পেৰিছত অনুষ্ঠিত ভাৰতীয় সম্প্ৰদায়ৰ অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীয়ে আগবঢ়োৱা ভাষণৰ পূৰ্ণপাঠ
June 18th, 11:41 pm
১৪ জুনত যেতিয়া মই নাইচত উপস্থিত হৈছিলো, তেতিয়া মই অংশগ্ৰহণ কৰা প্ৰথমটো অনুষ্ঠান আছিল ‘ইণ্ডিয়া ইনোভেটছ’। আজি ফ্ৰান্সৰ পৰা উভতি যাবলৈ সাজু হৈ থাকোঁতে এনে লাগে যেন মই ‘ইণ্ডিয়া কানেক্টছ’ৰ কোনো অনুষ্ঠানত উপস্থিত হৈছো।পেৰিছত ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলক সম্বোধন কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে
June 18th, 09:30 pm
প্ৰধানমন্ত্ৰীয়ে শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬ চনৰ ১৮ জুনত পেৰিছত থকা ভাৰতীয় সম্প্ৰদায়ৰ লোকৰ এক বৃহৎ সমাৱেশত ভাষণ আগবঢ়ায়। প্ৰধানমন্ত্ৰীয়ে সভাস্থলীত উপস্থিত হোৱাৰ লগে লগে তেওঁক উষ্ম আদৰণি জনোৱা হয়, যিয়ে ভাৰতীয়মূলৰ বিদেশত থকা লোকসকলৰ মাতৃভূমিৰ প্ৰতি থকা গভীৰ মৰমক প্ৰতিফলিত কৰে।ভাৰতত সৰ্বাধিক দিনৰ বাবে প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হৈ থকাৰ বাবে প্ৰধানমন্ত্ৰী মোদীক শুভেচ্ছা জনালে বিশ্বৰ নেতাসকলে
June 09th, 07:32 pm
ভাৰতত সৰ্বাধিক দিনৰ বাবে প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হৈ কাইলৈ অভিলেখ গঢ়িবলগীয়া প্ৰধানমন্ত্ৰী মোদীক বিশ্বৰ নেতাসকলে আগতীয়াকৈ উষ্ম অভিনন্দন জ্ঞাপন কৰিছে। প্ৰধানমন্ত্ৰীৰ পৰিৱৰ্তনশীল শাসন ব্যৱস্থা, গ্ল’বেল চাউথৰ বাবে তেওঁৰ পোষকতা আৰু তেওঁৰ সৰ্বাংগীন তথা অৰ্থনৈতিকভাৱে গতিশীল ভাৰতৰ দৃষ্টিভংগীক সমগ্ৰ বিশ্বৰ বিশ্বৰ নেতাসকলে স্বীকৃতি দিয়ে।হিন্দুস্তান টাইমছ লীডাৰ্ছ ছামিটত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
December 06th, 08:14 pm
হিন্দুস্তান টাইমছ সন্মিলনত ভাৰত আৰু বিদেশৰ ভালে কেইগৰাকী বিশিষ্ট অতিথিয়ে অংশগ্ৰহণ কৰিছে। মই আয়োজকবৃন্দ আৰু মতামত আগবঢ়োৱা সকলো সতীৰ্থকে অভিনন্দন জনাইছো। শোভানা জীয়ে দুটা কথা উল্লেখ কৰিছে, এয়া মই শুনিলো। প্ৰথমে তেওঁ কৈছে যে যোৱাবাৰ মোদী জীয়ে ভ্ৰমণ কৰোতে তেওঁ এই পৰামৰ্শ প্ৰদান কৰিছিল। এই দেশৰ কোনেও মিডিয়া হাউচক নিজৰ কাম কৰিবলৈ ক’বলৈ সাহস নকৰে। কিন্তু মই কৈছিলো আৰু মই সুখী যে শোভানা জী আৰু তেওঁৰ টীমটোৱে এই কামটো অতিশয় উৎসাহেৰে কৰিলে। আৰু মই ক্ষন্তেক পূৰ্বে প্ৰদৰ্শনীখন চালো, সেয়ে মই সকলোকে প্ৰদৰ্শনীখন চাবলৈ আহ্বান জনাইছো। এই ফটোগ্ৰাফাৰ বন্ধুসকলে এই মুহূৰ্তটোক এনেদৰে বন্দী কৰিছে যে মুহূৰ্ততো স্মৰণীয় হৈ উঠিছে। দ্বিতীয়তে তেওঁ কৈছিল আৰু মই মাত্ৰ কথাটো বুজিবলৈ চেষ্টা কৰিছো, তেওঁ ক'ব পাৰিলেহেঁতেন, আপুনি দেশৰ সেৱা কৰি যাওক। কিন্তু ইয়াৰ পৰিৱৰ্তে হিন্দুস্তান টাইমছে কৈছিল, আপুনি দেশৰ সেৱা কৰি যাওক। ইয়াৰ বাবেও মই মোৰ বিশেষ কৃতজ্ঞতা প্ৰকাশ কৰিছো।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত হিন্দুস্তান টাইমছ লীডাৰ্ছ ছামিট, ২০২৫ সম্বোধন কৰে
December 06th, 08:13 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত হিন্দুস্তান টাইমছ লীডাৰ্ছ ছামিট, ২০২৫ সম্বোধন কৰে। ইয়াত ভাষণ প্ৰদানেৰে তেওঁ এই সন্মিলনত ভাৰত আৰু বিদেশৰ ভালেসংখ্য বিশিষ্ট অতিথিয়ে অংশগ্ৰহণ কৰাৰ কথা উল্লেখেৰে আয়োজক আৰু চিন্তাধাৰা ব্যক্ত কৰা সকলোকে শুভেচ্ছা জ্ঞাপন কৰে। শ্ৰী মোদীয়ে কয় যে শোভানা জীয়ে দুটা কথা উল্লেখ কৰিছে, যি কথা তেওঁ মনোযোগেৰে শুনিছে। প্ৰথমটো আছিল তেওঁৰ পূৰ্বৰ ভ্ৰমণ সম্পৰ্কীয়। তেওঁ এটা পৰামৰ্শ প্ৰদান কৰিছিল। মিডিয়া হাউছৰ ক্ষেত্ৰত এয়া বিৰল যদিও তেওঁ পৰামৰ্শ দিছিল। শোভানা জী আৰু টীমটোৱে উৎসাহেৰে সম্পন্ন কৰাত তেওঁ সন্তোষ প্ৰকাশ কৰে। তেওঁ কয় যে প্ৰদৰ্শনীখন দৰ্শনৰ সময়ত তেওঁ প্ৰত্য়ক্ষ কৰিছিল যে ফটোগ্ৰাফাৰসকলে এনেদৰে মুহূৰ্তসমূহ বন্দী কৰিছিল যে সেই মুহূৰ্তসমূহ স্মৰণীয় হৈ পৰিছিল আৰু তেওঁ সকলোকে এয়া চাবলৈ আহ্বান জনায়। শ্ৰী মোদীয়ে শোভানা জীৰ দ্বিতীয়টো কথা সন্দৰ্ভত মন্তব্য প্ৰদানেৰে কেৱল তেৱেঁই নহয়, বৰঞ্চ হিন্দুস্তান টাইমছেও একেদৰেই ৰাষ্ট্ৰক সেৱা কৰি যাব লাগে বুলি কোৱা বুলি ব্যাখ্যা কৰে, ইয়াৰ বাবে তেওঁ বিশেষ কৃতজ্ঞতা প্ৰকাশ কৰে।প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ মধ্যবিত্ত শ্ৰেণীক সমৰ্থন কৰাৰ বাবে চৰকাৰৰ গভীৰ প্ৰতিশ্ৰুতিৰ বিষয়ত গুৰুত্ব আৰোপ কৰে
September 04th, 08:53 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দেশৰ অৰ্থনৈতিক প্ৰগতি আৰু সামাজিক পৰিৱৰ্তনৰ চালিকা শক্তি হিচাবে পৰিগণিত হোৱা ভাৰতৰ মধ্যবিত্ত শ্ৰেণীক সমৰ্থন কৰাৰ বাবে চৰকাৰৰ গভীৰ প্ৰতিশ্ৰুতিৰ বিষয়ত গুৰুত্ব আৰোপ কৰে।