প্ৰধানমন্ত্ৰীয়ে ১৬ অক্টোবৰত অন্ধ্ৰ প্ৰদেশ ভ্ৰমণ কৰিব

October 14th, 05:48 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ১৬ অক্টোবৰত অন্ধ্ৰ প্ৰদেশ ভ্ৰমণ কৰিব। তেখেতে পুৱা প্ৰায় ১১:১৫ বজাত নন্দিয়াল জিলাৰ শ্ৰীশৈলমস্থিত শ্ৰী ভ্ৰমৰম্ব মল্লিকাৰ্জুন স্বামী বৰ্লা দেৱস্থানত পূজা-অৰ্চনা আৰু দৰ্শন কৰিব। ইয়াৰ পিছত দিনৰ প্ৰায় ১২:১৫ বজাত শ্ৰীশৈলমৰ শ্ৰী শিৱাজী স্পৰ্থী কেন্দ্ৰলৈ যাব।