ৰাজ্য প্ৰতিষ্ঠা দিৱস উপলক্ষ্যে ছিকিমৰ ৰাইজক শুভেচ্ছা জ্ঞাপন কৰিলে প্ৰধানমন্ত্ৰীয়ে

May 16th, 01:32 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজ্য প্ৰতিষ্ঠা দিৱস উপলক্ষ্যে ছিকিমৰ জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰেছ ছিকিমে ঐতিহাসিক মাইলৰ খুঁটি হিচাপে চলিত বৰ্ষত ৫০ সংখ্যক ৰাজ্য প্ৰতিষ্ঠা দিৱস উদযাপন কৰিছে। শ্ৰী মোদীয়ে মন্তব্য কৰে যে ভাৰতৰ উন্নয়ন যাত্ৰাত ছিকিমৰ অৱদান অত্যন্ত মূল্যৱান আৰু শলাগিবলগীয়া ।

তামিলনাডুৰ মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰা থিৰু চি যোচেফ বিজয়ক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ

May 10th, 11:10 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি থিৰু চি যোচেফ বিজয়ক তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ বাবে অভিনন্দন জনায়।

নিঃস্বাৰ্থ সেৱা আৰু সহানুভূতিৰ মনোভাৱৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীৰ সংস্কৃত সুভাশিতম শ্বেয়াৰ

May 06th, 09:12 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে নিঃস্বাৰ্থ মনোভাৱেৰে কৰা কাম হৈছে মানৱতাৰ সবাতোকৈ প্ৰকৃত ৰূপ। তেওঁ উল্লেখ কৰে যে এনে কৰ্মই কেৱল আভ্যন্তৰীণ সুখেই প্ৰদান নকৰে, বৰং সমাজৰ কল্যাণতো অৰিহণা যোগায়।

২৮-২৯ এপ্ৰিলত উত্তৰপ্ৰদেশ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে

April 26th, 03:46 pm

২৮-২৯ এপ্ৰিলত উত্তৰ প্ৰদেশ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। ২৮ এপ্ৰিলৰ সন্ধিয়া প্ৰায় ৫ বজাত প্ৰধানমন্ত্ৰীগৰাকীয়ে মহিলা সন্মিলনত অংশগ্ৰহণ কৰিব, য’ত তেওঁ বাৰাণসীত প্ৰায় ৬,৩৫০ কোটি টকাৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। এই উপলক্ষে তেওঁ ৰাজহুৱা সমাৱেশতো ভাষণ দিব।

UDF and LDF are causing double damage by encouraging fundamentalist forces and engaging in corruption: PM Modi

April 02nd, 05:00 pm

PM Modi interacted with BJP karyakartas across Keralam under the “Mera Booth Sabse Mazboot” initiative, energising grassroots organisation and expressing confidence that the state is ready for a historic political shift. Extending greetings to the people of Keralam, he noted that the ongoing election campaign reflects a strong wave in favour of BJP-NDA.

PM Modi interacts with BJP Karyakartas from Keralam under “Mera Booth Sabse Mazboot” campaign

April 02nd, 04:30 pm

PM Modi interacted with BJP karyakartas across Keralam under the “Mera Booth Sabse Mazboot” initiative, energising grassroots organisation and expressing confidence that the state is ready for a historic political shift. Extending greetings to the people of Keralam, he noted that the ongoing election campaign reflects a strong wave in favour of BJP-NDA.

সংস্কৃত হিতোপদেশ শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ, পূজনীয় ড০ শ্ৰী শ্ৰী শিৱকুমাৰ স্বামীজীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

April 01st, 10:37 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পূজনীয় ড০ শ্ৰী শ্ৰী শ্ৰী শিৱকুমাৰ স্বামীজীলৈ তেওঁৰ জয়ন্তী উপলক্ষে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰী মোদীয়ে লগতে কয় যে শিক্ষা, সমাজ কল্যাণ আৰু আধ্যাত্মিকতাৰ ক্ষেত্ৰত তেওঁৰ অতুলনীয় অৱদানে দেশৰ প্ৰতিটো প্ৰজন্মক নিঃস্বাৰ্থ সেৱাৰ দিশত অনুপ্ৰাণিত কৰি থাকিব।

পূজনীয় ড০ শ্ৰী শিৱকুমাৰ স্বামীগালুৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন প্ৰধানমন্ত্ৰীৰ

April 01st, 10:33 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পূজনীয় ড০ শ্ৰী শ্ৰী শ্ৰী শিৱকুমাৰ স্বামীগালুৰ জয়ন্তীত তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰী মোদীয়ে মন্তব্য কৰে যে তেওঁ সহানুভূতিশীলতা, মানবীয়তা আৰু মানুহৰ প্ৰতি অবিচল সেৱাৰ মূৰ্তি হিচাপে সামূহিক স্মৃতি হিচাপে ৰৈ গৈছে। আনৰ হিতৰ বাবে উৎসর্গীকৃত জীৱনকালত তেওঁ দেখুৱাইছিল যে আনৰ বাবে আগবঢ়োৱা সেৱাতে নিহিত হৈ আছে প্ৰকৃত মহানতা। শ্ৰী মোদীয়ে উল্লেখ কৰে যে শিক্ষা, সমাজ কল্যাণ আৰু আধ্যাত্মিকতাৰ ক্ষেত্ৰত তেওঁৰ উল্লেখযোগ্য অৱদানে সমাজত এক স্থায়ী প্ৰভাৱ পেলাইছে। আজিও তেওঁৰ জীৱনে অগণন ব্যক্তিক নিঃস্বাৰ্থভাৱে সেৱা আগবঢ়াবলৈ পথ প্ৰদৰ্শনৰ লগতে অনুপ্ৰাণিত কৰি আহিছে।

মালয়েছিয়াৰ প্ৰধানমন্ত্ৰীৰ সৈতে যুটীয়া প্ৰেছ বিবৃতিৰ সময়ত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতি

February 08th, 08:35 am

পোনপ্ৰথমে মই মোৰ ঘনিষ্ঠ বন্ধু প্ৰধানমন্ত্ৰী আনৱাৰ ইব্ৰাহিমক উষ্ম আদৰণি জনোৱাৰ বাবে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো। যোৱা বছৰ আছিয়ান সন্মিলনৰ বাবে মালয়েছিয়ালৈ যাব পৰা নাছিলো। কিন্তু মই মোৰ প্ৰিয় বন্ধুক প্ৰতিশ্ৰুতি দিছিলোঁ যে মই অতি সোনকালে মালয়েছিয়া ভ্ৰমণ কৰিম। আৰু আজি ২০২৬ চনৰ প্ৰথম বিদেশ ভ্ৰমণতে মই মালয়েছিয়াত উপস্থিত হ’লোঁ।

ভাৰতৰ প্ৰধানমন্ত্ৰীৰ মালয়েছিয়া ভ্ৰমণ উপলক্ষে ভাৰত-মালয়েছিয়াৰ যুটীয়া বিবৃতি

February 08th, 08:30 am

মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী মহামহিম দাটো’ ছেৰী আনৱাৰ ইব্ৰাহিমৰ আমন্ত্ৰণত ভাৰত গণৰাজ্যৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬ চনৰ ৭ ফেব্ৰুৱাৰীৰ পৰা ৮ ফেব্ৰুৱাৰীলৈ মালয়েছিয়া ভ্ৰমণ কৰে। এই ভ্ৰমণে দুয়োখন দেশৰ মাজত সভ্যতাৰ সম্পৰ্কৰ ওপৰত আধাৰিত গভীৰ বন্ধুত্ব আৰু স্থায়ী জনসাধাৰণৰ মাজৰ সম্পৰ্কক প্ৰতিফলিত কৰিছিল। ই ভাৰত-মালয়েছিয়াৰ সৰ্বাংগীণ কৌশলগত অংশীদাৰিত্বক অধিক শক্তিশালী আৰু সম্প্ৰসাৰণৰ বাবে দুয়োগৰাকী নেতাৰ দায়বদ্ধতাক পুনৰ নিশ্চিত কৰে।

অৰ্থনৈতিক জৰীপক ভাৰতৰ সংস্কাৰ এক্সপ্ৰেছৰ এক বিস্তৃত ছবি হিচাপে আলোকপাত কৰিলে প্ৰধানমন্ত্ৰীয়ে

January 29th, 08:31 pm

অৰ্থনৈতিক জৰীপক ভাৰতৰ সংস্কাৰ এক্সপ্ৰেছৰ এক বিস্তৃত ছবি হিচাপে আলোকপাত কৰিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে কয় যে আজি দাখিল কৰা অৰ্থনৈতিক জৰীপে ভাৰতৰ সংস্কাৰ এক্সপ্ৰেছৰ এক বিস্তৃত ছবি দাঙি ধৰিছে, যিয়ে প্ৰত্যাহ্বানমূলক বিশ্ব পৰিৱেশত অবিৰত অগ্ৰগতি প্ৰতিফলিত কৰিছে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে অৰ্থনৈতিক জৰীপে শক্তিশালী সামষ্টিক অৰ্থনৈতিক মৌলিক দিশ, স্থায়ী বৃদ্ধিৰ গতি আৰু ৰাষ্ট্ৰ নিৰ্মাণত উদ্ভাৱন, উদ্যোগীকৰণ আৰু আন্তঃগাঁথনিৰ বিস্তাৰিত ভূমিকাক উজ্জ্বল কৰি তুলিছে। সমীক্ষাটোৱে কৃষক, এম এছ এম ই, যুৱ নিয়োগ আৰু সমাজ কল্যাণৰ বিষয়ত গুৰুত্ব আৰোপ কৰি অন্তৰ্ভুক্ত উন্নয়নৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। ইয়াৰ উপৰিও ইয়াত উৎপাদন শক্তিশালী কৰা, উৎপাদনশীলতা বৃদ্ধি আৰু বিকশিত ভাৰত হোৱাৰ দিশত আমাৰ যাত্ৰা ত্বৰান্বিত কৰাৰ ৰোডমেপৰ ৰূপৰেখা দাঙি ধৰা হৈছে, শ্ৰী মোদীয়ে কয়।কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে এক্সত দিয়া পোষ্টৰ উত্তৰত শ্ৰী মোদীয়ে এনেদৰে কয়।

সুভাশিতমৰ জৰিয়তে সামাজিক কল্যাণৰ বাবে মংগলকামী চিন্তাধাৰাৰ শক্তিৰ ওপৰত গুৰুত্ব আৰোপ প্ৰধানমন্ত্ৰীৰ

December 31st, 09:06 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সমাজৰ কল্যাণক আগুৱাই নিয়াৰ ক্ষেত্ৰত মংগলকামী চিন্তাধাৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।

শ্ৰী শিৱৰাজ পাটিলৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ

December 12th, 10:26 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্ৰী শিৱৰাজ পাটিলৰ মৃত্যুত শোক প্ৰকাশ কৰি তেওঁক জনসেৱাৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰা এগৰাকী অভিজ্ঞ নেতা বুলি অভিহিত কৰে।

এবিপি নেটৱৰ্কৰ ইণ্ডিয়া@২০৪৭ সন্মিলনত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

May 07th, 12:00 pm

ভাৰত মণ্ডপমৰ এই মঞ্চ আজি পুৱাৰে পৰা প্ৰাণৱন্ত ৰূপ পাইছে। কেইদিনমানৰ পূৰ্বে আপোনাৰ দলটোক অলপ সময়ৰ বাবে লগ পোৱাৰ সুযোগ পাইছিলোঁ। এই সন্মিলন বৈচিত্ৰ্যপূৰ্ণ। বহু মহান ব্যক্তিয়ে এই সন্মিলক সমৃদ্ধ কৰিছে। মই নিশ্চিত যে আপোনালোক সকলোৱেও এটা ডাঙৰ অভিজ্ঞতা লাভ কৰিছে। এই সন্মিলনত বৃহৎ সংখ্যক যুৱক-যুৱতী আৰু মহিলাৰ উপস্থিতি থকাটো ব্যতিক্ৰমী হিচাপে পৰিগণিত হৈছে। বিশেষকৈ আমাৰ ড্ৰোণ দিদি আৰু লাখপতি দিদিসকলে তেওঁলোকৰ অভিজ্ঞতা শ্বেয়াৰ কৰিলে। এই সকলোবোৰ এংকৰক যেতিয়া মই এতিয়াই লগ পাইছিলো, তেতিয়া মই দেখি আছিলো যে তেওঁলোকে ইমান উৎসাহেৰে নিজৰ অভিজ্ঞতাবোৰ শ্বেয়াৰ কৰিছে। প্ৰতিটো সংলাপ মনত পৰিল। অৰ্থাৎ এইটো সঁচাকৈয়ে এক অতি প্ৰেৰণাদায়ক সুযোগ হিচাপে পৰিগণিত হৈছে।

PM Modi addresses the Global Conference on Space Exploration (GLEX) 2025

May 07th, 11:30 am

PM Modi addressed GLEX 2025 via videoconferencing, showcasing India’s stellar rise from a humble 1963 rocket launch to becoming the first to land near the Moon’s South Pole. He celebrated India's Mars triumph, space tech breakthroughs, and future missions like Gaganyaan and Bharatiya Antariksha Station.

১৭ তম অসামৰিক সেৱা দিৱসত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

April 21st, 11:30 am

অসামৰিক সেৱা দিৱসত সকলোকে আন্তৰিক অভিনন্দন! এইবছৰৰ অসামৰিক সেৱা দিৱস উদযাপনৰ বিশেষ তাৎপৰ্য আছে। আমি আমাৰ সংবিধানৰ ৭৫তম বছৰ স্মৰণ কৰাৰ লগতে ভাৰতৰ লৌহ পুৰুষ চৰ্দাৰ বল্লভভাই পেটেলৰ ১৫০ সংখ্যক জন্ম জয়ন্তীও পালন কৰিবলৈ লৈছো। ১৯৪৭ চনৰ ২১ এপ্ৰিলৰ আজিৰ দিনটোতে চৰ্দাৰ পেটেলে চৰকাৰী কৰ্মচাৰীক “ষ্টীল ফ্ৰেম অৱ ইণ্ডিয়া” অৰ্থাৎ ভাৰতৰ লৌহ গাঁথনি বুলি উল্লেখ কৰিছিল। তেওঁ এনে এক আমোলাতন্ত্ৰৰ কল্পনা কৰিছিল যিয়ে স্বাধীন ভাৰতৰ আদৰ্শক ৰক্ষা কৰিব, যি হ’ব সততা, অনুশাসন আৰু জাতিৰ প্ৰতি অটল দায়বদ্ধতাৰ শিপাই থকা অসামৰিক সেৱা। যিয়ে গণতান্ত্ৰিক মনোভাৱেৰে প্ৰশাসনযন্ত্ৰ পৰিচালনা কৰে আৰু দেশৰ সেৱাক সকলোতকৈ ওপৰত স্থান দিয়ে। আমি বিকশিত ভাৰত নিৰ্মাণৰ সংকল্প লৈ আগবাঢ়ি যোৱাৰ সময়তে চৰ্দাৰ পেটেলৰ কথাই আমাক পথ প্ৰদৰ্শন আৰু অনুপ্ৰাণিত কৰি আহিছে। নিষ্ঠাবান, সৎ আৰু জনকেন্দ্ৰিক অসামৰিক সেৱাৰ বাবে তেওঁৰ দৃষ্টিভংগী এতিয়া পূৰ্বতকৈও অধিক প্ৰাসংগিক হৈ পৰিছে। এই উপলক্ষে চৰ্দাৰ পেটেলৰ চিৰস্থায়ী দৃষ্টিভংগীক শ্ৰদ্ধা জনাইছো আৰু দেশ নিৰ্মাণৰ দিশত অদম্য প্ৰচেষ্টাৰ বাবে সকলো চৰকাৰী কৰ্মচাৰীক গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছো।

১৭সংখ্যক অসামৰিক সেৱা দিৱসত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ সম্বোধন

April 21st, 11:00 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত ১৭ সংখ্যক অসামৰিক সেৱা দিৱস উপলক্ষে অসামৰিক কৰ্মচাৰীসকলক সম্বোধন কৰে। তেওঁ ৰাজহুৱা প্ৰশাসনত উৎকৃষ্টতাৰ বাবে প্ৰধানমন্ত্ৰীৰ বঁটাও প্ৰদান কৰে। সমাৱেশক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে অসামৰিক সেৱা দিৱস উপলক্ষে সকলোকে অভিনন্দন জনায় আৰু সংবিধানৰ ৭৫তম বৰ্ষপূৰ্তি আৰু চৰ্দাৰ বল্লভভাই পেটেলৰ ১৫০তম জয়ন্তী উপলক্ষে এইবাৰৰ উদযাপনৰ গুৰুত্বত আলোকপাত কৰে। অসামৰিক কৰ্মচাৰীসকলক 'ভাৰতৰ তীখাৰ জকা' বুলি উল্লেখ কৰা ১৯৪৭চনৰ ২১ এপ্ৰিলৰ চৰ্দাৰ পেটেলৰ বিখ্যাত বক্তব্যৰ কথা স্মৰণ কৰি শ্ৰী মোদীয়ে পেটেলৰ আমোলাতন্ত্ৰৰ সম্পৰ্কত থকা দৃষ্টিভংগীৰ ওপৰত গুৰুত্ব আৰোপ কৰে যি অনুশাসন, সততা আৰু গণতান্ত্ৰিক মূল্যবোধ বৰ্তাই ৰাখে আৰু দেশলৈ সৰ্বাধিক নিষ্ঠাৰে সেৱা কৰে। বিকশিত ভাৰত হোৱাৰ ক্ষেত্ৰত দেশৰ সংকল্পৰ সন্দৰ্ভত চৰ্দাৰ পেটেলৰ আদৰ্শৰ প্ৰাসংগিকতাৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰে আৰু চৰ্দাৰ পেটেলৰ দৃষ্টিভংগী আৰু উত্তৰাধিকাৰৰ প্ৰতি আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। লালকিল্লাৰ পৰা তেওঁ পূৰ্বে আগবঢ়োৱা বক্তব্যৰ প্ৰতিফলন ঘটাই শ্ৰীমোদীয়ে পৰৱৰ্তী হাজাৰ বছৰৰ বাবে ভাৰতৰ ভেটি শক্তিশালী কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি উল্লেখ কৰে যে এই সহস্ৰাব্দৰ ইতিমধ্যে ২৫বছৰ পাৰ হৈ গৈছে, যি নতুন শতিকাৰ ২৫তম বছৰ আৰু নতুন সহস্ৰাব্দ চিহ্নিত কৰিছে। তেওঁ কয়,আজি আমি যিবোৰ নীতিৰ ওপৰত কাম কৰি আছো, আমি যিবোৰ সিদ্ধান্ত লৈছো, সেইবোৰে পৰৱৰ্তী হাজাৰ বছৰৰ ভৱিষ্যতক গঢ় দিব। প্ৰাচীন শাস্ত্ৰৰ উদ্ধৃতি দি তেওঁ কয় যে যেনেকৈ ৰথ এখন এটা চকাৰে চলাচল কৰিব নোৱাৰে, ঠিক তেনেদৰে প্ৰচেষ্টা অবিহনে কেৱল ভাগ্যৰ ওপৰত নিৰ্ভৰ কৰি সফলতা লাভ কৰিব নোৱাৰি। উন্নত ভাৰতৰ লক্ষ্যত উপনীত হ’বলৈ সামূহিক প্ৰচেষ্টা আৰু সংকল্পৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ সকলোকে এই অংশীদাৰী দৃষ্টিভংগীৰ দিশত সদায় আৰু প্ৰতিটো মুহূৰ্ততে অক্লান্তভাৱে কাম কৰিবলৈ আহ্বান জনায়।

দাউদী বোহৰা সম্প্ৰদায়ৰ প্ৰতিনিধি দলৰে মত বিনিময় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

April 17th, 08:05 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ লোক কল্যাণ মাৰ্গস্থিত নিজা বাসগৃহত দাউদী বোহৰা সম্প্ৰদায়ৰ সদস্যৰ এটা প্ৰতিনিধি দলৰ সৈতে মত বিনিময় কৰে।

PM-SURAJ পৰ্টেল মুকলি অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

March 13th, 04:30 pm

আজি দেশখনে নিপীড়িত, পিছপৰা আৰু বঞ্চিত সমাজৰ কল্যাণৰ বাবে আন এক বৃহৎ সুযোগৰ সাক্ষী হৈ পৰিছে। এই কাৰ্যই দেখুৱাইছে যে যেতিয়া অভাৱগ্ৰস্তসকলৰ প্ৰতি সেৱাৰ মনোভাৱ থাকে তেতিয়া কামবোৰ এনেকৈয়েই সম্পন্ন হয়। আজি ৭২০ কোটি টকাৰ সাহায্য পোনপটীয়াকৈ ১ লাখ হিতাধিকাৰীৰ বেংক একাউণ্টত জমা কৰা হৈছে। ৫০০ৰো অধিক জিলাত উপস্থিত এই হিতাধিকাৰীসকলৰ একাউণ্টত এই ধন জমা কৰা হৈছে।

প্ৰধানমন্ত্ৰীয়ে সুবিধাবঞ্চিত শ্ৰেণীসমূহলৈ ঋণ সমৰ্থনৰ বাবে দেশজোৰা প্ৰসাৰ কাৰ্য্যসূচী সম্বোধন কৰে

March 13th, 04:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে বঞ্চিত শ্ৰেণীসমূহলৈ ঋণ সমৰ্থনৰ বাবে দেশজোৰা প্ৰচাৰ কাৰ্য্যসূচী সম্বোধন কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰধান মন্ত্ৰী সামাজিক উত্থান আৰু ৰোজগাৰ আধাৰিত জনকল্যাণ (PM-SURAJ) ৰাষ্ট্ৰীয় পৰ্টেল মুকলিৰে দেশৰ বঞ্চিত শ্ৰেণীসমূহৰ এক লাখ উদ্যোগীলৈ ঋণ সমৰ্থনত অনুমোদন জনায়। তেখেতে অনুসূচিত জাতি, পিছপৰা শ্ৰেণী আৰু অনাময় কৰ্মীসকলকে প্ৰমুখ্য কৰি বঞ্চিত শ্ৰেণীসমূহৰ ভিন্ন চৰকাৰী আঁচনিৰ হিতাধিকাৰীসকলৰ সৈতেও মত-বিনিময় কৰে।