শ্ৰী শিৱৰাজ পাটিলৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ
December 12th, 10:26 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্ৰী শিৱৰাজ পাটিলৰ মৃত্যুত শোক প্ৰকাশ কৰি তেওঁক জনসেৱাৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰা এগৰাকী অভিজ্ঞ নেতা বুলি অভিহিত কৰে।এবিপি নেটৱৰ্কৰ ইণ্ডিয়া@২০৪৭ সন্মিলনত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
May 07th, 12:00 pm
ভাৰত মণ্ডপমৰ এই মঞ্চ আজি পুৱাৰে পৰা প্ৰাণৱন্ত ৰূপ পাইছে। কেইদিনমানৰ পূৰ্বে আপোনাৰ দলটোক অলপ সময়ৰ বাবে লগ পোৱাৰ সুযোগ পাইছিলোঁ। এই সন্মিলন বৈচিত্ৰ্যপূৰ্ণ। বহু মহান ব্যক্তিয়ে এই সন্মিলক সমৃদ্ধ কৰিছে। মই নিশ্চিত যে আপোনালোক সকলোৱেও এটা ডাঙৰ অভিজ্ঞতা লাভ কৰিছে। এই সন্মিলনত বৃহৎ সংখ্যক যুৱক-যুৱতী আৰু মহিলাৰ উপস্থিতি থকাটো ব্যতিক্ৰমী হিচাপে পৰিগণিত হৈছে। বিশেষকৈ আমাৰ ড্ৰোণ দিদি আৰু লাখপতি দিদিসকলে তেওঁলোকৰ অভিজ্ঞতা শ্বেয়াৰ কৰিলে। এই সকলোবোৰ এংকৰক যেতিয়া মই এতিয়াই লগ পাইছিলো, তেতিয়া মই দেখি আছিলো যে তেওঁলোকে ইমান উৎসাহেৰে নিজৰ অভিজ্ঞতাবোৰ শ্বেয়াৰ কৰিছে। প্ৰতিটো সংলাপ মনত পৰিল। অৰ্থাৎ এইটো সঁচাকৈয়ে এক অতি প্ৰেৰণাদায়ক সুযোগ হিচাপে পৰিগণিত হৈছে।PM Modi addresses the Global Conference on Space Exploration (GLEX) 2025
May 07th, 11:30 am
PM Modi addressed GLEX 2025 via videoconferencing, showcasing India’s stellar rise from a humble 1963 rocket launch to becoming the first to land near the Moon’s South Pole. He celebrated India's Mars triumph, space tech breakthroughs, and future missions like Gaganyaan and Bharatiya Antariksha Station.১৭ তম অসামৰিক সেৱা দিৱসত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
April 21st, 11:30 am
অসামৰিক সেৱা দিৱসত সকলোকে আন্তৰিক অভিনন্দন! এইবছৰৰ অসামৰিক সেৱা দিৱস উদযাপনৰ বিশেষ তাৎপৰ্য আছে। আমি আমাৰ সংবিধানৰ ৭৫তম বছৰ স্মৰণ কৰাৰ লগতে ভাৰতৰ লৌহ পুৰুষ চৰ্দাৰ বল্লভভাই পেটেলৰ ১৫০ সংখ্যক জন্ম জয়ন্তীও পালন কৰিবলৈ লৈছো। ১৯৪৭ চনৰ ২১ এপ্ৰিলৰ আজিৰ দিনটোতে চৰ্দাৰ পেটেলে চৰকাৰী কৰ্মচাৰীক “ষ্টীল ফ্ৰেম অৱ ইণ্ডিয়া” অৰ্থাৎ ভাৰতৰ লৌহ গাঁথনি বুলি উল্লেখ কৰিছিল। তেওঁ এনে এক আমোলাতন্ত্ৰৰ কল্পনা কৰিছিল যিয়ে স্বাধীন ভাৰতৰ আদৰ্শক ৰক্ষা কৰিব, যি হ’ব সততা, অনুশাসন আৰু জাতিৰ প্ৰতি অটল দায়বদ্ধতাৰ শিপাই থকা অসামৰিক সেৱা। যিয়ে গণতান্ত্ৰিক মনোভাৱেৰে প্ৰশাসনযন্ত্ৰ পৰিচালনা কৰে আৰু দেশৰ সেৱাক সকলোতকৈ ওপৰত স্থান দিয়ে। আমি বিকশিত ভাৰত নিৰ্মাণৰ সংকল্প লৈ আগবাঢ়ি যোৱাৰ সময়তে চৰ্দাৰ পেটেলৰ কথাই আমাক পথ প্ৰদৰ্শন আৰু অনুপ্ৰাণিত কৰি আহিছে। নিষ্ঠাবান, সৎ আৰু জনকেন্দ্ৰিক অসামৰিক সেৱাৰ বাবে তেওঁৰ দৃষ্টিভংগী এতিয়া পূৰ্বতকৈও অধিক প্ৰাসংগিক হৈ পৰিছে। এই উপলক্ষে চৰ্দাৰ পেটেলৰ চিৰস্থায়ী দৃষ্টিভংগীক শ্ৰদ্ধা জনাইছো আৰু দেশ নিৰ্মাণৰ দিশত অদম্য প্ৰচেষ্টাৰ বাবে সকলো চৰকাৰী কৰ্মচাৰীক গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছো।১৭সংখ্যক অসামৰিক সেৱা দিৱসত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ সম্বোধন
April 21st, 11:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত ১৭ সংখ্যক অসামৰিক সেৱা দিৱস উপলক্ষে অসামৰিক কৰ্মচাৰীসকলক সম্বোধন কৰে। তেওঁ ৰাজহুৱা প্ৰশাসনত উৎকৃষ্টতাৰ বাবে প্ৰধানমন্ত্ৰীৰ বঁটাও প্ৰদান কৰে। সমাৱেশক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে অসামৰিক সেৱা দিৱস উপলক্ষে সকলোকে অভিনন্দন জনায় আৰু সংবিধানৰ ৭৫তম বৰ্ষপূৰ্তি আৰু চৰ্দাৰ বল্লভভাই পেটেলৰ ১৫০তম জয়ন্তী উপলক্ষে এইবাৰৰ উদযাপনৰ গুৰুত্বত আলোকপাত কৰে। অসামৰিক কৰ্মচাৰীসকলক 'ভাৰতৰ তীখাৰ জকা' বুলি উল্লেখ কৰা ১৯৪৭চনৰ ২১ এপ্ৰিলৰ চৰ্দাৰ পেটেলৰ বিখ্যাত বক্তব্যৰ কথা স্মৰণ কৰি শ্ৰী মোদীয়ে পেটেলৰ আমোলাতন্ত্ৰৰ সম্পৰ্কত থকা দৃষ্টিভংগীৰ ওপৰত গুৰুত্ব আৰোপ কৰে যি অনুশাসন, সততা আৰু গণতান্ত্ৰিক মূল্যবোধ বৰ্তাই ৰাখে আৰু দেশলৈ সৰ্বাধিক নিষ্ঠাৰে সেৱা কৰে। বিকশিত ভাৰত হোৱাৰ ক্ষেত্ৰত দেশৰ সংকল্পৰ সন্দৰ্ভত চৰ্দাৰ পেটেলৰ আদৰ্শৰ প্ৰাসংগিকতাৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰে আৰু চৰ্দাৰ পেটেলৰ দৃষ্টিভংগী আৰু উত্তৰাধিকাৰৰ প্ৰতি আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। লালকিল্লাৰ পৰা তেওঁ পূৰ্বে আগবঢ়োৱা বক্তব্যৰ প্ৰতিফলন ঘটাই শ্ৰীমোদীয়ে পৰৱৰ্তী হাজাৰ বছৰৰ বাবে ভাৰতৰ ভেটি শক্তিশালী কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি উল্লেখ কৰে যে এই সহস্ৰাব্দৰ ইতিমধ্যে ২৫বছৰ পাৰ হৈ গৈছে, যি নতুন শতিকাৰ ২৫তম বছৰ আৰু নতুন সহস্ৰাব্দ চিহ্নিত কৰিছে। তেওঁ কয়,আজি আমি যিবোৰ নীতিৰ ওপৰত কাম কৰি আছো, আমি যিবোৰ সিদ্ধান্ত লৈছো, সেইবোৰে পৰৱৰ্তী হাজাৰ বছৰৰ ভৱিষ্যতক গঢ় দিব। প্ৰাচীন শাস্ত্ৰৰ উদ্ধৃতি দি তেওঁ কয় যে যেনেকৈ ৰথ এখন এটা চকাৰে চলাচল কৰিব নোৱাৰে, ঠিক তেনেদৰে প্ৰচেষ্টা অবিহনে কেৱল ভাগ্যৰ ওপৰত নিৰ্ভৰ কৰি সফলতা লাভ কৰিব নোৱাৰি। উন্নত ভাৰতৰ লক্ষ্যত উপনীত হ’বলৈ সামূহিক প্ৰচেষ্টা আৰু সংকল্পৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ সকলোকে এই অংশীদাৰী দৃষ্টিভংগীৰ দিশত সদায় আৰু প্ৰতিটো মুহূৰ্ততে অক্লান্তভাৱে কাম কৰিবলৈ আহ্বান জনায়।দাউদী বোহৰা সম্প্ৰদায়ৰ প্ৰতিনিধি দলৰে মত বিনিময় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
April 17th, 08:05 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ লোক কল্যাণ মাৰ্গস্থিত নিজা বাসগৃহত দাউদী বোহৰা সম্প্ৰদায়ৰ সদস্যৰ এটা প্ৰতিনিধি দলৰ সৈতে মত বিনিময় কৰে।PM-SURAJ পৰ্টেল মুকলি অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
March 13th, 04:30 pm
আজি দেশখনে নিপীড়িত, পিছপৰা আৰু বঞ্চিত সমাজৰ কল্যাণৰ বাবে আন এক বৃহৎ সুযোগৰ সাক্ষী হৈ পৰিছে। এই কাৰ্যই দেখুৱাইছে যে যেতিয়া অভাৱগ্ৰস্তসকলৰ প্ৰতি সেৱাৰ মনোভাৱ থাকে তেতিয়া কামবোৰ এনেকৈয়েই সম্পন্ন হয়। আজি ৭২০ কোটি টকাৰ সাহায্য পোনপটীয়াকৈ ১ লাখ হিতাধিকাৰীৰ বেংক একাউণ্টত জমা কৰা হৈছে। ৫০০ৰো অধিক জিলাত উপস্থিত এই হিতাধিকাৰীসকলৰ একাউণ্টত এই ধন জমা কৰা হৈছে।প্ৰধানমন্ত্ৰীয়ে সুবিধাবঞ্চিত শ্ৰেণীসমূহলৈ ঋণ সমৰ্থনৰ বাবে দেশজোৰা প্ৰসাৰ কাৰ্য্যসূচী সম্বোধন কৰে
March 13th, 04:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে বঞ্চিত শ্ৰেণীসমূহলৈ ঋণ সমৰ্থনৰ বাবে দেশজোৰা প্ৰচাৰ কাৰ্য্যসূচী সম্বোধন কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰধান মন্ত্ৰী সামাজিক উত্থান আৰু ৰোজগাৰ আধাৰিত জনকল্যাণ (PM-SURAJ) ৰাষ্ট্ৰীয় পৰ্টেল মুকলিৰে দেশৰ বঞ্চিত শ্ৰেণীসমূহৰ এক লাখ উদ্যোগীলৈ ঋণ সমৰ্থনত অনুমোদন জনায়। তেখেতে অনুসূচিত জাতি, পিছপৰা শ্ৰেণী আৰু অনাময় কৰ্মীসকলকে প্ৰমুখ্য কৰি বঞ্চিত শ্ৰেণীসমূহৰ ভিন্ন চৰকাৰী আঁচনিৰ হিতাধিকাৰীসকলৰ সৈতেও মত-বিনিময় কৰে।Free Foodgrains for 81.35 crore beneficiaries for five years: Cabinet Decision
November 29th, 02:26 pm
The Cabinet led by Prime Minister has decided that the Central government will provide free food grains to about 81.35 crore beneficiaries under the Pradhan Mantri Garib Kalyan Anna Yojana (PMGKAY) for a period of five years with effect from 1st January, 2024.দেশ জুৰি চলা ‘মেগা চাইক্লথন’ৰ অংশগ্ৰহণকাৰীসকলক প্ৰধানমন্ত্ৰীৰ প্ৰশংসা
February 15th, 10:19 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেশ জুৰি চলা ‘মেগা চাইক্লথন’ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ লগতে স্বাস্থ্যকৰ জীৱনযাপনৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ বাবে লোৱা পদক্ষেপৰ বাবে সকলোকে প্ৰশংসা কৰে।ৰাজ্যসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদ প্ৰস্তাৱত প্ৰধানমন্ত্ৰী ভাষণৰ অসমীয়া অনুবাদ
February 09th, 02:15 pm
ৰাষ্ট্ৰপতিৰ ভাষণৰ ওপৰত ধন্যবাদৰ প্ৰস্তাৱৰ ওপৰত আলোচনা চলি আছে। সেই আলোচনাত অংশগ্ৰহণ কৰি মই সন্মানীয় ৰাষ্ট্ৰপতিগৰাকীক শ্ৰদ্ধাৰে ধন্যবাদ জনাইছো। সন্মানীয় ৰাষ্ট্ৰপতিলৈ অভিনন্দন জনাইছো। সন্মানীয় অধ্যক্ষ, দুয়োখন সদনক সম্বোধন কৰাৰ সময়ত তেওঁ উন্নত ভাৰতৰ ব্লুপ্ৰিণ্ট আৰু উন্নত ভাৰতৰ সংকল্পৰ বাবে ৰোড মেপ দাঙি ধৰিছে।ৰাজ্যসভাত ৰাষ্ট্ৰপতিৰ ভাষণ সন্দৰ্ভত ধন্যবাদসূচক প্ৰস্তাৱৰ উত্তৰ প্ৰধানমন্ত্ৰীৰ
February 09th, 02:00 pm
আজি ৰাজ্যসভাত সংসদত ৰাষ্ট্ৰপতিয়ে প্ৰদান কৰা ভাষণ সন্দৰ্ভত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ধন্যবাদসূচক প্ৰস্তাৱৰ উত্তৰ দিয়ে। প্ৰধানমন্ত্ৰীগৰাকীয়ে ইয়াৰ আৰম্ভণিতে ৰাষ্ট্ৰপতি ডাঙৰীয়াণীক তেওঁৰ ভাষণত ‘বিকশিত ভাৰত’ৰ দৃষ্টিভংগী দাঙি ধৰি উভয় সদনকে পথ প্ৰদৰ্শনৰ বাবে ধন্যবাদ জনায়।When the forces of good cooperate, the forces of crime cannot operate: PM Modi
October 18th, 01:40 pm
Prime Minister Modi addressed the INTERPOL General Assembly in New Delhi. He said, There are many harmful globalised threats that the world faces. Terrorism, corruption, drug trafficking, poaching and organised crime. The pace of change of these dangers is faster than earlier. When threats are global, the response cannot be just local! It is high time that the world comes together to defeat these threats.নতুন দিল্লীৰ প্ৰগতি ময়দানত অনুষ্ঠিত ৯০ সংখ্যক ‘ইণ্টাৰপোল জেনেৰেল এছেম্বলী’ সম্বোধন কৰিলে প্ৰধানমন্ত্ৰীয়ে
October 18th, 01:35 pm
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ‘প্ৰগতি ময়দান’ত অনুষ্ঠিত ‘ইণ্টাৰপোল’ৰ ‘সাধাৰণ পৰিষদৰ ৯০ সংখ্যক সন্মিলন’ সম্বোধন কৰে।কানাডাৰ সনাতন মন্দিৰ সাংস্কৃতিক কেন্দ্ৰৰদ্বাৰা আয়োজিত এটি কাৰ্য্যক্ৰমত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ মন্তব্যৰ অসমীয়া অনুবাদ
May 02nd, 08:33 am
আপোনালোক আটাইকে আজাদী কা অমৃত মহোৎসৱ আৰু গুজৰাট দিৱসৰ শুভেচ্ছা জনালো! কানাডাত ভাৰতীয় সংস্কৃতি আৰু ভাৰতীয় প্ৰমূল্যৰাজিক সজীৱ কৰি ৰখাৰ ক্ষেত্ৰত অন্টাৰিঅ'-স্থিত সনাতন মন্দিৰ সাংস্কৃতিক কেন্দ্ৰই পালন কৰা ভূমিকা সম্পৰ্কে আমি সকলো অৱগত। মই কানাডা ভ্ৰমণ কৰি অনুভৱ কৰিছো যে আপোনাসৱ আপোনালোকৰ এই প্ৰচেষ্টাৰাজিত সফল হৈছে আৰু আপোনালোকে নিজৰ মনত এক ইতিবাচক ধাৰণা গ্ৰহণ কৰিছে। আমি ২০১৫ ৰ অভিজ্ঞতা কেতিয়াও পাহৰিব নোৱাৰো, কানাডাত ভাৰতীয় মূলৰ লোকসকলৰ সেই স্নেহ আৰু মৰমৰ কথা। মই এই উদ্ভাৱনীমূলক প্ৰচেষ্টাৰে জড়িত সনাতন মন্দিৰ সাংস্কৃতিক কেন্দ্ৰ আৰু আপোনালোক আটাইকে অভিনন্দন জনালো। সনাতন মন্দিৰত চৰ্দাৰ বল্লভভাই পেটেলৰ এই প্ৰতিমূৰ্তিয়ে কেৱল আমাৰ সাংস্কৃতিক মূল্যবোধক সুদৃঢ় কৰাই নহয়, বৰঞ্চ দুয়োখন দেশৰ মাজৰ সম্পৰ্কৰ প্ৰতীক হৈ উঠিব।কানাডাৰ অণ্টাৰিঅ’ত সনাতন মন্দিৰ সাংস্কৃতিক কেন্দ্ৰত প্রধানমন্ত্রীৰ ভাষণ
May 01st, 09:33 pm
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে ভিডিঅ’ কনফাৰেন্সযোগে কানাডাৰ অণ্টাৰিঅ’ৰ মাৰখামত সনাতন মন্দিৰ সাংস্কৃতিক কেন্দ্ৰত চৰ্দাৰ পেটেলৰ মূর্তি উদ্বোধন অনুষ্ঠান ভাষণ প্ৰদান কৰে৷Sardar Patel lives in the heart of every Indian: PM Modi
October 31st, 09:41 am
PM Narendra Modi, in an address, greeted the countrymen on the occasion of National Unity Day. He paid rich tribute to Sardar Patel who dedicate his life for the ideal of ‘Ek Bharat Shreshtha Bharat’. He said that Sardar Patel is not just a historical figure but lives in the heart of every Indian.ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে ৰাষ্ট্ৰক সম্বোধন প্ৰধানমন্ত্ৰীৰ
October 31st, 09:40 am
ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সম্বোধন কৰি দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰে। তেখেতে 'এক ভাৰত শ্ৰেষ্ঠ ভাৰত'ৰ আদৰ্শৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰা চৰ্দাৰ পেটেললৈ গভীৰ শ্ৰদ্ধা নিবেদন কৰে। তেখেতে কয় যে চৰ্দাৰ পেটেল কেৱল এজন ঐতিহাসিক ব্যক্তিয়েই নহয়, বৰঞ্চ তেওঁৰ স্থান প্ৰতিজন দেশবাসীৰ হৃদয়ত আৰু যিসকল লোকে তেওঁৰ ঐক্যৰ বাৰ্তাক আগুৱাই নিছে তেওঁলোক হৈছে একতাৰ এক অক্ষত অনুভূতিৰ মূৰ্ত প্ৰতীক। দেশখনৰ প্ৰতিটো কোণত ৰাষ্ট্ৰীয় একতা পেৰেড আৰু একতাৰ প্ৰতিমূৰ্তিস্থলীত কাৰ্য্যসূচীসমূহে একেই উদ্দীপনা প্ৰতিফলিত কৰিছে, তেখেতে কয়।প্ৰধানমন্ত্ৰীয়ে ছাংঘাই সহযোগিতা সংগঠনৰ সদস্য দেশৰ মূৰব্বীসকলৰ পৰিষদৰ ২১তম বৈঠকত ভাৰ্চুৱেল মাধ্যমত ভাগ লয়
September 17th, 05:21 pm
প্ৰধানমন্ত্ৰীয়ে ছাংঘাই সহযোগিতা সংগঠন (এছচিঅ')ৰ সদস্য দেশসমূহৰ মূৰব্বীসকলৰ পৰিষদৰ ২১তম বৈঠকত ভাৰ্চুৱেল আৰু আফগানিস্তানৰ ওপৰত সংযুক্ত এছচিঅ'-চিএছটিঅ' আউটৰিচ ছেছনত ভিডিঅ'-বাৰ্তাৰ মাধ্যমত ভাগ লয়।Prime Minister Narendra Modi’s remarks for SCO-CSTO Outreach Summit on Afghanistan
September 17th, 05:01 pm
At the plenary session of SCO Summit, PM Modi remarked, The 20th anniversary of the SCO is a suitable occasion to think about the future of the SCO. I believe that the biggest challenges in this area are related to peace, security and trust-deficit and the root cause of these problems is increasing radicalization. Recent developments in Afghanistan have made this challenge more apparent.