গুজৰাটৰ গান্ধীনগৰত সম্ৰাট সম্প্ৰাতি সংগ্ৰহালয় উদ্বোধন কৰি দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
March 31st, 10:25 am
আচাৰ্য ভগৱন্তশ্ৰী পদ্মসাগৰ সুৰীশ্বৰ মহাৰাজ চাহেব, গুজৰাটৰ ৰাজ্যপাল আচাৰ্য দেৱব্ৰত জী, মুখ্যমন্ত্ৰী শ্ৰী ভুপেন্দ্ৰ ভাই, উপ-মুখ্যমন্ত্ৰী ভাই হৰ্ষ সংঘৱী জী, পৰম পূজ্য আচাৰ্য ভগৱন্ত, পূজ্য সাধু ভগৱন্ত, সাধুজী ভগৱন্তৰ লগতে এই পবিত্ৰ সভাত উপস্থিত সকলো আচাৰ্যগণ আৰু মুনি ভগৱন্ত, মাননীয় দানবীৰ, পণ্ডিত, পুৰুষ-মহিলাসকল!মহাবীৰ জয়ন্তী উপলক্ষে গান্ধীনগৰৰ কোবা তীৰ্থত সম্ৰাট সম্প্ৰাতি সংগ্ৰহালয় উদ্বোধন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
March 31st, 10:15 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ গান্ধীনগৰৰ কোবা তীৰ্থত ভগৱান মহাবীৰ জয়ন্তীৰ শুভক্ষণত সম্ৰাট সম্প্ৰাতি সংগ্ৰহালয়, জৈন ঐতিহ্য সংগ্ৰহালয় উদ্বোধন কৰে। শ্ৰী মোদীয়ে কয়, কোবা তীৰ্থ আধ্যাত্মিক শান্তিৰে পৰিপূৰ্ণ, বহু জৈন মুনি আৰু সাধুসকলৰ তপস্যাৰ প্ৰকাশ আৰু সৃষ্টি আৰু সেৱাৰ প্ৰাকৃতিক বিকাশৰ স্থান।কেৰালাৰ আৰ্য বৈদ্যশালা দাতব্য চিকিৎসালয়ৰ শতবাৰ্ষিকী উদযাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ ইংৰাজী অনুবাদ
January 28th, 02:39 pm
আজিৰ এই মৰ্য্যাদাপূৰ্ণ অনুষ্ঠানত আপোনালোক সকলোৰে সৈতে মিলিত হোৱাটো মোৰ বাবে এক আনন্দৰ উপলক্ষ। আয়ুৰ্বেদৰ সংৰক্ষণ, সুৰক্ষা আৰু অগ্ৰগতিৰ ক্ষেত্ৰত আৰ্য বৈদ্যশালাৰ এক গুৰুত্বপূৰ্ণ অৱদান আছে। ১২৫ বছৰৰ যাত্ৰাত এই প্ৰতিষ্ঠানে আয়ুৰ্বেদক এক শক্তিশালী চিকিৎসা পদ্ধতি হিচাপে প্ৰতিষ্ঠা কৰিছে। আজি এই উপলক্ষে মই আৰ্য বৈদ্যশালাৰ প্ৰতিষ্ঠাপক বৈদ্যৰত্নম পি এছ ভেৰিয়াৰৰ অৱদানক স্মৰণ কৰিছো। আয়ুৰ্বেদৰ প্ৰতি তেওঁৰ দৃষ্টিভংগী আৰু জনকল্যাণৰ প্ৰতি তেওঁৰ উৎসৰ্গাই আজিও আমাক অনুপ্ৰাণিত কৰে।কেৰালাৰ আৰ্য বৈদ্যশালা দাতব্য চিকিৎসালয়ৰ শতবাৰ্ষিকী উদযাপন অনুষ্ঠানত ভাষণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
January 28th, 02:25 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ বাৰ্তাৰ জৰিয়তে কেৰালাৰ আৰ্য বৈদ্যশালা দাতব্য চিকিৎসালয়ৰ শতবাৰ্ষিকী উদযাপন অনুষ্ঠানত ভাষণ দিয়ে। অনুষ্ঠানত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে এই গুৰুত্বপূৰ্ণ অনুষ্ঠানত সকলোৰে সৈতে সংযোগ স্থাপন কৰাটো তেওঁৰ বাবে আনন্দৰ বিষয়। তেওঁ উল্লেখ কৰে যে আয়ুৰ্বেদৰ সংৰক্ষণ, সুৰক্ষা আৰু অগ্ৰগতিৰ ক্ষেত্ৰত আৰ্য বৈদ্যশালাই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে ইয়াৰ ১২৫ বছৰীয়া যাত্ৰাত প্ৰতিষ্ঠানটোৱে আয়ুৰ্বেদক এক শক্তিশালী চিকিৎসা পদ্ধতি হিচাপে প্ৰতিষ্ঠা কৰিছে। তেওঁ আর্য বৈদ্যশালাৰ প্ৰতিষ্ঠাপক বৈদ্যৰত্নম পি এছ ভেৰিয়াৰৰ অৱদানৰ কথা স্মৰণ কৰি গুৰুত্ব আৰোপ কৰি কয় যে আয়ুৰ্বেদৰ প্ৰতি তেওঁৰ দৃষ্টিভংগী আৰু জনকল্যাণৰ প্ৰতি তেওঁৰ উৎসৰ্গাৰ মনোভাৱে অনুপ্ৰেৰণা যোগাই আহিছে।