অষ্ট্ৰেলিয়াত প্ৰবাসী ভাৰতীয় লোকসকলৰ অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
July 09th, 03:22 pm
ইয়াৰ আগতে মই ছিডনীত দুবাৰকৈ আপোনালোকক লগ পাইছিলোঁ, মেলবৰ্ণবাসীৰ সৈতে দেখা কৰিবলৈ ময়ো বাট চাই আছিলোঁ। সেয়ে ভাবিলোঁ এইবাৰ মেলবৰ্ণবাসীৰ সৈতে ফ্লেট হোৱাইট কফি খাম।অষ্ট্ৰেলিয়াত থকা প্ৰবাসী ভাৰতীয়সকলক উদ্দেশ্যি প্ৰধানমন্ত্ৰীৰ ভাষণ
July 09th, 03:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মেলবৰ্ণৰ মাৰ্ভেল ষ্টেডিয়ামত অষ্ট্ৰেলিয়াত থকা ভাৰতীয় সমূদায়ৰ এক বৃহৎ সমাৱেশক উদ্দেশ্যি ভাষণ প্ৰদান কৰে। এক বিশেষ সৌজন্যতা প্ৰদৰ্শন কৰি অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এন্থনী আলবানিজেও প্ৰব্ৰাসী ভাৰতীয়সকলৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে।ইণ্ডোনেছিয়াত অনুষ্ঠিত ভাৰতীয় সমাজৰ অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীয়ে আগবঢ়োৱা ভাষণৰ অসমীয়া অনুবাদ
July 07th, 11:47 pm
ইণ্ডোনেছিয়াৰ এই তিনিওটা অনুষ্ঠানতে ‘মেন অৱ দ্য মেচ’ একেই আছে - ইণ্ডোনেছিয়াত বাস কৰা আপোনালোক সকলোৱে। আপোনালোকৰ প্ৰত্যেকেই প্ৰকৃত 'মেন অৱ দ্য মেচ'!জাৰ্কাৰ্টাত প্ৰবাসী ভাৰতীয়সকলক সম্বোধন প্ৰধানমন্ত্ৰীৰ
July 07th, 05:30 pm
সমাৱেশত সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে এই উষ্ম আদৰণিৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰে। ৰাষ্ট্ৰপতি প্ৰাবোৱোৰ উপস্থিতিৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীয়ে তেওঁক এজন মহান নেতা আৰু ভাৰতৰ প্ৰকৃত বন্ধু বুলি অভিহিত কৰে। তেওঁ ইণ্ডোনেছিয়াৰ প্ৰগতি আৰু সমৃদ্ধিৰ ক্ষেত্ৰত ইয়াৰ অৱদানৰ বাবে আৰু দুয়োখন দেশৰ মাজত বন্ধুত্বৰ এক জীৱন্ত সেতু হিচাপে সেৱা আগবঢ়োৱাৰ বাবে প্ৰবাসী ভাৰতীয়সকলক প্ৰশংসা কৰে। তেওঁ পাৰস্পৰিক বিশ্বাস, অংশীদাৰী ঐতিহ্য আৰু সামুদ্ৰিক সম্পৰ্কৰ ভিত্তিত ইণ্ডোনেছিয়াৰ সৈতে দ্বিপাক্ষিক সম্পৰ্ক অধিক গভীৰ কৰাৰ বাবে ভাৰতৰ অটল প্ৰতিশ্ৰুতিৰ কথা দোহাৰে। দুয়োখন দেশৰ মাজত প্ৰাচীন সভ্যতাৰ সম্পৰ্কৰ ওপৰত আলোকপাত কৰি তেওঁ উল্লেখ কৰে যে বালি যাত্ৰা, ভেছাক তীৰ্থযাত্ৰা আৰু নালন্দা বিশ্ববিদ্যালয়ৰ জৰিয়তে আধুনিক যুগৰ সংযোগৰ দৰে পৰম্পৰাই জনসাধাৰণৰ মাজত বৈচিত্ৰ্যময় আৰু স্পন্দনশীল সম্পৰ্ক গঢ়ি তুলিছে।জাপানৰ প্ৰধানমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ যুটীয়া প্ৰেছ বিবৃতি
July 02nd, 01:30 pm
মাত্ৰ কেইদিনমান পূৰ্বে জি৭ সন্মিলনত মই কৈছিলো যে আজিৰ গোলকীয় অস্থিৰতাৰ পৰিৱেশত পাৰস্পৰিক বিশ্বাস হৈছে আমাৰ আটাইতকৈ ডাঙৰ কৌশলগত সম্পদ। মই গৌৰৱান্বিত যে ভাৰত-জাপানৰ অংশীদাৰিত্বই এই চৰ্তটো সম্পূৰ্ণৰূপে পূৰণ কৰিছে।ৰোজগাৰ মেলাত নিযুক্তি পত্ৰ বিতৰণৰ সময়ত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ পূৰ্ণপাঠ
May 23rd, 11:15 am
এই মাইলৰ খুঁটিত উপনীত হ’বলৈ আপোনালোকে নিশ্চয় বিস্তৃত প্ৰস্তুতি চলাইছিল আৰু কঠোৰ পৰিশ্ৰম কৰিছিল। এই সাফল্যৰ বাবে আপোনালোক আৰু আপোনালোকৰ পৰিয়াল উভয়কে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আপোনালোকক এই পৰ্যায়ত উপনীত কৰোৱাত আপোনালোকৰ পিতৃ-মাতৃ আৰু পৰিয়ালৰ অৱদান কোনো কাৰণতে তুচ্ছ নহয়। কিন্তু—আৰু এয়া এটা গুৰুত্বপূৰ্ণ কথা—পৰিয়ালে যেনেকৈ অৰিহণা যোগায়, সমাজেও আমাক আজি য’ত আছো তাত উপনীত হোৱাত সহায় কৰাত বিশেষ ভূমিকা পালন কৰে। আমি কেৱল নিজৰ প্ৰচেষ্টাৰ বাবেই সফল নহয়, কেৱল পৰিয়ালৰ বাবেও নহয়। এইক্ষেত্ৰত এই বিশাল দেশৰ ১৪ কোটি নাগৰিকৰ অৱদানৰ গুৰুত্বও অপৰিসীম। গতিকে আমি কেৱল নিজৰ লগতে পৰিয়ালৰ প্ৰতিয়েই , নহয় সমগ্ৰ সমাজৰ প্ৰতিও সমানে দায়িত্ব পালন কৰোঁ। এই সকলো দায়িত্ব পালনৰ বাবে আপোনালোকৰ সামৰ্থ্য বৃদ্ধি কৰি যাব বুলি মোৰ বিশ্বাস। আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো।ৰোজগাৰ মেলাৰ অধীনত চৰকাৰী বিভাগত নৱনিযুক্ত যুৱক-যুৱতীসকলক ৫১ হাজাৰৰো অধিক নিযুক্তি পত্ৰ বিতৰণ কৰিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে
May 23rd, 11:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পুৱা ১১ বজাত ১৯ সংখ্যক ৰোজগাৰ মেলা উপলক্ষ্যে ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে বিভিন্ন চৰকাৰী বিভাগ আৰু সংস্থাত নৱনিযুক্ত যুৱক-যুৱতীক ৫১ হাজাৰৰো অধিক নিযুক্তি পত্ৰ বিতৰণ কৰে। এই উপলক্ষ্যে ভাষণ দি তেওঁ এই এই দিনটোক সমগ্ৰ দেশৰ হাজাৰ হাজাৰ যুৱকৰ বাবে এক উল্লেখযোগ্য দিন বুলি অভিহিত কৰে। চৰকাৰী সেৱাত নতুনকৈ প্ৰৱেশ কৰাসকলক আদৰণি জনাই তেওঁ ৰে’লৱে, বেংকিং, প্ৰতিৰক্ষা, স্বাস্থ্য আৰু শিক্ষাকে ধৰি বিভিন্ন খণ্ডত ভাৰতৰ উন্নয়নত তেওঁলোকে আগবঢ়াবলগীয়া অৱদানৰ বিষয়ত গুৰুত্ব আৰোপ কৰে। শ্ৰী মোদীয়ে দৃঢ়তাৰে কয়, ‘আগন্তুক বছৰবোৰত আপোনালোক সকলোৱেই বিকশিত ভাৰতৰ দৃষ্টিভংগী বাস্তৱায়িত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।ইটালীৰ প্ৰধানমন্ত্ৰীৰ সৈতে যৌথ প্ৰেছ বিবৃতিৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে দিয়া বিবৃতি
May 20th, 05:00 pm
ৰোমক বিশ্বজুৰি ‘চিৰন্তন চহৰ’ বুলি জনা যায়। ভাৰতবৰ্ষত মোৰ লোকসভা সমষ্টি—কাশী—ইয়াকো কোনো প্ৰাচীন আৰু চিৰন্তন নগৰ হিচাপে গণ্য কৰা হয়। দুটা সভ্যতা লগ হ’লে সংলাপ কেৱল আঁচনিৰ মাজতে সীমাবদ্ধ নাথাকে; বৰঞ্চ ই ঐতিহাসিক গভীৰতাৰ সংগম, ভৱিষ্যতৰ দৃষ্টিভংগী আৰু বন্ধুত্বৰ স্বাভাৱিক সহজতাক প্ৰতিফলিত কৰে।নৰৱে’-ভাৰত বাণিজ্য আৰু গৱেষণা সন্মিলনত প্ৰধানমন্ত্ৰীৰ ভাষণ
May 18th, 11:49 pm
আজি নৰৱে’ আৰু ভাৰতৰ বাণিজ্যিক আৰু গৱেষণা সম্প্ৰদায়ৰ মাজত থাকিবলৈ পোৱাটো মোৰ বাবে অতি আনন্দৰ বিষয়। মই একাংশ সহযোগীৰ কথা শুনিছো, ইয়ে মোক আত্মবিশ্বাস প্ৰদান কৰিছে যে আমাৰ অংশীদাৰিত্বৰ ভেটি অতি শক্তিশালী।ভাৰত-নৰৱে’ বাণিজ্য আৰু গৱেষণা সন্মিলনত অংশগ্ৰহণ প্ৰধানমন্ত্ৰীৰ
May 18th, 08:50 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অছলোত অনুষ্ঠিত ভাৰত-নৰৱে’ বাণিজ্য আৰু গৱেষণা সন্মিলনত অংশগ্ৰহণ কৰে। ৰাজকুমাৰ হাকন আৰু নৰৱে’ৰ প্ৰধানমন্ত্ৰী জ’নাছ গৰ ষ্ট’ৰেও সন্মিলনত অংশগ্ৰহণ কৰে।ভাৰত - কোৰিয়া গণৰাজ্যৰ বহনক্ষমতাৰ ক্ষেত্ৰত সহযোগিতাৰ বিষয়ত যুটীয়া বিবৃতি
April 20th, 10:55 pm
“দুয়ো পক্ষ” বুলি অভিহিত কৰি ভাৰত গণৰাজ্য আৰু কোৰিয়া গণৰাজ্যই জলবায়ু পৰিৱৰ্তন, সামুদ্ৰিক আৰু মেৰুৰ বিষয়ত ব্যৱহাৰিক সহযোগিতাৰ জৰিয়তে বিশ্ব বহনক্ষমতাৰ প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰিবলৈ দ্বিপাক্ষিক সহযোগিতা শক্তিশালী কৰিবলৈ সন্মত হয়।ভাৰত-কোৰিয়া গণৰাজ্যৰ কৌশলগত অংশীদাৰিত্বৰ বাবে যৌথ দৃষ্টিভংগী প্ৰকাশ
April 20th, 10:53 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণমৰ্মে কোৰিয়া গণৰাজ্যৰ ৰাষ্ট্ৰপতি মহামহিম লি জে ম্যুঙে ১৯ – ২১ এপ্ৰিল, ২০২৬ তাৰিখে ভাৰত ভ্ৰমণ কৰে , এয়া কোৰিয়াৰ এগৰাকী ৰাষ্ট্ৰপতিয়ে কাৰ্যভাৰ গ্ৰহণৰ পিছতেই কৰা ভাৰত ভ্ৰমণ। ৰাষ্ট্ৰপতি লি জে ম্যুঙৰ সৈতে মন্ত্ৰী, কোৰিয়ান কোম্পানীসমূহৰ জ্যেষ্ঠ বিষয়া আৰু আগশাৰীৰ মুখ্য কাৰ্যবাহী বিষয়াকে ধৰি উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দল উপস্থিত থাকে।