মধ্যপ্ৰদেশৰ ধৰত উন্নয়নমূলক কামৰ শুভাৰম্ভণি অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ পূৰ্ণপাঠ
September 17th, 11:20 am
মধ্য প্ৰদেশৰ ৰাজ্যপাল মংগুভাই পেটেল, আমাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰীযুত মোহন যাদৱ, কেন্দ্ৰত মোৰ সহকৰ্মী, ভগ্নী সাবিত্ৰী ঠাকুৰ, সকলো কেন্দ্ৰীয় মন্ত্ৰী, ৰাজ্যপাল, মুখ্যমন্ত্ৰী, মঞ্চত উপস্থিত থকা আন সকলো গণ্যমান্য ব্যক্তি তথা ৰ মোৰ মৰমৰ ভাই-ভনীসকল!মধ্যপ্ৰদেশৰ ধৰত উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে
September 17th, 11:19 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মধ্যপ্ৰদেশৰ ধৰত আধাৰশিলা স্থাপন কৰাৰ লগতে উন্নয়নমূলক কামৰ শুভাৰম্ভ কৰে। এই উপলক্ষে আয়োজিত সভাত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে জ্ঞান দেৱী—ধৰ ভোজশালাৰ পূজনীয় মাতৃ বাগদেৱীৰ চৰণত প্ৰণাম জনায় । আজি ঐশ্বৰিক স্থপতি আৰু দক্ষতা তথা সৃষ্টিৰ দেৱতা ভগৱান বিশ্বকৰ্মাৰ জন্ম বাৰ্ষিকী উপলক্ষে শ্ৰী মোদীয়ে বিশ্বকৰ্মা ভগৱানক প্ৰণাম জনায়। লগতে নিজৰ কাৰুকাৰ্য্য তথা নিষ্ঠাৰ জৰিয়তে দেশ নিৰ্মাণৰ কামত নিয়োজিত কোটি কোটি ভাই-ভনীলৈ শ্ৰদ্ধা জ্ঞাপন কৰে।মন কী বাতত ভোকেল ফৰ লোকেল’ৰ প্ৰসংগৰে স্বদেশী গৌৰৱেৰে উৎসৱ উদযাপন কৰিবলৈ আহ্বান জনালে প্ৰধানমন্ত্ৰী মোদীয়ে
August 31st, 11:30 am
এই মাহৰ মন কী বাত ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে বানপানী আৰু ভূমিস্খলনৰ ফলত ক্ষতিগ্ৰস্তসকলক সহায় আগবঢ়োৱা নিৰাপত্তা বাহিনী আৰু নাগৰিকসকলৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰে। জম্মু-কাশ্মীৰৰ ক্ৰীড়া অনুষ্ঠান, সৌৰশক্তি, ‘অপাৰেচন প’ল’, ভাৰতীয় সংস্কৃতিৰ বৈশ্বিক প্ৰসাৰ আদি গুৰুত্বপূৰ্ণ বিষয়সমূহো তেওঁ স্পৰ্শ কৰে। প্ৰধানমন্ত্ৰীয়ে লগতে নাগৰিকসকলক উৎসৱৰ বতৰত মেড-ইন-ইণ্ডিয়া সামগ্ৰী ক্ৰয় আৰু স্বচ্ছতা বজাই ৰখাৰ গুৰুত্বৰ কথা সোঁৱৰাই দিয়ে।