ভগৱান বুদ্ধৰ সৈতে জড়িত পৱিত্ৰ পিপ্ৰহৱা ধ্বংসাৱশেষৰ বিশাল আন্তঃৰাষ্ট্ৰীয় প্ৰদৰ্শনীৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ

January 03rd, 12:00 pm

কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা মোৰ সহযোগী গজেন্দ্ৰ সিং শ্বেখাৱটজী, কিৰেণ ৰিজিজুজী, ৰামদাস আথাৱালেজী, ৰাও ইন্দৰজিৎজী, দিল্লীৰ মুখ্যমন্ত্ৰীৰ পূৰ্বৰ এটা অনুষ্ঠান আছিল আৰু তেওঁ যাবলগীয়া হৈছে, দিল্লীৰ অন্যান্য সকলো সতীৰ্থ মন্ত্ৰী, দিল্লীৰ লেফটেনেণ্ট গৱৰ্ণৰ শ্ৰী ছাক্সেনাজী, মহামহিমসকল, কূটনৈতিক সম্প্ৰদায়ৰ সন্মানীয় সদস্যসকল, বৌদ্ধ পণ্ডিতগণ, ধৰ্ম অনুগামী ভদ্ৰ পুৰুষ আৰু মহিলাসকল।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত ভগৱান বুদ্ধৰ সৈতে জড়িত পৱিত্ৰ পিপ্ৰহৱা ধ্বংসাৱশেষৰ বিশাল আন্তঃৰাষ্ট্ৰীয় প্ৰদৰ্শনী উদ্বোধন কৰে

January 03rd, 11:30 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ৰায় পিথোৰা সাংস্কৃতিক কমপ্লেক্সত “দ্য লাইট এণ্ড দ্য লোটাছ ঃ ৰেলিছ অব্ দ্য এৱেকেনড ৱান” শীৰ্ষক ভগৱান বুদ্ধৰ সৈতে জড়িত পৱিত্ৰ পিপ্ৰহৱা ধ্বংসাৱশেষৰ বিশাল আন্তঃৰাষ্ট্ৰীয় প্ৰদৰ্শনী উদ্বোধন কৰে। এই উপলক্ষে সভাত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে এশ পঁচিশ বছৰ অপেক্ষাৰ অন্তত ভাৰতৰ ঐতিহ্য ঘূৰি আহিছে, ভাৰতৰ উত্তৰাধিকাৰ পুনৰ উভতি আহিছে। তেওঁ আলোকপাত কৰে যে আজিৰ পৰা ভাৰতৰ জনসাধাৰণে ভগৱান বুদ্ধৰ এই পৱিত্ৰ ধ্বংসাৱশেষসমূহ প্ৰত্যক্ষ কৰি তেওঁৰ আশীৰ্বাদ লাভ কৰিব পাৰিব। এই শুভ অনুষ্ঠানত উপস্থিত থকা সকলো অতিথিক শ্ৰী মোদীয়ে আদৰণি জনাই শুভেচ্ছা জ্ঞাপন কৰে। তেওঁ বৌদ্ধ পৰম্পৰাৰ লগত জড়িত সন্ন্যাসী আৰু ধৰ্মাচাৰ্যও উপস্থিত থকা বুলি উল্লেখ কৰি তেওঁলোকৰ প্ৰতি তেওঁৰ শ্ৰদ্ধা ব্যক্ত কৰে। তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে তেওঁলোকৰ উপস্থিতিয়ে এই অনুষ্ঠানটোক নতুন শক্তি প্ৰদান কৰিছে। প্ৰধানমন্ত্ৰীয়ে এই কথাতো আলোকপাত কৰে যে ২০২৬ চনৰ একেবাৰে আৰম্ভণিতে এই শুভ উদযাপন অতি প্ৰেৰণাদায়ক। ভগৱান বুদ্ধৰ আশীৰ্বাদত ২০২৬ বৰ্ষই বিশ্বৰ বাবে শান্তি, সমৃদ্ধি, সম্প্ৰীতিৰ এক নতুন যুগৰ সূচনা কৰক তাকেই কামনা কৰে।

নতুন দিল্লীত জ্ঞান ভাৰতম আন্তঃৰাষ্ট্ৰীয় সন্মিলনত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

September 12th, 04:54 pm

বিজ্ঞান ভৱন আজি ভাৰতৰ সোণালী অতীতৰ পুনৰ উত্থানৰ সাক্ষী হৈ পৰিছে। মই মাত্ৰ কেইদিনমান পূৰ্বে জ্ঞান ভাৰতম অভিযানৰ কথা ঘোষণা কৰিছিলোঁ আৰু ইমান কম সময়ৰ ভিতৰতে এইদৰে জ্ঞান ভাৰতম আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ আয়োজন কৰা হৈছে। আজি এই মিছনৰে জড়িত পৰ্টেলটোও মুকলি কৰা হৈছে। এয়া কোনো চৰকাৰী বা শৈক্ষিক অনুষ্ঠান নহয়। বৰঞ্চ জ্ঞান ভাৰতম অভিযান ভাৰতৰ সংস্কৃতি, সাহিত্য, চেতনাৰ মূৰ্ত প্ৰকাশ হিচাপে পৰিগণিত হ’ব। আমাৰ হাজাৰ-হাজাৰ প্ৰজন্মৰ চিন্তাশীল উত্তৰাধিকাৰ, ভাৰতৰ জ্ঞান, পৰম্পৰা আৰু বৈজ্ঞানিক ঐতিহ্য, ভাৰতৰ মহান ঋষি, আচাৰ্য্য, পণ্ডিতসকলৰ প্ৰজ্ঞা আৰু গৱেষণাৰাজি - জ্ঞান ভাৰতম অভিযানৰ জৰিয়তে এই উত্তৰাধিকাৰসমূহ ডিজিটাইজ কৰা হৈছে। এই অভিযানৰ বাবে মই সকলো নাগৰিককে অভিনন্দন জ্ঞাপনৰ লগতে সমগ্ৰ জ্ঞান ভাৰতম টীম আৰু সাংস্কৃতিক মন্ত্ৰালয়লৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত জ্ঞান ভাৰতম আন্তঃৰাষ্ট্ৰীয় সন্মিলন সম্বোধন কৰে

September 12th, 04:45 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত আয়োজিত জ্ঞান ভাৰতম আন্তঃৰাষ্ট্ৰীয় সন্মিলন সম্বোধন কৰে। এই উপলক্ষে সমবেতসকলক সম্বোধনেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে বিজ্ঞান ভৱন আজি ভাৰতৰ সোণালী অতীতৰ পুনৰ উত্থানৰ সাক্ষী হৈ পৰিছে। তেখেতে কয় যে মাত্ৰ কেইদিনমান পূৰ্বে তেখেতে জ্ঞান ভাৰতম অভিযানৰ কথা ঘোষণা কৰিছিল আৰু ইমান কম সময়ৰ ভিতৰতে এইদৰে জ্ঞান ভাৰতম আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ আয়োজন কৰা হৈছে। শ্ৰী মোদীয়ে অৱগত কৰে যে আজি এই মিছনৰে জড়িত পৰ্টেলটোও মুকলি কৰা হৈছে। এয়া কোনো চৰকাৰী বা শৈক্ষিক অনুষ্ঠান নহয় বুলি উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে জ্ঞান ভাৰতম অভিযান ভাৰতৰ সংস্কৃতি, সাহিত্য, চেতনাৰ মূৰ্ত প্ৰকাশ হিচাপে পৰিগণিত হ’ব। তেখেতে হাজাৰ-হাজাৰ প্ৰজন্মৰ চিন্তাশীল উত্তৰাধিকাৰ সন্দৰ্ভত চিন্তা-চৰ্চা কৰে। ভাৰতৰ জ্ঞান, পৰম্পৰা আৰু বৈজ্ঞানিক ঐতিহ্যত আলোকপাতেৰে তেখেতে ভাৰতৰ মহান ঋষি, আচাৰ্য্য, পণ্ডিতসকলৰ প্ৰজ্ঞা আৰু গৱেষণাৰাজিৰ কথা স্মৰণ কৰে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে জ্ঞান ভাৰতম অভিযানৰ জৰিয়তে এই উত্তৰাধিকাৰসমূহ ডিজিটাইজ কৰা হৈছে। এই অভিযানৰ বাবে তেখেতে সকলো নাগৰিককে অভিনন্দন জ্ঞাপনৰ লগতে সমগ্ৰ জ্ঞান ভাৰতম টীম আৰু সাংস্কৃতিক মন্ত্ৰালয়লৈ শুভেচ্ছা জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে বাৰাণসীত বিভিন্ন প্ৰকল্পৰ উদ্বোধনী আৰু আধাৰশিলা স্থাপন অনুষ্ঠানত দিয়া ভাষণৰ অসমীয়া অনুবাদ

April 11th, 11:00 am

মঞ্চত বিৰাজমান উত্তৰ প্ৰদেশৰ ৰাজ্যপাল আনন্দীবেন পেটেল, মুখ্যমন্ত্ৰী শ্ৰী যোগী আদিত্যনাথ, উপ মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্য, ব্ৰজেশ পাঠক, উপস্থিত মন্ত্ৰীসকল, অন্যান্য জনপ্ৰতিনিধিসকল, বানাস দুগ্ধ বিভাগৰ অধ্যক্ষ শংকৰ ভাই চৌধুৰী আৰু ইমান বৃহৎ সংখ্যাত আশীৰ্বাদ দিবলৈ অহা মোৰ সকলো পৰিয়ালৰ সদস্য,

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ প্ৰদেশৰ বাৰাণসীত ৩,৮৮০ কোটি টকা ব্যয়সাপেক্ষ উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰে

April 11th, 10:49 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ বাৰাণসীত ৩,৮৮০ কোটি টকাতকৈও অধিক মূল্যৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰে। সমাৱেশত ভাষণ দি কাশীৰ সৈতে তেওঁৰ গভীৰ সম্পৰ্কৰ ওপৰত আলোকপাত কৰি এই আশীৰ্বাদৰ বাবে তেওঁৰ পৰিয়াল আৰু অঞ্চলটোৰ জনসাধাৰণৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰাৰ লগতে তেওঁক আগবঢ়োৱা মৰম আৰু সমৰ্থন স্বীকাৰ কৰে। এই প্ৰেমৰ প্ৰতি তেওঁ ঋণী বুলি উল্লেখ কৰি কয় যে কাশী তেওঁৰ আৰু তেওঁ কাশীৰ। কাইলৈ হনুমান জন্মোৎসৱৰ শুভ উপলক্ষ বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে কাশীৰ সংকট মোচন মহাৰাজক সাক্ষাৎ কৰাৰ সুযোগ পোৱাতো তেওঁৰ সৌভাগ্য বুলি প্ৰকাশ কৰে। তেওঁ হনুমান জন্মোৎসৱৰ পূৰ্বে কেনেদৰে কাশীৰ জনসাধাৰণে উন্নয়নৰ উৎসৱ উদযাপন কৰিবলৈ একত্ৰিত হৈছে সেই বিষয়েও আলোকপাত কৰে।

১১ এপ্ৰিলত উত্তৰপ্ৰদেশ আৰু মধ্যপ্ৰদেশ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে

April 09th, 09:43 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১১ এপ্ৰিলত উত্তৰপ্ৰদেশ আৰু মধ্যপ্ৰদেশ ভ্ৰমণ কৰিব। তেওঁ বাৰাণসীলৈ যাত্ৰা কৰিব আৰু পুৱা প্ৰায় ১১ বজাত তেওঁ আধাৰশিলা স্থাপন কৰাৰ লগতে ৩,৮৮০ কোটি টকাৰো অধিক মূল্যৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰিব। লগতে ৰাজহুৱা সভাত ভাষণ আগবঢ়াব।

থাইলেণ্ডত অনুষ্ঠিত সংবাদ কাৰ্য্যসূচীত প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ পূৰ্ণপাঠ

February 14th, 08:30 am

থাইলেণ্ডত অনুষ্ঠিত সংবাদৰ (SAMVAD) এই সংস্কৰণত আপোনালোক সকলোৰে সৈতে যোগদান কৰিবলৈ পোৱাটো সন্মানৰ কথা। ভাৰত, জাপান আৰু থাইলেণ্ডৰ একাধিক বিশিষ্ট প্ৰতিষ্ঠান আৰু ব্যক্তিয়ে এই অনুষ্ঠানটো সাফল্যমণ্ডিত কৰি তুলিবলৈ কাম কৰি আছে। তেওঁলোকৰ এই প্ৰচেষ্টাৰ বাবে মই সকলোৰে শলাগ লৈছোঁ আৰু সকলো অংশগ্ৰহণকাৰীলৈ মোৰ শুভেচ্ছা জনাইছোঁ।

থাইলেণ্ডত সম্বাদ (SAMVAD) কাৰ্যসূচীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ মন্তব্য

February 14th, 08:10 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি থাইলেণ্ডত আয়োজিত সম্বাদ (SAMVAD) কাৰ্যসূচীৰ সময়ত ভিডিঅ 'বাৰ্তাৰ জৰিয়তে তেওঁৰ মন্তব্য প্ৰকাশ কৰে। সমাৱেশত ভাষণ দি তেওঁ থাইলেণ্ডত সম্বাদ (SAMVAD) সংস্কৰণত যোগদান কৰি এই অনুষ্ঠানটো সম্ভৱ কৰি তোলাৰ বাবে ভাৰত, জাপান আৰু থাইলেণ্ডৰ বিশিষ্ট প্ৰতিষ্ঠান আৰু ব্যক্তিসকলক প্ৰশংসা কৰে। তেওঁ সকলো অংশগ্ৰহণকাৰীক শুভেচ্ছা জ্ঞাপন কৰে।

আন্তঃৰাষ্ট্ৰীয় অভিধম্মা দিৱসৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

October 17th, 10:05 am

সাংস্কৃতিক মন্ত্ৰী শ্ৰী গজেন্দ্ৰ সিং শ্বেখাৱত জী, সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী শ্ৰী কিৰেণ ৰিজিজু জী, ভদন্ত ৰাহুল বোধি মহাথেৰো জী, পূজনীয় ইয়াংচুক চোডেন জী, মহাসংঘৰ সকলো সন্মানীয় সদস্য, মহামহিম, কূটনৈতিক সমাজৰ সদস্য, বৌদ্ধ পণ্ডিত, ধৰ্ম অনুগামী, ভদ্ৰ পুৰুষ-মহিলাসকল।

আন্তঃৰাষ্ট্ৰীয় অভিধম্মা দিৱস উদযাপন আৰু পালি ভাষাক ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি প্ৰদানৰ অনুষ্ঠানত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণ

October 17th, 10:00 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত আন্তঃৰাষ্ট্ৰীয় অভিধম্মা দিৱস উদযাপন আৰু পালি ভাষাক ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি প্ৰদানৰ অনুষ্ঠানত ভাষণ আগবঢ়ায়। অভিধম্মা দিৱসত অভিধম্মা শিক্ষা দি ভগৱান বুদ্ধৰ আকাশী ক্ষেত্ৰৰ পৰা অৱতৰণ স্মৰণ কৰা হয়। শেহতীয়াকৈ পালিক ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি দিয়াটোৱে এইবাৰৰ অভিধম্মা দিৱস উদযাপনৰ তাৎপৰ্য্য বৃদ্ধি কৰিছে কাৰণ অভিধম্মা সম্পৰ্কীয় ভগৱান বুদ্ধৰ শিক্ষা মূলতঃ পালি ভাষাত উপলব্ধ।

উত্তৰ প্ৰদেশৰ বাৰাণসীত স্বৰবেদ মন্দিৰৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ

December 18th, 12:00 pm

কাশী ভ্ৰমণৰ আজি মোৰ দ্বিতীয় দিন। প্ৰত্যেকবাৰৰ দৰে, কাশীত অতিবাহিত কৰা প্ৰতিটো মুহূৰ্ত আশ্চৰ্যকৰ অভিজ্ঞতাৰে পৰিপূৰ্ণ। আপোনালোকৰ নিশ্চয় মনত আছে, দুবছৰ আগতে আমি অখিল ভাৰতীয় বিহংগম যোগ প্ৰতিষ্ঠানৰ বাৰ্ষিক উৎসৱত একত্ৰিত হৈছিলোঁ। এইবাৰ পুনৰ বিহংগম যোগ সন্ত সমাজৰ শতবাৰ্ষিকী উদযাপনৰ ঐতিহাসিক কাৰ্যসূচীত উপস্থিত থাকিবলৈ মই সুযোগ পাইছো। বিহংগম যোগ সাধনাৰ এই যাত্ৰাই ইয়াৰ ১০০ বছৰৰ পাহৰিব নোৱাৰা যাত্ৰা সম্পূৰ্ণ কৰিছে। মহৰ্ষি সদাফল দেৱজীয়ে যোৱা শতিকাত জ্ঞান আৰু যোগৰ ঐশ্বৰিক শিখা জ্বলাইছিল। এই এশ বছৰৰ যাত্ৰাত এই ঐশ্বৰিক পোহৰে দেশ আৰু বিশ্বৰ লাখ লাখ লোকৰ জীৱন সলনি কৰিছে। এই পৱিত্ৰ দিন উপলক্ষে ইয়াত ২৫ হাজাৰ কুণ্ডিয়া স্বৰবেদ জ্ঞান মহাযজ্ঞৰো আয়োজন কৰা হৈছে। মই সুখী আৰু আত্মবিশ্বাসী যে এই মহাযজ্ঞৰ প্ৰতিটো ত্যাগ, উন্নত ভাৰতৰ সংকল্পৰে শক্তিশালী হ'ব। এই উপলক্ষে মই মহৰ্ষি সদাফল দেৱজীক শ্ৰদ্ধাৰে প্ৰণাম জনাইছো আৰু তেওঁৰ প্ৰতি মোৰ আন্তৰিক অনুভূতি সম্পূৰ্ণ ভক্তিৰে সমৰ্পিত কৰিছো। মই তেওঁৰ গুৰু পৰম্পৰাক নিৰন্তৰভাৱে আগবঢ়োৱা সকলো সাধুক অভিবাদন জনাইছো।

উত্তৰ প্ৰদেশৰ বাৰাণসীত স্বৰ্বেদ মহামন্দিৰৰ উদ্বোধন প্ৰধানমন্ত্ৰীৰ

December 18th, 11:30 am

এই উপলক্ষে সভাত আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে কয় যে আজি তেওঁৰ কাশী ভ্ৰমণৰ দ্বিতীয় দিন আৰু কাশীত কটোৱা প্ৰতিটো মুহূৰ্ত অভূতপূৰ্ব অভিজ্ঞতাৰে ভৰি আছে। দুবছৰ পূৰ্বে অখিল ভাৰতীয় বিহংগম যোগ সংস্থাৰ বাৰ্ষিক উদযাপনৰ কথা সোঁৱৰাই প্ৰধানমন্ত্ৰীয়ে এইবাৰৰ শতবাৰ্ষিকী উদযাপনৰ অংশ হোৱাৰ সুযোগ পোৱাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰি কয় যে বিহংগম যোগ সাধনে এশ বছৰৰ অবিস্মৰণীয় যাত্ৰা সম্পন্ন কৰিছে। তেওঁ বিগত শতিকাত জ্ঞান আৰু যোগৰ প্ৰতি মহৰ্ষি সদাফল দেৱজীৰ অৱদানৰ ওপৰত আলোকপাত কৰি কয় যে ইয়াৰ ঐশ্বৰিক পোহৰে বিশ্বৰ লাখ লাখ মানুহৰ জীৱন সলনি কৰিছে। এই শুভ ক্ষণত প্ৰধানমন্ত্ৰীয়ে ২৫ হাজাৰ কুণ্ডিয়া স্বৰ্বেদ জ্ঞান মহাযজ্ঞৰ আয়োজন লক্ষ্য কৰে। মহাযজ্ঞলৈ আগবঢ়োৱা প্ৰতিটো প্ৰসাদে বিকশিত ভাৰতৰ সংকল্প শক্তিশালী কৰিব বুলি তেওঁ আস্থা প্ৰকাশ কৰে। তেওঁ মহৰ্ষি সদাফল দেৱজীৰ আগত মূৰ দোৱাই লগতে তেওঁৰ দৃষ্টিভংগী আগবঢ়াই দিয়া সকলো সাধুক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

We in India are very proud of our eternal and diverse culture. We also attach great value to our intangible cultural heritage: PM Modi

August 26th, 10:15 am

PM Modi addressed the G20 Culture Ministers’ Meeting held in Varanasi, Uttar Pradesh via video link. He said Kashi is known to be a treasure chest of knowledge, duty and truth and it is indeed the cultural and spiritual capital of India. Highlighting the inherent potential of culture to unite and enable us to understand perse s and perspectives, PM Modi said that the work of the G20 Culture Ministers Group holds immense significance for entire humanity.

PM addresses G20 Culture Ministers’ Meeting

August 26th, 09:47 am

PM Modi addressed the G20 Culture Ministers’ Meeting held in Varanasi, Uttar Pradesh via video link. He said Kashi is known to be a treasure chest of knowledge, duty and truth and it is indeed the cultural and spiritual capital of India. Highlighting the inherent potential of culture to unite and enable us to understand perse s and perspectives, PM Modi said that the work of the G20 Culture Ministers Group holds immense significance for entire humanity.

দিল্লীৰ গ্ল’বেল বৌদ্ধ সন্মিলনত প্ৰধানমন্ত্ৰীৰ উদ্বোধনী ভাষণৰ অসমীয়া অনুবাদ

April 20th, 10:45 am

কেন্দ্ৰীয় কেবিনেট সদস্য শ্ৰী কিৰেন ৰিজিজু জী, জি কিষাণ ৰেড্ডী জী, অৰ্জুন ৰাম মেঘৱাল জী, আন্তৰ্জাতিক বৌদ্ধ কনফেডাৰেচনৰ মহাসচিব মীনাক্ষী লেখী জী, এই কাৰ্যসূচীত উপস্থিত থকা সকলো শ্ৰদ্ধাৰ ভিক্ষু, অন্যান্য গণ্যমান্য ব্যক্তিসকল আৰু দেশ-বিদেশৰ পৰা অহা সুধীবৃন্দ।

নতুন দিল্লীত বিশ্ব বৌদ্ধ সন্মিলনৰ উদ্বোধনী অধিৱেশনত ভাষণ প্ৰধানমন্ত্ৰীৰ

April 20th, 10:30 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ অশোক হোটেলত বিশ্ব বৌদ্ধ সন্মিলনৰ উদ্বোধনী অধিৱেশনত ভাষণ আগবঢ়ায়৷ প্ৰধানমন্ত্ৰী ফটো প্ৰদৰ্শনী প্ৰত্যক্ষ কৰাৰ লগতে বুদ্ধৰ মূৰ্তিত পূষ্পাঞ্জলি অৰ্পণ কৰে৷ তেওঁ লগতে ১৯গৰাকী বিশিষ্ট সন্ন্যাসীক সন্ন্যাসীৰ বস্ত্ৰ(চিভাৰ দানা) প্ৰদান কৰে৷

নেপালত ২৫৬৬ সংখ্যক বুদ্ধ জয়ন্তী আৰু ‘লুম্বিনী দিৱস ২০২২’ উপলক্ষে প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ

May 16th, 09:45 pm

কিছু সময়ৰ আগতে মায়াদেবী মন্দিৰত দৰ্শনৰ যি সুযোগ মই লাভ কৰিলো, সেয়াও মোৰ বাবে অবিস্মৰণীয় অভিজ্ঞতা হৈ ৰ’ব। সেইখন ঠাই, য’ত স্বয়ং বুদ্ধই জন্ম গ্ৰহণ কৰিছিল, সেইখন ঠাইৰ শক্তি, সেইখন ঠাইৰ চেতনা, এয়া নিতান্তই এক অনন্য অভিজ্ঞতা! মই এই কথা দেখিও আনন্দ পাইছো যে এইডোখৰ ঠাইৰ বাবে ২০১৪ চনত মই মহাবোধী বৃক্ষৰ যিটো পুলি উপহাৰ হিচাপে আগবঢ়াইছিলো, সেই পুলিটো এতিয়া বিকশিত হৈ এজোপা গছত পৰিণত হৈছেহি।

নেপালৰ লুম্বিনীত বুদ্ধ জয়ন্তী উদযাপন

May 16th, 03:11 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নেপালৰ লুম্বিনীত আন্তঃৰাষ্ট্ৰীয় সন্মিলন কেন্দ্ৰ আৰু ধ্যান গৃহত ২৫৬৬ সংখ্যক বুদ্ধ জয়ন্তী উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰে। তেওঁৰ সৈতে নেপালৰ প্ৰধানমন্ত্ৰী অৱসৰপ্ৰাপ্ত মাননীয় শ্বেৰ বাহাদুৰ দেউবা আৰু তেওঁৰ পত্নী ড০ আৰজু ৰাণা দেউবা উপস্থিত আছিল।

প্ৰধানমন্ত্ৰীয়ে কেদাৰনাথত বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে আৰু ইয়াক ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰে

November 05th, 10:20 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কেদাৰনাথত বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি ইয়াক দেশবাসীৰ বাবে উৎসৰ্গা কৰে। তেওঁ শ্ৰী আদি শংকৰাচাৰ্য সমাধি উদ্বোধন কৰে আৰু শ্ৰী আদি শংকৰাচাৰ্যৰ প্ৰতিমূৰ্তি উন্মোচন কৰে। তেওঁ সম্পূৰ্ণ আৰু চলি থকা আন্তঃগাঁথনিসম্পৰ্কীয় কামবোৰ পৰ্যালোচনা আৰু পৰিদৰ্শন কৰিছিল। প্ৰধানমন্ত্ৰীয়ে কেদাৰনাথ মন্দিৰত প্ৰাৰ্থনা আগবঢ়ায়। সমগ্ৰ দেশৰ ১২ টা জ্যোতিৰ্লিঙ্গ আৰু ৪ টা ধাম আৰু আন বহুতো বিশ্বাসৰ স্থানত প্ৰাৰ্থনা আৰু অনুষ্ঠান অনুষ্ঠিত হৈছিল। এই সকলোবোৰ কাৰ্যসূচী আৰু কেদাৰনাথ ধাম কাৰ্যসূচী কেদাৰনাথ ধামৰ মূল কাৰ্যসূচীৰ সৈতে জড়িত আছিল।