প্ৰধানমন্ত্ৰীক সাক্ষাৎ ভাৰতৰ প্ৰধান মুফতি শ্বেখ আবুবকৰ আহমেদৰ

February 16th, 08:16 pm

ভাৰতৰ প্ৰধান মুফতি শ্বেখ আবুবকৰ আহমেদে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে। ইয়াত তেওঁলোকে বহুকেইটা বিষয়ত মত-বিনিময় কৰে। প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ দেশতে সামাজিক সম্প্ৰীতি, ভ্ৰাতৃত্ববোধ আৰু শিক্ষাৰ অগ্ৰগতি সাধনৰ বাবে প্ৰধান মুফতিজনে গ্ৰহণ কৰা প্ৰশংসনীয় প্ৰচেষ্টাৰ শলাগ লয়।

ভগৱান বুদ্ধৰ সৈতে জড়িত পৱিত্ৰ পিপ্ৰহৱা ধ্বংসাৱশেষৰ বিশাল আন্তঃৰাষ্ট্ৰীয় প্ৰদৰ্শনীৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ

January 03rd, 12:00 pm

কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা মোৰ সহযোগী গজেন্দ্ৰ সিং শ্বেখাৱটজী, কিৰেণ ৰিজিজুজী, ৰামদাস আথাৱালেজী, ৰাও ইন্দৰজিৎজী, দিল্লীৰ মুখ্যমন্ত্ৰীৰ পূৰ্বৰ এটা অনুষ্ঠান আছিল আৰু তেওঁ যাবলগীয়া হৈছে, দিল্লীৰ অন্যান্য সকলো সতীৰ্থ মন্ত্ৰী, দিল্লীৰ লেফটেনেণ্ট গৱৰ্ণৰ শ্ৰী ছাক্সেনাজী, মহামহিমসকল, কূটনৈতিক সম্প্ৰদায়ৰ সন্মানীয় সদস্যসকল, বৌদ্ধ পণ্ডিতগণ, ধৰ্ম অনুগামী ভদ্ৰ পুৰুষ আৰু মহিলাসকল।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত ভগৱান বুদ্ধৰ সৈতে জড়িত পৱিত্ৰ পিপ্ৰহৱা ধ্বংসাৱশেষৰ বিশাল আন্তঃৰাষ্ট্ৰীয় প্ৰদৰ্শনী উদ্বোধন কৰে

January 03rd, 11:30 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ৰায় পিথোৰা সাংস্কৃতিক কমপ্লেক্সত “দ্য লাইট এণ্ড দ্য লোটাছ ঃ ৰেলিছ অব্ দ্য এৱেকেনড ৱান” শীৰ্ষক ভগৱান বুদ্ধৰ সৈতে জড়িত পৱিত্ৰ পিপ্ৰহৱা ধ্বংসাৱশেষৰ বিশাল আন্তঃৰাষ্ট্ৰীয় প্ৰদৰ্শনী উদ্বোধন কৰে। এই উপলক্ষে সভাত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে এশ পঁচিশ বছৰ অপেক্ষাৰ অন্তত ভাৰতৰ ঐতিহ্য ঘূৰি আহিছে, ভাৰতৰ উত্তৰাধিকাৰ পুনৰ উভতি আহিছে। তেওঁ আলোকপাত কৰে যে আজিৰ পৰা ভাৰতৰ জনসাধাৰণে ভগৱান বুদ্ধৰ এই পৱিত্ৰ ধ্বংসাৱশেষসমূহ প্ৰত্যক্ষ কৰি তেওঁৰ আশীৰ্বাদ লাভ কৰিব পাৰিব। এই শুভ অনুষ্ঠানত উপস্থিত থকা সকলো অতিথিক শ্ৰী মোদীয়ে আদৰণি জনাই শুভেচ্ছা জ্ঞাপন কৰে। তেওঁ বৌদ্ধ পৰম্পৰাৰ লগত জড়িত সন্ন্যাসী আৰু ধৰ্মাচাৰ্যও উপস্থিত থকা বুলি উল্লেখ কৰি তেওঁলোকৰ প্ৰতি তেওঁৰ শ্ৰদ্ধা ব্যক্ত কৰে। তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে তেওঁলোকৰ উপস্থিতিয়ে এই অনুষ্ঠানটোক নতুন শক্তি প্ৰদান কৰিছে। প্ৰধানমন্ত্ৰীয়ে এই কথাতো আলোকপাত কৰে যে ২০২৬ চনৰ একেবাৰে আৰম্ভণিতে এই শুভ উদযাপন অতি প্ৰেৰণাদায়ক। ভগৱান বুদ্ধৰ আশীৰ্বাদত ২০২৬ বৰ্ষই বিশ্বৰ বাবে শান্তি, সমৃদ্ধি, সম্প্ৰীতিৰ এক নতুন যুগৰ সূচনা কৰক তাকেই কামনা কৰে।

সংস্কৃত শ্লোকৰ উদ্ধৃতি দি ৰাষ্ট্ৰীয় সম্প্ৰীতিৰ বাবে ক্ৰোধ বশ কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত প্ৰধানমন্ত্ৰীৰ গুৰুত্ব আৰোপ

December 12th, 09:07 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ক্ৰোধৰ ধ্বংসাত্মক প্ৰকৃতি আৰু ব্যক্তিগত কল্যাণ তথা সামূহিক প্ৰগতিৰ বাবে আভ্যন্তৰীণ নিয়ন্ত্ৰণৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰি এক গভীৰ বাৰ্তা প্ৰদান কৰে।

প্ৰধানমন্ত্ৰীয়ে ভগৱান বুদ্ধৰ পবিত্ৰ অৱশিষ্টসমূহক শ্ৰদ্ধাৰে আদৰণি জনোৱাৰ বাবে ভূটানৰ জনসাধাৰণ আৰু নেতৃত্বক প্ৰশংসা কৰে

November 09th, 03:43 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভগৱান বুদ্ধৰ পবিত্ৰ অৱশিষ্টসমূহক শ্ৰদ্ধাৰে আদৰণি জনোৱাৰ বাবে ভূটানৰ জনসাধাৰণ আৰু নেতৃত্বক আন্তৰিক প্ৰশংসা কৰে। শ্ৰী মোদীয়ে কয় যে এই ধ্বংসাৱশেষবোৰ শান্তি, সহানুভূতি আৰু সম্প্ৰীতিৰ কালজয়ী বাৰ্তাৰ প্ৰতীক। ‘ভগৱান বুদ্ধৰ শিক্ষা আমাৰ দুয়োখন ৰাষ্ট্ৰৰ আধ্যাত্মিক ঐতিহ্যৰ মাজত এক পবিত্ৰ যোগসূত্ৰ’, শ্ৰী মোদীয়ে কয়।

নতুন দিল্লীত আয়োজিত আইনী সাহায্য প্ৰদান ব্যৱস্থাক সুদৃঢ়কৰণ বিষয়ক ৰাষ্ট্ৰীয় সন্মিলনত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

November 08th, 05:33 pm

চিজেআই শ্ৰী বি.আৰ. গাৱাই জী, ন্যায়াধীশ সূৰ্য্য কান্ত জী, ন্যায়াধীশ বিক্ৰম নাথ জী, কেন্দ্ৰত মোৰ সতীৰ্থ অৰ্জুন ৰাম মেঘৱাল জী, উচ্চতম ন্যায়ালয়ৰ আন-আন সন্মানীয় ন্যায়াধীশ, উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ, ভদ্ৰলোক আৰু মহিলাসকল।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে “আইনী সাহায্য প্ৰদান ব্যৱস্থাক সুদৃঢ়কৰণ” শীৰ্ষক ৰাষ্ট্ৰীয় সন্মিলন সম্বোধন কৰে

November 08th, 05:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰতৰ উচ্চতম ন্যায়ালয়ত “আইনী সাহায্য প্ৰদান ব্যৱস্থাক সুদৃঢ়কৰণ” শীৰ্ষক ৰাষ্ট্ৰীয় সন্মিলন উদ্বোধন কৰে। এই উপলক্ষে সমবেতসকলক সম্বোধনেৰে শ্ৰী মোদীয়ে উল্লেখ কৰে যে এই গুৰুত্বপূৰ্ণ অনুষ্ঠানত উপস্থিত থকা সকলোৰে মাজত থাকিবলৈ পোৱাটো সঁচাকৈয়ে এক বিশেষ অভিজ্ঞতা। তেওঁ মন্তব্য কৰে যে আইনী সাহায্য প্ৰদান ব্যৱস্থা আৰু আইনী সেৱা দিৱসৰ সৈতে জড়িত কাৰ্য্যসূচীক শক্তিশালী কৰিলে ভাৰতৰ ন্যায়িক ব্যৱস্থাক নতুন শক্তি প্ৰদান কৰা হ’ব। প্ৰধানমন্ত্ৰীয়ে ২০ সংখ্যক ৰাষ্ট্ৰীয় সন্মিলনৰ বাবে সকলোলৈ শুভেচ্ছা জ্ঞাপন কৰে। লগতে উপস্থিত বিশিষ্ট ব্যক্তি, ন্যায়পালিকাৰ সদস্য, আইনী সেৱা কৰ্তৃপক্ষৰ প্ৰতিনিধিসকলকো সম্ভাষণ জনায়।

ইউএইৰ আবুধাবিত বিএপিএছ হিন্দু মন্দিৰ উদ্বোধন কৰি প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

February 14th, 07:16 pm

শ্ৰী স্বামী নাৰায়ণ জয় দেৱ, মহামহিম শ্বেখ নাহিয়ান আল মুবাৰক, সন্মানীয় মহন্ত স্বামী জী মহাৰাজ, ভাৰত আৰু ইউএই তথা বিশ্বৰ ভিন্ন দেশৰ বিশিষ্ট অতিথি আৰু বিশ্বৰ প্ৰতিটো কোণৰপৰা এই অনুষ্ঠানত অংশগ্ৰহণ কৰা মোৰ ভ্ৰাতৃ-ভগ্নীসকল!

PM Modi inaugurates BAPS Hindu Mandir in Abu Dhabi, UAE

February 14th, 06:51 pm

Prime Minister Narendra Modi inaugurated the BAPS Hindu Mandir in Abu Dhabi, UAE. The PM along with the Mukhya Mahant of BAPS Hindu Mandir performed all the rituals. The PM termed the Hindu Mandir in Abu Dhabi as a symbol of shared heritage of humanity.

১৩০ বছৰ পূৰ্বে আজিৰ দিনটোতে আগবঢ়োৱা স্বামী বিবেকানন্দৰ চিকাগো ভাষণ স্মৰণ কৰিলে প্ৰধানমন্ত্ৰীয়ে

September 11th, 03:39 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মন্তব্য কৰিছে যে ১৩০ বছৰ পূৰ্বে চিকাগোৰ বিশ্বৰ ধৰ্ম সংসদত আজিৰ দিনটোতে আগবঢ়োৱা স্বামী বিবেকানন্দৰ ভাষণটো আজিও বিশ্ব ঐক্য আৰু সমন্বয়ৰ বাবে এক স্পষ্ট আহ্বান হিচাপে প্ৰতিধ্বনিত হৈছে।

ৰিপাব্লিক টিভিৰ সন্মিলনত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পূৰ্ণ পাঠ

April 26th, 08:01 pm

অৰ্ণব গোস্বামীজী, ৰিপাব্লিক মিডিয়া নেটৱৰ্কৰ সকলো সহকৰ্মী, ৰিপাব্লিক টিভিৰ দেশ-বিদেশৰ সমূহ দৰ্শক, ভদ্ৰ মহিলা আৰু ভদ্ৰলোকসকল। বেলেগ কথা কোৱাৰ পূৰ্বে মই শৈশৱতে শুনা এটা কৌতুক আপোনালোক সকলোৰে আগত ক’ব বিচাৰিছোঁ। এগৰাকী অধ্যাপক আছিল। তেওঁৰ কন্যাই এদিন আত্মহত্যাৰ পথ বাচি লয় আৰু এক টোকা লিখি থৈ যায়। টোকাটিত তেওঁ এইদৰে উল্লেখ কৰে যে, তেওঁ জীৱনত ভাগৰি পৰিছে আৰু জীয়াই থাকিব নিবিচাৰে। টোকাটোত তেওঁ আৰু লিখে যে তেওঁ কিবা খাব আৰু কানকাৰিয়া হ্ৰদত জঁপিয়াই মৰিম। পিছদিনা ৰাতিপুৱা অধ্যাপকজনে দেখে যে তেওঁৰ ছোৱালীজনী ঘৰত নাই। তেওঁ ছোৱালীজনীৰ কোঠালৈ গৈ বিচনাত এখন চিঠি দেখা পায়। পত্ৰখন পঢ়ি তেওঁৰ বৰ খং উঠে। তেওঁ কয়, ‘মই এজন অধ্যাপক, মই ইমান বছৰ ধৰি কঠোৰ পৰিশ্ৰম কৰিছোঁ, তথাপিও আত্মহত্যাৰ টোকাত তাই কানকাৰিয়া বানানটো ভুলকৈ লিখিছে।’ মই সুখী যে অৰ্ণবে ভাল হিন্দী কোৱা আৰম্ভ কৰিছে। তেওঁ কি কৈছিল মই শুনা নাছিলো, কিন্তু হিন্দী ঠিক আছে নে নাই সেয়া মই মনোযোগেৰে শুনি আছিলো। সম্ভৱতঃ মুম্বাইত বাস কৰাৰ বাবে, আপোনাৰ হিন্দী উন্নত হৈছে।

নতুন দিল্লীত ৰিপাব্লিক সন্মিলনত ভাষণ প্ৰধানমন্ত্ৰীৰ

April 26th, 08:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ হোটেল তাজ পেলেচত অনুষ্ঠিত ৰিপাব্লিক সন্মিলনত ভাষণ দিয়ে।

সীতাপুৰৰ সাংসদ ৰাজেশ বাৰ্মাই স্বচ্ছতাৰ প্ৰসাৰৰ বাবে কৰা প্ৰচেষ্টাক প্ৰধানমন্ত্ৰীৰ প্ৰশংসা

February 22nd, 10:11 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সীতাপুৰ লোকসভা সমষ্টিৰ সাংসদ শ্ৰী ৰাজেশ ভাৰ্মাই স্বচ্ছতা সম্পৰ্কে সজাগতা বিয়পোৱাৰ প্ৰচেষ্টাক প্ৰশংসা কৰিছে।

সাবিত্ৰীবাই ফুলেৰ জন্ম জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন প্ৰধানমন্ত্ৰীৰ

January 03rd, 11:54 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সাবিত্ৰীবাই ফুলেৰ জন্ম জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

দেশ বিভাজনৰ সময়ত যিসকলে প্ৰাণ হেৰুৱাইছিল, সেই সকলোৰে প্ৰতি শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰীৰ

August 14th, 09:08 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিভাজন বিভীষিকা স্মৃতি দিৱস উপলক্ষে দেশ বিভাজনৰ সময়ত যিসকলে প্ৰাণ হেৰুৱাইছিল, সেই সকলোৰে প্ৰতি শ্ৰদ্ধাঞ্জলি জনায়৷

‘এলবিএছএনএএ’-ত ৯৬ সংখ্যক ‘উমৈহতীয়া বুনিয়াদী পাঠ্যক্ৰম’ৰ অন্তত অনুষ্ঠিত অভিনন্দন অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ

March 17th, 12:07 pm

আপোনালোক সকলো যুৱ-বান্ধৱক সফলতাৰে ‘বুনিয়াদী পাঠ্যক্ৰম’ সম্পূৰ্ণ কৰাৰ বাবে বহুত বহুত অভিনন্দন জ্ঞাপন কৰিছো! আপোনালোকক, অকাডেমীৰে জড়িতসকলৰ লগতে আপোনালোকৰ পৰিয়ালবৰ্গক হোলীৰ শুভকামনাও জনাইছো। আজি অকাডেমীৰ তৰফৰ পৰা চৰ্দাৰ বল্লভ ভাই পেটেল জী, লাল বাহাদুৰ শাস্ত্ৰী জীৰ নামত উত্সৰ্গিত ‘পোষ্টেল চাৰ্টিফিকেট’-ও আনুষ্ঠানিক ভাবে মুকলি কৰাৰ বাবে মোৰ ভাল লাগিছে।

প্ৰধানমন্ত্ৰীয়ে এলবিএছএনএএত ৯৬তম উমৈহতীয়া মৌলিক পাঠ্যক্ৰমৰ সামৰণি অনুষ্ঠানত ভাষণ আগবঢ়ায়

March 17th, 12:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে লাল বাহাদুৰ শাস্ত্ৰী ৰাষ্ট্ৰীয় প্ৰশাসন একাডেমী (এলবিএছএনএএ)ত ৯৬ সংখ্যক সাধাৰণ মৌলিক পাঠ্যক্ৰমৰ সামৰণি অনুষ্ঠানত ভাষণ আগবঢ়ায়। তেওঁ নতুন ক্ৰীড়া কমপ্লেক্সটো উদ্বোধন কৰে আৰু ৰাষ্ট্ৰৰ প্ৰতি সমৰ্পিত হেপ্পী ভেলী কমপ্লেক্স উৎসৰ্গা কৰে।

কচ্চত আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ উপলক্ষে এখনি আলোচনা-চক্ৰত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

March 08th, 06:03 pm

মই আপোনালোকৰ লগতে দেশৰ সকলো মহিলাক আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ বহুত বহুত শুভকামনা জনাইছো৷ এই উপলক্ষে আপোনালোকৰ মহিলা সতী আৰু সাধীসকলৰ এই অভিনৱ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে৷ মই আপোনালোক সকলোকে অভিনন্দন জনাইছো৷

কচ্ছত আন্তৰ্জাতিক নাৰী দিৱসৰ আলোচনা চক্ৰ সম্বোধন প্ৰধানমন্ত্ৰীৰ

March 08th, 06:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে কচ্ছত আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ এখনি আলোচনা চক্ৰ সম্বোধন কৰে।

BJP Govt in UP means control over Dangaraaj, Mafiaraaj, Gundaraaj: PM Modi in Sitapur

February 16th, 03:46 pm

Amidst the ongoing election campaigning in Uttar Pradesh, PM Modi’s rally spree continued as he addressed a public meeting in Sitapur today. PM Modi paid tribute to Sant Ravidas Ji on the occasion of his birth anniversary, he said, “For decades, the devotees of Sant Ravidas ji demanded development of his birthplace, but previous governments came here during elections, took photographs and left. It is a matter of happiness for me that I am the MP of Kashi where Sant Ravidas ji was born. We are redeveloping Sant Ravidas Ji’s birthplace.”