
INDIA-UK VISION 2035
July 24th, 07:12 pm
PM Modi and UK PM Starmer, during their meeting on 24 July 2025 in London endorsed the new India-UK Vision 2035” that reaffirms their shared commitment to unlocking the full potential of a revitalised partnership. This ambitious and future-focused agreement underscores the two nations’ resolve to work together for mutual growth, prosperity and to shape a prosperous, secure, and sustainable world.
India and the UK are laying the foundation for a new chapter in our shared journey: PM Modi
July 24th, 04:00 pm
During his official visit to the United Kingdom, PM Modi met with the UK PM Keir Starmer. The two leaders held a one-on-one meeting as well as delegation level talks and welcomed the signing of the historic India-UK Comprehensive Economic and Trade Agreement (CETA). They reviewed the entire gamut of the bilateral relationship and adopted the India-UK Vision 2035.
Prime Minister meets Prime Minister of the United Kingdom
July 24th, 03:59 pm
During his official visit to the United Kingdom, PM Modi met with the UK PM Keir Starmer. The two leaders held a one-on-one meeting as well as delegation level talks and welcomed the signing of the historic India-UK Comprehensive Economic and Trade Agreement (CETA). They reviewed the entire gamut of the bilateral relationship and adopted the India-UK Vision 2035.ত্ৰিনিদাদ আৰু ট’বেগোৰ ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰীৰ যুটীয়া বিবৃতি
July 05th, 09:02 am
২৬ বছৰৰ পিছত ভাৰতীয় প্ৰধানমন্ত্ৰীৰ এয়া প্ৰথমটো ঐতিহাসিক দ্বিপাক্ষিক ভ্ৰমণ। এই ভ্ৰমণ গভীৰ তাৎপৰ্য্যপূৰ্ণ আছিল, কিয়নো ই ১৮৪৫ চনত ত্ৰিনিদাদ আৰু ট’বেগোলৈ ভাৰতীয় অনুপ্ৰৱেশকাৰীৰ আগমনৰ ১৮০ বছৰীয়া জয়ন্তীৰ সৈতে সংগতি ৰাখি দুয়োখন দেশৰ মাজত দীৰ্ঘদিনীয়া বন্ধুত্বৰ মূল আধাৰ।ত্ৰিনিদাদ আৰু ট’বেগোৰ সংসদৰ যুটীয়া অধিৱেশনত প্ৰধানমন্ত্ৰীৰ ভাষণ
July 04th, 09:30 pm
এখন গৌৰৱপূৰ্ণ গণতন্ত্ৰ আৰু এখন বন্ধুত্বপূৰ্ণ দেশৰ নিৰ্বাচিত প্ৰতিনিধি, আপোনালোকৰ সন্মুখত থিয় দি মই নিজকে অতি সন্মানিত অনুভৱ কৰিছো।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ত্ৰিনিদাদ আৰু টোবাগোৰ সংসদৰ যুটীয়া অধিৱেশন সম্বোধন কৰে
July 04th, 09:00 pm
চিনেটৰ অধ্যক্ষ মহামহিম ৱেড মাৰ্ক আৰু সদনৰ অধ্যক্ষ মহামহিম জগদেও সিঙৰ আমন্ত্ৰণমৰ্মে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ত্ৰিনিদাদ আৰু টোবাগোৰ [T&T] সংসদৰ যুটীয়া অধিৱেশন সম্বোধন কৰে। ইয়াৰ জৰিয়তে তেখেত দেশখনৰ সংসদত ভাষণ প্ৰদান কৰা ভাৰতৰ প্ৰথমজন প্ৰধানমন্ত্ৰী হিচাপে পৰিগণিত হয় আৰু এই কাৰ্য্য ভাৰত-ত্ৰিনিদাদ আৰু টোবাগোৰ দ্বিপাক্ষিক সম্পৰ্কত এক মাইলৰ খুঁটি হিচাপে পৰিগণিত হয়।PM Modi conferred with highest national award, the ‘Order of the Republic of Trinidad & Tobago
July 04th, 08:20 pm
PM Modi was conferred Trinidad & Tobago’s highest national honour — The Order of the Republic of Trinidad & Tobago — at a special ceremony in Port of Spain. He dedicated the award to the 1.4 billion Indians and the historic bonds of friendship between the two nations, rooted in shared heritage. PM Modi also reaffirmed his commitment to strengthening bilateral ties.ঘানাৰ ৰাষ্ট্ৰপতিৰে প্ৰধানমন্ত্ৰীৰ বৈঠক
July 03rd, 01:15 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আজি ঘানাৰ ৰাষ্ট্ৰপতি মহামহিম ডঃ জন ড্ৰামানী মহামাৰ সৈতে বৈঠকত মিলিত হয়। জুবিলী হাউচত উপস্থিত হোৱাৰ লগে-লগে তেখেতক ৰাষ্ট্ৰপতি মহামাই আদৰণি জনায়। প্ৰধানমন্ত্ৰীৰ ঘানালৈ এই চৰকাৰী ভ্ৰমণ হৈছে তিনিটা দশকৰ পিছত প্ৰথমটো এনে ভ্ৰমণ।ঘানাৰ ৰাষ্ট্ৰপতিৰ সৈতে যুটীয় সংবাদ মেলত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতিৰ অসমীয়া অনুবাদ
July 03rd, 12:32 am
তিনি দশকৰ দীঘলীয়া ব্যৱধানৰ অন্তত ভাৰতৰ এজন প্ৰধানমন্ত্ৰীয়ে ঘানা ভ্ৰমণ কৰিছে।কেবিনেটে ঝাৰিয়া ক’লফিল্ডত অগ্নিকাণ্ড, মাটি তললৈ বহি যোৱাৰে মোকাবিলা আৰু প্ৰভাৱিত পৰিয়ালসমূহৰ পুনৰ্বাসনৰ অৰ্থে সংশোধিত ঝাৰিয়া মাষ্টাৰ প্লেনত অনুমোদন জনায়
June 25th, 03:14 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অৰ্থনৈতিক পৰিক্ৰমা কেবিনেট কমিটিয়ে ঝাৰিয়া ক’লফিল্ডত অগ্নিকাণ্ড, মাটি তললৈ বহি যোৱাৰে সম্পৰ্কীয় উদ্বেগৰে মোকাবিলা আৰু প্ৰভাৱিত পৰিয়ালসমূহৰ পুনৰ্বাসনৰ অৰ্থে সংশোধিত ঝাৰিয়া মাষ্টাৰ প্লেনত (JMP) অনুমোদন জনাইছে। মুঠ ৫,৯৪০.৪৭ কোটি টকা বিত্তীয় ব্যয় সাপেক্ষে এই সংশোধিত পৰিকল্পনা ৰূপায়ণ কৰা হ’ব। ইয়াৰ অধীনত পৰ্য্যায়ভিত্তিক পদ্ধতিয়ে অগ্নিকাণ্ড আৰু তললৈ বহি যোৱা ঘটনাৰে মোকাবিলা তথা অগ্ৰাধিকাৰ ভিত্তিত অতিশয় বিপদসংকূল স্থানৰ প্ৰভাৱিত পৰিয়ালসমূহৰ পুনৰ্বাসন নিশ্চিত কৰা হ’ব।প্ৰধানমন্ত্ৰীৰ দুৰ্য্যোগ প্ৰতিৰোধী আন্তঃগাঁথনিৰ আন্তঃৰাষ্ট্ৰীয় সন্মিলনত বক্তব্যৰ পূৰ্ণপাঠ
June 07th, 02:00 pm
দুৰ্য্যোগ প্ৰতিৰোধী আন্তঃগাঁথনিৰ আন্তঃৰাষ্ট্ৰীয় সন্মিলন, ২০২৫-লৈ আপোনালোক সকলোকে আদৰণি জনালোঁ। ইউৰোপত পোন-প্ৰথমবাৰৰ বাবে এই সন্মিলনৰ আয়োজন কৰা হৈছে। মই মোৰ বন্ধু ৰাষ্ট্ৰপতি মেক্ৰন আৰু ফ্ৰান্স চৰকাৰক এই অনুষ্ঠানৰ আয়োজনত সহায় আগবঢ়োৱাৰ বাবে কৃতজ্ঞতা জনাইছোঁ। মই আগন্তুক ৰাষ্ট্ৰসংঘৰ মহাসাগৰ সন্মিলনৰ বাবেও শুভেচ্ছা জ্ঞাপন কৰিছোঁ।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দুৰ্য্যোগ প্ৰতিৰোধী আন্তঃগাঁথনিৰ আন্তঃৰাষ্ট্ৰীয় সন্মিলন, ২০২৫ সম্বোধন কৰে
June 07th, 01:26 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে দুৰ্য্যোগ প্ৰতিৰোধী আন্তঃগাঁথনিৰ আন্তঃৰাষ্ট্ৰীয় সন্মিলন, ২০২৫ সম্বোধন কৰে। ইয়াত সমবেতসকলক সম্বোধনেৰে তেখেত ইউৰোপত পোন-প্ৰথমবাৰৰ বাবে আয়োজিত দুৰ্য্যোগ প্ৰতিৰোধী আন্তঃগাঁথনিৰ আন্তঃৰাষ্ট্ৰীয় সন্মিলন, ২০২৫-ত অংশগ্ৰহণ কৰাসকলক আদৰণি জনায়। তেখেতে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি মহামহিম ইমানুৱেল মেক্ৰন আৰু ফ্ৰান্স চৰকাৰক এই অনুষ্ঠানৰ আয়োজনত সহায় আগবঢ়োৱাৰ বাবে কৃতজ্ঞতা জনায়। প্ৰধানমন্ত্ৰীগৰাকীয়ে আগন্তুক ৰাষ্ট্ৰসংঘৰ মহাসাগৰ সন্মিলনৰ বাবেও শুভেচ্ছা জ্ঞাপন কৰে।The inauguration of mega infrastructure projects today marks a turning point in Jammu and Kashmir's development journey: PM Modi in Katra
June 06th, 12:50 pm
PM Modi launched multiple development projects worth over Rs. 46,000 crore in Jammu and Kashmir. He inaugurated the Chenab and Anji rail bridges and flagged off Vande Bharat Trains. Emphasizing that both the bridges will serve as catalysts for prosperity in J&K, the PM said, “these landmark projects will boost tourism and also benefit various sectors of the economy, creating opportunities for businesses and industries”.জম্মু-কাশ্মীৰত ৪৬,০০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন আৰু উৎসৰ্গা প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
June 06th, 12:45 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জম্মু-কাশ্মীৰৰ কাটৰাত ৪৬,০০০কোটি টকাতকৈও অধিক ব্যয়ৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন আৰু ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰে। সাহসী বীৰ জোৰাৱাৰ সিঙৰ ভূমিক অভিবাদন জনাই তেওঁ মন্তব্য কৰে যে আজিৰ অনুষ্ঠানটো ভাৰতৰ একতা আৰু সংকল্পৰ এক বিশাল উদযাপন। শ্ৰী মোদীয়ে কয় যে মাতা বৈষ্ণো দেৱীৰ আশীৰ্বাদত কাশ্মীৰ উপত্যকা এতিয়া ভাৰতৰ বিশাল ৰে’ল নেটৱৰ্কৰ সৈতে সংযুক্ত হৈছে। উধামপুৰ-শ্ৰীনগৰ-বাৰামুল্লা ৰে’ল লাইন প্ৰকল্প কেৱল এটা নাম নহয়, জম্মু-কাশ্মীৰৰ নতুন শক্তিৰ প্ৰতীক আৰু ভাৰতৰ বৰ্ধিত সামৰ্থ্যৰ প্ৰমাণ বুলি গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, আমি সদায়ে মা ভাৰতীক 'কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈ'বুলি গভীৰ শ্ৰদ্ধাৰে উল্লেখ কৰি আহিছোঁআজি আমাৰ ৰে’ল নেটৱৰ্কতো ই বাস্তৱত পৰিণত হৈছে।‘মন কী বাত’ৰ ১২২সংখ্যক খণ্ডত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
May 25th, 11:30 am
নমস্কাৰ। আজি সমগ্ৰ দেশ একত্ৰিত, ক্ষুব্ধ, সন্ত্ৰাসবাদৰ বিৰুদ্ধে দৃঢ়প্ৰতিজ্ঞ। আজি প্ৰতিজন ভাৰতীয়ৰ একেই সংকল্প-আমি সন্ত্ৰাসবাদৰ অন্ত পেলাব লাগিব। বন্ধুসকল, অপাৰেচন সিন্দুৰৰ সময়ত আমাৰ সৈন্যই যি বীৰত্ব দেখুৱাইছে, সেই শৌৰ্যই প্ৰতিজন হিন্দুস্তানীৰ শিৰ উচ্চ কৰি তুলিছে। আমাৰ সৈন্যই যি দক্ষতা আৰু নিখুঁততাৰে সীমান্ত অতিক্ৰম কৰি সন্ত্ৰাসবাদী ঘাটি ধ্বংস কৰিছিল, সেয়া অভূতপূৰ্ব। অপাৰেচন সিন্দুৰে সমগ্ৰ বিশ্বতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজখনক নতুন বিশ্বাস আৰু উৎসাহ প্ৰদান কৰিছে। বন্ধুসকল, অপাৰেচন সিন্দুৰ কেৱল সেনা অভিযান নহয়, ই আমাৰ সংকল্প, সাহস আৰু পৰিৱৰ্তিত ভাৰতৰ ছবি আৰু এই ছবিখনে সমগ্ৰ দেশক দেশপ্ৰেমমূলক আৱেগেৰে ভৰাই তুলিছে, ত্ৰিৰংগ পতাকাখনক ৰঙেৰে ভৰাই তুলিছে। আপুনি হয়তো দেখিছে যে দেশৰ বহু চহৰ, গাঁও, সৰু সৰু চহৰত ত্ৰিৰংগ যাত্ৰা বাহিৰ কৰা হৈছে। হাতত ত্ৰিৰংগ পতাকা লৈ হাজাৰ হাজাৰ লোকে দেশৰ জোৱানক চেলুট আৰু অভিনন্দন জনাবলৈ ওলাই আহিছে। বহু চহৰত যুৱক-যুৱতীসকলে বৃহৎ সংখ্যক একত্ৰিত হৈ অসামৰিক প্ৰতিৰক্ষাৰ স্বেচ্ছাসেৱক হৈ পৰিছে আৰু আমি দেখিছো যে চণ্ডীগড়ৰ ভিডিঅ’টো যথেষ্ট ভাইৰেল হৈছে। ছচিয়েল মিডিয়াত কবিতা লিখা, সংকল্প আৰু গীত গোৱা হৈছে। সৰু ল’ৰা-ছোৱালীয়ে ছবি আঁকিছে, তাৰ অন্তৰালত লুকাই আছে গুৰুত্বপূৰ্ণ বাৰ্তা। তিনিদিন আগতে বিকানেৰলৈ গৈছিলো। তাত থকা ল’ৰা-ছোৱালীবোৰে মোক তেনেকুৱা এখন ছবি দিলে। অপাৰেচন সিন্দুৰে দেশৰ জনসাধাৰণক ইমানেই প্ৰভাৱিত কৰিছে যে বহু পৰিয়ালে ইয়াক নিজৰ জীৱনৰ অংগ কৰি তুলিছে। বিহাৰৰ কাটিহাৰ, উত্তৰপ্ৰদেশৰ কুশীনগৰ আৰু আন বহু চহৰত সেই সময়ত জন্ম হোৱা সন্তানক ‘সিন্দুৰ’ নামেৰে নামাকৰণ কৰা হৈছিল।ৰাইজিং নৰ্থ ইষ্ট ইনভেষ্টৰ্ছ ছামিটত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
May 23rd, 11:00 am
কেন্দ্ৰীয় কেবিনেটৰ মোৰ সতীৰ্থ জ্যোতিৰাদিত্য সিন্ধিয়া জী, সুকান্ত মজুমদাৰ জী, মণিপুৰৰ ৰাজ্যপাল অজয় ভল্লা জী, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জী, অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু জী, ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মানিক সাহা জী, মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা জী, ছিক্কিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং তামাং জী, নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ' জী, মিজোৰামৰ মুখ্যমন্ত্ৰী লালদুহোমা জী, সকলো উদ্যোগৰ নেতা, বিনিয়োগকাৰী, ভদ্ৰমহিলা আৰু সুধী সমাজ!প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাইজিং নৰ্থ-ইষ্ট ইনভেষ্টৰ্ছ ছামিট, ২০২৫ উদ্বোধন কৰে
May 23rd, 10:30 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত ৰাইজিং নৰ্থ-ইষ্ট ইনভেষ্টৰ্ছ ছামিট, ২০২৫ উদ্বোধন কৰে। ইয়াত সমবেত সকলো গণ্যমান্য ব্যক্তিক উষ্ম আদৰণি জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ ভৱিষ্যতক লৈ গৌৰৱ আৰু গভীৰ আস্থা প্ৰকাশ কৰে। শেহতীয়াকৈ ভাৰত মণ্ডপমত অনুষ্ঠিত অষ্টলক্ষ্মী মহোৎসৱৰ কথা স্মৰণেৰে তেখেতে কয় যে আজি এই অনুষ্ঠানত উত্তৰ-পূৰ্বাঞ্চলত বিনিয়োগক উদযাপন কৰা হৈছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে এই সন্মিলনত একাধিক উদ্যোগপতিয়ে অংশগ্ৰহণ কৰাৰ কথা উল্লেখেৰে অঞ্চলটোৰ সুযোগৰাজিক কেন্দ্ৰ কৰি বিৰাজ কৰা উৎসাহ-উদ্দীপনাত আলোকপাত কৰে। তেখেতে সকলো মন্ত্ৰালয় আৰু ৰাজ্য চৰকাৰলৈ অভিনন্দন জ্ঞাপনেৰে এটি বিনিয়োগ-অনুকূল পৰিবেশ গঢ়ি তোলাৰ ক্ষেত্ৰত তেওঁলোকে গ্ৰহণ কৰা প্ৰচেষ্টাৰাজিৰ শলাগ লয়। সকলোকে শুভেচ্ছা জ্ঞাপনেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাইজিং নৰ্থ-ইষ্ট ইনভেষ্টৰ্ছ ছামিটক প্ৰশংসাৰে অঞ্চলটোৰ অবিৰত বিকাশ আৰু সমৃদ্ধিৰ প্ৰতি স্বকীয় দায়বদ্ধতাৰ কথা দোহাৰে।প্ৰধানমন্ত্ৰীয়ে ২৩ মে'ত নতুন দিল্লীত ৰাইজিং নৰ্থ ইষ্ট ইনভেষ্টাৰ্ছ সন্মিলন উদ্বোধন কৰিব
May 22nd, 04:13 pm
উত্তৰ-পূব অঞ্চলক সুযোগৰ দেশ হিচাপে চিহ্নিত কৰা, বৈশ্বিক আৰু ঘৰুৱা বিনিয়োগক আকৰ্ষিত কৰা, আৰু মুখ্য অংশীদাৰ, বিনিয়োগকাৰী তথা নীতি নিৰ্ধাৰকসকলক একেখন মঞ্চতে একত্ৰিত কৰাৰ লক্ষ্যৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৩ মে'ত নতুন দিল্লীৰ ভাৰত মণ্ডপমত পুৱা প্ৰায় ১বজাত ৰাইজিং নৰ্থ ইষ্ট ইনভেষ্টাৰ্ছ সন্মিলন উদ্বোধন কৰিব।১৭ তম অসামৰিক সেৱা দিৱসত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
April 21st, 11:30 am
অসামৰিক সেৱা দিৱসত সকলোকে আন্তৰিক অভিনন্দন! এইবছৰৰ অসামৰিক সেৱা দিৱস উদযাপনৰ বিশেষ তাৎপৰ্য আছে। আমি আমাৰ সংবিধানৰ ৭৫তম বছৰ স্মৰণ কৰাৰ লগতে ভাৰতৰ লৌহ পুৰুষ চৰ্দাৰ বল্লভভাই পেটেলৰ ১৫০ সংখ্যক জন্ম জয়ন্তীও পালন কৰিবলৈ লৈছো। ১৯৪৭ চনৰ ২১ এপ্ৰিলৰ আজিৰ দিনটোতে চৰ্দাৰ পেটেলে চৰকাৰী কৰ্মচাৰীক “ষ্টীল ফ্ৰেম অৱ ইণ্ডিয়া” অৰ্থাৎ ভাৰতৰ লৌহ গাঁথনি বুলি উল্লেখ কৰিছিল। তেওঁ এনে এক আমোলাতন্ত্ৰৰ কল্পনা কৰিছিল যিয়ে স্বাধীন ভাৰতৰ আদৰ্শক ৰক্ষা কৰিব, যি হ’ব সততা, অনুশাসন আৰু জাতিৰ প্ৰতি অটল দায়বদ্ধতাৰ শিপাই থকা অসামৰিক সেৱা। যিয়ে গণতান্ত্ৰিক মনোভাৱেৰে প্ৰশাসনযন্ত্ৰ পৰিচালনা কৰে আৰু দেশৰ সেৱাক সকলোতকৈ ওপৰত স্থান দিয়ে। আমি বিকশিত ভাৰত নিৰ্মাণৰ সংকল্প লৈ আগবাঢ়ি যোৱাৰ সময়তে চৰ্দাৰ পেটেলৰ কথাই আমাক পথ প্ৰদৰ্শন আৰু অনুপ্ৰাণিত কৰি আহিছে। নিষ্ঠাবান, সৎ আৰু জনকেন্দ্ৰিক অসামৰিক সেৱাৰ বাবে তেওঁৰ দৃষ্টিভংগী এতিয়া পূৰ্বতকৈও অধিক প্ৰাসংগিক হৈ পৰিছে। এই উপলক্ষে চৰ্দাৰ পেটেলৰ চিৰস্থায়ী দৃষ্টিভংগীক শ্ৰদ্ধা জনাইছো আৰু দেশ নিৰ্মাণৰ দিশত অদম্য প্ৰচেষ্টাৰ বাবে সকলো চৰকাৰী কৰ্মচাৰীক গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছো।১৭সংখ্যক অসামৰিক সেৱা দিৱসত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ সম্বোধন
April 21st, 11:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত ১৭ সংখ্যক অসামৰিক সেৱা দিৱস উপলক্ষে অসামৰিক কৰ্মচাৰীসকলক সম্বোধন কৰে। তেওঁ ৰাজহুৱা প্ৰশাসনত উৎকৃষ্টতাৰ বাবে প্ৰধানমন্ত্ৰীৰ বঁটাও প্ৰদান কৰে। সমাৱেশক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে অসামৰিক সেৱা দিৱস উপলক্ষে সকলোকে অভিনন্দন জনায় আৰু সংবিধানৰ ৭৫তম বৰ্ষপূৰ্তি আৰু চৰ্দাৰ বল্লভভাই পেটেলৰ ১৫০তম জয়ন্তী উপলক্ষে এইবাৰৰ উদযাপনৰ গুৰুত্বত আলোকপাত কৰে। অসামৰিক কৰ্মচাৰীসকলক 'ভাৰতৰ তীখাৰ জকা' বুলি উল্লেখ কৰা ১৯৪৭চনৰ ২১ এপ্ৰিলৰ চৰ্দাৰ পেটেলৰ বিখ্যাত বক্তব্যৰ কথা স্মৰণ কৰি শ্ৰী মোদীয়ে পেটেলৰ আমোলাতন্ত্ৰৰ সম্পৰ্কত থকা দৃষ্টিভংগীৰ ওপৰত গুৰুত্ব আৰোপ কৰে যি অনুশাসন, সততা আৰু গণতান্ত্ৰিক মূল্যবোধ বৰ্তাই ৰাখে আৰু দেশলৈ সৰ্বাধিক নিষ্ঠাৰে সেৱা কৰে। বিকশিত ভাৰত হোৱাৰ ক্ষেত্ৰত দেশৰ সংকল্পৰ সন্দৰ্ভত চৰ্দাৰ পেটেলৰ আদৰ্শৰ প্ৰাসংগিকতাৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰে আৰু চৰ্দাৰ পেটেলৰ দৃষ্টিভংগী আৰু উত্তৰাধিকাৰৰ প্ৰতি আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। লালকিল্লাৰ পৰা তেওঁ পূৰ্বে আগবঢ়োৱা বক্তব্যৰ প্ৰতিফলন ঘটাই শ্ৰীমোদীয়ে পৰৱৰ্তী হাজাৰ বছৰৰ বাবে ভাৰতৰ ভেটি শক্তিশালী কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি উল্লেখ কৰে যে এই সহস্ৰাব্দৰ ইতিমধ্যে ২৫বছৰ পাৰ হৈ গৈছে, যি নতুন শতিকাৰ ২৫তম বছৰ আৰু নতুন সহস্ৰাব্দ চিহ্নিত কৰিছে। তেওঁ কয়,আজি আমি যিবোৰ নীতিৰ ওপৰত কাম কৰি আছো, আমি যিবোৰ সিদ্ধান্ত লৈছো, সেইবোৰে পৰৱৰ্তী হাজাৰ বছৰৰ ভৱিষ্যতক গঢ় দিব। প্ৰাচীন শাস্ত্ৰৰ উদ্ধৃতি দি তেওঁ কয় যে যেনেকৈ ৰথ এখন এটা চকাৰে চলাচল কৰিব নোৱাৰে, ঠিক তেনেদৰে প্ৰচেষ্টা অবিহনে কেৱল ভাগ্যৰ ওপৰত নিৰ্ভৰ কৰি সফলতা লাভ কৰিব নোৱাৰি। উন্নত ভাৰতৰ লক্ষ্যত উপনীত হ’বলৈ সামূহিক প্ৰচেষ্টা আৰু সংকল্পৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ সকলোকে এই অংশীদাৰী দৃষ্টিভংগীৰ দিশত সদায় আৰু প্ৰতিটো মুহূৰ্ততে অক্লান্তভাৱে কাম কৰিবলৈ আহ্বান জনায়।