উত্তৰ প্ৰদেশৰ হৰদোইত গংগা এক্সপ্ৰেছৱে’ৰ উদ্বোধনৰ সময়ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ মূল পাঠ

April 29th, 11:35 am

সৰ্বপ্ৰথমে, মই ভগৱান নৰসিংহৰ এই পুণ্যভূমিক প্ৰণাম জনাইছো। ইয়াৰ পৰা কেইকিলোমিটাৰমান দূৰত মা গংগা সুন্দৰভাৱে বৈ গৈছে। সেয়েহে, এই সমগ্ৰ অঞ্চলটো কোনো তীৰ্থতকৈ কম নহয়। আৰু মই বিশ্বাস কৰোঁ যে উত্তৰ প্ৰদেশলৈ এক্সপ্ৰেছৱে’ৰ এই উপহাৰো মা গংগাৰ আশীৰ্বাদ। এতিয়া আপুনি কেইঘণ্টামানৰ ভিতৰতে সংগমলৈ যাব পাৰে আৰু কাশীত বাবাক সাক্ষাৎ কৰি উভতিও আহিব পাৰে।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ উত্তৰ প্ৰদেশৰ হাৰদোইত ৫৯৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ প্ৰৱেশ-নিয়ন্ত্ৰিত গ্ৰীণফিল্ড গংগা এক্সপ্ৰেছৱে উদ্বোধন

April 29th, 11:30 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ হাৰদোইত ৫৯৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ প্ৰৱেশ-নিয়ন্ত্ৰিত গ্ৰীণফিল্ড গংগা এক্সপ্ৰেছৱে উদ্বোধন কৰে। ভগৱান নৰসিংহৰ পৱিত্ৰ ভূমি হিচাপে আৰু মাত্ৰ কেইকিলোমিটাৰমান দূৰেৰে বৈ যোৱা মা গংগাৰ ঐশ্বৰিক উপস্থিতিক সন্মান জনাই ভাষণ আৰম্ভ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে গুৰুত্ব আৰোপ কৰি কয় যে সমগ্ৰ অঞ্চলটো নদীখনৰ আধ্যাত্মিকতা আৰু উৰ্বৰতাৰ দ্বাৰা আশীৰ্বাদপ্ৰাপ্ত এক তীৰ্থস্থান হিচাপে পৰিগণিত হৈছে। উত্তৰ প্ৰদেশত এই এক্সপ্ৰেছৱে’ৰ অৱস্থিতি স্বয়ং মা গংগাৰ পৰাও এক আশীৰ্বাদ, এই এক্সপ্ৰেছৱে’ই কেনেদৰে ঘণ্টাৰ ভিতৰত পৱিত্ৰ গন্তব্যস্থানলৈ যাত্ৰা কৰাটো সম্ভৱ কৰি তুলিব সেই বিষয়ে আলোকপাত কৰি শ্ৰী মোদীয়ে দৃঢ়তাৰে কয়।

উত্তৰপ্ৰদেশৰ চম্বলত সংঘটিত দুৰ্ঘটনাত মৃত লোকসকলৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ শোক

July 05th, 10:17 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰপ্ৰদেশৰ চম্বলত সংঘটিত দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি শোক প্ৰকাশ কৰে। তেওঁ প্ৰতিজন মৃতকৰ নিকাত্মীয়ক পিএমএনআৰএফৰ অধীনত ২ লাখ টকা আৰু আহতসকলক ৫০ হাজাৰ টকাকৈ প্ৰদান কৰা হ’ব বুলি ঘোষণা কৰে।

উত্তৰ প্ৰদেশৰ সম্ভলত শ্ৰী কল্কি ধামৰ আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

February 19th, 11:00 am

মই সকলো সাধুক তেওঁলোকৰ স্থান গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। উত্তৰ প্ৰদেশৰ উদ্যমী মুখ্যমন্ত্ৰী শ্ৰী যোগী আদিত্যনাথজী, পূজনীয় শ্ৰী অৱধেশানন্দ গিৰিজী, কল্কি ধামৰ মুৰব্বী আচাৰ্য প্ৰমোদ কৃষ্ণমজী, পূজনীয় স্বামী কৈলাশানন্দ ব্ৰহ্মচাৰীজী, পূজনীয় সদগুৰু শ্ৰী ৰিতেশ্বৰজী, ভাৰতৰ বিভিন্ন কোণৰ পৰা অহা বৃহৎ সংখ্যক সাধু আৰু মোৰ মৰমৰ ভক্ত ভাই-ভনীসকল!

প্ৰধানমন্ত্ৰীয়ে উত্তৰ প্ৰদেশৰ সম্ভলত শ্ৰী কল্কি ধাম মন্দিৰৰ আধাৰশিলা স্থাপন কৰে

February 19th, 10:49 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ সম্ভল জিলাত শ্ৰী কল্কি ধাম মন্দিৰৰ আধাৰশিলা স্থাপন কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে শ্ৰী কল্কি ধাম মন্দিৰৰ আৰ্হিও মুকলি কৰে। শ্ৰী কল্কি ধাম নিৰ্মাণ ট্ৰাষ্টেএই শ্ৰী কল্কি ধাম নিৰ্মাণ কৰিব,ইয়াৰ অধ্যক্ষ হৈছে আচাৰ্য্য প্ৰমোদ কৃষ্ণম। এই কাৰ্য্যসূচীত বহু সাধু, ধৰ্মগুৰু আৰু আন-আন বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰে।

১৯ ফেব্ৰুৱাৰীত ‘শ্ৰী কল্কি ধাম’ৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে

February 01st, 09:10 pm

‘শ্ৰী কল্কি ধাম’ৰ আধাৰশিলা স্থাপনৰ কৰিবলৈ আমন্ত্ৰণ জনোৱাৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্ৰী আচাৰ্য প্ৰমোদ কৃষ্ণমক ধন্যবাদ জ্ঞাপন কৰে।