PM Modi highlights India’s defence strength, innovation and collective efforts in Mann Ki Baat
July 26th, 11:30 am
Prime Minister Narendra Modi addressed the nation through Mann Ki Baat. In his speech, he highlighted important topics such as Kargil Vijay Diwas, Catch the Rain campaign, India's space sector prowess, Science Olympiads, Environmental conservation, Khadi and more. He called upon the citizens to share their ideas and suggestions for Independence Day through MyGov.ছেচেলছৰ ৰাষ্ট্ৰীয় সদনত প্ৰধানমন্ত্ৰীৰ ভাষণ
June 28th, 05:00 pm
প্ৰধানমন্ত্ৰী হিচাপে ভাৰত মহাসাগৰ অঞ্চললৈ মোৰ প্ৰথমটো ভ্ৰমণ আছিল ২০১৫ চনত ছেচেলছলৈ।প্ৰধানমন্ত্ৰী হিচাপেও মই প্ৰথমবাৰৰ বাবে আফ্ৰিকা ভ্ৰমণ কৰিছিলো। মই ইয়ালৈ আহিছোঁ কাৰণ মই বিশ্বাস কৰোঁ যে ভাৰত মহাসাগৰৰ প্ৰতি ভাৰতৰ দৃষ্টিভংগীত ছেচেলছৰ এক বিশেষ স্থান আছে। আজি এটা দশকৰ পাছত ইয়ালৈ উভতি অহাৰ লগে লগে মোৰ বিশ্বাস আগতকৈ অধিক সুদৃঢ় হৈ পৰিছে।পশ্চিমবংগ দিৱস উপলক্ষ্যে প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা জ্ঞাপন, স্মৰণ কৰিলে ড° শ্যামা প্ৰসাদ মুখাৰ্জীৰ অৱদানৰ কথা
June 20th, 08:30 am
প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে পশ্চিমবংগৰ ৰাইজক পশ্চিমবংগ দিৱস উপলক্ষে উষ্ম শুভেচ্ছা জ্ঞাপন কৰিছে।বিভিন্ন খণ্ডত মহিলা নেতৃত্বাধীন উন্নয়নৰ বাবে চৰকাৰৰ প্ৰচেষ্টাৰ ওপৰত প্ৰধানমন্ত্ৰীৰ গুৰুত্ব আৰোপ
June 12th, 12:39 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কয় যে যোৱা ১২ বছৰত চৰকাৰে মহিলা নেতৃত্বাধীন উন্নয়নৰ বাবে কৰা কাম সকলো ক্ষেত্ৰতে দৃশ্যমান হৈছে। তেওঁ উল্লেখ কৰে যে বিত্তীয় অন্তৰ্ভুক্তি আৰু উদ্যোগশীলতাৰ পৰা আৰম্ভ কৰি শিক্ষা, স্বাস্থ্যসেৱা, অনাময়, আৱাস, ক্ৰীড়া, বিজ্ঞান আৰু প্ৰশাসনলৈকে মহিলাসকলে বিভিন্ন ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে।জয় প্ৰকাশ নাৰায়ণ পক্ষী অভয়াৰণ্যক ভাৰতৰ ১০০ সংখ্যক ৰামছাৰ স্থানৰ স্বীকৃতিক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
June 05th, 11:58 am
উত্তৰ প্ৰদেশৰ বালিয়াত থকা জয় প্ৰকাশ নাৰায়ণ পক্ষী অভয়াৰণ্যক (সুৰহা তাল) দেশৰ ১০০ সংখ্যক ৰামছাৰ স্থান হিচাপে ঘোষণা কৰাৰ পিছত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰতে শততম ৰামছাৰ স্থান লাভ কৰাত অতি সন্তোষ প্ৰকাশ কৰে।চাইপ্ৰাছ গণৰাজ্যৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণৰ সময়ত প্ৰকাশ কৰা যুটীয়া বিবৃতি
May 22nd, 09:31 pm
ভাৰত গণৰাজ্যৰ প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণমৰ্মে ২০-২৩ মে’ ২০২৬ তাৰিখে চাইপ্ৰাছ গণৰাজ্যৰ ৰাষ্ট্ৰপতি নিকোছ ক্রিষ্টোডুলিডেছে চৰকাৰী ভ্ৰমণসূচীৰে ভাৰতলৈ আহিছে। ইউৰোপীয় সংঘৰ পৰিষদৰ চাইপ্ৰাছৰ অধ্যক্ষতাৰ সময়ত দেশখনৰ ৰাষ্ট্ৰপতিগৰাকীৰ এই ভ্ৰমণে বিশেষ তাৎপৰ্য বহন কৰিছে।তেওঁৰ এই ভ্ৰমণে ২০২৫ চনৰ জুন মাহত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ চাইপ্ৰাছ ভ্ৰমণৰ আনি দিয়া ঐতিহাসিক গতিক অধিক শক্তি প্ৰদান কৰিছে । প্ৰধানমন্ত্ৰী মোদীৰ যি ভ্ৰমণে এক কৌশলগত অংশীদাৰিত্বৰ ভেটি স্থাপন কৰিছিল আৰু ভাৰত-চাইপ্ৰাছৰ সম্পৰ্কক ফলাফলমুখী তথা কাৰ্যকৰীকৰণ-চালিত পৰ্যায়লৈ লৈ গৈছিল। ৰাজনৈতিক আলোচনাৰ অগ্ৰগতি , ব্যৱসায়িক সংযোগ বৃদ্ধি, প্ৰতিৰক্ষা, যোগাযোগ বৃদ্ধি, উদ্ভাৱন আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত সহযোগিতাকে ধৰি ২০২৫ চনত জাৰি কৰা যৌথ ঘোষণাপত্ৰখন কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত লাভ কৰা অগ্ৰগতিক দুয়োগৰাকী নেতাই আদৰণি জনায়। বিকশিত ভূ-ৰাজনৈতিক পৰিবেশ আৰু ভাৰত-চাইপ্ৰাছৰ অংশীদাৰিত্বৰ গভীৰতাক স্বীকৃতি দি নেতাদ্বয়ে দ্বিপাক্ষিক সৰ্বাংগীন অংশীদাৰিত্বক কৌশলগত অংশীদাৰিত্বলৈ উন্নীত কৰাৰ বিষয়ত সহমতত উপনীত হয়, যাতে নতুন বাস্তৱতা আৰু সুযোগসমূহৰ অন্বেষণ কৰিব পাৰি। ৰাষ্ট্ৰপতি ক্রিষ্টোডুলিডছক ২০২৬ চনৰ ২২ মে'ত ৰাষ্ট্ৰপতি ভৱনত উষ্ম আদৰণি জনায় ভাৰতৰ মাননীয় ৰাষ্ট্ৰপতি মহামহিম শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে ।তেওঁ ৰাজঘাটত মহা মানৱ মহাত্মা গান্ধীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। চাইপ্ৰাছৰ ৰাষ্ট্ৰপতিৰ সন্মানাৰ্থে মাননীয় ৰাষ্ট্ৰপতি মহোদয়াই চৰকাৰী ভোজৰো আয়োজন কৰে। এই ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী মোদী আৰু ৰাষ্ট্ৰপতি ক্রিষ্টোডুলিডেছে ২০২৬ চনৰ ২২ মে’ত নতুন দিল্লীত দ্বিপাক্ষিক আলোচনাত মিলিত হয়৷দুয়োগৰাকী নেতাই দ্বিপাক্ষিক সম্পর্ক সন্দর্ভত ব্যাপক আলোচনা কৰে আৰু বিভিন্ন খণ্ডত দ্বিপাক্ষিক সংযোগৰ নৱীকৃত গতিবেগক লৈ সন্তুষ্টি প্রকাশ কৰে৷ তেওঁলোকে ভাৰত আৰু চাইপ্ৰাছৰ মাজত ভাগ-বাটোৱাৰা কৰা গণতান্ত্ৰিক মূল্যবোধ, আইনৰ শাসন আৰু পাৰস্পৰিক সন্মানৰ ওপৰত ভিত্তি কৰি ঘনিষ্ঠ তথা বিশ্বাসযোগ্য অংশীদাৰিত্বৰ কথা পুনৰ দৃঢ় কৰে। ভাৰত-ইউৰোপীয় ইউনিয়নৰ সম্পৰ্কৰ লগতে পাৰস্পৰিক স্বাৰ্থৰ আঞ্চলিক তথা বিশ্বজোৰা বিষয়সমূহতো তেওঁলোকে মত বিনিময় কৰে।ভাৰত-ইটালীৰ যুটীয়া ঘোষণা
May 20th, 10:28 pm
ইটালী গণৰাজ্যৰ মন্ত্ৰী পৰিষদৰ অধ্যক্ষা জিঅ’ৰ্জিয়া মেল’নীৰ আমন্ত্ৰণমৰ্মে ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬ চনৰ ১৯-২০ মে’ত ইটালী ভ্ৰমণ কৰে।২০২৪ চনৰ জুন মাহত জি-৭ সন্মিলনৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে ইটালী ভ্ৰমণ আৰু ২০২৩ চনত জি-২০ শীৰ্ষ সন্মিলনৰ বাবে প্ৰধানমন্ত্ৰী মেল’নীয়ে কৰা ভাৰত ভ্ৰমণৰ পিছত এই ভ্ৰমণে নানান বিষয়ত দ্বিপাক্ষিক সম্পৰ্কক উন্নীত কৰিছে । দুয়োগৰাকী নেতাই ভাৰত-ইটালীৰ সম্পৰ্কক বিশেষ কৌশলগত অংশীদাৰিত্বৰ স্তৰলৈ উন্নীত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।ভাৰতৰ প্ৰধানমন্ত্ৰীৰ নেদাৰলেণ্ড ভ্ৰমণৰ সময়ত ভাৰত-নেদাৰলেণ্ডৰ যুটীয়া বিবৃতি
May 17th, 03:45 am
নেদাৰলেণ্ডৰ প্ৰধানমন্ত্ৰী শ্ৰী ৰব জেটেনৰ আমন্ত্ৰণ ক্ৰমে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬ চনৰ ১৬-১৭ মে’ত এক চৰকাৰী ভ্ৰমণসূচীৰে নেদাৰলেণ্ডত উপস্থিত হয়। এয়া আছিল প্ৰধানমন্ত্ৰী মোদীৰ দ্বিতীয়টো নেদাৰলেণ্ড ভ্ৰমণ।মহাৰাষ্ট্ৰ দিৱস উপলক্ষ্যে মহাৰাষ্ট্ৰবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিলে প্ৰধানমন্ত্ৰীয়ে
May 01st, 09:14 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহাৰাষ্ট্ৰ দিৱস উপলক্ষ্যে মহাৰাষ্ট্ৰবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰে।অংশগ্ৰহণ কৰি ‘ডিজিটেল লোকপিয়ল ২০২৭’ সফল কৰি তুলিবলৈ দেশবাসীৰ প্ৰতি ‘মন কী বাত’ত আহ্বান জনাই প্ৰধানমন্ত্ৰী মোদীয়ে
April 26th, 11:30 am
‘মন কী বাত’ৰ চলিত মাহৰ খণ্ডটোত প্ৰধানমন্ত্ৰী মোদীয়ে পাৰমাণৱিক আৰু বায়ু শক্তিখণ্ডত ভাৰতৰ অগ্ৰগতিৰ প্ৰসংগত আলোকপাত কৰে। ভগৱান বুদ্ধৰ শিক্ষা, ‘বীটিং ৰিট্ৰীট’ অনুষ্ঠান, প্ৰকৃতি সংৰক্ষণ, বাঁহ উদ্যোগখণ্ড, প্ৰাচীন গ্ৰন্থ আৰু ‘গাণিতিক অলিম্পিয়াড’ কাৰ্যসূচীকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ো তেওঁ স্পৰ্শ কৰে। চলি থকা ‘ডিজিটেল লোকপিয়ল অভিযান’ সন্দৰ্ভতো মন্তব্য কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে সকলোকে এই প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়।অধ্যাপক গোবৰ্ধন দাসৰ নিযুক্তিত অভিনন্দন প্ৰধানমন্ত্ৰীৰ
April 25th, 10:47 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গোবৰ্ধন দাসক নিটি আয়োগৰ সদস্য হিচাপে নিযুক্তিৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে আৰু তেওঁৰ সফল কাৰ্যকালৰ বাবে শুভকামনা জনায়। শ্ৰী মোদীয়ে কয় যে নিৰলস নিষ্ঠা আৰু নম্ৰতাৰ দ্বাৰা চিহ্নিত দাসৰ এই যাত্ৰা সঁচাকৈয়ে প্ৰেৰণাদায়ক। তেওঁ অধ্যাপক দাসৰ জনস্বাস্থ্য, বিজ্ঞান আৰু উদ্ভাৱনৰ ক্ষেত্ৰত ওপৰত আলোকপাত কৰি তেওঁৰ অৱদানৰ বাবে সমগ্ৰ দেশ গৌৰৱান্বিত বুলি কয়।১৩ এপ্ৰিলত ‘নাৰী শক্তি বন্দন সন্মিলন’ত ভাষণ দিব প্ৰধানমন্ত্ৰীয়ে
April 12th, 04:43 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ১৩ এপ্ৰিল, ২০২৬ তাৰিখে নতুন দিল্লীৰ বিজ্ঞান ভৱনত দিনৰ প্ৰায় ১১ বজাত ৰাষ্ট্ৰীয় পৰ্যায়ৰ ‘নাৰী শক্তি বন্দন সন্মিলন’ত অংশগ্ৰহণ কৰিব। লগতে এই উপলক্ষে তেওঁ জন সমাৱেশক সম্বোধন কৰিব।মন কি বাতত পশ্চিম এছিয়াৰ সংকট দূৰ কৰিবলৈ ১৪০ কোটি ভাৰতীয়ৰ ঐক্যৰ ওপৰত আস্থা প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে
March 29th, 11:30 am
চলিত মাহৰ মান কি বাত কাৰ্যসূচীত প্ৰধানমন্ত্ৰী মোদীয়ে পশ্চিম এছিয়াৰ সংঘাতৰ বিষয়ে কয় আৰু সংকট দূৰ কৰিবলৈ একত্ৰিত হৈ থকাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ নাগৰিকসকলক উৰাবাতৰিৰ দ্বাৰা বিপথে পৰিচালিত নহ’বলৈ আৰু কেৱল চৰকাৰে প্ৰদান কৰা তথ্যৰ ওপৰত নিৰ্ভৰ কৰিবলৈ আহ্বান জনায়। প্ৰধানমন্ত্ৰীগৰাকীয়ে জ্ঞান ভাৰতম জৰীপ, ক্ৰীড়া আৰু ফিটনেছ, জল সংৰক্ষণ, মীন পালন আৰু সৌৰশক্তিৰ দৰে মূল বিষয়বস্তুৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।দিল্লীত একাধিক উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ কৰি প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদদিল্লীত একাধিক উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ কৰি প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
March 08th, 03:54 pm
দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তা জী, দিল্লীৰ লেফটেনেন্ট গৱৰ্ণৰ বিনয় ছাক্সেনা জী, কেন্দ্ৰীয় কেবিনেটত মোৰ সতীৰ্থ মনোহৰ লাল জী, হৰ্ষ মালহোত্ৰ জী, টোখান চাহু জী, ৰাজ্য চৰকাৰৰ সকলো মন্ত্ৰী, সকলো সন্মানীয় সাংসদ, সন্মানীয় বিধায়ক আৰু দিল্লীৰ মোৰ মৰমৰ ভাই-ভনীসকল।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লীত প্ৰায় ৩৩,৫০০ কোটি টকা মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন, আধাৰশিলা স্থাপন কৰে
March 08th, 10:26 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিল্লীত প্ৰায় ৩৩,৫০০ কোটি টকা মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। ইয়াত সমবেতসকলক সম্বোধন কৰি শ্ৰী মোদীয়ে “আজি আমি সকলো ইয়াত একত্ৰিত হৈ দিল্লীৰ উন্নয়নক এক নতুন গতি প্ৰদান কৰিছো” বুলি কয়।ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসত ৰাষ্ট্ৰীয় উন্নয়ন আৰু বিশ্বৰ মংগলৰ বাবে বিজ্ঞান তথা প্ৰযুক্তিৰ ব্যৱহাৰৰ সংকল্প পুনৰ দৃঢ় কৰিলে প্ৰধানমন্ত্ৰীয়ে
February 28th, 10:08 am
প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে যে ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসত আমি গৱেষণা, উদ্ভাৱন আৰু বৈজ্ঞানিক কৌতূহলৰ মনোভাৱক উদযাপন কৰোঁ , যিয়ে আমাৰ দেশখনক আগুৱাই লৈ গৈছে।শিক্ষাৰ্থীসকলৰ অসীম সম্ভাৱনা আৰু ‘পৰীক্ষা পে চৰ্চা’ক লৈ উৎসাহত আলোকপাত কৰি সংস্কৃত হিতোপদেশ শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ
February 09th, 09:06 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে আমাৰ শিক্ষাৰ্থীসকল অসাধাৰণ প্ৰতিভাৰে সমৃদ্ধ আৰু তেওঁলোকৰ সপোন বাস্তৱত পৰিণত কৰাৰ সম্পূৰ্ণ সামৰ্থ্য আছে। তেওঁ উল্লেখ কৰে যে পৰীক্ষা পে চৰ্চাৰ উদ্দেশ্য হৈছে শিক্ষাৰ্থীসকলৰ ব্যক্তিগত বিকাশ আৰু সফলতাৰ বাবে তেওঁলোকৰ সামৰ্থ্য আৰু দক্ষতা কেনেদৰে অৰ্থপূৰ্ণভাৱে ব্যৱহাৰ কৰিব লাগে, তাৰ পথ প্ৰদৰ্শন কৰা।ভাৰত-জাৰ্মানী যৌথ বিবৃতি
January 12th, 03:50 pm
মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নিমন্ত্ৰণত জাৰ্মানী গণৰাজ্যৰ সংঘীয় চ্যান্সেলৰ মহামহিম ফ্ৰেডৰিক মাৰ্জে ২০২৬ চনৰ ১২-১৩ জানুৱাৰীত ভাৰত ভ্ৰমণ কৰে। চ্যান্সেলৰৰ সৈতে ২৩গৰাকী প্ৰধান জাৰ্মান চিইঅ’ আৰু উদ্যোগপতিসহ এটা উচ্চ-স্তৰীয় প্ৰতিনিধি মণ্ডলো আছিল।ভগৱান বুদ্ধৰ সৈতে জড়িত পৱিত্ৰ পিপ্ৰহৱা ধ্বংসাৱশেষৰ বিশাল আন্তঃৰাষ্ট্ৰীয় প্ৰদৰ্শনীৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ
January 03rd, 12:00 pm
কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা মোৰ সহযোগী গজেন্দ্ৰ সিং শ্বেখাৱটজী, কিৰেণ ৰিজিজুজী, ৰামদাস আথাৱালেজী, ৰাও ইন্দৰজিৎজী, দিল্লীৰ মুখ্যমন্ত্ৰীৰ পূৰ্বৰ এটা অনুষ্ঠান আছিল আৰু তেওঁ যাবলগীয়া হৈছে, দিল্লীৰ অন্যান্য সকলো সতীৰ্থ মন্ত্ৰী, দিল্লীৰ লেফটেনেণ্ট গৱৰ্ণৰ শ্ৰী ছাক্সেনাজী, মহামহিমসকল, কূটনৈতিক সম্প্ৰদায়ৰ সন্মানীয় সদস্যসকল, বৌদ্ধ পণ্ডিতগণ, ধৰ্ম অনুগামী ভদ্ৰ পুৰুষ আৰু মহিলাসকল।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত ভগৱান বুদ্ধৰ সৈতে জড়িত পৱিত্ৰ পিপ্ৰহৱা ধ্বংসাৱশেষৰ বিশাল আন্তঃৰাষ্ট্ৰীয় প্ৰদৰ্শনী উদ্বোধন কৰে
January 03rd, 11:30 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ৰায় পিথোৰা সাংস্কৃতিক কমপ্লেক্সত “দ্য লাইট এণ্ড দ্য লোটাছ ঃ ৰেলিছ অব্ দ্য এৱেকেনড ৱান” শীৰ্ষক ভগৱান বুদ্ধৰ সৈতে জড়িত পৱিত্ৰ পিপ্ৰহৱা ধ্বংসাৱশেষৰ বিশাল আন্তঃৰাষ্ট্ৰীয় প্ৰদৰ্শনী উদ্বোধন কৰে। এই উপলক্ষে সভাত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে এশ পঁচিশ বছৰ অপেক্ষাৰ অন্তত ভাৰতৰ ঐতিহ্য ঘূৰি আহিছে, ভাৰতৰ উত্তৰাধিকাৰ পুনৰ উভতি আহিছে। তেওঁ আলোকপাত কৰে যে আজিৰ পৰা ভাৰতৰ জনসাধাৰণে ভগৱান বুদ্ধৰ এই পৱিত্ৰ ধ্বংসাৱশেষসমূহ প্ৰত্যক্ষ কৰি তেওঁৰ আশীৰ্বাদ লাভ কৰিব পাৰিব। এই শুভ অনুষ্ঠানত উপস্থিত থকা সকলো অতিথিক শ্ৰী মোদীয়ে আদৰণি জনাই শুভেচ্ছা জ্ঞাপন কৰে। তেওঁ বৌদ্ধ পৰম্পৰাৰ লগত জড়িত সন্ন্যাসী আৰু ধৰ্মাচাৰ্যও উপস্থিত থকা বুলি উল্লেখ কৰি তেওঁলোকৰ প্ৰতি তেওঁৰ শ্ৰদ্ধা ব্যক্ত কৰে। তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে তেওঁলোকৰ উপস্থিতিয়ে এই অনুষ্ঠানটোক নতুন শক্তি প্ৰদান কৰিছে। প্ৰধানমন্ত্ৰীয়ে এই কথাতো আলোকপাত কৰে যে ২০২৬ চনৰ একেবাৰে আৰম্ভণিতে এই শুভ উদযাপন অতি প্ৰেৰণাদায়ক। ভগৱান বুদ্ধৰ আশীৰ্বাদত ২০২৬ বৰ্ষই বিশ্বৰ বাবে শান্তি, সমৃদ্ধি, সম্প্ৰীতিৰ এক নতুন যুগৰ সূচনা কৰক তাকেই কামনা কৰে।