Cabinet approves two more semiconductor manufacturing units with cumulative investment of more than Rs. 3,900 crore
May 05th, 06:54 pm
The Union Cabinet, chaired by PM Modi, has approved two more semiconductor projects under the India Semiconductor Mission (ISM), including the country’s first commercial Mini/Micro-LED display facility based on GaN technology and a semiconductor packaging unit. The projects, to be set up with an investment of around ₹3,936 crore, are expected to boost employment opportunities.জাহাজ নিৰ্মাণ, জাহাজ চালনা আৰু সামুদ্ৰিক লজিষ্টিকছৰ অংশীদাৰিত্বৰ বাবে ভাৰত-কোৰিয়া গণৰাজ্যৰ বিস্তৃত কাঠামো
April 20th, 10:51 pm
২০২৬ চনৰ ২০ এপ্ৰিলত ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণ মৰ্মে কোৰিয়া গণৰাজ্যৰ ৰাষ্ট্ৰপতি মহামহিম লি জে ম্যুঙে ভাৰত ভ্ৰমণ কৰাৰ সময়তে দুয়োপক্ষই জাহাজ নিৰ্মাণ, জাহাজ চালনা আৰু সামুদ্ৰিক লজিষ্টিকছৰ অংশীদাৰিত্বৰ বাবে তেওঁলোকৰ চৰকাৰী সংস্থা তথা ব্যক্তিগত সত্তাসমূহৰ মাজত পাৰস্পৰিকভাৱে লাভজনক সহযোগিতাৰ বিশয়ত মত বিনিময় কৰে।ফলাফলৰ তালিকা: কোৰিয়া গণৰাজ্যৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণ
April 20th, 03:57 pm
ভাৰত-কোৰিয়া গণৰাজ্যৰ বিশেষ কৌশলগত অংশীদাৰিত্বৰ বাবে যুটীয়া কৌশলগত দৃষ্টিভংগী গ্ৰহণপশ্চিম এছিয়া সংকটৰ প্ৰেক্ষাপটত গ্ৰহণ কৰা ব্যৱস্থাসমূহ পৰ্যালোচনা কৰিবলৈ চিচিএছৰ বৈঠকত অধ্যক্ষতা কৰিলে প্ৰধানমন্ত্ৰীয়ে
April 01st, 10:04 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত আজি ৭ লোক কল্যাণ মাৰ্গত বিভিন্ন মন্ত্ৰালয়/বিভাগে গ্ৰহণ কৰা ব্যৱস্থাসমূহ পুনৰীক্ষণৰ বাবে নিৰাপত্তা সম্পৰ্কীয় কেবিনেট কমিটিৰ বিশেষ বৈঠক অনুষ্ঠিত হয় । বৈঠকত বৰ্তমান চলি থকা পশ্চিম এছিয়া সংকটৰ পৰিপ্ৰেক্ষিতত গ্ৰহণ কৰিবলগীয়া পদক্ষেপৰ বিষয়ে খৰচি মাৰি আলোচনা কৰা হয়। । উল্লেখ্য এই বিষয়ত এইখন আছিল দ্বিতীয়খন বিশেষ চিচিএছ বৈঠক।চৌদি আৰৱৰ ক্ৰাউন প্ৰিন্স আৰু প্ৰধানমন্ত্ৰী মহামহিম প্ৰিন্স মহম্মদ বিন ছালমানৰ সৈতে বাৰ্তালাপ প্ৰধানমন্ত্ৰী মোদীৰ
March 28th, 09:17 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ক্ৰাউন প্ৰিন্স তথা চৌদি আৰৱৰ প্ৰধানমন্ত্ৰী মহামহিম প্ৰিন্স মহম্মদ বিন ছালমানৰ সৈতে বাৰ্তালাপ কৰে। তেওঁলোকে পশ্চিম এছিয়াত চলি থকা সংঘাতৰ বিষয়ে আলোচনা কৰে। শ্ৰী মোদীয়ে আঞ্চলিক শক্তি আন্তঃগাঁথনিৰ ওপৰত হোৱা আক্ৰমণক ভাৰতে গৰিহণা দিয়াৰ কথা পুনৰবাৰ উল্লেখ কৰে আৰু যাতায়াতৰ স্বাধীনতা নিশ্চিত কৰাৰ প্ৰয়োজনীয়তা তথা আৰু জাহাজ পৰিবহণৰ পথ মুকলি আৰু সুৰক্ষিত কৰি ৰখাৰ প্ৰয়োজনীয়তাৰ বিষয়ত গুৰুত্ব আৰোপ কৰে । “চৌদি আৰৱত ভাৰতীয় সম্প্ৰদায়ৰ কল্যাণৰ বাবে অবিৰত সমৰ্থনৰ বাবে তেওঁক ধন্যবাদ জনাইছো”, শ্ৰী মোদীয়ে কয়।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্ৰীলংকাৰ ৰাষ্ট্ৰপতিৰ পৰা ফোন কল লাভ কৰে
March 24th, 09:11 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি মহামহিম অনুৰা কুমাৰ দিছানায়কৰ পৰা এটা ফোনকল লাভ কৰে। বিশ্ব শক্তি সুৰক্ষাত প্ৰভাৱ পেলোৱা ব্যাঘাতৰ ওপৰত গুৰুত্ব আৰোপ কৰি দুয়োগৰাকী নেতাই পশ্চিম এছিয়াৰ বিৱৰ্তনশীল পৰিস্থিতিৰ বিষয়ে আলোচনা কৰে। দুয়োগৰাকী নেতাই সমগ্ৰ বিশ্বৰ স্বাৰ্থত জাহাজৰ বাবে পথ মুকলি আৰু সুৰক্ষিত ৰখাৰ গুৰুত্বৰ কথা পুনৰবাৰ উল্লেখ কৰে।পশ্চিম এছিয়াত চলি থকা সংঘাত সন্দৰ্ভত ৰাজ্যসভাত প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ মূলপাঠ
March 24th, 02:05 pm
পশ্চিম এছিয়াত চলি থকা যুদ্ধ আৰু ইয়াৰ ফলত সৃষ্টি হোৱা পৰিস্থিতিৰ বিষয়ে আমি সকলোৱে অৱগত। এই ভয়ংকৰ পৰিস্থিতিত চৰকাৰৰ স্থিতি ভাগ বাটোৱাৰা কৰিবলৈ মই আজি সংসদৰ উচ্চ সদনৰ সন্মুখত আৰু দেশবাসীসকলৰ সন্মুখত উপস্থিত হৈছো। পশ্চিম এছিয়াত এই যুদ্ধ তিনি সপ্তাহতকৈও অধিক সময় ধৰি চলি আছে। এই যুদ্ধই বিশ্বজুৰি এক গুৰুতৰ শক্তি সংকটৰ সৃষ্টি কৰিছে। এই পৰিস্থিতি ভাৰতৰ বাবেও উদ্বেগজনক। এই যুদ্ধই আমাৰ বাণিজ্য পথসমূহক প্ৰভাৱিত কৰিছে। ইয়াৰ ফলত পেট্ৰ’ল, ডিজেল, গেছ আৰু সাৰৰ দৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ নিয়মীয়া যোগানত প্ৰভাৱ পৰিছে। উপসাগৰীয় দেশসমূহত প্ৰায় ১ কোটি ভাৰতীয় বাস কৰে আৰু কাম কৰে। তেওঁলোকৰ জীৱন আৰু জীৱিকাৰ সুৰক্ষা ভাৰতৰ বাবে এক গুৰুত্বপূৰ্ণ চিন্তাৰ বিষয়। সমগ্ৰ বিশ্বৰ পৰা অহা বহুতো জাহাজ বৃহৎ সংখ্যক ভাৰতীয় কৰ্মচাৰীক লৈ হৰমুজ জলপ্ৰণালীত আবদ্ধ হৈ আছে। এইটো ভাৰতৰ বাবেও এক বৃহৎ উদ্বেগৰ বিষয়। এনে এক ভয়ংকৰ পৰিস্থিতিত ভাৰতীয় সংসদৰ এই উচ্চ সদনৰ পৰা সমগ্ৰ বিশ্বতে শান্তি আৰু আলোচনাৰ বাবে এক ঐক্যবদ্ধ কণ্ঠ শুনাটো জৰুৰী।পশ্চিম এছিয়াত চলি থকা সংঘাতক লৈ ৰাজ্যসভাত ভাষণ দিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে
March 24th, 02:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজ্যসভাত ভাষণ দি পশ্চিম এছিয়াত চলি থকা সংঘাতৰ পৰা উদ্ভৱ হোৱা পৰিস্থিতিৰ বিষয়ত চৰকাৰৰ স্থিতি স্পষ্ট কৰে। তিনি সপ্তাহতকৈও অধিক সময় ধৰি চলি থকা যুদ্ধই ভাৰতত বাবে গভীৰভাৱে উদ্বেগজনক প্ৰভাৱ পেলোৱাৰ লগতে বিশ্বত এক ভয়াৱহ শক্তি সংকটৰ সৃষ্টি কৰা বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে আঙুলিয়াই দিয়ে যে এই সংঘাতে ভাৰতৰ বাণিজ্যিক পথত ব্যাঘাত জন্মাইছে আৰু পেট্ৰ’ল, ডিজেল, গেছ, সাৰ আদি অত্যাৱশ্যকীয় সামগ্ৰীৰ নিয়মীয়া যোগানত প্ৰভাৱ পেলাইছে। উপসাগৰীয় দেশসমূহত প্ৰায় এক কোটি ভাৰতীয়ই বাস কৰাৰ লগতে কাম কৰি থকাৰ বাবে তেওঁলোকৰ সুৰক্ষা আৰু জীৱিকাৰ বিষয় হৈয়েই আছে বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ লগতে হৰমুজ জলদ্বীপত জাহাজত আবদ্ধ হৈ থকা বৃহৎ সংখ্যক ভাৰতীয় নাৱিকৰ বিষয়টোও উল্লেখ কৰে।টিভি৯ সন্মিলন ২০২৬ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ ইংৰাজী অনুবাদ
March 23rd, 08:30 pm
শেহতীয়া সময়ত মই এবাৰ বা দুবাৰকৈ টিভি৯ ভাৰতবৰ্ষ চোৱাৰ সুযোগ পাইছো। সাধাৰণতে, আপোনাৰ মনোযোগ যুদ্ধ আৰু মিছাইলৰ ওপৰত বেছি থাকে আৰু আজিকালি আপোনাক বিষয়বস্তুৰে অতিৰিক্ত তথ্য প্ৰদান কৰা হৈছে। ডাঙৰ দেশবোৰে টিভি৯ক ইমান তথ্য প্ৰদান কৰিবলৈ সংকল্পবদ্ধ যেন লাগে। কিন্তু ক’বলৈ গ’লে আজি বিশ্বই যি গুৰুতৰ পৰিস্থিতিৰ মাজেৰে পাৰ হৈ আছে সেয়া অভূতপূৰ্ব আৰু অত্যন্ত গুৰুতৰ। এই পৰিস্থিতিৰ মাজত টিভি৯ নেটৱৰ্কে ধাৰণাৰ বাবে এক অতি গুৰুত্বপূৰ্ণ মঞ্চ সৃষ্টি কৰিছে। এই সন্মিলনত আপোনালোক সকলোৱে ‘ভাৰত আৰু বিশ্ব’ বিষয়ৰ ওপৰত আলোচনা কৰি আছে। মই আপোনালোকক অভিনন্দন জনাইছো, এই সন্মিলনৰ বাবে মোৰ শুভেচ্ছা জনাইছো আৰু সকলো অতিথিক আদৰণি জনাইছো।টিভি৯ নেটৱৰ্ক সন্মিলনত ভাষণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
March 23rd, 08:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি 'ভাৰত আৰু বিশ্ব' শীৰ্ষক বিষয়বস্তুৰ সন্দৰ্ভত টিভি৯ সন্মিলনত ভাষণ প্ৰদান কৰে। অভূতপূৰ্ব আৰু গুৰুতৰ বৈশ্বিক পৰিস্থিতিৰ কথা স্বীকাৰ কৰি প্ৰধানমন্ত্ৰীয়ে এক গুৰুত্বপূৰ্ণ সন্ধিক্ষণত মত বিনিময়ৰ বাবে এক গুৰুত্বপূৰ্ণ মঞ্চ গঢ় দিয়াৰ বাবে টিভি৯ নেটৱৰ্কক প্ৰশংসা কৰে। শ্ৰী মোদীয়ে কয়, আজি সমগ্ৰ বিশ্বই এক অভূতপূৰ্ব আৰু অতিশয় ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হৈছে। ইয়াৰ মাজতে টিভি৯ নেটৱৰ্কে ইয়াৰ চিন্তা-চৰ্চাৰ এক গুৰুত্বপূৰ্ণ মঞ্চ গঢ় দিছে।পশ্চিম এছিয়াত চলি থকা সংঘাতৰ প্ৰেক্ষাপটত পৰিস্থিতি সন্দৰ্ভত পৰ্যালোচনা আৰু প্ৰশমনমূলক ব্যৱস্থাসমূহৰ বিষয়ে আলোচনা কৰিবলৈ চিচিএছ বৈঠকৰ অধ্যক্ষতা কৰিলে প্ৰধানমন্ত্ৰীয়ে
March 22nd, 09:06 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত নিৰাপত্তা সম্পৰ্কীয় কেবিনেট কমিটীৰ বৈঠকত চলি থকা পশ্চিম এছিয়া সংঘাতৰ প্ৰেক্ষাপটত প্ৰশমনমূলক ব্যৱস্থাৰ প্ৰস্তাৱ আগবঢ়ায়।বাহৰেইনৰ ৰজাৰে বাৰ্তালাপ প্ৰধানমন্ত্ৰীৰ
March 20th, 07:57 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বাহৰেইনৰ মহামহিম ৰজা হামাদ বিন ইছা আল খলিফাৰ সৈতে এক ফলপ্ৰসূ আলোচনাত মিলিত হৈ ঈদৰ শুভেচ্ছা প্ৰদান কৰাৰ লগতে আঞ্চলিক নিৰাপত্তাকলৈ উদ্বেগ প্ৰকাশ কৰে।মুম্বাইত সামূদ্ৰিক নেতা সন্মিলনত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
October 29th, 04:09 pm
বিশ্ব সামুদ্ৰিক নেতা সন্মিলনলৈ আপোনালোক সকলোকে আদৰণি জনাইছো। এই অনুষ্ঠানটো ২০১৬ চনত মুম্বাইত আৰম্ভ কৰা হৈছিল আৰু আজি এই সন্মিলন বিশ্বজনীন অনুষ্ঠানত পৰিণত হোৱাটো আমাৰ সকলোৰে বাবে এক অতি আনন্দৰ বিষয়। আজি এই অনুষ্ঠানত ৮৫ খনতকৈও অধিক দেশৰ অংশগ্ৰহণে এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰিছে। বৃহৎ জাহাজ নিৰ্মাণ প্ৰতিষ্ঠান আৰু সেইবোৰৰ চিইঅ’ৰ পৰা আৰম্ভ কৰি ষ্টাৰ্টআপলৈকে, নীতি নিৰ্ধাৰকৰ পৰা বিনিয়োগকাৰীলৈকে সকলোৱে ইয়াত উপস্থিত আছে। সৰু সৰু দ্বীপ ৰাষ্ট্ৰৰ প্ৰতিনিধিও উপস্থিত থাকে। আপোনাৰ দৃষ্টিভংগীয়ে এই শীৰ্ষ সন্মিলনৰ সহযোগিতা আৰু শক্তি দুয়োটাকে বৃদ্ধি কৰিছে।মুম্বাইত অনুষ্ঠিত ভাৰত সামুদ্ৰিক সপ্তাহ ২০২৫ৰ সামুদ্ৰিক নেতা সন্মিলনত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণ
October 29th, 04:08 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহাৰাষ্ট্ৰৰ মুম্বাইত অনুষ্ঠিত ভাৰত সামুদ্ৰিক সপ্তাহ ২০২৫ৰ সামুদ্ৰিক নেতা সন্মিলনত ভাষণ দিয়াৰ লগতে বিশ্ব সামুদ্ৰিক চিইঅ’ ফ’ৰামৰ অধ্যক্ষতা কৰে। এই উপলক্ষে আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে বিশ্ব সামুদ্ৰিক নেতা সন্মিলনত অংশগ্ৰহণ কৰা সকলোকে আদৰণি জনায়। ২০১৬ চনত মুম্বাইত আৰম্ভ হোৱা এই অনুষ্ঠানটো এতিয়া বিশ্বৰ শীৰ্ষ সন্মিলনলৈ উন্নীত হোৱাত তেওঁ আনন্দ প্ৰকাশ কৰে। শ্ৰী মোদীয়ে আলোকপাত কৰে যে এই সন্মিলনত ৮৫খনতকৈও অধিক দেশৰ অংশগ্ৰহণে এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰে। অনুষ্ঠানত তেওঁ সমবেত হোৱা প্ৰধান জাহাজ চলোৱা কোম্পানীৰ মুখ্য কাৰ্যবাহী বিষয়া, ষ্টাৰ্টআপ, নীতি নিৰ্ধাৰক আৰু উদ্ভাৱকসকলৰ উপস্থিতিৰ কথা উল্লেখ কৰে। তেওঁ লগতে ক্ষুদ্ৰ দ্বীপ ৰাষ্ট্ৰৰ প্ৰতিনিধিৰ উপস্থিতি স্বীকাৰ কৰি কয় যে তেওঁলোকৰ সামূহিক দৃষ্টিভংগীয়ে সন্মিলনৰ সহযোগিতা আৰু শক্তি যথেষ্ট বৃদ্ধি কৰিছে।গুজৰাটৰ ভাৱনগৰত সমুদ্ৰ ছে সমৃদ্ধি অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
September 20th, 11:00 am
গুজৰাটৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰভাই পেটেল, কেন্দ্ৰীয় মন্ত্ৰীসভাত মোৰ সহযোগী সৰ্বানন্দ সোণোৱাল, চি আৰ পাটিল, মনসুখভাই মাণ্ডবিয়া, শান্তনু ঠাকুৰ, নিমুবেন বম্বানীয়া, দেশৰ বিভিন্ন প্ৰান্তৰ ৪০ টাতকৈও অধিক স্থানৰ পৰা এই কাৰ্যসূচীত যোগদান কৰা লোকসকল, প্ৰধান বন্দৰৰ সৈতে জড়িত লোকসকল, বিভিন্ন ৰাজ্যৰ মন্ত্ৰী, জ্যেষ্ঠ বিষয়া, অন্যান্য বিশিষ্ট ব্যক্তি আৰু মোৰ মৰমৰ ভাই-ভনীসকল, আপোনালোক সকলোকে অভিনন্দন।‘সমুদ্ৰ ছে সমৃদ্ধি’ অনুষ্ঠানত ভাষণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে, গুজৰাটৰ ভাৱনগৰত ৩৪,২০০ কোটি টকাৰো অধিক মূল্যৰ উন্নয়নমূলক কামৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন
September 20th, 10:30 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ ভাৱনগৰত ৩৪,২০০ কোটি টকাৰো অধিক মূল্যৰ উন্নয়নমূলক কামৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। ‘সমুদ্ৰ ছে সমৃদ্ধি’ অনুষ্ঠানত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে সকলো বিশিষ্ট ব্যক্তি আৰু ৰাইজক আদৰণি জনায়। ১৭ ছেপ্টেম্বৰত তেওঁলৈ প্ৰেৰণ কৰা জন্মদিনৰ শুভেচ্ছা স্বীকাৰ কৰি জনসাধাৰণৰ পৰা পোৱা মৰম শক্তিৰ এক বৃহৎ উৎস বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে বিশ্বকৰ্মা জয়ন্তীৰ পৰা গান্ধী জয়ন্তীলৈকে অৰ্থাৎ ১৭ ছেপ্টেম্বৰৰ পৰা ২ অক্টোবৰলৈ সেৱা পখৱাড়া পালন কৰা বুলি আলোকপাত কৰে। তেওঁ কয় কৰে যে বিগত ২–৩ দিনত গুজৰাটত কেইবাটাও সেৱামুখী কাৰ্যসূচী পালন কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে শ শ স্থানত ৰক্তদান শিবিৰৰ আয়োজন কৰা হৈছে, এতিয়ালৈকে এক লাখ ব্যক্তিয়ে ৰক্তদান কৰিছে। তেওঁ লগতে কয় যে অসংখ্য চহৰত স্বচ্ছতা অভিযান চলোৱা হৈছে, য’ত লাখ লাখ নাগৰিকে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছে। শ্ৰী মোদীয়ে জনায় যে ৰাজ্যজুৰি ৩০ হাজাৰৰো অধিক স্বাস্থ্য শিবিৰ স্থাপন কৰা হৈছে, য’ত জনসাধাৰণ আৰু বিশেষকৈ মহিলাসকলক চিকিৎসা পৰীক্ষা আৰু চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে। সমগ্ৰ দেশতে সেৱাৰ কাম-কাজৰ লগত জড়িত প্ৰতিজন ব্যক্তিলৈ তেওঁ কৃতজ্ঞতা আৰু কৃতজ্ঞতা জ্ঞাপন কৰে।ভাৰত ছিংগাপুৰৰ যুটীয়া বিবৃতি
September 04th, 08:04 pm
ছিংগাপুৰ গণৰাজ্যৰ প্ৰধানমন্ত্ৰী মহামহিম লৰেন্স ৱং ডাঙৰীয়াই ভাৰত গণৰাজ্যলৈ কৰা আনুষ্ঠানিক ভ্ৰমণৰ সময়ছোৱাত প্ৰস্তুত কৰা ভাৰত আৰু ছিংগাপুৰৰ মাজৰ ব্যাপক কৌশলগত অংশীদাৰিত্বৰ পথ-মানচিত্ৰ সন্দৰ্ভত প্ৰদান কৰা যুটীয়া বিবৃতিছিংগাপুৰৰ প্ৰধানমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰা প্ৰেছ বিবৃতিৰ অসমীয়া অনুবাদ
September 04th, 12:45 pm
কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত প্ৰধানমন্ত্ৰী ৱঙক প্ৰথমবাৰৰ বাবে আনুষ্ঠানিকভাৱে ভাৰত ভ্ৰমণলৈ আন্তৰিকতাৰে আদৰণি জনাবলৈ পোৱাৰ কথাই মোক অতি আনন্দিত কৰিছে। এই ভ্ৰমণ বিশেষভাৱে গুৰুত্বপূৰ্ণ, কিয়নো আমি এই বছৰ আমাৰ কূটনৈতিক সম্পৰ্কৰ ৬০ বছৰীয়া জয়ন্তী উদযাপন কৰিছো।ক্ৰ'ৱেচিয়াৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ প্ৰধানমন্ত্ৰী মোদীৰ
June 18th, 11:40 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জাগ্ৰেবতত ক্ৰ’ৱেচিয়াৰ প্ৰধানমন্ত্ৰী শ্ৰীযুত আন্দ্ৰেজ প্লেনকভিচক সাক্ষা কৰে। প্ৰধানমন্ত্ৰীৰ এয়া প্ৰথম ক্ৰ’ৱেচিয়া ভ্ৰমণৰ এয়া আছিল আৰু সেয়েহে ভাৰত-ক্ৰ’ৱেচিয়া সম্পৰ্কৰ এক ঐতিহাসিক মাইলৰ খুঁটি। ঐতিহাসিক বানস্কি ডভ’ৰি ৰাজপ্ৰসাদত উপস্থিত হোৱাৰ লগে লগে প্ৰধানমন্ত্ৰী মোদীক প্ৰধানমন্ত্ৰী প্লেংকভিচে আগবঢ়ায় নিয়াৰ লগতে আনুষ্ঠানিকভাৱে আদৰণি জনায়। ইয়াৰ পূৰ্বে বিশেষ ভংগীমাৰে প্ৰধানমন্ত্ৰীক জাগ্ৰেবৰ বিমানবন্দৰত উপস্থিত হোৱাৰ সময়ত প্ৰধানমন্ত্ৰী প্লেংকভিচে আদৰণি জনায়।গুজৰাটৰ ভুজত উন্নয়নমূলক কাম-কাজৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
May 26th, 05:00 pm
গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰীযুত ভূপেন্দ্ৰভাই পেটেল, কেন্দ্ৰীয় মন্ত্ৰীসভাৰ মোৰ সহকৰ্মী শ্ৰী মনোহৰ লাল জী, কেবিনেটৰ আন সকলো সদস্য, সাংসদ, বিধায়ক, আন সকলো সন্মানীয় বিশিষ্ট ব্যক্তি আৰু মোৰ মৰমৰ কচ্চৰ ভাই-ভনীসকল!