চৌদি আৰৱৰ ক্ৰাউন প্ৰিন্স আৰু প্ৰধানমন্ত্ৰী মহামহিম প্ৰিন্স মহম্মদ বিন ছালমানৰ সৈতে বাৰ্তালাপ প্ৰধানমন্ত্ৰী মোদীৰ
March 28th, 09:17 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ক্ৰাউন প্ৰিন্স তথা চৌদি আৰৱৰ প্ৰধানমন্ত্ৰী মহামহিম প্ৰিন্স মহম্মদ বিন ছালমানৰ সৈতে বাৰ্তালাপ কৰে। তেওঁলোকে পশ্চিম এছিয়াত চলি থকা সংঘাতৰ বিষয়ে আলোচনা কৰে। শ্ৰী মোদীয়ে আঞ্চলিক শক্তি আন্তঃগাঁথনিৰ ওপৰত হোৱা আক্ৰমণক ভাৰতে গৰিহণা দিয়াৰ কথা পুনৰবাৰ উল্লেখ কৰে আৰু যাতায়াতৰ স্বাধীনতা নিশ্চিত কৰাৰ প্ৰয়োজনীয়তা তথা আৰু জাহাজ পৰিবহণৰ পথ মুকলি আৰু সুৰক্ষিত কৰি ৰখাৰ প্ৰয়োজনীয়তাৰ বিষয়ত গুৰুত্ব আৰোপ কৰে । “চৌদি আৰৱত ভাৰতীয় সম্প্ৰদায়ৰ কল্যাণৰ বাবে অবিৰত সমৰ্থনৰ বাবে তেওঁক ধন্যবাদ জনাইছো”, শ্ৰী মোদীয়ে কয়।চৌদি আৰৱৰ ৰাজকুমাৰ আৰু প্ৰধানমন্ত্ৰীৰ সৈতে আলোচনা প্ৰধানমন্ত্ৰীৰ
March 02nd, 07:50 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চৌদি আৰৱৰ ৰাজকুমাৰ আৰু প্ৰধানমন্ত্ৰী মহামহিম মহম্মদ বিন ছালমানৰ সৈতে আলোচনাত মিলিত হয়। দুয়োগৰাকী নেতাই পশ্চিম এছিয়াৰ শেহতীয়া পৰিস্থিতিৰ বিষয়ত আলোচনা কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে শেহতীয়াকৈ চৌদি আৰৱৰ ওপৰত হোৱা আক্ৰমণক তীব্ৰ গৰিহণা দি এনে আক্ৰমণৰ জড়িয়তে চৌদি আৰৱৰ সাৰ্বভৌমত্ব আৰু ভূখণ্ডৰ অখণ্ডতাক উলংঘা কৰা বুলি উল্লেখ কৰে।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আৰব বৈদেশিক মন্ত্ৰী পৰ্যায়ৰ প্ৰতিনিধি দলক আদৰণি জনায়
January 31st, 02:39 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দ্বিতীয়বাৰৰ বাবে ভাৰত-আৰব বৈদেশিক মন্ত্ৰী পৰ্যায়ৰ বৈঠকৰ বাবে ভাৰতত উপস্থিত হোৱা আৰব দেশৰ বৈদেশিক মন্ত্ৰী, লীগ অব আৰব ৰাষ্ট্ৰৰ মহাসচিব আৰু আৰব প্ৰতিনিধি দলৰ মুৰব্বীসকলক আদৰণি জনায়।মেডিনাত সংঘটিত দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা ভাৰতীয় নাগৰিকৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ
November 17th, 12:34 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ছৌদি আৰৱৰ মেডিনাত সংঘটিত দুৰ্ঘটনাত ভাৰতীয় লোকৰ প্ৰাণহানিৰ ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে। তেওঁ প্ৰিয়জনক হেৰুওৱা পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে আৰু আহতসকলৰ দ্ৰুত আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰে।ছৌদি আৰৱৰ গ্ৰেণ্ড মুফতি শ্বেইখ আব্দুলাজিজ বিন আব্দুল্লাহ বিন মহম্মদ আল আলশ্বেইখৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ
September 24th, 08:49 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ছৌদি আৰৱৰ গ্ৰেণ্ড মুফতি শ্বেইখ আব্দুলাজিজ বিন আব্দুল্লাহ বিন মহম্মদ আল শ্বেইখৰ মৃত্যুত শোক প্ৰকাশ কৰিছে।ছৌদি আৰৱলৈ প্ৰধানমন্ত্ৰীৰ ৰাজ্যিক ভ্ৰমণৰ সামৰণিত যৌথ বিবৃতি
April 23rd, 12:44 pm
এক ঐতিহাসিক বন্ধুত্ব; প্ৰগতিৰ বাবে এক অংশীদাৰিত্ব।” ছৌদি আৰব ৰাজ্যৰ ক্ৰাউন প্ৰিন্স আৰু প্ৰধানমন্ত্ৰী, ভাৰত গণৰাজ্যৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে ২০২৫ চনৰ ২২ এপ্ৰিলত ছৌদি আৰৱ ৰাজ্যত ৰাজ্যিক ভ্ৰমণ কৰে। এয়া আছিল প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ তৃতীয়টো ছৌদি আৰৱ ভ্ৰমণ। ২০২৩ চনৰ ছেপ্টেম্বৰ মাহত ছৌদি আৰৱৰ ক্ৰাউন প্ৰিন্স আৰু প্ৰধানমন্ত্ৰী প্ৰিন্স মহম্মদ বিন ছালমান বিন আব্দুলজিজ আল চৌদৰ ভাৰত ভ্ৰমণৰ পিছত জি-২০ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ আৰু ভাৰত-ছৌদি আৰব কৌশলগত অংশীদাৰিত্ব পৰিষদৰ প্ৰথমখন বৈঠকৰ সহ-অধ্যক্ষতা।ফলাফলৰ তালিকা: প্ৰধানমন্ত্ৰীৰ ছৌদি আৰৱ ভ্ৰমণ
April 23rd, 02:25 am
ভাৰত-চৌদি আৰব কৌশলগত অংশীদাৰিত্ব পৰিষদৰ দ্বিতীয়খন নেতৃবৰ্গৰ বৈঠক ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী আৰু ছৌদি আৰৱৰ ক্ৰাউন প্ৰিন্স আৰু প্ৰধানমন্ত্ৰী হিজ ৰয়েল হাইনেছ প্ৰিন্স মহম্মদ বিন ছালমানে ২০২৫ চনৰ ২২ এপ্ৰিলত জেদ্দাত অনুষ্ঠিত হয়। পৰিষদে এছপিচিৰ অধীনত ৰাজনৈতিক, প্ৰতিৰক্ষা, নিৰাপত্তা, বাণিজ্য, বিনিয়োগ, শক্তি, প্ৰযুক্তি, কৃষি, সংস্কৃতি আৰু দুয়োখন দেশৰ জনসাধাৰণৰ সম্পৰ্কক সামৰি লোৱা বিভিন্ন সমিতি, উপসমিতি আৰু কৰ্মগোটৰ কাম-কাজৰ পৰ্যালোচনা কৰে। আলোচনাৰ অন্তত দুয়োগৰাকী নেতাই কাৰ্য্যবিৱৰণীত স্বাক্ষৰ কৰে।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ মুছলিম ৱৰ্ল্ড লীগৰ মহাসচিবৰ
April 23rd, 02:23 am
মুছলিম ৱৰ্ল্ড লীগৰ মহাসচিব শ্বেইখ ড° মহম্মদ বিন আব্দুলকাৰীম আল ইছাই আজি জেদ্দাত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে। জম্মু-কাশ্মীৰত সংঘটিত ভয়াবহ সন্ত্ৰাসবাদী আক্ৰমণক তীব্ৰ গৰিহণা দি এই ঘটনাত নিহত নিৰীহ লোকসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰে।ৰাজকুমাৰ তথা ছৌদি আৰৱৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ আৰু ভাৰত-চৌদি আৰব কৌশলগত অংশীদাৰিত্ব পৰিষদৰ সহ-অধ্যক্ষতা প্ৰধানমন্ত্ৰীৰ
April 23rd, 02:20 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২২ এপ্ৰিল, ২০২৫ত চৌদি আৰৱ ভ্ৰমণ কৰে। জেদ্দাৰ ৰয়েল পেলেচত চৌদি আৰৱৰ ৰাজকুমাৰ আৰু প্ৰধানমন্ত্ৰী প্ৰিন্স মহম্মদ বিন ছলমানে প্ৰধানমন্ত্ৰীক আনুষ্ঠানিকভাৱে আদৰণি জনায়।চৌদি আৰৱৰ জেদ্দাত উপস্থিত প্ৰধানমন্ত্ৰী মোদী
April 22nd, 04:29 pm
ৰাজকুমাৰ মহম্মদ বিন ছলমানৰ আমন্ত্ৰণত চৌদি আৰৱৰ জেদ্দাত উপস্থিত হয় প্ৰধানমন্ত্ৰী মোদী। বিশেষ সন্মানেৰে চৌদি বায়ুসেনাৰ জেট বিমানে প্ৰধানমন্ত্ৰী মোদীৰ বিমানখন ছৌদি আকাশমাৰ্গত প্ৰৱেশ কৰাৰ সময়ত সুৰক্ষা বেষ্টনীৰে জেদ্দালৈ লৈ যায়। জেদ্দাত প্ৰধানমন্ত্ৰী মোদীক ভব্য আদৰণি জনোৱা হয়। তেওঁ চৌদি আৰৱত বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰিব।চৌদি আৰৱলৈ চৰকাৰী ভ্ৰমণসূচী লৈ যোৱাৰ প্ৰাকমুহূৰ্তত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা বিবৃতি
April 22nd, 08:30 am
আজি মহামহিম যুৱৰাজ তথা প্ৰধানমন্ত্ৰী মহম্মদ বিন ছলমানৰ আমন্ত্ৰণত মই চৌদিলৈ দুদিনীয়া চৰকাৰী ভ্ৰমণসূচী লৈ যাত্ৰা আৰম্ভ কৰিছোঁ।কৌশলগত পুনৰ নিৰ্ধাৰণ: পশ্চিম এছিয়াত ভাৰতৰ ভূমিকা আৰু অধিক শক্তিশালী কৰাৰ বাবে চৌদি আৰৱ ভ্ৰমণ প্ৰধানমন্ত্ৰী মোদীৰ
April 21st, 04:51 pm
২০২৫ চনৰ ২২-২৩ এপ্ৰিলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৌদি আৰব ভ্ৰমণ এক গুৰুত্বপূৰ্ণ সন্ধিক্ষণত আহিছে - যিটো বিশ্ব শক্তিৰ গতিশীলতা আৰু দ্ৰুতগতিত পৰিৱৰ্তিত পশ্চিম এছিয়াৰ দ্বাৰা গঢ় লৈ উঠিছে।২০২৫ চনৰ ২২-২৩ এপ্ৰিলত চৌদি আৰৱ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে
April 19th, 01:55 pm
ৰাজকুমাৰ মহম্মদ বিন ছলমানৰ আমন্ত্ৰণত চৌদি আৰৱ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। ভাৰত আৰু চৌদি আৰৱৰ মাজত ঘনিষ্ঠ আৰু বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছে। এই ভ্ৰমণে আমাৰ বহুমুখী অংশীদাৰিত্ব আৰু অধিক গভীৰ আৰু শক্তিশালী কৰাৰ লগতে পাৰস্পৰিক স্বাৰ্থৰ বিভিন্ন আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় বিষয়ত মত বিনিময়ৰ সুযোগ প্ৰদান কৰিব।আমাৰ চৰকাৰ ভক্তসকলৰ বাবে উন্নত তীৰ্থযাত্ৰা অভিজ্ঞতা নিশ্চিত কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ: প্ৰধানমন্ত্ৰী
January 13th, 06:17 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ছৌদি আৰবৰ হজ আৰু উমৰাহ মন্ত্ৰী তৌফিক বিন ফাউজান আল-ৰবিয়াৰ সৈতে স্বাক্ষৰিত হজ চুক্তি,২০২৫ক আদৰণি জনাইছে। শ্ৰী মোদীয়ে কয় যে এই চুক্তি ভাৰতৰ হজযাত্ৰীসকলৰ বাবে এক ভাগললগা খবৰ। প্ৰধানমন্ত্ৰীয়ে কয় যে ভক্তসকলৰ বাবে উন্নত তীৰ্থযাত্ৰা অভিজ্ঞতা নিশ্চিত কৰাৰ বাবে আমাৰ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ।India- Saudi Arabia hold first meeting of the High-Level Task Force on Investments
July 28th, 11:37 pm
The first meeting of the India-Saudi Arabia High Level Task Force on Investments, co-chaired by the Principal Secretary to the Prime Minister H.E. Dr. P.K. Mishra and the Saudi Energy Minister His Royal Highness Prince Abdulaziz bin Salman bin Abdulaziz Al Saud was held today, in virtual mode.সংবিধান আৰু গণতান্ত্ৰিক ব্যৱস্থাৰ ওপৰত অটল বিশ্বাস পুনৰ দৃঢ় কৰাৰ বাবে দেশবাসীলৈ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ: মন কী বাlত প্ৰধানমন্ত্ৰী মোদী
June 30th, 11:00 am
ফেব্ৰুৱাৰী মাহৰ পৰা এতিয়ালৈকে, যেতিয়াই মাহটোৰ শেষৰ দেওবাৰটো আহিছিল, তেতিয়াই আপোনালোকৰ লগত এই বাৰ্তালাপৰ অভাৱ অনুভৱ কৰিছিলোঁ। কিন্তু মোৰ এইটো দেখি বহুত ভাল লাগিছিল যে এই মাহবোৰত আপোনালোকে মোলৈ লাখ লাখ মেছেজ পঠালে। 'মন কী বাত' ৰেডিঅ' অনুষ্ঠানটো কেইমাহমানৰ বাবে বন্ধ হৈ থাকিলেও কিন্তু 'মান কী বাত'ৰ উচাহ দেশত, সমাজত, প্ৰতিদিনে ভাল কাম, নিস্বাৰ্থ মনোভাৱেৰে কৰা কাম, সমাজৰ কামৰ ওপৰত ইতিবাচক প্ৰভাৱ-অবিৰতভাৱে চলি থাকিল। নিৰ্বাচনৰ খবৰৰ মাজতে নিশ্চয় মনটোক চুই যোৱা এইবোৰ খবৰ আপোনালোকে লক্ষ্য কৰিছে।প্ৰধানমন্ত্ৰীৰ জম্মু-কাশ্মীৰৰ শ্ৰীনগৰত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ কাৰ্য্যসূচী সম্বোধনৰ অসমীয়া অনুবাদ
June 21st, 06:31 am
আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত মোৰ যোগ আৰু ধ্যানৰ ভূমি কাশ্মীৰত উপস্থিত থকাৰ সৌভাগ্য হৈছে। কাশ্মীৰ আৰু শ্ৰীনগৰৰ পৰিবেশ, শক্তি, অভিজ্ঞতাই আমাক যোগৰপৰা অনুভূত শক্তি অনুভৱ কৰায়। যোগ দিৱসত দেশৰ সকলো ৰাইজৰ লগতে বিশ্বৰ প্ৰতিটো কোণত যোগাভ্যাস কৰা সকললৈ কাশ্মীৰ ভূমিৰপৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ।জম্মু-কাশ্মীৰৰ শ্ৰীনগৰত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস, ২০২৪ৰ কাৰ্য্যসূচী সম্বোধন প্ৰধানমন্ত্ৰীৰ
June 21st, 06:30 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জম্মু-কাশ্মীৰৰ শ্ৰীনগৰত ১০ম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ (IYD) কাৰ্য্যসূচী সম্বোধন কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কাৰ্য্যসূচীৰ নেতৃত্ব প্ৰদান আৰু যোগাসনত অংশগ্ৰহণ কৰে।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ক্ৰাউন প্ৰিন্স আৰু চৌদি আৰৱৰ প্ৰধানমন্ত্ৰীৰ সৈতে টেলিফোনযোগে বাৰ্তালাপ কৰে
December 26th, 08:06 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ক্ৰাউন প্ৰিন্স আৰু চৌদি আৰৱৰ প্ৰধানমন্ত্ৰী ৰাজকুমাৰ মহম্মদ বিন ছলমান বিন আব্দুলাজিজ অল ছাউদৰ সৈতে টেলিফোনযোগে বাৰ্তালাপ কৰে।১৪০ কোটি লোকে বহু পৰিৱৰ্তন আনিছেঃ মন কী বাতৰ সময়ত প্ৰধানমন্ত্ৰী মোদী
November 26th, 11:30 am
মন কী বাতলৈ আদৰণি জনাইছো৷ আমি আমি এই ২৬ নৱেম্বৰৰ দিনটোৰ কথা পাহৰিব নোৱাৰো৷ কিন্তু ভাৰতৰ দৃঢ়তাই আমাক এই কষ্ট অতিক্ৰম কৰাত সহায় কৰিলে; এতিয়া আমি সম্পূৰ্ণ উৎসাহেৰে সন্ত্ৰাসবাদৰ অন্ত পেলাইছো। মুম্বাই আক্ৰমণত প্ৰাণ হেৰুওৱা সকলোকে শ্ৰদ্ধাঞ্জলি জনাইছো। আজি দেশে সেই বীৰসকলক স্মৰণ কৰিছে যিসকলে আক্ৰমণৰ সময়ত সৰ্বস্ব ত্যাগ কৰিছিল।মোৰ পৰিয়ালৰ সদস্যসকল, এই ২৬ নৱেম্বৰৰ দিনটো আৰু এটা কাৰণত অত্যন্ত তাৎপৰ্যপূৰ্ণ। ১৯৪৯ চনৰ আজিৰ দিনটোতে সংবিধান সভাই ভাৰতৰ সংবিধান গৃহীত কৰিছিল। মোৰ মনত আছে, ২০১৫ চনত যেতিয়া আমি বাবাচাহেব আম্বেদকাৰৰ ১২৫সংখ্যক জন্ম বাৰ্ষিকী উদযাপন কৰিছিলো, তেতিয়া ২৬ নৱেম্বৰ দিনটোক সংবিধান দিৱস হিচাপে পালন কৰাৰ এটা চিন্তাই মনত দোলা দিছিল। আৰু তেতিয়াৰ পৰা প্ৰতি বছৰে আমি এই দিনটো সংবিধান দিৱস হিচাপে পালন কৰি আহিছো। সংবিধান দিৱস উপলক্ষে সকলো দেশবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু একেলগে আমি নিশ্চিতভাৱে নাগৰিকৰ কৰ্তব্যৰ অগ্ৰাধিকাৰ অনুসৰি এখন উন্নত ভাৰতৰ সংকল্পৰ উপনীত হ’ম।