৫৮সংখ্যক আন্তঃৰাষ্ট্ৰীয় ৰসায়ন বিজ্ঞান অলিম্পিয়াডত স্বৰ্ণ পদক লাভ কৰা ভাৰতীয় ছাত্ৰ-ছাত্ৰীসকলক প্ৰধানমন্ত্ৰীৰ অভিনন্দন
July 19th, 07:09 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৫৮সংখ্যক আন্তঃৰাষ্ট্ৰীয় ৰসায়ন বিজ্ঞান অলিম্পিয়াডত চাৰিটা স্বৰ্ণ পদক লাভ কৰাৰ বাবে ভাৰতীয় দেৱদত্ত প্ৰিয়দৰ্শী, হৰ্ষিত সিংঘল, কবীৰ চিল্লাৰ আৰু সন্দীপ কুচিৰ দলটোক অভিনন্দন জ্ঞাপন কৰে। এই সন্মানীয় বিশ্বজোৰা প্ৰতিযোগিতাত ভাৰতৰ এইটোৱেই হৈছে সৰ্বোত্তম প্ৰদৰ্শন। শ্ৰী মোদীয়ে কয় যে দলটোৰ সামৰ্থ্য, নিষ্ঠা আৰু বিজ্ঞানৰ প্ৰতি আকৰ্ষণে সমগ্ৰ দেশক গৌৰৱান্বিত কৰি তুলিছে আৰু লগতে ই অগণন যুৱ প্ৰজন্মক ৰসায়ন বিজ্ঞানত অধ্যয়ন তথা পাৰদৰ্শিতা দেখুৱাবলৈ অনুপ্ৰাণিত কৰিব।