ৰাজ্য প্ৰতিষ্ঠা দিৱস উপলক্ষ্যে ছিকিমৰ ৰাইজক শুভেচ্ছা জ্ঞাপন কৰিলে প্ৰধানমন্ত্ৰীয়ে
May 16th, 01:32 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজ্য প্ৰতিষ্ঠা দিৱস উপলক্ষ্যে ছিকিমৰ জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰেছ ছিকিমে ঐতিহাসিক মাইলৰ খুঁটি হিচাপে চলিত বৰ্ষত ৫০ সংখ্যক ৰাজ্য প্ৰতিষ্ঠা দিৱস উদযাপন কৰিছে। শ্ৰী মোদীয়ে মন্তব্য কৰে যে ভাৰতৰ উন্নয়ন যাত্ৰাত ছিকিমৰ অৱদান অত্যন্ত মূল্যৱান আৰু শলাগিবলগীয়া ।গেংটক অৰ্কিডেৰিয়াম ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰীৰ ছিকিমৰ অসাধাৰণ জৈৱ বৈচিত্ৰ্যৰ প্ৰশংসা
April 28th, 03:15 pm
প্ৰধানমন্ত্ৰীয়ে তেওঁৰ অৰ্কিডেৰিয়াম ভ্ৰমণক এক মন্ত্ৰমুগ্ধ অভিজ্ঞতা বুলি বৰ্ণনা কৰে। শ্ৰী মোদীয়ে কয় যে এনে সংৰক্ষণ প্ৰচেষ্টাই প্ৰাকৃতিক জগতৰ সৈতে গভীৰভাৱে জড়িত আমাৰ সম্প্রীতিক নিখুঁতভাৱে প্ৰতিফলিত কৰে। তেওঁ লগতে উল্লেখ কৰে যে এই পদক্ষেপসমূহে নাগৰিকসকলৰ সংৰক্ষণ আৰু বহনক্ষম জীৱন ধাৰণৰ বাবে গুৰুত্বপূৰ্ণ অনুপ্ৰেৰণা হিচাপে কাম কৰে।গেংটকত ছিকিমৰ ৫০ সংখ্যক ৰাজ্যিক প্ৰতিষ্ঠা দিৱস উদযাপনৰ সামৰণি অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ মূল পাঠ
April 28th, 10:25 am
ছিকিমৰ ৰাজ্যপাল শ্ৰী ওম মাথুৰ জী, ইয়াৰ জনপ্ৰিয়, উদ্যমী যুৱক-যুৱতী আৰু মোৰ বন্ধু শ্ৰী প্ৰেম সিং তামাং জী, সংসদত মোৰ বন্ধু শ্ৰী দৰ্জী শ্বেৰিং লেপচা জী, ড০ ইন্দ্ৰ হং সুব্বা জী, শ্ৰী দিলী ৰাম থাপা জী আৰু ছিকিমৰ মোৰ মৰমৰ ভাই-ভনীসকল।ছিকিমৰ গেংটকত ছিকিমৰ ৫০ সংখ্যক ৰাজ্যিক প্ৰতিষ্ঠা দিৱস উদযাপনৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
April 28th, 10:15 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ছিকিমৰ গেংটকত ছিকিমৰ ৫০ সংখ্যক ৰাজ্যিক প্ৰতিষ্ঠা দিৱসৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ লগতে সহস্ৰাধিক কোটি টকাৰ ৩০ টাৰো অধিক উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ তথা উদ্বোধন কৰে।ছিকিমৰ গেংটকত যুৱক-যুৱতীসকলৰ সৈতে প্ৰীতি ফুটবল খেলত অংশগ্ৰহণ প্ৰধানমন্ত্ৰীৰ
April 28th, 09:46 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ছিকিমৰ গেংটকত পুৱাৰ ভাগত যুৱক-যুৱতীসকলৰ সৈতে এখন প্ৰীতি ফুটবল খেলত অংশগ্ৰহণ কৰে।গেংটকত পদ্ম সন্মানেৰে সন্মানিত ব্যক্তি আৰু বিশিষ্ট ব্যক্তিসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ মত বিনিময়
April 28th, 07:30 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কালি সন্ধিয়া ছিকিমৰ গেংটক ভ্ৰমণৰ সময়ত পদ্ম সন্মানেৰ সন্মানিত ব্যক্তি তথা বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকলক সাক্ষাৎ কৰে।২৭–২৮ এপ্ৰিলত ছিকিম ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে
April 26th, 03:47 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬ চনৰ ২৭–২৮ এপ্ৰিলত ছিকিম ভ্ৰমণ কৰিব। ২৭ এপ্ৰিলত প্ৰায় ৩ বজাত তেওঁ গেংটকত উপস্থিত হ’ব। ২৮ এপ্ৰিলত পুৱা প্ৰায় ৯:৩০ বজাত প্ৰধানমন্ত্ৰীগৰাকীয়ে গেংটকৰ অৰ্কিডাৰিয়াম পৰিদৰ্শন কৰিব, ইয়াত ৰাজ্যখনৰ পৰিৱেশ আৰু পুষ্পৰ ঐতিহ্য প্ৰদৰ্শনৰ বাবে স্বৰ্ণজয়ন্তী মৈত্ৰী মঞ্জাৰী উদ্যানক অত্যাধুনিক, বিশ্বমানৰ অৰ্কিড অভিজ্ঞতা কেন্দ্ৰ হিচাপে গঢ়ি তোলা হৈছে।অংশগ্ৰহণ কৰি ‘ডিজিটেল লোকপিয়ল ২০২৭’ সফল কৰি তুলিবলৈ দেশবাসীৰ প্ৰতি ‘মন কী বাত’ত আহ্বান জনাই প্ৰধানমন্ত্ৰী মোদীয়ে
April 26th, 11:30 am
‘মন কী বাত’ৰ চলিত মাহৰ খণ্ডটোত প্ৰধানমন্ত্ৰী মোদীয়ে পাৰমাণৱিক আৰু বায়ু শক্তিখণ্ডত ভাৰতৰ অগ্ৰগতিৰ প্ৰসংগত আলোকপাত কৰে। ভগৱান বুদ্ধৰ শিক্ষা, ‘বীটিং ৰিট্ৰীট’ অনুষ্ঠান, প্ৰকৃতি সংৰক্ষণ, বাঁহ উদ্যোগখণ্ড, প্ৰাচীন গ্ৰন্থ আৰু ‘গাণিতিক অলিম্পিয়াড’ কাৰ্যসূচীকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ো তেওঁ স্পৰ্শ কৰে। চলি থকা ‘ডিজিটেল লোকপিয়ল অভিযান’ সন্দৰ্ভতো মন্তব্য কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে সকলোকে এই প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়।ছিকিমৰ মুখ্যমন্ত্ৰীৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ
April 08th, 06:43 pm
ছিকিমৰ মুখ্যমন্ত্ৰী শ্ৰী প্ৰেম সিং তামাং (গ’লে) য়ে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।"পৰীক্ষা পে চৰ্চা ২০২৬" অনুষ্ঠানত শিক্ষাৰ্থীসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ মত-বিনিময়ৰ মূল পাঠ
February 06th, 10:21 am
শিক্ষাৰ্থীঃ মই ছানভী আচাৰ্য, আপোনাৰ ৰাজ্য গুজৰাটৰ পৰা আহিছোঁ। মোৰ প্ৰথম প্ৰশ্নটো হ’ল যে আমাৰ পিতৃ-মাতৃয়ে আমাৰ বিষয়ে চিন্তা কৰে আৰু আমাৰ শিক্ষকসকলে আমাক সমৰ্থন কৰে। কিন্তু মূল সমস্যাটো তেতিয়া উদ্ভৱ হয় যেতিয়া আমাৰ শিক্ষকসকলে এক বেলেগধৰণৰ অধ্যয়নৰ পৰামৰ্শ দিয়ে। অভিভাৱকসকলে আমাক এই আৰ্হি অনুসৰণ কৰিবলৈ কয়, আনহাতে শিক্ষাৰ্থীসকলৰ প্ৰায়ে বিভিন্ন প্ৰৱণতা থাকে,সেয়েহে আমি প্ৰায়ে কোনটো আৰ্হি সঠিক সেই বিষয়ে বিভ্ৰান্ত হৈ পৰোঁ।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পৰীক্ষা পে চৰ্চা ২০২৬ৰ সময়ত ছাত্ৰ-ছাত্ৰীৰ সৈতে মত বিনিময় কৰে
February 06th, 10:00 am
গুজৰাটৰ এজন শিক্ষাৰ্থীয়ে সুধিছিল যে অভিভাৱকসকলে তেওঁলোকৰ বাবে চিন্তা কৰে আৰু শিক্ষকসকলে তেওঁলোকক সমৰ্থন কৰে, কিন্তু সমস্যাটো তেতিয়াই উদ্ভৱ হয় যেতিয়া শিক্ষকে এটা অধ্যয়ন পদ্ধতিৰ পৰামৰ্শ দিয়ে, অভিভাৱকে আন এটা পদ্ধতিৰ ওপৰত গুৰুত্ব আৰোপ কৰে, আৰু ছাত্ৰ-ছাত্ৰীসকলে বেলেগ বেলেগ পদ্ধতি গ্ৰহণ কৰে। ফলত তেওঁলোক কোনটো পদ্ধতি সঠিক সেই বিষয়ে বিভ্ৰান্ত হৈ পৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে এই কাম গোটেই জীৱন চলি থাকে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী হিচাপেও তেওঁক মানুহে বেলেগ বেলেগ পৰামৰ্শ দিয়ে। তেওঁ গুৰুত্ব সহকাৰে কয় যে যেনেকৈ ঘৰত ভাই-ভনীৰ খাদ্যাভ্যাস বেলেগ বেলেগ— কোনোবাই শাক-পাচলিৰে আৰম্ভ কৰে, কোনোবাই মচুৰ দাইলৰে, কোনোবাই সকলোখিনি মিহলাই দিয়ে— তেনেদৰে প্ৰত্যেকৰে নিজৰ নিজৰ ধৰণ থাকে। তেওঁ কয় যে সুখ নিহিত হৈ থাকে নিজৰ পদ্ধতি অনুসৰণ কৰাত। শ্ৰী মোদীয়ে বুজাই দিয়ে যে কিছুমান মানুহে ৰাতি পঢ়া-শুনা কৰাটো পছন্দ কৰে, কোনোৱে পুৱা সোনকালে পঢ়া-শুনা কৰাটো পছন্দ কৰে, আৰু সকলোৰে একোটা নিজস্ব ছন্দ থাকে। তেওঁ অসৎ কামৰ পৰা বিৰত থাকিবলা সতৰ্ক কৰি দিয়ে, কেনেকৈ একাংশ ছাত্ৰ-ছাত্ৰীয়ে মাকক কয় যে ৰাতিপুৱা পঢ়িম, কিন্তু তাৰ পিছত সেয়া নহয়গৈ। তেওঁ কয় যে ছাত্ৰ-ছাত্ৰীসকলে নিজৰ পদ্ধতিত বিশ্বাস কৰিব লাগে, পৰামৰ্শ ভালদৰে শুনিব লাগে আৰু নিজৰ অভিজ্ঞতাৰ ভিত্তিত উন্নতি কৰিব লাগে, কেৱল আন কোনোবাই কোৱাৰ বাবেই সেয়া আঁকোৱালি লব নালাগে। তেওঁ বুজাই দিয়ে যে যেতিয়া তেওঁ পৰীক্ষা পে চৰ্চা আৰম্ভ কৰিছিল, তেতিয়া এটা পদ্ধতি আছিল, কিন্তু সময়ৰ লগে লগে তেওঁ সেইটো পৰিশোধন কৰিছিল, আনকি বিভিন্ন ৰাজ্যত অধিবেশন অনুষ্ঠিত কৰিছিল, ইয়াৰ বিন্যাস সলনি কৰিছিল যদিও মূল নীতিসমূহ বৰ্তাই ৰাখিছিল। ছাত্ৰ-ছাত্ৰীসকলে জনোৱা মতে প্ৰধানমন্ত্ৰীগৰাকীৰ স্বভাৱ অতি বন্ধুত্বসুলভ আৰু তেওঁৰ লগত সহজে মিলি যায়। তেওঁ বুজাই কয় যে সকলোৱে বিভিন্ন পদ্ধতি শুনিব লাগে, প্ৰত্যেকৰে পৰা ইতিবাচক গুণবোৰ শিকিব লাগে, নিজৰ নিজৰ সামৰ্থ্যত গুৰুত্ব দিব লাগে, আৰু লাহে লাহে সেয়া মজবুত কৰিব লাগে।ছিকিমৰ ৰাজ্যপালে প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰে
November 04th, 01:33 pm
ছিকিমৰ ৰাজ্যপাল শ্ৰী ওম প্ৰকাশ মাথুৰে আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।প্ৰধানমন্ত্ৰীক সাক্ষাৎ ছিকিমৰ মুখ্যমন্ত্ৰীৰ
October 06th, 05:41 pm
ছিকিমৰ মুখ্যমন্ত্ৰী শ্ৰী প্ৰেম সিং তামাঙে আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।ছিকিমৰ ৰাজ্যপালে প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰে
June 13th, 09:21 pm
ছিকিমৰ ৰাজ্যপাল শ্ৰী ওম প্ৰকাশ মাথুৰে আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।ছিকিম@৫০ অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ
May 29th, 10:00 am
ছিকিমৰ ৰাজ্যপাল শ্ৰীযুত ওম প্ৰকাশ মাথুৰ জী, ৰাজ্যৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী, মোৰ বন্ধু প্ৰেম সিং তামাং জী, সংসদত মোৰ সহকৰ্মী দৰ্জী চেৰিং লেপচা জী, ড° ইন্দ্ৰ হাং চুব্বা জী, ইয়াত উপস্থিত থকা ৰাইজৰ লগতে অন্যান্য জনপ্ৰতিনিধিসকল, সজ্জন তথা ভদ্ৰমহিলাসকল,প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘ছিকিম@৫০’ উদযাপনৰ কাৰ্য্যসূচী সম্বোধন কৰে
May 29th, 09:45 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গেংটকত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ‘ছিকিম@৫০’ কাৰ্য্যসূচী সম্বোধন কৰে। এই কাৰ্য্যসূচীৰ বিষয়বস্তু হৈছে ‘প্ৰগতিৰে উদ্দেশ্যৰ মিলন আৰু প্ৰকৃতিৰ বিকাশক চালিতকৰণ’। ইয়াত ভাষণ প্ৰদানেৰে তেখেতে ছিকিমৰ প্ৰতিষ্ঠাৰ সোণালী জয়ন্তী উপলক্ষে ছিকিমৰ ৰাইজক সম্ভাষণ জনায়। তেখেতে ইয়াকে লৈ ৰাইজৰ উৎসাহ-উদ্দীপনাক ওচৰৰপৰা প্ৰত্যক্ষ কৰিব বিচাৰিছিল যদিও প্ৰতিকূল বতৰৰ বাবে এই কাৰ্য্যসূচীত ভাগ ল’ব নোৱাৰিলে বুলিও কয়। তেখেতে অদূৰ ভৱিষ্যতে ছিকিম ভ্ৰমণেৰে ৰাজ্যখনৰ কৃতিত্বৰাজি প্ৰত্যক্ষৰে ইয়াৰ উদযাপনত অংশগ্ৰহণ কৰিব বুলি অংগীকাৰ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে আজি ৰাজ্যখনৰ বিগত ৫০ বছৰৰ কৃতিত্বৰাজি উদযাপনৰ উপলক্ষ বুলি বক্তব্য প্ৰদানেৰে ছিকিমৰ মুখ্যমন্ত্ৰী আৰু তেওঁৰ টীমক এই বৃহৎ অনুষ্ঠানক স্মৰণীয় কৰি তোলাৰ বাবে প্ৰশংসা কৰে। তেখেতে পুনৰবাৰ ছিকিমৰ জনসাধাৰণক ৰাজ্য প্ৰতিষ্ঠাৰ সোণালী জয়ন্তীৰ শুভেচ্ছা জনায়।২৯ আৰু ৩০ মে’ত ছিকিম, পশ্চিমবংগ, বিহাৰ আৰু উত্তৰ প্ৰদেশ ভ্ৰমণ প্ৰধানমন্ত্ৰীৰ
May 28th, 12:10 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৯ আৰু ৩০ মে’ত ছিকিম, পশ্চিমবংগ, বিহাৰ আৰু উত্তৰ প্ৰদেশ ভ্ৰমণ কৰিব।‘মন কী বাত’ৰ ১২২সংখ্যক খণ্ডত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
May 25th, 11:30 am
নমস্কাৰ। আজি সমগ্ৰ দেশ একত্ৰিত, ক্ষুব্ধ, সন্ত্ৰাসবাদৰ বিৰুদ্ধে দৃঢ়প্ৰতিজ্ঞ। আজি প্ৰতিজন ভাৰতীয়ৰ একেই সংকল্প-আমি সন্ত্ৰাসবাদৰ অন্ত পেলাব লাগিব। বন্ধুসকল, অপাৰেচন সিন্দুৰৰ সময়ত আমাৰ সৈন্যই যি বীৰত্ব দেখুৱাইছে, সেই শৌৰ্যই প্ৰতিজন হিন্দুস্তানীৰ শিৰ উচ্চ কৰি তুলিছে। আমাৰ সৈন্যই যি দক্ষতা আৰু নিখুঁততাৰে সীমান্ত অতিক্ৰম কৰি সন্ত্ৰাসবাদী ঘাটি ধ্বংস কৰিছিল, সেয়া অভূতপূৰ্ব। অপাৰেচন সিন্দুৰে সমগ্ৰ বিশ্বতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজখনক নতুন বিশ্বাস আৰু উৎসাহ প্ৰদান কৰিছে। বন্ধুসকল, অপাৰেচন সিন্দুৰ কেৱল সেনা অভিযান নহয়, ই আমাৰ সংকল্প, সাহস আৰু পৰিৱৰ্তিত ভাৰতৰ ছবি আৰু এই ছবিখনে সমগ্ৰ দেশক দেশপ্ৰেমমূলক আৱেগেৰে ভৰাই তুলিছে, ত্ৰিৰংগ পতাকাখনক ৰঙেৰে ভৰাই তুলিছে। আপুনি হয়তো দেখিছে যে দেশৰ বহু চহৰ, গাঁও, সৰু সৰু চহৰত ত্ৰিৰংগ যাত্ৰা বাহিৰ কৰা হৈছে। হাতত ত্ৰিৰংগ পতাকা লৈ হাজাৰ হাজাৰ লোকে দেশৰ জোৱানক চেলুট আৰু অভিনন্দন জনাবলৈ ওলাই আহিছে। বহু চহৰত যুৱক-যুৱতীসকলে বৃহৎ সংখ্যক একত্ৰিত হৈ অসামৰিক প্ৰতিৰক্ষাৰ স্বেচ্ছাসেৱক হৈ পৰিছে আৰু আমি দেখিছো যে চণ্ডীগড়ৰ ভিডিঅ’টো যথেষ্ট ভাইৰেল হৈছে। ছচিয়েল মিডিয়াত কবিতা লিখা, সংকল্প আৰু গীত গোৱা হৈছে। সৰু ল’ৰা-ছোৱালীয়ে ছবি আঁকিছে, তাৰ অন্তৰালত লুকাই আছে গুৰুত্বপূৰ্ণ বাৰ্তা। তিনিদিন আগতে বিকানেৰলৈ গৈছিলো। তাত থকা ল’ৰা-ছোৱালীবোৰে মোক তেনেকুৱা এখন ছবি দিলে। অপাৰেচন সিন্দুৰে দেশৰ জনসাধাৰণক ইমানেই প্ৰভাৱিত কৰিছে যে বহু পৰিয়ালে ইয়াক নিজৰ জীৱনৰ অংগ কৰি তুলিছে। বিহাৰৰ কাটিহাৰ, উত্তৰপ্ৰদেশৰ কুশীনগৰ আৰু আন বহু চহৰত সেই সময়ত জন্ম হোৱা সন্তানক ‘সিন্দুৰ’ নামেৰে নামাকৰণ কৰা হৈছিল।Sikkim Chief Minister meets Prime Minister
May 20th, 06:19 pm
The Chief Minister of Sikkim, Shri Prem Singh Tamang met the Prime Minister, Shri Narendra Modi in New Delhi today.ছিকিম ৰাজ্য প্ৰতিস্থাৰ ৫০ বছৰীয়া জয়ন্তী উপলক্ষে প্ৰধানমন্ত্ৰীয়ে ছিকিমৰ জনসাধাৰণলৈ শুভেচ্ছা জনাইছে
May 16th, 10:13 am
‘ৰাজ্য প্ৰতিস্থা দিৱস’ত আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ছিকিমৰ জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। এই বছৰৰ এই অনুষ্ঠানটোৱে নিতান্তই বিশেষ গুৰুত্ব বহণ কৰিছে, কিয়নো আমি ছিকিমৰ ৰাজ্য প্ৰতিস্থাৰ ৫০ বছৰীয়া জয়ন্তী উদযাপন কৰিছোঁ! ছিকিম নৈঃসৰ্গিক সৌন্দৰ্য, চহকী সাংস্কৃতিক পৰম্পৰা আৰু পৰিশ্ৰমী লোকসকলৰ সৈতে সম্পৰ্কিত, শ্ৰী মোদীয়ে লগতে কয়।