অষ্ট্ৰেলিয়াৰ গৱৰ্ণৰ জেনেৰেলক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ
July 09th, 01:55 pm
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মেলবৰ্ণত অষ্ট্ৰেলিয়াৰ গৱৰ্ণৰ জেনেৰেল চেম মোস্টিনক সাক্ষাৎ কৰে।প্ৰধানমন্ত্ৰীৰ ইণ্ডোনেছিয়া, অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ড ভ্ৰমণ
July 03rd, 08:42 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ইণ্ডোনেছিয়া গণৰাজ্যৰ ৰাষ্ট্ৰপতি মহামহিম প্ৰববো ছুবিয়ানোৰ আমন্ত্ৰণত ২০২৬ চনৰ ৬-৮ জুলাইত ইণ্ডোনেছিয়া ভ্ৰমণ কৰিব। এয়া ২০১৮ চনৰ মে’ মাহত ভাৰত-ইণ্ডোনেছিয়াৰ সম্পৰ্কক সৰ্বাংগীণ কৌশলগত অংশীদাৰিত্বলৈ উন্নীত কৰাৰ পিছত প্ৰধানমন্ত্ৰীৰ ইণ্ডোনেছিয়া ভ্ৰমণৰ চতুৰ্থটো আৰু প্ৰথম দ্বিপাক্ষিক ভ্ৰমণ হ’ব। এই ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতি প্ৰববোৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ’ব আৰু অংশীদাৰিত্বৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰিব। জাকাৰ্টাত প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰতীয় প্ৰব্ৰজনকাৰীসকলৰ এক বৃহৎ সমাৱেশত ভাষণ দিব। ভাৰত আৰু ইণ্ডোনেছিয়াৰ মাজত ঐতিহাসিক আৰু আন্তৰিক সম্পৰ্ক আছে। এই বিশেষ সম্পর্কসমূহৰ লগত খাপ খুৱাই প্রধানমন্ত্রীয়ে ইণ্ডোনেছিয়াৰ ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্রৰ অন্যতম স্থান যোগাকার্টাৰ প্রম্বানান মন্দিৰ কমপ্লেক্সতো পৰিদর্শন কৰিব৷