শ্ৰীমদ্ বিজয়ৰত্ন সুন্দৰ সুৰিশ্বৰজী মহাৰাজৰ ৫০০ সংখ্যক গ্ৰন্থ উন্মোচনৰ সময়ত প্ৰধানমন্ত্ৰীৰ বাৰ্তাৰ অনুবাদ
January 11th, 01:00 pm
এই শুভ ক্ষণত প্ৰথমে আমাৰ প্ৰেৰণাৰ উৎস, শ্ৰদ্ধাৰ ভূৱনভানুসুৰিশ্বৰ জী মহাৰাজৰ চৰণত প্ৰণাম জনাইছো। লগতে প্ৰসন্তমূৰ্তি সুবিশাল গচ্চাধিপতি পূজ্য শ্ৰীমদ বিজয় ৰাজেন্দ্ৰসুৰিশ্বৰ জী মহাৰাজ, পূজ্য গচ্চাধিপতি শ্ৰী কল্পতৰুসুৰিশ্বৰ জী মহাৰাজ, সৰস্বতী কৃপাপত্ৰ পৰম পূজ্য আচাৰ্য ভাগৱত শ্ৰীমদ বিজয়ৰত্নসুন্দৰসুৰিশ্বৰ জী মহাৰাজ আৰু এই অনুষ্ঠানত উপস্থিত থকা সকলো সাধু আৰু সাধ্বীলৈ শ্ৰদ্ধা যাচিছো।শ্ৰীমদ্ বিজয়ৰত্ন সুন্দৰ সুৰিশ্বৰজী মহাৰাজৰ ৫০০ সংখ্যক গ্ৰন্থ উন্মোচন অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বক্তব্য
January 11th, 12:44 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ বাৰ্তাৰ জৰিয়তে শ্ৰীমদ্ বিজয়ৰত্ন সুন্দৰ সুৰিশ্বৰজী মহাৰাজৰ ৫০০ সংখ্যক গ্ৰন্থ উন্মোচনৰ সময়ত ভাষণ দিয়ে। সভাত শ্ৰী মোদীয়ে মন্তব্য কৰে যে এই পবিত্ৰ অনুষ্ঠানত তেওঁ প্ৰথমে পূজনীয় ভূৱনভনুসুৰিশ্বৰ জী মহাৰাজৰ চৰণত প্ৰণাম কৰিছে, আৰু প্ৰসন্তমূৰ্তি সুবিশাল গচ্ছাধিপতি পূজ্য শ্ৰীমদ বিজয় ৰাজেন্দ্ৰসুৰিশ্বৰ জী মহাৰাজ, পূজ্য গচ্চাধিপতি শ্ৰী কল্পতৰুসুৰিশ্বৰ জি মহাৰাজ, সৰস্বতীক কৃপাপত্ৰ পৰম পূজ্য আচাৰ্য ভাগৱত শ্ৰীমদ্ বিজয়ৰত্নসুন্দৰসুৰিশ্বৰ জী মহাৰাজ আৰু অনুষ্ঠানত উপস্থিত থকা সকলো সাধু-সাধৱীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেওঁ উৰ্জা মহোৎসৱ সমিতিৰ সকলো সদস্যক সম্ভাষণ আৰু অভিনন্দন জনায়।