প্ৰবীণ অভিনেতা শ্ৰী চেলিম কুমাৰৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক

June 07th, 01:52 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰবীণ অভিনেতা শ্ৰী চেলিম কুমাৰৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে এক সুদীৰ্ঘ আৰু বিশিষ্ট কৰ্মজীৱনত চেলিম কুমাৰে বিভিন্ন ধৰণৰ চৰিত্ৰত কৰা বহুমুখী তথা স্মৰণীয় অভিনয়েৰে এক সুকীয়া পৰিচয় ৰাখি থৈ গৈছে।