পশ্চিম বংগৰ কলকাতাত মূল আন্তঃগাঁথনি প্ৰকল্প মুকলি অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণ
August 22nd, 05:15 pm
আজি আকৌ এবাৰ পশ্চিম বংগৰ উন্নয়ন ত্বৰান্বিত কৰাৰ সুযোগ পাইছো। নয়াপাৰাৰ পৰা জয় হিন্দ বিমান বন্দৰলৈ কলকাতা মেট্ৰ’ উপভোগ কৰি এইমাত্ৰ উভতি আহিছো। এই সময়ছোৱাত বহু সহকৰ্মীৰ লগত কথা পতাৰ সুযোগো পাইছিলোঁ। সকলোৱে সুখী যে কলকাতাৰ ৰাজহুৱা পৰিবহণ সচাকৈয়ে এতিয়া আধুনিক হৈ পৰিছে। আজি ইয়াত ছয় লেনযুক্ত উচ্চ কোনা এক্সপ্ৰেছৱেৰ আধাৰশিলাও স্থাপন কৰা হৈছে। হাজাৰ কোটি টকাৰ এই সকলোবোৰ প্ৰকল্পৰ বাবে কলকাতাবাসী আৰু সমগ্ৰ পশ্চিমবংগবাসীলৈ অশেষ অভিনন্দন।পশ্চিমবংগৰ কলকাতাত ৫২০০ কোটিৰো অধিক মূল্যৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
August 22nd, 05:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পশ্চিমবংগৰ কলকাতাত ৫২০০ কোটিৰো অধিক মূল্যৰ উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰে। সভাত ভাষণ দি তেওঁ কয় যে পুনৰবাৰ ৰাজ্যৰ উন্নয়নত অৰিহণা যোগোৱাৰ সুযোগ পাইছো। প্ৰধানমন্ত্ৰীয়ে নয়াপাৰাৰ পৰা জয় হিন্দ বিমানবন্দৰলৈ কলকাতা মেট্ৰ’ত যাত্ৰা কৰাৰ অভিজ্ঞতাৰ কথা দোহাৰে, য’ত তেওঁ সহযাত্ৰীসকলৰ সৈতে মত বিনিময় কৰে আৰু চহৰখনৰ ৰাজহুৱা পৰিবহণ ব্যৱস্থাৰ আধুনিকীকৰণক লৈ তেওঁৰ সন্তুষ্টিৰ কথা উল্লেখ কৰে। ছয় লেনযুক্ত উচ্চ ক’না এক্সপ্ৰেছৱে’ৰ আধাৰশিলাও স্থাপন কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। উপস্থিত সকলোকে শুভেচ্ছা জ্ঞাপন কৰি শ্ৰী মোদীয়ে এই পৰিৱৰ্তনশীল প্ৰকল্পসমূহৰ বাবে কলকাতা আৰু পশ্চিম বংগৰ জনসাধাৰণক অভিনন্দন জ্ঞাপন কৰে।