৰাজ্যপাল শ্ৰী থাওৱাৰ চান্দ গেহলট জী, পৰম পূজ্য জগদগুৰু স্বামী পৰমাতমানন্দ সৰস্বতী জী, কেন্দ্ৰৰ মোৰ সহযোগী এইচ. ডি. কুমাৰস্বামী জী, শোভা কৰান্দলাজে জী, কৰ্ণাটকৰ বিৰোধী দলৰ নেতা আৰ. অশোক জী, ৰাজ্যিক মন্ত্ৰী এন. চেলুৱাৰায়স্বামী জী, সকলো সন্মানীয় সাধক, অন্যান্য বিশিষ্ট ব্যক্তিসকল আৰু ইয়াত বৃহৎ সংখ্যাত সমবেত হোৱা সকলো ভাই-ভনীসকল।

কৰ্ণাটকৰ মাণ্ডিয়াৰ শ্ৰী ক্ষেত্ৰ আদিকুঞ্চনগিৰিস্থিত শ্ৰী গুৰু ভৈৰৱৈক্য মন্দিৰ উদ্বোধন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

April 15th, 11:00 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কৰ্ণাটকৰ মাণ্ডিয়াৰ শ্ৰী আদিকুঞ্চনগিৰিস্থিত শ্ৰী গুৰু ভৈৰৱৈক্য মন্দিৰ ক্ষেত্ৰ উদ্বোধন কৰে। এই অনুষ্ঠানৰ গভীৰ আধ্যাত্মিক প্ৰভাৱৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে শ্ৰী গুৰু ভৈৰৱৈক্য মন্দিৰৰ উন্মোচন আৰু উচ্চ স্তৰৰ সাধুসকলৰ সৈতে মত-বিনিময়ৰ সুযোগ লাভ কৰাৰ বাবে গভীৰ কৃতজ্ঞতা প্ৰকাশ কৰে। ঐতিহাসিক জৱলা পীঠত সময় অতিবাহিত কৰা আৰু ভক্তসকলৰ বিশাল সমাগমক সম্বোধন কৰা কাৰ্যই তেওঁৰ মনত এনে এক শক্তিশালী আবেগ জগাই তোলে যি ভাষাৰে প্ৰকাশ কৰিব নোৱাৰি। প্ৰধানমন্ত্ৰী মোদীয়ে কয়, এই ঐশ্বৰিক অভিজ্ঞতা মোৰ স্মৃতিত চিৰদিনৰ বাবে সজীৱ হৈ থাকিব।

জন্ম বাৰ্ষিকীত ড° বি.আৰ. আম্বেদকাৰক শ্ৰদ্ধাৰে স্মৰণ কৰিলে প্ৰধানমন্ত্ৰীয়ে

April 14th, 09:14 am

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ড০ বি আৰ আম্বেদকাৰৰ জন্ম বাৰ্ষিকীত আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

ইষ্টাৰৰ শুভেচ্ছা জ্ঞাপন প্ৰধানমন্ত্ৰীৰ

April 05th, 09:02 am

ইষ্টাৰ উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শুভেচ্ছা জ্ঞাপন কৰিছে।

পূজনীয় ড০ শ্ৰী শিৱকুমাৰ স্বামীগালুৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন প্ৰধানমন্ত্ৰীৰ

April 01st, 10:33 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পূজনীয় ড০ শ্ৰী শ্ৰী শ্ৰী শিৱকুমাৰ স্বামীগালুৰ জয়ন্তীত তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰী মোদীয়ে মন্তব্য কৰে যে তেওঁ সহানুভূতিশীলতা, মানবীয়তা আৰু মানুহৰ প্ৰতি অবিচল সেৱাৰ মূৰ্তি হিচাপে সামূহিক স্মৃতি হিচাপে ৰৈ গৈছে। আনৰ হিতৰ বাবে উৎসর্গীকৃত জীৱনকালত তেওঁ দেখুৱাইছিল যে আনৰ বাবে আগবঢ়োৱা সেৱাতে নিহিত হৈ আছে প্ৰকৃত মহানতা। শ্ৰী মোদীয়ে উল্লেখ কৰে যে শিক্ষা, সমাজ কল্যাণ আৰু আধ্যাত্মিকতাৰ ক্ষেত্ৰত তেওঁৰ উল্লেখযোগ্য অৱদানে সমাজত এক স্থায়ী প্ৰভাৱ পেলাইছে। আজিও তেওঁৰ জীৱনে অগণন ব্যক্তিক নিঃস্বাৰ্থভাৱে সেৱা আগবঢ়াবলৈ পথ প্ৰদৰ্শনৰ লগতে অনুপ্ৰাণিত কৰি আহিছে।