জৰুৰীকালীন সময়ত গণতন্ত্ৰ ৰক্ষাকাৰীসকললৈ প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি

June 25th, 10:53 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জৰুৰীকালীন সময়ত গণতান্ত্ৰিক মূল্যবোধসমূহক দৃঢ়তাৰে ৰক্ষা কৰা সকলোকে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি ইয়াক ভাৰতৰ ইতিহাসৰ অন্যতম ক’লা অধ্যায় বুলি অভিহিত কৰে। তেওঁ কয় যে এই সময়ছোৱাত অগণন নাগৰিকৰ অসাধাৰণ সাহস আৰু সহনশীলতা প্ৰদৰ্শিত হৈছিল, যিসকলে নীৰৱ হৈ থাকিবলৈ অস্বীকাৰ কৰাৰ লগতে সংবিধানৰ আদৰ্শসমূহৰ সমৰ্থন কৰিছিল।

ভাৰতৰ সংবিধানক কেতিয়া পদদলিত কৰা হৈছিল ‘সংবিধান হত্যা দিৱস’-য়ে সেই কথাৰ স্মাৰক হিচাপে কাম কৰিব: প্ৰধানমন্ত্ৰী

July 12th, 05:06 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ২৫ জুনত ‘সংবিধান হত্যা দিৱস’ ঘোষণা কৰা কথাই ভাৰতৰ সংবিধানক কেতিয়া পদদলিত কৰা হৈছিল সেই কথাৰ স্মাৰক হিচাপে কাম কৰিব।