শ্ৰী সংস্থান গোকৰ্ণ পৰ্বগালি জীৱোত্তম মঠৰ ৫৫০-বছৰ উদযাপন কাৰ্য্যসূচীত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ পূৰ্ণপাঠ

November 28th, 03:35 pm

শ্ৰী সংস্থান গোকৰ্ণ পৰ্বগালি জীৱোত্তম মঠৰ ২৪ সংখ্যক মহন্ত শ্ৰীমদ বিদ্যাধীশ তীৰ্থ স্বামীজী, মাননীয় ৰাজ্যপাল শ্ৰী অশোক গজপতি ৰাজু জী, জনপ্ৰিয় মুখ্যমন্ত্ৰী ভ্ৰাতৃ প্ৰমোদ সাৱন্ত জী, মঠ কমিটিৰ অধ্যক্ষ শ্ৰী শ্ৰীনিবাস ডেম্পো জী, উপাধ্যক্ষ শ্ৰী আৰ.আৰ. কামাত জী, কেন্দ্ৰীয় চৰকাৰৰ মোৰ সতীৰ্থসকল শ্ৰী শ্ৰীপদ নাইক জী আৰু দিগম্বৰ কামাত জী। আন-আন সকলো বিশিষ্ট অতিথি, ভদ্ৰলোক আৰু মহিলাসকল।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গোৱাৰ শ্ৰী সংস্থান গোকৰ্ণ পৰ্বগালি জীৱোত্তম মঠৰ ৫৫০-বছৰ উদযাপন কাৰ্য্যসূচী সম্বোধন কৰে

November 28th, 03:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গোৱাত শ্ৰী সংস্থান গোকৰ্ণ পৰ্বগালি জীৱোত্তম মঠৰ ৫৫০-বছৰ উদযাপন কাৰ্য্যসূচী সম্বোধন কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে এই পবিত্ৰ অনুষ্ঠানত ভাগ লৈ তেওঁৰ মন গভীৰ প্ৰশান্তিৰে ভৰি পৰিছে। তেওঁ কয় যে সন্তসকলৰ সান্নিধ্যত অৱস্থান কৰাটো এক আধ্যাত্মিক অভিজ্ঞতা। ইয়াত উপস্থিত থকা ভালে সংখ্যক ভক্তই এই মঠৰ শতিকা পুৰণি জীৱন্ত শক্তিক অধিক বৃদ্ধি কৰিছে বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে কয় যে আজি এই অনুষ্ঠানত জনসাধাৰণৰ মাজত উপস্থিত থাকিবলৈ পাই নিজকে সৌভাগ্যৱান বুলি গণ্য কৰিছে। তেওঁ উল্লেখ কৰে যে ইয়ালৈ অহাৰ আগতে তেওঁ ৰাম মন্দিৰ আৰু বীৰ বিঠাল মন্দিৰ দৰ্শন কৰাৰ সৌভাগ্য লাভ কৰিছিল। তেওঁ কয় যে তাৰ প্ৰশান্ত পৰিবেশে এই অনুষ্ঠানৰ আধ্যাত্মিকতাক গভীৰ কৰি তুলিছে।

হাৰিয়ানাৰ গুৰুগ্ৰামত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ আধাৰশিলা স্থাপন/ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

March 11th, 01:30 pm

হাৰিয়ানাৰ ৰাজ্যপাল বন্দাৰু দত্তাত্ৰেয়জী, কৰ্মঠ মুখ্যমন্ত্ৰী মনোহৰ লালজী, কেন্দ্ৰৰ মোৰ জ্যেষ্ঠ সহকৰ্মী শ্ৰী নীতিন গাডকাৰীজী, ৰাও ইন্দ্ৰজিৎ সিং, কৃষ্ণ পাল গুৰ্জাৰজী, হাৰিয়ানাৰ উপ মুখ্যমন্ত্ৰী দুষ্মন্তজী, বিজেপিৰ ৰাজ্যিক সভাপতি আৰু সংসদৰ মোৰ সহকৰ্মী নায়ব সিং চাইনীজী, আন সকলো গণ্যমান্য ব্যক্তি, আৰু বৃহৎ সংখ্যাত উপস্থিত থকা মোৰ মৰমৰ ভাই-ভনীসকল!

বিভিন্ন ৰাজ্যত এক লাখ কোটি টকা ব্যয় সাপেক্ষ ১১২ টা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰীৰ

March 11th, 01:10 pm

এই উপলক্ষে আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে দিল্লীত অনুষ্ঠান অনুষ্ঠিত কৰাৰ সংস্কৃতিৰ পৰা দেশৰ অন্যান্য প্ৰান্তত বৃহৎ অনুষ্ঠান অনুষ্ঠিত কৰালৈ পৰিৱৰ্তন হোৱা কথাটো উল্লেখ কৰে। তেওঁ কয় যে আজি দেশে আধুনিক সংযোগৰ দিশত আন এক বৃহৎ আৰু গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। মাইলৰ খুঁটিসদৃশ দ্বাৰকা এক্সপ্ৰেছৱেৰ হাৰিয়ানা অংশ উচৰ্গা কৰি আনন্দিত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ইয়াৰ দ্বাৰা দিল্লী আৰু হাৰিয়ানাৰ মাজৰ ভ্ৰমণ অভিজ্ঞতা চিৰদিনৰ বাবে সলনি হ’ব আৰু “কেৱল বাহনতে নহয়, অঞ্চলটোৰ জনসাধাৰণৰ জীৱনৰ গতিও সলনি হ’ব”। .

‘মা কামাখ্যা ক’ৰিডৰ’ এক ঐতিহাসিক পদক্ষেপ হ’ব: প্ৰধানমন্ত্ৰী

April 19th, 03:39 pm

এক টুইটযোগে অসমৰ মুখ্যমন্ত্ৰী শ্ৰী হিমন্ত বিশ্ব শৰ্মাই অদূৰ ভৱিষ্যতে পুনৰ নিৰ্মাণ কৰিব খোজা মা কামাখ্যা ‘ক’ৰিডৰ’ কেনে হ'ব তাৰ এক আভাস প্ৰদান কৰে।