নৱ ৰায়পুৰত শান্তি শিখৰ ব্ৰহ্মকুমাৰী ধ্যান কেন্দ্ৰ উদ্বোধন কৰি দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
November 01st, 11:15 am
ছত্তীশগড়ৰ ৰাজ্যপাল শ্ৰী ৰমেন ডেকা, ৰাজ্যখনৰ জনপ্ৰিয় তথা সক্ৰিয় মুখ্যমন্ত্ৰী শ্ৰী বিষ্ণু দেও ছাই, ৰাজযোগিনী ভগ্নী জয়ন্তী, ৰাজযোগী মৃত্যুঞ্জয়, সকলো ব্ৰহ্মকুমাৰী ভগ্নী আৰু ইয়াত উপস্থিত অন্যান্য বিশিষ্ট অতিথিসকল!চত্তীশগড়ৰ নৱ ৰায়পুৰত শান্তি শিখৰ – ধ্যান কেন্দ্ৰৰ উদ্বোধনী অনুষ্ঠানত ব্ৰহ্ম কুমাৰীসকলক সম্বোধন কৰিলে প্ৰধানমন্ত্ৰীয়ে
November 01st, 11:00 am
আজি ছত্তীশগড়ৰ নৱ ৰায়পুৰত আধ্যাত্মিক শিক্ষা, শান্তি, ধ্যান-ধাৰণাৰ আধুনিক কেন্দ্ৰ “শান্তি শিখৰ”ৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ব্ৰহ্ম কুমাৰীসকলক উদ্দেশ্যি ভাষণ আগবঢ়ায় । এই উপলক্ষ্যে আয়োজিত অনুষ্ঠানত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে কয় যে ছত্তীশগড় গঠনৰ ২৫ বছৰ সম্পূৰ্ণ হোৱাৰ বাবে আজিৰ দিনটো এক অতি বিশেষ দিন। ছত্তীশগড়, ঝাৰখণ্ড আৰু উত্তৰাখণ্ডতো প্ৰতিষ্ঠা হোৱাৰ ২৫ বছৰ সম্পূৰ্ণ হৈছে। তেওঁ উল্লেখ কৰে যে সমগ্ৰ দেশৰ আন কেইবাখনো ৰাজ্যই আজি প্ৰতিষ্ঠা দিৱস উদযাপন কৰিছে। এই আটাইকেইখন ৰাজ্যৰ বাসিন্দালৈ প্ৰতিষ্ঠা দিৱসত শ্ৰীযুত মোদীয়ে শুভেচ্ছা জ্ঞাপন কৰে। “ৰাজ্যৰ উন্নয়নে দেশৰ প্ৰগতিত ইন্ধন যোগায় নীতিৰ দ্বাৰা পৰিচালিত হৈ আমি উন্নত ভাৰত নিৰ্মাণৰ অভিযানত সক্ৰিয়ভাৱে জড়িত হৈ আছো”, প্ৰধানমন্ত্ৰীয়ে কয় ।