'মন কী বাত' জনসাধাৰণৰ সামূহিক প্ৰচেষ্টাক জনসাধাৰণৰ মাজলৈ আগবঢ়াই নিয়াৰ এক উৎকৃষ্ট মঞ্চঃ প্ৰধানমন্ত্ৰী মোদী
November 30th, 11:30 am
চলিত মাহৰ মন কী বাতত প্ৰধানমন্ত্ৰী মোদীয়ে নৱেম্বৰৰ গুৰুত্বপূৰ্ণ অনুষ্ঠানসমূহৰ ওপৰত আলোকপাত কৰে, য’ত সংবিধান দিৱস উদযাপন, বন্দে মাতৰমৰ ১৫০ বছৰীয়া জয়ন্তী, অযোধ্যাত ধৰ্মধ্বজ উত্তোলন, আইএনএছ ‘মাহে’ প্ৰৱৰ্তন আৰু কুৰুক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় গীতা মহোৎসৱ আদিৰ ওপৰত আলোকপাত কৰে। তেওঁ কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়বস্তু যেনে অভিলেখ খাদ্য শস্য আৰু মৌ উৎপাদন, ভাৰতৰ ক্ৰীড়া সফলতা, সংগ্ৰহালয় আৰু প্ৰাকৃতিক কৃষি আদি দিশবোৰো সামৰি লয়। প্ৰধানমন্ত্ৰীয়ে সকলোকে কাশী-তামিল সংগমমত অংশ গ্ৰহণ কৰিবলৈ আহ্বান জনায়।জি-২০ সন্মিলনৰ দ্বিতীয় পৰ্বত প্ৰধানমন্ত্ৰীৰ বিবৃতি
November 22nd, 09:57 pm
প্ৰাকৃতিক দুৰ্যোগ মানৱতাৰ বাবে এক বৃহৎ প্ৰত্যাহ্বান হৈ আহিছে। এই বছৰো প্ৰাকৃতিক দুৰ্যোগে বিশ্বৰ বৃহৎ সংখ্যক লোকক প্ৰভাৱিত কৰিছে। এই কথা স্পষ্ট যে প্ৰাকৃতিক দুৰ্যোগৰ মোকাবিলাৰ বাবে আমি বৈশ্বিক সহযোগিতা শক্তিশালী কৰিব লাগিব।জোহান্সবাৰ্গত জি-২০ সন্মিলনত অংশগ্ৰহণ প্ৰধানমন্ত্ৰীৰ
November 22nd, 09:35 pm
প্ৰধানমন্ত্ৰীয়ে আজি জোহান্সবাৰ্গত দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি চিৰিল ৰামাফোছাৰ আতিথ্যত অনুষ্ঠিত জি-২০ নেতৃবৃন্দৰ সন্মিলনত অংশগ্ৰহণ কৰে। এয়া আছিল জি-২০ সন্মিলনত প্ৰধানমন্ত্ৰীৰ দ্বাদশ বাৰ্ষিক অংশগ্ৰহণ। প্ৰধানমন্ত্ৰীয়ে সন্মিলনৰ উদ্বোধনী অনুষ্ঠানৰ দুয়োটা পৰ্বত ভাষণ প্ৰদান কৰে। তেওঁ উষ্ণ আতিথ্য আৰু সন্মিলনখন সফলতাৰে আয়োজন কৰাৰ বাবে ৰাষ্ট্ৰপতি ৰামাফোছাক ধন্যবাদ জ্ঞাপন কৰে।গুজৰাটৰ ছুৰাটত ভাৰতৰ বুলেট ট্ৰেইনৰ সৈতে জড়িত দলৰ সৈতে প্ৰধানমন্ত্ৰীৰ মত বিনিময়ৰ অসমীয়া অনুবাদ
November 16th, 03:50 pm
গতি ঠিক আছে বুলি ভাবিছেনে? আপোনালোকে নিৰ্ধাৰণ কৰা সময়সূচীত চলি আছেনে, নে আপোনালোকৰ কিবা সমস্যা হৈছে?গুজৰাটৰ চুৰাটত নিৰ্মিত বুলেট ট্ৰে্ইন ষ্টেচন পৰিদৰ্শন কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে; মুম্বাই-আহমেদাবাদ হাই-স্পীড ৰেল কৰিডৰৰ অগ্ৰগতিৰ পৰ্যালোচনা
November 16th, 03:47 pm
কেৰালাৰ এগৰাকী অভিযন্তাই গুজৰাটৰ নৱছাৰীৰ নইজ বেৰিয়াৰ ফেক্টৰীত কাম কৰাৰ অভিজ্ঞতা শ্বেয়াৰ কৰে, য’ত ৰিবাৰ কেজ ৱেল্ডিঙৰ বাবে ৰবটিক ইউনিট নিয়োগ কৰা হৈছে। প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁক ভাৰতৰ প্ৰথমখন বুলেট ট্ৰেইন নিৰ্মাণৰ ক্ষেত্ৰত ব্যক্তিগতভাৱে কেনে অনুভৱ কৰে আৰু এই ঐতিহাসিক কৃতিত্বৰ বিষয়ে তেওঁৰ পৰিয়ালৰ সৈতে কি শ্বেয়াৰ কৰে বুলি প্ৰশ্ন কৰে। দেশৰ প্ৰথমখন বুলেট ট্ৰেইনত অৰিহণা যোগোৱাৰ বাবে গৌৰৱ প্ৰকাশ কৰি ইয়াক “সপোনৰ প্ৰকল্প” আৰু পৰিয়ালৰ বাবে “গৌৰৱৰ মুহূৰ্ত” বুলি অভিহিত কৰে।প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ সকলোতকৈ গধুৰ যোগাযোগ উপগ্ৰহ চিএমএছ-০৩ ৰ সফল উৎক্ষেপণৰ বাবে ইছৰ’ক অভিনন্দন জনায়
November 02nd, 07:22 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ সকলোতকৈ গধুৰ যোগাযোগ উপগ্ৰহ চিএমএছ-০৩ ৰ সফল উৎক্ষেপণৰ বাবে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ISRO)-ক অভিনন্দন জ্ঞাপন কৰিছে।ৰাষ্ট্ৰীয় মহাকাশ দিৱস উপলক্ষে প্ৰধানমন্ত্ৰীৰ ভিডিঅ’ বাৰ্তাৰ অসমীয়া অনুবাদ
August 23rd, 11:00 am
ৰাষ্ট্ৰীয় মহাকাশ দিৱসত আপোনালোক সকলোকে মোৰ আন্তৰিক শুভেচ্ছা জনালোঁ। এইবাৰ মহাকাশ দিৱসৰ বিষয়বস্তু হৈছে ‘আৰ্য্যভট্টৰ পৰা গগনযানলৈ: প্ৰাচীন প্ৰজ্ঞাৰ পৰা অসীম সম্ভাৱনালৈ’। ইয়াত অতীতৰ আত্মবিশ্বাসৰ লগতে ভৱিষ্যতৰ সংকল্পও সন্নিৱিষ্ট কৰা হৈছে। আজি আমি প্ৰত্যক্ষ কৰিছোঁ যে কেনেকৈ ইমান কম সময়ৰ ভিতৰতে ৰাষ্ট্ৰীয় মহাকাশ দিৱস আমাৰ যুৱক-যুৱতীসকলৰ বাবে উৎসাহ আৰু প্ৰেৰণাৰ অনুষ্ঠানত পৰিণত হৈছে। এইটো সঁচাকৈয়ে দেশৰ বাবে অপৰিসীম গৌৰৱৰ বিষয়। মহাকাশ খণ্ডৰ সৈতে জড়িত আমাৰ সকলো বিজ্ঞানী আৰু যুৱক-যুৱতীলৈ ৰাষ্ট্ৰীয় মহাকাশ দিৱসত মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। শেহতীয়াকৈ ভাৰতে ‘জ্যোতিৰ্বিজ্ঞান আৰু জ্যোতিৰ্পদাৰ্থবিজ্ঞানৰ আন্তঃৰাষ্ট্ৰীয় অলিম্পিয়াড’ আয়োজন কৰিছিল। এই প্ৰতিযোগিতাত সমগ্ৰ বিশ্বৰ ৬০ খনতকৈও অধিক দেশৰ প্ৰায় ৩০০ যুৱ অংশগ্ৰহণকাৰীয়ে অংশগ্ৰহণ কৰে। আমাৰ ভাৰতীয় যুৱক-যুৱতীসকলেও পদক লাভ কৰে। এই অলিম্পিয়াড মহাকাশ খণ্ডত ভাৰতৰ উদীয়মান নেতৃত্বৰ প্ৰতীক।২০২৫ চনৰ ৰাষ্ট্ৰীয় মহাকাশ দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণ
August 23rd, 10:30 am
আজি ৰাষ্ট্ৰীয় মহাকাশ দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ বাৰ্তাৰ জৰিয়তে দেশবাসীক সম্বোধন কৰে।এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে সকলোকে শুভেচ্ছা জ্ঞাপন কৰি এইবাৰৰ বিষয়বস্তু “আৰ্য্যভটৰ পৰা গগনযানলৈ” ভাৰতৰ অতীতৰ আত্মবিশ্বাস আৰু ভৱিষ্যতৰ সংকল্প দুয়োটাকে প্ৰতিফলিত কৰে বুলি আলোকপাত কৰে। তেওঁ মন্তব্য কৰে যে কম সময়ৰ ভিতৰতে ৰাষ্ট্ৰীয় মহাকাশ দিৱস ভাৰতৰ যুৱক-যুৱতীসকলৰ বাবে এক উৎসাহ আৰু আকৰ্ষণৰ অনুষ্ঠানত পৰিণত হৈছে, যিটো জাতীয় গৌৰৱৰ বিষয়। তেওঁ মহাকাশ খণ্ডৰ সৈতে জড়িত সকলো ব্যক্তিকে ধৰি বিজ্ঞানী আৰু যুৱক-যুৱতীলৈ তেওঁৰ শুভেচ্ছা জ্ঞাপন কৰে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে ভাৰতে বৰ্তমান জ্যোতিৰ্বিজ্ঞান আৰু জ্যোতিৰ্পদাৰ্থ বিজ্ঞানৰ আন্তঃৰাষ্ট্ৰীয় অলিম্পিয়াড আয়োজন কৰি আছে, য’ত ষাঠিখনতকৈও অধিক দেশৰ প্ৰায় ৩০০ যুৱকে অংশগ্ৰহণ কৰিছে। শ্ৰী মোদীয়ে এই অনুষ্ঠানত বহু ভাৰতীয় অংশগ্ৰহণকাৰীয়ে পদক লাভ কৰাত সুখ প্ৰকাশ কৰে। তেওঁ কয় যে এই অলিম্পিয়াড মহাকাশ খণ্ডত ভাৰতৰ উদীয়মান বিশ্ব নেতৃত্বৰ প্ৰতীক। প্ৰধানমন্ত্ৰীয়ে আনন্দ প্ৰকাশ কৰে যে যুৱক-যুৱতীসকলৰ মাজত মহাকাশৰ প্ৰতি অধিক আগ্ৰহ জগাই তুলিবলৈ ইছৰোৱে ইণ্ডিয়ান স্পেচ হেকাথন আৰু ৰবটিক্স চেলেঞ্জৰ দৰে পদক্ষেপ গ্ৰহণ কৰিছে। তেওঁ এই প্ৰতিযোগিতাসমূহত অংশগ্ৰহণ কৰা সকলো ছাত্ৰ-ছাত্ৰী আৰু বিজয়ীসকলক অভিনন্দন জ্ঞাপন কৰে।এবিপি নেটৱৰ্কৰ ইণ্ডিয়া@২০৪৭ সন্মিলনত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
May 07th, 12:00 pm
ভাৰত মণ্ডপমৰ এই মঞ্চ আজি পুৱাৰে পৰা প্ৰাণৱন্ত ৰূপ পাইছে। কেইদিনমানৰ পূৰ্বে আপোনাৰ দলটোক অলপ সময়ৰ বাবে লগ পোৱাৰ সুযোগ পাইছিলোঁ। এই সন্মিলন বৈচিত্ৰ্যপূৰ্ণ। বহু মহান ব্যক্তিয়ে এই সন্মিলক সমৃদ্ধ কৰিছে। মই নিশ্চিত যে আপোনালোক সকলোৱেও এটা ডাঙৰ অভিজ্ঞতা লাভ কৰিছে। এই সন্মিলনত বৃহৎ সংখ্যক যুৱক-যুৱতী আৰু মহিলাৰ উপস্থিতি থকাটো ব্যতিক্ৰমী হিচাপে পৰিগণিত হৈছে। বিশেষকৈ আমাৰ ড্ৰোণ দিদি আৰু লাখপতি দিদিসকলে তেওঁলোকৰ অভিজ্ঞতা শ্বেয়াৰ কৰিলে। এই সকলোবোৰ এংকৰক যেতিয়া মই এতিয়াই লগ পাইছিলো, তেতিয়া মই দেখি আছিলো যে তেওঁলোকে ইমান উৎসাহেৰে নিজৰ অভিজ্ঞতাবোৰ শ্বেয়াৰ কৰিছে। প্ৰতিটো সংলাপ মনত পৰিল। অৰ্থাৎ এইটো সঁচাকৈয়ে এক অতি প্ৰেৰণাদায়ক সুযোগ হিচাপে পৰিগণিত হৈছে।PM Modi addresses the Global Conference on Space Exploration (GLEX) 2025
May 07th, 11:30 am
PM Modi addressed GLEX 2025 via videoconferencing, showcasing India’s stellar rise from a humble 1963 rocket launch to becoming the first to land near the Moon’s South Pole. He celebrated India's Mars triumph, space tech breakthroughs, and future missions like Gaganyaan and Bharatiya Antariksha Station.প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
April 27th, 11:30 am
নমস্কাৰ। আজি 'মন কী বাত'ত আপোনালোকৰ লগত কথা পাতি আছো যদিও মোৰ অন্তৰত এক গভীৰ দুখ অনুভৱ হৈ আছে। ২২ এপ্ৰিলত পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণে দেশৰ প্ৰতিজন নাগৰিকৰ মনত আঘাত দিছে। মৃতকৰ পৰিয়ালৰ প্ৰতি সমগ্ৰ ভাৰতীবাসীয়ে গভীৰ সমবেদনা জ্ঞাপন কৰিছে। তেওঁ যি ৰাজ্যৰেই নহওক বা যি ভাষা নকওক কিয়, এই আক্ৰমণত নিজৰ আপোনজনক হেৰুওৱা সেই লোকসকলৰ যন্ত্ৰণা ভুক্তভোগী লোকসকলেহে অনুভৱ কৰে। সন্ত্ৰাসবাদী আক্ৰমণৰ ছবি দেখি প্ৰতিজন ভাৰতীয়ৰ তেজ উতলি থকা যেন অনুভৱ হৈছে। পেহেলগামত এই আক্ৰমণে সন্ত্ৰাসবাদক পৃষ্ঠপোষকতা কৰা সকলৰ হতাশাৰ লগতে, তেওঁলোকৰ কাপুৰুষালি প্ৰদৰ্শন কৰিছে। কাশ্মীৰত শান্তি ঘূৰি আহিছিল, বিদ্যালয়-মহাবিদ্যালয়ত জীপাল হৈ উঠিছিল, নিৰ্মাণ কাৰ্য্যই অভূতপূৰ্ব গতি লাভ কৰিছিল, গণতন্ত্ৰ শক্তিশালী হৈ আহিছিল, পৰ্যটকৰ সংখ্যা অভিলেখ পৰিমাণৰ বৃদ্ধি পাইছিল, মানুহৰ আয় বাঢ়িছিল, যুৱক-যুৱতীসকলৰ বাবে নতুন সুযোগৰ সৃষ্টি হৈছিল। কিন্তু দেশ তথা জম্মু-কাশ্মীৰৰ শত্ৰুবোৰে এই কথাবোৰ ভাল নাপালে। সন্ত্ৰাসবাদী আৰু তেওঁলোকৰ পৃষ্ঠপোষকসকলে কাশ্মীৰ পুনৰ ধ্বংস হোৱাটো বিচাৰে আৰু সেয়েহে তেওঁলোকে ইমান ডাঙৰ ষড়যন্ত্ৰ ৰচনা কৰিছিল। দেশৰ ঐক্য, ১৪০ কোটি ভাৰতীয়ৰ একতা, সন্ত্ৰাসবাদৰ বিৰুদ্ধে এই যুদ্ধত আমাৰ সৰ্ববৃহৎ শক্তি। এই ঐক্যই সন্ত্ৰাসবাদৰ বিৰুদ্ধে আমাৰ নিৰ্ণায়ক যুঁজৰ আধাৰ। দেশৰ সন্মুখত দেখা দিয়া এই প্ৰত্যাহ্বান মোকাবিলা কৰিবলৈ আমি আমাৰ সংকল্প শক্তিশালী কৰিব লাগিব। দেশ হিচাপে আমি দৃঢ় ইচ্ছাশক্তি প্ৰদৰ্শন কৰিব লাগিব। এই ক্ষেত্ৰত আজি বিশ্বই দৃষ্টি ৰাখিছে আৰু সন্ত্ৰাসবাদী এই নৃশংস আক্ৰমণৰ পিছত সমগ্ৰ দেশে সমস্বৰে মাত মাতিছে।When growth is driven by aspirations, it becomes inclusive and sustainable: PM Modi at Rising Bharat Summit
April 08th, 08:30 pm
PM Modi addressed the News18 Rising Bharat Summit. He remarked on the dreams, determination, and passion of the youth to develop India. The PM highlighted key initiatives, including zero tax on income up to ₹12 lakh, 10,000 new medical seats and 6,500 new IIT seats, 50,000 new Atal Tinkering Labs and over 52 crore Mudra Yojana loans. The PM congratulated the Parliament for enacting Waqf law.প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘নিউজ১৮ ৰাইজিং ভাৰত সন্মিলন’ত ভাষণ দিয়ে
April 08th, 08:15 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ‘ভাৰত মণ্ডপম’ত অনুষ্ঠিত ‘নিউজ১৮ ৰাইজিং ভাৰত সন্মিলন’ত ভাষণ দিয়ে। সমবেত সকলক সম্বোধন কৰি তেওঁ এই সন্মিলনৰ জৰিয়তে ভাৰত আৰু সমগ্ৰ বিশ্বৰ সন্মানীয় অতিথিসকলৰ সৈতে সংযোগ স্থাপনৰ সুযোগ প্ৰদান কৰাৰ বাবে ‘নেটৱৰ্ক১৮’লৈ কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ ভাৰতৰ যুৱপ্ৰজন্মৰ আশা-আকাংক্ষাৰ প্ৰতি এই বছৰৰ সন্মিলনে গুৰুত্ব প্ৰদান কৰা কথাক প্ৰশংসা কৰে। ‘ভাৰত মণ্ডপম’ত স্বামী বিবেকানন্দ জয়ন্তী উপলক্ষে চলিত বৰ্ষৰ আৰম্ভণিতে অনুষ্ঠিত 'বিকশিত ভাৰত যুৱ নেতা আলাপ'ৰ তাৎপৰ্যৰ কথা উল্লেখ কৰি তেওঁ ভাৰতক এখন উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ বাবে যুৱসকলৰ সপোন, সংকল্প আৰু আবেগ সন্দৰ্ভত মন্তব্য কৰে। তেওঁ ২০৪৭ চনৰ ভিতৰত ভাৰতৰ প্ৰগতিৰ পথ-পৰিকল্পনা যুগুতোৱাত গুৰুত্ব আৰোপ কৰি কয় যে প্ৰতিটো পদক্ষেপত নিৰন্তৰ আলোচনাই মূল্যৱান অন্তৰ্দৃষ্টি লাভ কৰিব। তেওঁ উল্লেখ কৰে যে এই অন্তৰ্দৃষ্টিয়ে ‘অমৃত কালৰ প্ৰজন্ম’ক শক্তি, নিৰ্দেশনা আৰু গতি ত্বৰান্বিত কৰিব। তেওঁ সন্মিলনৰ বাবে অভিনন্দন আৰু সফলতাৰ কামনাৰে শুভেচ্ছা জ্ঞাপন কৰে।২৩.০২.২০২৫ত ‘মন কী বাত’ৰ ১১৯সংখ্যক খণ্ডত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
February 23rd, 11:30 am
মন কী বাতলৈ সকলোকে স্বাগতম জনাইছো। বৰ্তমান চেম্পিয়নছ ট্ৰফী চলি আছে আৰু সকলোতে ক্ৰিকেটৰ এক পৰিৱেশ বিৰাজ কৰিছে। ক্ৰিকেটত এটা শতকৰ ৰোমাঞ্চৰ কথা আমি সকলোৱে কম বেছি পৰিমাণে জানো, কিন্তু আজি আমি ক্ৰিকেটৰ কথা নকওঁ, মহাকাশত ভাৰতে যি অসাধাৰণ শতক অৰ্জন কৰিছে, সেই অসাধাৰণ শতকৰ কথাহে আলোচনা কৰিম। যোৱা মাহত ইছৰোৰ ১০০সংখ্যক ৰকেট উৎক্ষেপণৰ সাক্ষী হৈছিল দেশবাসী। এয়া কেৱল এক সংখ্যা নহয়, ই মহাকাশ বিজ্ঞানত দৈনিক নতুন উচ্চতাত উপনীত হোৱাৰ আমাৰ সংকল্পক প্ৰতিফলিত কৰিছে। আমাৰ মহাকাশ যাত্ৰা অতি সহজভাৱে আৰম্ভ হৈছিল। প্ৰতিটো খোজতে প্ৰত্যাহ্বান আহিছিল যদিও আমাৰ বিজ্ঞানীসকলে সেই সকলোবোৰ বাধা অতিক্ৰম কৰি আগবাঢ়ি গ’ল। সময়ৰ লগে লগে এই মহাকাশ অভিযানসমূহত আমাৰ সফলতাৰ তালিকাখন দীঘলীয়া হৈ আহিল। উৎক্ষেপণ বাহনৰ নিৰ্মাণেই হওক, চন্দ্ৰযান, মংগল অৰ্বিটাৰ, আদিত্য এল-১ৰ সফলতাই হওক বা এটা ৰকেট ব্যৱহাৰ কৰি একে সময়তে ১০৪টা উপগ্ৰহ মহাকাশলৈ প্ৰেৰণৰ অভূতপূৰ্ব অভিযানেই হওক– ইছৰোৰ সাফল্য দিনক দিনে বাঢ়িছে। কেৱল যোৱা দহ বছৰত আন দেশৰ বহু উপগ্ৰহকে ধৰি প্ৰায় ৪৬০টা উপগ্ৰহ উৎক্ষেপণ কৰা হৈছে। শেহতীয়া সময়ৰ আন এটা বৈশিষ্ট্য হ’ল আমাৰ মহাকাশ বিজ্ঞানীৰ দলত মহিলাৰ অংশগ্ৰহণ অহৰহ বৃদ্ধি পাইছে। মহাকাশৰ ক্ষেত্ৰখন আজি আমাৰ যুৱক-যুৱতীসকলৰ বাবে অতি আকৰ্ষণীয় হৈ পৰা দেখি মই অতিশয় আনন্দিত হৈছো।পিক্সেলস্পেচৰ দ্বাৰা ভাৰতৰ প্ৰথমটো ব্যক্তিগত উপগ্ৰহসমূহে ভাৰতৰ যুৱক-যুৱতীসকলৰ ব্যতিক্ৰমী প্ৰতিভাক প্ৰদৰ্শন কৰিছেঃ প্ৰধানমন্ত্ৰী
January 17th, 05:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে পিক্সেলস্পেচৰ দ্বাৰা ভাৰতৰ প্ৰথমটো ব্যক্তিগত উপগ্ৰহসমূহে ভাৰতৰ যুৱক-যুৱতীসকলৰ অসাধাৰণ প্ৰতিভাক প্ৰতিফলিত কৰিছে। শ্ৰী মোদীয়ে কয় যে ইয়াৰ দ্বাৰা মহাকাশ উদ্যোগত আমাৰ ব্যক্তিগত খণ্ডৰ ক্ৰমবৰ্ধমান সামৰ্থ্যক আলোকপাত কৰা হৈছে।উপগ্ৰহৰ মহাকাশ ডকিঙৰ সফল প্ৰদৰ্শনৰ বাবে প্ৰধানমন্ত্ৰীয়ে ইছৰোক অভিনন্দন জনায়
January 16th, 01:36 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উপগ্ৰহৰ মহাকাশ ডকিঙৰ সফল প্ৰদৰ্শনৰ বাবে ইছৰো আৰু সমগ্ৰ মহাকাশ সম্প্ৰদায়ক অভিনন্দন জনাইছে। শ্ৰী মোদীয়ে মন্তব্য কৰে যে আগন্তুক বছৰবোৰত ভাৰতৰ উচ্চাভিলাষী মহাকাশ অভিযানৰ বাবে ই এক গুৰুত্বপূৰ্ণ পদক্ষেপ।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এছএছএলভি-ডি৩ (SSLV-D3)-ৰ সফল উৎক্ষেপণৰ বাবে ইছৰোক অভিনন্দন জনাইছে
August 16th, 01:48 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ (ISRO) বিজ্ঞানীসকলক নতুন উপগ্ৰহ উৎক্ষেপণ বাহন (SSLV)-ডি৩-ৰ সফল উৎক্ষেপণৰ বাবে অভিনন্দন জ্ঞাপন কৰে।Congress has not yet arrived in the 21st century: PM Modi in Mandi, HP
May 24th, 10:15 am
Addressing his second public meeting in Mandi, Himachal Pradesh, PM Modi spoke about the aspirations of the youth and the importance of women's empowerment. He stressed the need for inclusive development and equal opportunities for all citizens.Weak Congress government used to plead around the world: PM Modi in Shimla, HP
May 24th, 10:00 am
Prime Minister Narendra Modi addressed a vibrant public meeting in Shimla, Himachal Pradesh, invoking nostalgia and a forward-looking vision for Himachal Pradesh. The Prime Minister emphasized his longstanding connection with the state and its people, reiterating his commitment to their development and well-being.PM Modi addresses public meetings in Shimla & Mandi, Himachal Pradesh
May 24th, 09:30 am
Prime Minister Narendra Modi addressed vibrant public meetings in Shimla and Mandi, Himachal Pradesh, invoking nostalgia and a forward-looking vision for Himachal Pradesh. The Prime Minister emphasized his longstanding connection with the state and its people, reiterating his commitment to their development and well-being.