ভাৰত ছিংগাপুৰৰ যুটীয়া বিবৃতি

September 04th, 08:04 pm

ছিংগাপুৰ গণৰাজ্যৰ প্ৰধানমন্ত্ৰী মহামহিম লৰেন্স ৱং ডাঙৰীয়াই ভাৰত গণৰাজ্যলৈ কৰা আনুষ্ঠানিক ভ্ৰমণৰ সময়ছোৱাত প্ৰস্তুত কৰা ভাৰত আৰু ছিংগাপুৰৰ মাজৰ ব্যাপক কৌশলগত অংশীদাৰিত্বৰ পথ-মানচিত্ৰ সন্দৰ্ভত প্ৰদান কৰা যুটীয়া বিবৃতি

ছিংগাপুৰৰ প্ৰধানমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰা প্ৰেছ বিবৃতিৰ অসমীয়া অনুবাদ

September 04th, 12:45 pm

কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত প্ৰধানমন্ত্ৰী ৱঙক প্ৰথমবাৰৰ বাবে আনুষ্ঠানিকভাৱে ভাৰত ভ্ৰমণলৈ আন্তৰিকতাৰে আদৰণি জনাবলৈ পোৱাৰ কথাই মোক অতি আনন্দিত কৰিছে। এই ভ্ৰমণ বিশেষভাৱে গুৰুত্বপূৰ্ণ, কিয়নো আমি এই বছৰ আমাৰ কূটনৈতিক সম্পৰ্কৰ ৬০ বছৰীয়া জয়ন্তী উদযাপন কৰিছো।

ছেমিকন ইণ্ডিয়া ২০২৫ৰ সময়ত আগশাৰীৰ চিইঅ’সকলৰ সৈতে মত বিনিময় প্ৰধানমন্ত্ৰীৰ

September 03rd, 08:38 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ছেমিকন ইণ্ডিয়া ২০২৫ৰ সময়ত অৰ্ধপৰিবাহী জগতৰ আগশাৰীৰ মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতে মত বিনিময় কৰে। মই এই খণ্ডত ভাৰতৰ অদম্য সংস্কাৰ যাত্ৰাৰ বিষয়ে কথা পাতিলোঁ, য'ত শক্তিশালী আন্তঃগাঁথনি নিৰ্মাণ আৰু দক্ষতাৰ লগতে উদ্ভাৱনৰ ওপৰত গুৰুত্ব দিয়াটোও অন্তৰ্ভূক্ত, শ্ৰী মোদীয়ে কয়।

দিল্লীৰ যশোভূমিত আয়োজিত ছেমিকন ইণ্ডিয়া, ২০২৫-ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পূৰ্ণপাঠ

September 02nd, 10:40 am

কেন্দ্ৰীয় মন্ত্ৰীসভাত মোৰ সতীৰ্থ অশ্বিনী বৈষ্ণৱ জী, দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তা জী, ওড়িশাৰ মুখ্যমন্ত্ৰী মোহন চৰণ মাঝি জী, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী জিতিন প্ৰসাদ জী, ছেমিৰ অধ্যক্ষ অজিত মনোচা জী, ভাৰত আৰু বিদেশৰ অৰ্ধপৰিবাহী উদ্যোগৰ চিইঅ’ আৰু তেওঁলোকৰ সহযোগী, ভিন্ন দেশৰ পৰা ইয়াত উপস্থিত হোৱা আমাৰ অতিথিসকল, ষ্টাৰ্ট-আপৰ সৈতে জড়িত উদ্যোগীসকল, ভিন্ন ৰাজ্যৰ পৰা অহা মোৰ যুৱ-ছাত্ৰ বন্ধুসকল, ভদ্ৰলোক আৰু মহিলাসকল!

নতুন দিল্লীত ছেমিকন ইণ্ডিয়া, ২০২৫ উদ্বোধন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

September 02nd, 10:15 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ যশোভূমিত ভাৰতৰ অৰ্ধপৰিবাহী পৰিস্থিতিতন্ত্ৰক অনুঘটক হিচাপে কাম কৰাৰ লক্ষ্যৰে ‘ছেমিকন ইণ্ডিয়া-২০২৫’ উদ্বোধন কৰে। সভাত আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে ভাৰত আৰু বিদেশৰ অৰ্ধপৰিবাহী উদ্যোগৰ চিইঅ’ আৰু তেওঁলোকৰ সহযোগীসকলৰ উপস্থিতি আদৰণি জনায়। তেওঁ বিভিন্ন দেশৰ বিশিষ্ট অতিথি, ষ্টাৰ্ট-আপৰ সৈতে জড়িত উদ্যোগী আৰু দেশৰ বিভিন্ন ৰাজ্যৰ পৰা অহা যুৱ ছাত্ৰ-ছাত্ৰীসকলকো আদৰণি জনায়।

অহা ২ ছেপ্টেম্বৰত নতুন দিল্লীৰ যশোভূমিত ‘ছেমিকন ইণ্ডিয়া - ২০২৫’ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে

September 01st, 03:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২ ছেপ্টেম্বৰৰ পুৱা প্ৰায় ১০ বজাত নতুন দিল্লীৰ যশোভূমিত ভাৰতৰ অৰ্ধপৰিবাহী পৰিৱেশ তন্ত্ৰৰ অনুঘটক হিচাপে কাম কৰিবলগীয়া ‘ছেমিকন ইণ্ডিয়া - ২০২৫’সন্মিলন উদ্বোধন কৰিব। প্ৰধানমন্ত্ৰীয়েও ৩ ছেপ্টেম্বৰৰ পুৱা প্ৰায় ৯:৩০ বজাৰ পৰা অনুষ্ঠিত হ’বলগীয়া সন্মিলনত অংশগ্ৰহণ কৰিব, য’ত তেওঁ মুখ্য কাৰ্যবাহী বিষয়াসকলৰ ঘূৰণীয়া মেজমেলতো অংশগ্ৰহণ কৰিব।