উদীয়মান বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱন সন্মিলন ২০২৫ ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

November 03rd, 11:00 am

দেশৰ বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিং জী, ভাৰত চৰকাৰৰ প্ৰধান বৈজ্ঞানিক উপদেষ্টা অজয় কুমাৰ সুদ, ন'বেল বঁটা বিজয়ী ছাৰ আন্দ্ৰে গেইম, আমাৰ মাজত উপস্থিত সকলো বিজ্ঞানী, উদ্ভাৱক, শিক্ষাবিদ, দেশ-বিদেশৰ বিশিষ্ট ব্যক্তিসকল, ভদ্ৰ পুৰুষ-মহিলাসকল!

উদীয়মান বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱন সন্মিলন ২০২৫ত ভাষণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

November 03rd, 10:30 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত উদীয়মান বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱন সন্মিলন (এছটিআইচি) ২০২৫ত ভাষণ প্ৰদান কৰে। এই উপলক্ষে আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে দেশ-বিদেশৰ বিজ্ঞানী, উদ্ভাৱক, শিক্ষাবিদ আৰু অন্যান্য বিশিষ্ট অতিথিসকলক আদৰণি জনায়। আইচিচি মহিলা বিশ্বকাপ ২০২৫ত ভাৰতৰ উল্লেখনীয় বিজয়ৰ কথা উল্লেখ কৰি শ্ৰী মোদীয়ে কয় যে ভাৰতীয় ক্ৰিকেট দলৰ সফলতাত সমগ্ৰ দেশবাসী উৎফুল্লিত হৈছে। তেওঁ ভাৰতৰ প্ৰথম মহিলা বিশ্বকাপ বিজয়ৰ কথা উল্লেখ কৰি মহিলা ক্ৰিকেট দলটোক আন্তৰিক অভিনন্দন জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে দেশবাসী তেওঁলোকৰ বাবে গৌৰৱান্বিত আৰু তেওঁলোকৰ সাফল্যই দেশৰ লাখ লাখ যুৱক-যুৱতীক অনুপ্ৰাণিত কৰিব বুলি তেওঁ আশা ব্যক্ত কৰে।

ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ৰোজগাৰ মেলাত প্ৰধানমন্ত্ৰীৰ মন্তব্য

October 24th, 11:20 am

এইবাৰ, পোহৰৰ উৎসৱ দীপাৱলীয়ে আপোনাৰ সকলোৰে জীৱনত নতুন পোহৰ কঢ়িয়াই আনিছে। আজি দেশৰ ৫১ হাজাৰৰো অধিক যুৱক-যুৱতীয়ে উৎসৱৰ মাজতে এটা নিৰ্দিষ্ট চাকৰিৰ বাবে নিযুক্তি পত্ৰ লাভ কৰাৰ সুখ অনুভৱ কৰিছে, অৰ্থাৎ উৎসৱৰ আনন্দ আৰু সফলতাৰ দুগুণ সুখ। মই অনুভৱ কৰিব পাৰো, আপোনালোকৰ পৰিয়ালে কিমান আনন্দ পাব। আপোনালোক সকলোকে আৰু আপোনালোকৰ পৰিয়ালবৰ্গক মোৰ আন্তৰিক অভিনন্দন জনাইছো। জীৱনৰ এই নতুন আৰম্ভণিৰ বাবে মই আপোনালোক সকলোকে শুভেচ্ছা জনাইছো।

ৰোজগাৰ মেলাত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণ

October 24th, 11:00 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ৰোজগাৰ মেলাত ভাষণ দিয়ে। অনুষ্ঠানত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে এই বছৰৰ পোহৰৰ উৎসৱ দীপাৱলীয়ে সকলোৰে জীৱনলৈ নতুন পোহৰ কঢ়িয়াই আনিছে। উৎসৱ উদযাপনৰ মাজতে, স্থায়ী চাকৰিৰ বাবে নিযুক্তি পত্ৰ লাভ কৰাটোৱে আনন্দৰ মাত্ৰা দুগুণ কৰে - উৎসৱৰ আনন্দ আৰু নিযুক্তিৰ সফলতা দুয়োটাই। শ্ৰী মোদীয়ে উল্লেখ কৰে যে এই সুখ আজি সমগ্ৰ দেশৰ ৫১,০০০ৰো অধিক যুৱক-যুৱতীয়ে অনুভৱ কৰিছে। ইয়াৰ ফলত তেওঁলোকৰ পৰিয়াললৈ অহা অপৰিসীম আনন্দক তেওঁ স্বীকাৰ কৰে আৰু সকলো প্রাপক আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলক অভিনন্দন জনায় আৰু তেওঁলোকৰ জীৱনৰ এই নতুন আৰম্ভণিৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে।

মুম্বাইত ষষ্ঠ গ্লবেল ফিনটেক ফেষ্টত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

October 09th, 02:51 pm

শেষবাৰৰ বাবে যেতিয়া মই এই অনুষ্ঠানত অংশ লৈছিলো, তেতিয়াও ২০২৪ চনৰ নিৰ্বাচন বাকী আছিল। কিন্তু সেইদিনা মই পৰৱৰ্তী অনুষ্ঠানত থাকিম বুলি কৈছিলো আৰু আপোনালোক সকলোৱে আটাইতকৈ জোৰেৰে হাত চাপৰি বজাইছিল আৰু ইয়াত বহি থকা সেই ৰাজনীতি বিজ্ঞানীসকলে মোদী আহিব বুলি ধৰি লৈছিল।

মুম্বাইত অনুষ্ঠিত গ্ল’বেল ফিনটেক ফেষ্ট ২০২৫ত ভাষণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

October 09th, 02:50 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহাৰাষ্ট্ৰৰ মুম্বাইত অনুষ্ঠিত গ্ল’বেল ফিনটেক ফেষ্ট ২০২৫ত ভাষণ আগবঢ়ায়। মুম্বাইত উপস্থিত সকলোকে উষ্ম আদৰণি জনাই শ্ৰী মোদীয়ে মুম্বাইক শক্তিৰ চহৰ, উদ্যোগৰ চহৰ, আৰু অন্তহীন সম্ভাৱনাৰ চহৰ বুলি অভিহিত কৰে। তেওঁ বিশেষভাৱে তেওঁৰ বন্ধু প্ৰধানমন্ত্ৰী মাননীয় শ্ৰী কেইৰ ষ্টাৰমাৰ আৰু গ্ল’বেল ফিনটেক ফেষ্টিভেলত তেওঁৰ উপস্থিতিৰ বাবে আৰু অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ সময় উলিওৱা বাবে কৃতজ্ঞতা প্ৰকাশ কৰে।

দিল্লীৰ যশোভূমিত আয়োজিত ইণ্ডিয়া ম’বাইল কংগ্ৰেছ, ২০২৫-ত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

October 04th, 10:45 am

কেবিনেটত মোৰ সতীৰ্থ জ্যোতিৰাদিত্য সিন্ধিয়া ডাঙৰীয়া, ৰাজ্যিক মন্ত্ৰী চন্দ্ৰ শেখৰ পেম্মাছানি ডাঙৰীয়া, ভিন্ন ৰাজ্যৰ প্ৰতিনিধি, বহিঃৰাষ্ট্ৰৰ পৰা অহা আমাৰ অতিথি, টেলিকম খণ্ডৰ লগত জড়িত সকলো গণ্যমান্য ব্যক্তি, ইয়াত উপস্থিত থকা ভিন্ন মহাবিদ্যালয়ৰ মোৰ যুৱ বন্ধুসকল, ভদ্ৰলোক আৰু মহিলাসকল!

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কৌশল দীক্ষান্ত সমাৰোহ সম্বোধনেৰে ৬২,০০০ কোটি টকাৰো অধিক মূল্যৰ যুৱ-কেন্দ্ৰিক পদক্ষেপৰাজিৰ শুভাৰম্ভ কৰে

October 04th, 10:29 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত আয়োজিত কৌশল দীক্ষান্ত সমাৰোহত অংশগ্ৰহণেৰে ৬২,০০০ কোটি টকাৰো অধিক মূল্যৰ ভিন্ন যুৱ-কেন্দ্ৰিক পদক্ষেপৰ শুভাৰম্ভ কৰে। প্রধানমন্ত্রীগৰাকীয়ে সমগ্ৰ দেশৰ আইটিআই সমূহৰ সৈতে জড়িত লাখ-লাখ ছাত্র-ছাত্রীৰ লগতে বিহাৰৰ ছাত্র-ছাত্রী আৰু শিক্ষক-শিক্ষয়িত্রীসকলক শুভেচ্ছা জ্ঞাপনেৰে কয় যে কেইবছৰমান পূর্বে চৰকাৰে আইটিআই সমূহৰ ছাত্র-ছাত্রী সকলৰ বাবে বৃহৎ-পৰিসৰৰ সমাৱৰ্তন অনুষ্ঠান আয়োজনৰ এক নতুন পৰম্পৰা আৰম্ভ কৰিছিল। তেখেতে আজি সেই পৰম্পৰাৰেই আন এক মাইলৰ খুঁটি স্থাপন হৈছে বুলি কয়।

মধ্যপ্ৰদেশৰ ধৰত উন্নয়নমূলক কামৰ শুভাৰম্ভণি অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ পূৰ্ণপাঠ

September 17th, 11:20 am

মধ্য প্ৰদেশৰ ৰাজ্যপাল মংগুভাই পেটেল, আমাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰীযুত মোহন যাদৱ, কেন্দ্ৰত মোৰ সহকৰ্মী, ভগ্নী সাবিত্ৰী ঠাকুৰ, সকলো কেন্দ্ৰীয় মন্ত্ৰী, ৰাজ্যপাল, মুখ্যমন্ত্ৰী, মঞ্চত উপস্থিত থকা আন সকলো গণ্যমান্য ব্যক্তি তথা ৰ মোৰ মৰমৰ ভাই-ভনীসকল!

মধ্যপ্ৰদেশৰ ধৰত উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে

September 17th, 11:19 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মধ্যপ্ৰদেশৰ ধৰত আধাৰশিলা স্থাপন কৰাৰ লগতে উন্নয়নমূলক কামৰ শুভাৰম্ভ কৰে। এই উপলক্ষে আয়োজিত সভাত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে জ্ঞান দেৱী—ধৰ ভোজশালাৰ পূজনীয় মাতৃ বাগদেৱীৰ চৰণত প্ৰণাম জনায় । আজি ঐশ্বৰিক স্থপতি আৰু দক্ষতা তথা সৃষ্টিৰ দেৱতা ভগৱান বিশ্বকৰ্মাৰ জন্ম বাৰ্ষিকী উপলক্ষে শ্ৰী মোদীয়ে বিশ্বকৰ্মা ভগৱানক প্ৰণাম জনায়। লগতে নিজৰ কাৰুকাৰ্য্য তথা নিষ্ঠাৰ জৰিয়তে দেশ নিৰ্মাণৰ কামত নিয়োজিত কোটি কোটি ভাই-ভনীলৈ শ্ৰদ্ধা জ্ঞাপন কৰে।

দিল্লীৰ যশোভূমিত আয়োজিত ছেমিকন ইণ্ডিয়া, ২০২৫-ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পূৰ্ণপাঠ

September 02nd, 10:40 am

কেন্দ্ৰীয় মন্ত্ৰীসভাত মোৰ সতীৰ্থ অশ্বিনী বৈষ্ণৱ জী, দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তা জী, ওড়িশাৰ মুখ্যমন্ত্ৰী মোহন চৰণ মাঝি জী, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী জিতিন প্ৰসাদ জী, ছেমিৰ অধ্যক্ষ অজিত মনোচা জী, ভাৰত আৰু বিদেশৰ অৰ্ধপৰিবাহী উদ্যোগৰ চিইঅ’ আৰু তেওঁলোকৰ সহযোগী, ভিন্ন দেশৰ পৰা ইয়াত উপস্থিত হোৱা আমাৰ অতিথিসকল, ষ্টাৰ্ট-আপৰ সৈতে জড়িত উদ্যোগীসকল, ভিন্ন ৰাজ্যৰ পৰা অহা মোৰ যুৱ-ছাত্ৰ বন্ধুসকল, ভদ্ৰলোক আৰু মহিলাসকল!

নতুন দিল্লীত ছেমিকন ইণ্ডিয়া, ২০২৫ উদ্বোধন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

September 02nd, 10:15 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ যশোভূমিত ভাৰতৰ অৰ্ধপৰিবাহী পৰিস্থিতিতন্ত্ৰক অনুঘটক হিচাপে কাম কৰাৰ লক্ষ্যৰে ‘ছেমিকন ইণ্ডিয়া-২০২৫’ উদ্বোধন কৰে। সভাত আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে ভাৰত আৰু বিদেশৰ অৰ্ধপৰিবাহী উদ্যোগৰ চিইঅ’ আৰু তেওঁলোকৰ সহযোগীসকলৰ উপস্থিতি আদৰণি জনায়। তেওঁ বিভিন্ন দেশৰ বিশিষ্ট অতিথি, ষ্টাৰ্ট-আপৰ সৈতে জড়িত উদ্যোগী আৰু দেশৰ বিভিন্ন ৰাজ্যৰ পৰা অহা যুৱ ছাত্ৰ-ছাত্ৰীসকলকো আদৰণি জনায়।

গুজৰাটৰ হনচলপুৰত সেউজ গতিশীলতা পদক্ষেপৰ শুভাৰম্ভণি উপলক্ষে প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ লিখিত ৰূপ

August 26th, 11:00 am

গুজৰাটৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্র ভাই পেটেল, ভাৰতত থকা জাপানৰ ৰাষ্ট্ৰদূত শ্ৰী কেইচি ওনো চান, ছুজুকি মটৰ কৰ্পোৰেচনৰ সভাপতি শ্ৰী তোশিহিৰো ছুজুকি চান, মাৰুতি চুজুকি ইণ্ডিয়া লিমিটেডৰ পৰিচালন সঞ্চালক হিছাচি টেকুচি চান, অধ্যক্ষ শ্ৰী আৰ চি ভাৰ্গভা, হনচলপুৰ প্ৰকল্পৰ সকলো কৰ্মচাৰী, অন্যান্য গণ্যমান্য ব্যক্তিসকল, মহিলা আৰু ভদ্রলোকসকল!

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ হনচলপুৰত সেউজ গতিশীলতা পদক্ষেপ উদ্বোধন কৰে

August 26th, 10:30 am

সেউজ শক্তিৰ ক্ষেত্ৰত আত্মনিৰ্ভৰ হোৱাৰ বাবে বৃহৎ পদক্ষেপ গ্ৰহণ কৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ হনচলপুৰত সেউজ গতিশীলতা পদক্ষেপ উদ্বোধন কৰে। সমবেত লোকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে গণেশ উৎসৱৰ মাজত ভাৰতৰ 'মেক ইন ইণ্ডিয়া' যাত্ৰাত এক নতুন অধ্যায় যোগ কৰা হৈছে। তেওঁ কয় যে 'মেক ইন ইণ্ডিয়া’, মেক ফৰ ৱৰ্ল্ড’ৰ অংশীদাৰী লক্ষ্যৰ দিশত গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে চিহ্নিত হৈছে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে আজি ভাৰতত নিৰ্মিত বৈদ্যুতিক বাহন ১০০ খন দেশলৈ ৰপ্তানি কৰা হ'ব। তেওঁ লগতে দেশত হাইব্ৰিড বেটাৰী ইলেক্ট্ৰ'ড উৎপাদন আৰম্ভ কৰাৰ কথা ঘোষণা কৰে। আজি ভাৰত আৰু জাপানৰ মাজ বন্ধুত্বকো এক নতুন মাত্ৰা প্ৰদান কৰাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ সকলো নাগৰিকক, জাপান আৰু ছুজুকি মটৰ কৰ্পোৰেশ্যনৰ বাবে আন্তৰিক অভিনন্দন জ্ঞাপন কৰে।

আহমেদাবাদৰ কন্যা ছাত্ৰালয়ৰ চৰ্দাৰধাম দ্বিতীয় পৰ্যায়ৰ আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

August 24th, 10:39 pm

কেন্দ্ৰীয় মন্ত্ৰীসভাৰ মোৰ সতীৰ্থসকল, গুজৰাট চৰকাৰৰ মন্ত্ৰীবৰ্গ, ইয়াত উপৱিস্ত সাংসদ, বিধায়ক, চৰ্দাৰধামৰ মুৰব্বী শ্ৰী গগজী ভাই, ন্যাসৰক্ষী ভি. পেটেল, দিলীপভাই, অন্যান্য গণ্যমান্য ব্যক্তি আৰু মোৰ মৰমৰ ভাই-ভনীসকল, বিশেষকৈ মোৰ মৰমৰ কন্যাসকল।

আহমেদাবাদৰ কন্যা ছাত্ৰালয়ৰ চৰ্দাৰধাম দ্বিতীয় পৰ্যায়ৰ কামৰ আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণৰ অসমীয়া অনুবাদ

August 24th, 10:25 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' বাৰ্তাৰ জৰিয়তে গুজৰাটৰ আহমেদাবাদত কন্যা ছাত্ৰালয়ৰ চৰ্দাৰধাম দ্বিতীয় পৰ্যায়ৰ কামৰ আধাৰশিলা স্থাপন অনুষ্ঠানত ভাষণ দিয়ে। তেওঁ চৰ্দাৰধাম নামটোক ইয়াৰ প্ৰতিনিধিত্ব কৰা কামৰ দৰেই পবিত্ৰ বুলি অভিহিত কৰাৰ লগতে কন্যাৰ সেৱা আৰু শিক্ষাৰ বাবে বিশেষভাৱে উৎসৰ্গিত ছাত্ৰীনিবাসৰ উদ্বোধনী অনুষ্ঠানৰ ওপৰত আলোকপাত কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে এই ছাত্ৰীনিবাসত থকা ছাত্ৰীসকলে দুচকুত ডাঙৰ ডাঙৰ সপোন আৰু আকাংক্ষা কঢ়ুিয়াব, আৰু সেইবোৰক বাস্তৱায়িত কৰাৰ বাবে তেওঁলোকক যথেষ্ট সুযোগ প্ৰদান কৰা হ’ব। এই ছাত্ৰীসকলে এবাৰ আত্মনিৰ্ভৰশীল আৰু সক্ষম হ’লেই তেওঁলোকে কেৱল জাতি গঠনত অৰিহণা যোগোৱাই নহয়, পৰিয়ালকো সবলীকৰণ কৰিব বুলিও তেওঁ উল্লেখ কৰে। সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি শ্ৰী মোদীয়ে এই পদক্ষেপৰ দ্বাৰা উপকৃত হোৱা সকলো কন্যা সন্তানৰ লগতে তেওঁলোকৰ পৰিয়াললৈও উজ্জ্বল আৰু সমৃদ্ধিশালী ভৱিষ্যতৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে।

উত্তৰপ্ৰদেশৰ বাৰাণসীত উন্নয়নমূলক কামৰ আধাৰশিলা, উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

August 02nd, 11:30 am

নমোঃ পাৰ্বতী পতয়ে, হৰ হৰ মহাদেৱ, শাওনৰ পবিত্ৰ মাহত আজি কাশীৰ আমাৰ পৰিয়ালৰ সদস্যসকলক লগ পোৱাৰ সৌভাগ্য হ’ল। মই কাশীৰ প্ৰতিগৰাকী পৰিয়ালৰ সদস্যক প্ৰণাম জনাইছোঁ।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ প্ৰদেশৰ বাৰাণসীত প্ৰায় ২২০০ কোটি টকা মূল্যৰ উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন, শুভাৰম্ভণি কৰে

August 02nd, 11:00 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ বাৰাণসীত প্ৰায় ২২০০ কোটি টকা মূল্যৰ উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন আৰু শুভাৰম্ভ কৰে। এই উপলক্ষ্যে আয়োজিত সভাত ভাষণ দি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শুভ শাওণ মাহত বাৰাণসীৰ পৰিয়ালক লগ পোৱাৰ সন্দৰ্ভত আন্তৰিক আৱেগ প্ৰকাশ কৰে। বাৰাণসীবাসীৰ সৈতে তেওঁৰ গভীৰ আৱেগিক সম্পৰ্কৰ কথা উল্লেখ কৰি শ্ৰী মোদীয়ে মহানগৰীৰ প্ৰতিজন পৰিয়ালৰ সদস্যক শ্ৰদ্ধাৰে শুভেচ্ছা জ্ঞাপন কৰে। শ্ৰী মোদীয়ে শাওণ মাহৰ শুভ মুহূৰ্তত ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে দেশৰ বিভিন্ন প্ৰান্তৰ কৃষকৰ সৈতে সংযোগ স্থাপন কৰিবলৈ পাই সন্তুষ্টি প্ৰকাশ কৰে।

গ্ৰেট ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীৰ সৈতে যুটীয়া সংবাদমেলত প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ অসমীয়া অনুবাদ

July 24th, 04:20 pm

প্ৰথমে প্ৰধানমন্ত্ৰী ষ্টাৰমাৰক তেওঁৰ উষ্ম আদৰণিৰ বাবে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো। আজি আমাৰ সম্পৰ্কৰ এক ঐতিহাসিক দিন। বহু বছৰৰ কঠোৰ পৰিশ্ৰমৰ অন্তত আজি দুয়োখন দেশৰ মাজত সৰ্বাংগীন অৰ্থনৈতিক আৰু বাণিজ্য চুক্তি সম্পাদিত হোৱাত মই সুখী অনুভৱ কৰিছোঁ।

প্ৰধানমন্ত্ৰীয়ে স্কিল ইণ্ডিয়া মিছনৰ জৰিয়তে এক দক্ষ আৰু আত্ম-নিৰ্ভৰ যুৱ শক্তি গঢ়ি তুলিবলৈ চৰকাৰৰ দৃঢ় অংগীকাৰৰ কথা দোহাৰে

July 15th, 09:14 pm

স্কিল ইণ্ডিয়া মিছনৰ ১০ বছৰ পূৰ্তি উপলক্ষে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এই মিছনৰ জৰিয়তে এক দক্ষ আৰু আত্ম-নিৰ্ভৰ যুৱ শক্তি গঢ়ি তুলিবলৈ চৰকাৰৰ দৃঢ় অংগীকাৰৰ কথা দোহাৰে। তেখেতে কয় যে স্কিল ইণ্ডিয়া মিছন এক ৰূপান্তৰশীল পদক্ষেপ আছিল, যিয়ে সমগ্ৰ দেশৰ লক্ষ-লক্ষ লোকক সবল কৰি তুলিছে।