২৮ নৱেম্বৰত কৰ্ণাটক আৰু গোৱা ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে
November 27th, 12:04 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৮ নৱেম্বৰত কৰ্ণাটক আৰু গোৱা ভ্ৰমণ কৰিব। দিনৰ প্ৰায় ১১.৩০ বজাত প্ৰধানমন্ত্ৰীয়ে কৰ্ণাটকৰ উডুপিৰ শ্ৰী কৃষ্ণ মঠ দৰ্শন কৰিব। পিছত তেওঁ গোৱালৈ যাত্ৰা কৰিব, য'ত তেওঁ দিনৰ প্ৰায় ৩.১৫ বজাত মঠৰ ৫৫০ সংখ্যক বৰ্ষপূৰ্তি উদযাপন শৰ্দা পঞ্চশতমনোৎসৱ উপলক্ষে শ্ৰী সংস্থান গোকৰ্ণ পৰ্তাগলী জীৱোত্তম মঠ দৰ্শন কৰিব।