India-France Year of Innovation is our shared commitment to innovate and lead: PM Modi at the India-France Innovation Forum

February 18th, 12:07 pm

In his address at the India-France Innovation Forum in Mumbai, PM Modi said that he and President Macron have decided to celebrate 2026 as the India-France Year of Innovation. Highlighting the government’s achievements in innovation over the past decade, he urged industry leaders to join the Atal Innovation Mission. He called on everyone to join hands with India to build a future where technology serves humanity and progress is inclusive.

এখন ‘বিকশিত ভাৰত’ৰ সংকল্প নিশ্চিতভাৱে পূৰণ হ’ব: ‘মন কী বাত’-ত প্ৰধানমন্ত্ৰী মোদী

December 28th, 11:30 am

‘মন কী বাত’-ৰ বছৰটোৰ অন্তিমটো খণ্ডত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ২০২৫ চনত ভাৰতে ৰাষ্ট্ৰীয় নিৰাপত্তা, ক্ৰীড়া, বিজ্ঞান পৰীক্ষাগাৰ আৰু বিশ্ব মঞ্চসমূহত নিজৰ নাম উজলাই তুলিছিল। তেওঁ আশা প্ৰকাশ কৰে যে ২০২৬ চনত দেশখনে নতুন সংকল্পৰে আগবাঢ়ি যাবলৈ সাজু হৈছে। প্ৰধানমন্ত্ৰীয়ে ‘বিকশিত ভাৰত যুৱ নেতা আলাপ’, ‘কুইজ প্ৰতিযোগিতা’, ‘স্মাৰ্ট ইণ্ডিয়া হেকাথন ২০২৫’ আৰু ‘ফিট ইণ্ডিয়া মুভমেণ্ট’ আদিৰ দৰে যুৱকেন্দ্ৰিক পদক্ষেপসমূহৰ সন্দৰ্ভতো আলোকপাত কৰে।

ভাৰত ছিংগাপুৰৰ যুটীয়া বিবৃতি

September 04th, 08:04 pm

ছিংগাপুৰ গণৰাজ্যৰ প্ৰধানমন্ত্ৰী মহামহিম লৰেন্স ৱং ডাঙৰীয়াই ভাৰত গণৰাজ্যলৈ কৰা আনুষ্ঠানিক ভ্ৰমণৰ সময়ছোৱাত প্ৰস্তুত কৰা ভাৰত আৰু ছিংগাপুৰৰ মাজৰ ব্যাপক কৌশলগত অংশীদাৰিত্বৰ পথ-মানচিত্ৰ সন্দৰ্ভত প্ৰদান কৰা যুটীয়া বিবৃতি

ছিংগাপুৰৰ প্ৰধানমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰা প্ৰেছ বিবৃতিৰ অসমীয়া অনুবাদ

September 04th, 12:45 pm

কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত প্ৰধানমন্ত্ৰী ৱঙক প্ৰথমবাৰৰ বাবে আনুষ্ঠানিকভাৱে ভাৰত ভ্ৰমণলৈ আন্তৰিকতাৰে আদৰণি জনাবলৈ পোৱাৰ কথাই মোক অতি আনন্দিত কৰিছে। এই ভ্ৰমণ বিশেষভাৱে গুৰুত্বপূৰ্ণ, কিয়নো আমি এই বছৰ আমাৰ কূটনৈতিক সম্পৰ্কৰ ৬০ বছৰীয়া জয়ন্তী উদযাপন কৰিছো।

ৰিপাব্লিক প্লেনেৰী ছামিট ২০২৫ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

March 06th, 08:05 pm

আপোনালোক সকলো নিশ্চয় ভাগৰি পৰিছে, অৰ্ণবৰ উচ্চ স্বৰত আপোনালোকৰ কাণ দুখন নিশ্চয় ভাগৰি পৰিছে, বহক অৰ্ণব, এতিয়াও নিৰ্বাচনৰ বতৰ হোৱা নাই। প্ৰথমে ৰিপাব্লিক টিভিক এই অভিনৱ অভিজ্ঞতাৰ বাবে অভিনন্দন জনাইছো। আপোনালোকে যুৱক-যুৱতীসকলক তৃণমূল পৰ্যায়ত জড়িত কৰি ইমান ডাঙৰ প্ৰতিযোগিতা আয়োজন কৰি ইয়ালৈ আনিছে। দেশৰ যুৱক-যুৱতীসকল যেতিয়া জাতীয় বক্তৃতাৰ লগত জড়িত হৈ পৰে তেতিয়া চিন্তাত নতুনত্বৰ সৃষ্টি হয়, ই সমগ্ৰ পৰিৱেশকে নতুন শক্তিৰে ভৰাই তোলে আৰু এই সময়ত আমিও ইয়াত একে শক্তি অনুভৱ কৰি আছো। এক প্ৰকাৰে যুৱক-যুৱতীসকলৰ জড়িততাৰে আমি প্ৰতিটো বান্ধোন ভাঙিবলৈ সক্ষম হৈছো, সীমাৰ ঊৰ্ধ্বলৈ যাব পাৰিছো, তথাপিও এনে কোনো লক্ষ্য নাই যিটো অসম্ভৱ। কোনো গন্তব্যস্থান নাই যিটোত উপনীত হ’ব নোৱাৰি। এই সন্মিলনৰ বাবে ৰিপাব্লিক টিভিয়ে নতুন ধাৰণা এটাৰ ওপৰত কাম কৰিছে। এই সন্মিলনৰ সফলতাৰ বাবে আপোনালোক সকলোকে অভিনন্দন জনাইছো আৰু সম্বৰ্ধনা জনাইছো। বাৰু, মোৰো এই বিষয়ে অলপ ন্যস্ত স্বাৰ্থ আছে প্ৰথমতে, মই যোৱা কেইদিনমানৰ পৰা ভাবি আহিছো যে মই এক লাখ যুৱকক ৰাজনীতিত আনিব লাগিব আৰু সেই এক লাখ যুৱক-যুৱতী এনে হ’ব লাগে যি পৰিয়ালৰ প্ৰথম ভোটাৰ, এক প্ৰকাৰে এনেধৰণৰ অনুষ্ঠানে মোৰ এই লক্ষ্যৰ বাবে আধাৰ সাজু কৰি তুলিছে। দ্বিতীয়তে, মোৰ ব্যক্তিগত লাভ আছে, সেয়া হৈছে ২০২৯ চনত ভোট দিবলৈ যাবলগীয়া সকলে নাজানে ২০১৪ চনৰ আগতে বাতৰি কাকতৰ শিৰোনাম কি আছিল, তেওঁলোকে নাজানে, আগতে ১০-১০, ১২-১২ লাখ কোটি টকাৰ কেলেংকাৰী হৈছিল, তেওঁলোকে নাজানে আৰু ২০২৯ চনত কেতিয়া ভোট দিবলৈ যাব, তুলনাৰ বাবে তেওঁলোকৰ আগত একো নাথাকিব আৰু গতিকে সেই পৰীক্ষাত উত্তীৰ্ণ হ’ব লাগিব আৰু মই নিশ্চিত যে যিখন আধাৰ নিৰ্মাণ কৰা হৈছে সেইখনে সেই কামক শক্তিশালী কৰি তুলিব।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰিপাব্লিক প্লেনেৰী ছামিট, ২০২৫ সম্বোধন কৰে

March 06th, 08:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত ৰিপাব্লিক প্লেনেৰী ছামিট, ২০২৫ত অংশগ্ৰহণ কৰে। ইয়াত সমবেতসকলক সম্বোধনেৰে তেখেতে ৰিপাব্লিক টিভিক তৃণমূল পৰ্য্যায়ত যুৱক-যুৱতীসকলক জড়িতকৰণৰ বাবে আৰু এক উল্লেখযোগ্য হেকাথন প্ৰতিযোগিতা আয়োজনৰ উদ্ভাৱনী পদ্ধতি অৱলম্বনৰ বাবে অভিনন্দন জনায়। তেখেতে কয় যে এখন ৰাষ্ট্ৰৰ যুৱক-যুৱতীসকল ৰাষ্ট্ৰীয় বিষয়ৰে জড়িত হৈ পৰা মাত্ৰেকে চিন্তা-ধাৰাৰ ক্ষেত্ৰত নতুনত্বৰ সঞ্চাৰ হয় আৰু সমগ্ৰ পৰিবেশকে তেওঁলোকৰ শক্তিৰে ভৰাই তোলে। তেখেতে কয় যে এই শক্তি আজিৰ সন্মিলনত অনুভূত হৈছে। তেখেতে আৰু কয় যে যুৱক-যুৱতীসকলৰ অংশগ্ৰহণে সকলো বাধা নেওচি সীমনালৈ যোৱাত সহায় কৰে, যাৰ ফলশ্ৰুতিত প্ৰতিটো লক্ষ্য সাধনযোগ্য আৰু প্ৰতিটো গন্তব্যস্থানত উপনীত হ’ব পৰা যায়। এই সন্মিলনৰ বাবে নতুন ধাৰণা এটাৰ ওপৰত কাম কৰাৰ বাবে তেখেতে ৰিপাব্লিক টিভিৰ শলাগ লয় আৰু ইয়াৰ সফলতাৰ বাবে শুভেচ্ছা জনায়। শ্ৰী মোদীয়ে কোনো ৰাজনৈতিক বেকগ্ৰাউণ্ড নথকা এক লাখ যুৱক-যুৱতীক ভাৰতৰ ৰাজনীতিলৈ অনাৰ ধাৰণাটোৰ কথা পুনৰ উল্লেখ কৰে।

'স্মাৰ্ট ইণ্ডিয়া হেকাথন, ২০২৪’-ত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ ইংৰাজী তৰ্জমাৰ অসমীয়া অনুবাদ

December 11th, 05:00 pm

মই সদায় লালকিল্লাৰ পৰা উল্লেখ কৰি অহা এটা কথা চাগৈ আপোনালোক সকলোৱে মনত ৰাখিছে। মই কৈ অহা কথাষাৰ হৈছে 'সব কা প্ৰয়াস' (সকলোৰে প্ৰচেষ্টা) হৈছে মূল চাবিকাঠি- আজিৰ ভাৰতে কেৱল সকলোৰে সামূহিক প্ৰচেষ্টাৰ জৰিয়তেহে দ্ৰুত গতিত আগবাঢ়িব পাৰিব। এই নীতিৰ এক উদাহৰণ হৈছে আজি। মই ‘স্মাৰ্ট ইণ্ডিয়া হেকাথন’ৰ এই বৰ্ণাঢ্য সামৰণিৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছোঁ। যেতিয়াই মই আপোনালোকৰ দৰে যুৱ উদ্ভাৱকসকলৰ মাজত থকাৰ সুযোগ পাওঁ মই নতুন অন্তৰ্দৃষ্টি শিকিবলৈ, বুজিবলৈ আৰু প্ৰাপ্ত কৰাৰ সুযোগ পাওঁ। আপোনালোক সকলোৰে পৰা মোৰ অপাৰ প্ৰত্যাশা আছে। একবিংশ শতিকাৰ ভাৰতখনক চোৱাৰ ক্ষেত্ৰত আপোনালোকৰ দৰে যুৱ উদ্ভাৱকসকলৰ এক অনন্য দৃষ্টিভংগী আছে, আৰু সেয়েহে আপোনালোকৰ সমাধানবোৰো অনন্য হয়। যেতিয়া আপোনালোকে নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হয়, আপোনালোকে নতুন আৰু সৃজনশীল সমাধানৰে সঁহাৰি দিয়ে। মই আগতে কেবাটাও হেকাথনত অংশগ্ৰহণ কৰিছিলোঁ, আৰু আপোনালোকে মোক কেতিয়াও হতাশ কৰা নাই। আপোনালোকে সদায় আপোনালোকৰ ওপৰত থকা মোৰ বিশ্বাসক শক্তিশালী কৰি আহিছে। আগতে অংশগ্ৰহণ কৰা দলবোৰে সমাধান প্ৰদান কৰিছে, যিবোৰ এতিয়া বিভিন্ন মন্ত্ৰালয়ত কাৰ্যকৰীভাৱে ব্যৱহাৰ কৰা হৈছে। এতিয়া, এই হেকাথনত মই জানিবলৈ আগ্ৰহী যে দেশৰ বিভিন্ন প্ৰান্তৰ দলবোৰে কি কি প্ৰসংগত কাম কৰি আছে। মই আপোনালোকৰ উদ্ভাৱনৰ বিষয়ে শিকিবলৈ বাৰুকৈয়ে আগ্ৰহী। গতিকে, আৰম্ভ কৰোঁ আহক! কোনে প্ৰথমে আমাৰ সৈতে কথা পাতিব বিচাৰিব?

আমাৰ যুৱ শক্তিৰ প্ৰতিভা আৰু কৌশল উল্লেখযোগ্য: প্ৰধানমন্ত্ৰী

December 11th, 04:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি স্মাৰ্ট ইণ্ডিয়া হেকাথন, ২০২৪ৰ গ্ৰেণ্ড ফিনালেত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে যুৱ উদ্ভাৱকসকলৰ সৈতে মত বিনিময় কৰে। এই উপলক্ষে আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে লালকিল্লাৰ পৰা দিয়া ভাষণৰ পৰা ‘সবকা প্ৰয়াস’ পুনৰাবৃত্তি কৰাৰ কথা সোঁৱৰাই দিয়ে। তেওঁ কয় যে আজিৰ ভাৰতবৰ্ষই ‘সবকা প্ৰয়াস’ বা সকলোৰে প্ৰচেষ্টাৰে দ্ৰুত গতিত আগবাঢ়িব পাৰে আৰু আজিৰ এই অনুষ্ঠানটো ইয়াৰে এক আদৰ্শ। “স্মাৰ্ট ইণ্ডিয়া হেকাথনৰ গ্ৰেণ্ড ফিনালেৰ বাবে মই আগ্ৰহেৰে অপেক্ষা কৰি আহিছো”, বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁ যুৱ উদ্ভাৱকসকলৰ মাজত থাকিলে নতুন কিবা এটা শিকিবলৈ আৰু বুজিবলৈ সুযোগ পায়। যুৱ উদ্ভাৱকসকলৰ প্ৰতি তেওঁৰ উচ্চ আশাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁলোকৰ একবিংশ শতিকাৰ ভাৰতক বেলেগ ধৰণে চোৱাৰ দৃষ্টিভংগী আছে। সেয়ে শ্ৰী মোদীয়ে কয় যে আপোনালোকৰ সমাধানো বেলেগ আৰু নতুন প্ৰত্যাহ্বান আহিলে নতুন আৰু অনন্য সমাধানৰ কথা উলিয়ায়। পূৰ্বতে হেকাথনৰ অংশ হোৱাৰ কথা স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ইয়াৰ ফলাফলত তেওঁ কেতিয়াও হতাশ হোৱা নাই। “আপোনালোকে মোৰ বিশ্বাসক মাত্ৰ সাহস দিছে”, পূৰ্বতে প্ৰদান কৰা সমাধানসমূহ বিভিন্ন মন্ত্ৰালয়ত ব্যৱহাৰ কৰা হৈছে বুলি আলোকপাত কৰি তেওঁ কয়। শ্ৰী মোদীয়ে অংশগ্ৰহণকাৰীসকলৰ বিষয়ে অধিক জানিবলৈ আগ্ৰহ প্ৰকাশ কৰি আদান-প্ৰদান আৰম্ভ কৰে।

১১ ডিচেম্বৰত স্মাৰ্ট ইণ্ডিয়া হেকাথন ২০২৪ৰ অংশগ্ৰহণকাৰীসকলৰ সৈতে মত বিনিময় কৰিব প্ৰধানমন্ত্ৰীয়ে

December 09th, 07:38 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১১ ডিচেম্বৰ, ২০২৪ত প্ৰায় ৪:৩০ বজাত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে স্মাৰ্ট ইণ্ডিয়া হেকাথন ২০২৪ৰ গ্ৰেণ্ড ফিনালেত যুৱ উদ্ভাৱকৰ সৈতে মত বিনিময় কৰিব। গ্ৰেণ্ড ফিনালেত ১৩০০ৰো অধিক শিক্ষাৰ্থীৰ দলে অংশগ্ৰহণ কৰিব। এই উপলক্ষে সভাত প্ৰধানমন্ত্ৰীয়ে ভাষণো আগবঢ়াব।

আৰক্ষীৰ ৫৯ সংখ্যক সৰ্বভাৰতীয় সঞ্চালক প্ৰধান/ মহাপৰিদৰ্শক সন্মিলনত অংশগ্ৰহণ প্ৰধানমন্ত্ৰীৰ

December 01st, 07:49 pm

২০২৪ চনৰ ৩০ নৱেম্বৰ আৰু ১ ডিচেম্বৰত ভুৱনেশ্বৰত অনুষ্ঠিত হোৱা আৰক্ষীৰ ৫৯ সংখ্যক সৰ্বভাৰতীয় সঞ্চালক প্ৰধান/ আৰক্ষী মহাপৰিদৰ্শক সন্মিলনত অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। বিদায়ী অধিবেশনত প্ৰধানমন্ত্ৰীয়ে চোৰাংচোৱা ব্যুৰোৰ বিষয়াসকলক বিশিষ্ট সেৱাৰ বাবে ৰাষ্ট্ৰপতিৰ আৰক্ষী পদক বিতৰণ কৰে। সামৰণি ভাষণত তেওঁ উল্লেখ কৰে যে সন্মিলনৰ সময়ত ব্যাপক আলোচনা অনুষ্ঠিত হৈছে, নিৰাপত্তা প্ৰত্যাহ্বানৰ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় মাত্ৰাসমূহৰ ওপৰত আৰু আলোচনাৰ পৰা ওলাই অহা প্ৰতিহত কৌশলসমূহৰ ওপৰত সন্তুষ্টি প্ৰকাশ কৰে।

স্মাৰ্ট ইণ্ডিয়া হেকাথন ২০২৩ৰ গ্ৰাণ্ড ফাইনেলৰ অংশগ্ৰহণকাৰীৰ সৈতে এক বাৰ্তালাপত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ পাঠ

December 19th, 11:32 pm

একবিংশ শতিকাৰ ভাৰত আজি জয় জোৱান, জয় কিষাণ, জয় জ্ঞান আৰু জয় অনুসন্ধান মন্ত্ৰত আগবাঢ়িছে। একো হ’বই নোৱাৰে, এইটো সলনি হ’বই নোৱাৰে, এই চিন্তাৰ পৰা এতিয়া প্ৰতিজন ভাৰতীয় ওলাই আহিছে। এই নতুন চিন্তাৰ বাবেই যোৱা ১০ বছৰত ভাৰত দশম স্থানৰ পৰা ৫ম স্থানৰ অৰ্থনীতিত পৰিণত হৈছে। আজি ভাৰতৰ ইউ পি আইৰ ডংকা সমগ্ৰ বিশ্বতে শুনা গৈছে। কৰোণা মহাসংকটৰ সময়ত ভাৰতে মেড ইন ইণ্ডিয়া ভেকচিন তৈয়াৰ কৰিছিল। ভাৰতে নিজৰ নাগৰিকক বিনামূলীয়াকৈ টিকাকৰণৰ প্ৰক্ৰিয়াও সম্পূৰ্ণ কৰে আৰু বিশ্বৰ কেইবা ডজন দেশক ভেকচিন প্ৰদান কৰে।

স্মাৰ্ট ইণ্ডিয়া হেকাথন ২০২৩ৰ চূড়ান্ত প্ৰতিযোগিতাত অংশগ্ৰহণকাৰীসকলক সম্বোধন প্ৰধানমন্ত্ৰীৰ

December 19th, 09:30 pm

কয়লা মন্ত্ৰালয়ৰ পৰিবহণ আৰু লজিষ্টিক বিষয়ত কাম কৰা কৰ্ণাটকৰ মহীচুৰুৰ ৰাষ্ট্ৰীয় অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ শ্ৰী সোইকত দাস আৰু প্ৰতীক সাহাৰ সৈতে মত বিনিময় কৰে। তেওঁলোকে ৰে’লৱেৰ মালবাহী সামগ্ৰীৰ বাবে আইঅটিভিত্তিক ব্যৱস্থা নিৰ্মাণ কৰি আছে। প্ৰধানমন্ত্ৰীয়ে তেওঁলোকক কয় যে হেকাথন তেওঁৰ বাবেও এক শিক্ষণৰ সুযোগ আৰু তেওঁ অংশগ্ৰহণকাৰীসকলৰ সৈতে মত বিনিময় কৰিবলৈ সদায় আগ্ৰহী। অংশগ্ৰহণকাৰীসকলৰ উজ্বল মুখখনলৈ চাই প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁলোকৰ উৎসাহ, ইচ্ছাশক্তি আৰু দেশ গঢ় দিয়াৰ আকাংক্ষা ভাৰতৰ যুৱ শক্তিৰ পৰিচয় হৈ পৰিছে। বাংলাদেশৰ ছাত্ৰ-ছাত্ৰীকো অন্তৰ্ভুক্ত কৰা দলটোৱে প্ৰধানমন্ত্ৰীক জনাইছে যে তেওঁলোকে ৰে’লৱে কয়লা ৱেগনৰ কম আৰু অতিৰিক্ত বোজাৰ সমস্যা সমাধানৰ বাবে চেষ্টা কৰিছে যাৰ ফলত লোকচান বা জৰিমনা বিহা হয়। তাৰ বাবে তেওঁলোকে আইঅ’টি আৰু কৃত্ৰিম বুদ্ধিমত্তাভিত্তিক প্ৰযুক্তি ব্যৱহাৰ কৰিছে। দলটোত বাংলাদেশ আৰু ভাৰতৰ পৰা ৩ জনকৈ ৬জন সদস্য আছে। প্ৰধানমন্ত্ৰীয়ে তেওঁলোকৰ এই প্ৰচেষ্টাই পৰিৱৰ্তনশীল পৰ্যায়ত চলি থকা ভাৰতীয় ৰে’লৱে লাভৱান হ’ব বুলি আস্থা প্ৰকাশ কৰে। তেওঁ লজিষ্টিকক মুল ক্ষেত্ৰ বুলি অৱগত কৰি ভৱিষ্যতে বাংলাদেশৰ পৰা আৰু বহু ছাত্ৰ-ছাত্ৰী ভাৰতলৈ আহিব বুলি আশা প্ৰকাশ কৰি ‘ষ্টাডী ইন ইণ্ডিয়া‘ কাৰ্যসূচীয়ে এনে ছাত্ৰ-ছাত্ৰীক সহায় কৰিব বুলি উল্লেখ কৰে।

১৯ ডিচেম্বৰত স্মাৰ্ট ইণ্ডিয়া হেকাথন, ২০২৩ৰ চুড়ান্ত প্ৰতিযোগিতাত অংশগ্ৰহণকাৰীসকলৰ সৈতে মত বিনিময় কৰিব প্ৰধানমন্ত্ৰীয়ে

December 18th, 06:52 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৯ ডিচেম্বৰ, ২০২৩ৰ নিশা ৯:৩০ বজাত স্মাৰ্ট ইণ্ডিয়া হেকাথন ২০২৩ৰ চুড়ান্ত প্ৰতিযোগিতাৰ অংশগ্ৰহণকাৰীসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে মত বিনিময় কৰিব। এই উপলক্ষে অংশগ্ৰহণকাৰীসকলক সম্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে।

স্মাৰ্ট ইণ্ডিয়া হেকাথন ২০২২ৰ গ্ৰেণ্ড ফিনালেত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

August 25th, 08:01 pm

সঁচাকৈয়ে আপোনালোক সকলো উদ্ভাৱকক লগ পাই, কথা পাতি মোৰ বহুত ভাল লাগিছে৷ আপোনালোকে এনে কেতবোৰ নতুন নতুন বিষয় চুই গৈছে, আপোনালোকৰ দৰে যুৱক-যুৱতীসকলে নিজৰ কাম-কাজত যি নতুনত্ব আনিছে, যি আত্মবিশ্বাসেৰে আপোনালোকে নিজৰ কাম কৰিছে, সেইবোৰে মোৰ দৰে বহু লোকক কিবা নহয় কিবা এটা নতুন কৰাৰ বাবে প্ৰেৰণা যোগায়৷ এক কথাত আপোনালোক প্ৰেৰণাৰ উৎস, সেয়েহে মই আপোনালোক সকলোকে অভিনন্দন জনাইছো৷

স্মাৰ্ট ইণ্ডিয়া হেকাথন ২০২২ৰ গ্ৰেণ্ড ফিনালেত ভাষণ আগবঢ়ায়ে প্ৰধানমন্ত্ৰীয়ে

August 25th, 08:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিযোগে স্মাৰ্ট ইণ্ডিয়া হেকাথন ২০২২ৰ গ্ৰেণ্ড ফিনালেত ভাষণ আগবঢ়ায়।

প্ৰধানমন্ত্ৰীয়ে ২৫ আগষ্টত স্মাৰ্ট ইণ্ডিয়া হেকাথন ২০২২ ৰ গ্ৰেণ্ড ফাইনেলত ভাষণ প্ৰদান কৰিব

August 23rd, 04:23 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৫ আগষ্টৰ সন্ধিয়া ৮ বজাত ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে স্মাৰ্ট ইণ্ডিয়া হেকাথন ২০২২ৰ গ্ৰেণ্ড ফাইনেলত ভাষণ প্ৰদান কৰিব।

Country's development is getting new momentum by the youth: PM

May 14th, 09:59 am

The Prime Minister, Shri Narendra Modi launched the Madhya Pradesh Startup Policy during the Madhya Pradesh Startup Conclave being held in Indore, today, via video conferencing. He also launched the Madhya Pradesh Startup portal, which will facilitate and help promote the startup ecosystem. He also interacted with the startup entrepreneurs.

প্ৰধানমন্ত্ৰীয়ে মধ্য প্ৰদেশ ষ্টাৰ্টআপ সন্মিলনৰ সময়ত মধ্য প্ৰদেশ ষ্টাৰ্টআপ নীতি আৰম্ভ কৰে

May 13th, 06:07 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে ইন্দোৰত অনুষ্ঠিত হোৱা মধ্যপ্ৰদেশ ষ্টাৰ্টআপ সন্মিলনৰ সময়ত মধ্যপ্ৰদেশ ষ্টাৰ্টআপ নীতিৰ শুভাৰম্ভ কৰে। তেওঁ মধ্য প্ৰদেশ ষ্টাৰ্টআপ পৰ্টেলও মুকলি কৰে, যি ষ্টাৰ্টআপ পৰিস্থিতিতন্ত্ৰবৃদ্ধিত সহায় কৰিব। তেওঁ ষ্টাৰ্টআপ উদ্যোগীসকলৰ সৈতেও বাৰ্তালাপ কৰিছিল।

India has a rich legacy in science, technology and innovation: PM Modi

December 22nd, 04:31 pm

Prime Minister Narendra Modi delivered the inaugural address at India International Science Festival (IISF) 2020. PM Modi said, All our efforts are aimed at making India the most trustworthy centre for scientific learning. At the same time, we want our scientific community to share and grow with the best of global talent.

PM delivers inaugural address at IISF 2020

December 22nd, 04:27 pm

Prime Minister Narendra Modi delivered the inaugural address at India International Science Festival (IISF) 2020. PM Modi said, All our efforts are aimed at making India the most trustworthy centre for scientific learning. At the same time, we want our scientific community to share and grow with the best of global talent.