প্ৰধানমন্ত্ৰীয়ে ১ অক্টোবৰত আৰএছএছ-ৰ শতবাৰ্ষিকী উদযাপন কাৰ্য্যসূচীত অংশগ্ৰহণ কৰিব

September 30th, 10:30 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ অৰ্থাৎ ১ অক্টোবৰৰ পুৱা ১০:৩০ বজাত নতুন দিল্লীৰ ডঃ আম্বেদকাৰ আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ (RSS) শতবাৰ্ষিকী উদযাপন কাৰ্য্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। এই উপলক্ষে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰলৈ আৰএছএছ-এ আগবঢ়োৱা অৱদানক উজ্জ্বল কৰি বিশেষভাৱে ডিজাইন কৰা স্মাৰক ডাক টিকট আৰু মুদ্ৰা মুকলি তথা সমবেতসকলক সম্বোধন কৰিব।