তামিলনাডুৰ কইম্বাটুৰত আয়োজিত দক্ষিণ ভাৰত প্ৰাকৃতিক কৃষি সন্মিলন, ২০২৫-ৰ কাৰ্য্যসূচীত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ পূৰ্ণপাঠ

November 19th, 07:01 pm

মঞ্চত উপৱিষ্ট তামিলনাডুৰ ৰাজ্যপাল আৰ এন ৰবি জী, কেন্দ্ৰীয় কেবিনেটত মোৰ সতীৰ্থ এল মুৰুগান জী, তামিলনাডু কৃষি বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য্য ডঃ কে. ৰামাস্বামী জী, ভিন্ন কৃষি সংগঠনৰ সকলো গণ্যমান্য ব্যক্তি আৰু উপস্থিত থকা আন-আন জনপ্ৰতিনিধি, মোৰ মৰমৰ কৃষক ভাই-ভনীসকল তথা ডিজিটেল প্ৰযুক্তিৰ জৰিয়তে আমাৰ সৈতে সংযুক্ত হোৱা সমগ্ৰ দেশৰ লক্ষ-লক্ষ কৃষকক মই ইয়াৰ পৰা বনাক্কম কৈছোঁ, তেওঁলোকক মই নমস্কাৰ জনাইছোঁ। প্ৰথমে আপোনালোকৰ ওচৰত আৰু দেশজুৰি সমবেত হোৱা মোৰ খেতিয়ক ভাই-ভনীসকলৰ ওচৰত ক্ষমা বিচাৰিছোঁ। আজি পুট্টপৰ্থীত আয়োজিত সত্য সাই বাবাৰ অনুষ্ঠানত উপস্থিত থকাৰ বাবে ইয়ালৈ আহি পোৱাত প্ৰায় এঘন্টা পলম হ’ল। সেই অনুষ্ঠানটো অলপ দীঘলীয়া হ’ল, সেয়ে পলম হ’ল। মই আপোনালোকৰ বাবে সৃষ্টি কৰা অসুবিধাৰ বাবে আপোনালোক সকলোৰে ওচৰত ক্ষমা বিচাৰিছোঁ। দেশজুৰি বহুত লোক গোট খোৱা দেখিছোঁ।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তামিলনাডুৰ কইম্বাটুৰত দক্ষিণ ভাৰত প্ৰাকৃতিক কৃষি সন্মিলন, ২০২৫-ৰ কাৰ্য্যসূচী সম্বোধন কৰে

November 19th, 02:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তামিলনাডুৰ কইম্বাটুৰত দক্ষিণ ভাৰত প্ৰাকৃতিক কৃষি সন্মিলন, ২০২৫ উদ্বোধন কৰে। এই উপলক্ষে সমবেতসকলক সম্বোধনেৰে শ্ৰী মোদীয়ে কইম্বাটুৰৰ পবিত্ৰ ভূমিত মৰুধামলাইৰ ভগৱান মুৰুগানক প্ৰণাম জনাই ভাষণৰ আৰম্ভণি কৰে। তেওঁ কইম্বাটুৰক সংস্কৃতি, মমতা আৰু সৃষ্টিশীলতাৰ দেশ বুলি অভিহিত কৰে তথা ইয়াক দক্ষিণ ভাৰতৰ উদ্যমিতা শক্তিৰ কেন্দ্ৰ হিচাপে স্বীকৃতি জনায়। তেওঁ কয় যে ইয়াৰ বস্ত্ৰ খণ্ডই ৰাষ্ট্ৰীয় অৰ্থনীতিত এক প্ৰধান অৰিহণা যোগায়। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে কইম্বাটুৰে এতিয়া অধিক সুখ্যাতি লাভ কৰিছে, কিয়নো ইয়াৰ প্ৰাক্তন সাংসদ শ্ৰী চি.পি. ৰাধাকৃষ্ণনে এতিয়া উপ-ৰাষ্ট্ৰপতি হিচাপে দায়িত্ব পালনেৰে ৰাষ্ট্ৰক পথ প্ৰদৰ্শন কৰিছে।

অন্ধ্ৰপ্ৰদেশৰ পুট্টাপৰ্থীত প্ৰধানমন্ত্ৰীক উষ্ম আদৰণি

November 19th, 01:46 pm

প্ৰধানমন্ত্ৰীয়ে প্ৰশান্তি নিলয়মৰ সাই কুলৱন্ত হলত শ্ৰী সত্য সাই বাবাক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আৰু তাৰ পাছত দৰ্শনৰ বাবে ওমকাৰ হললৈ যায়। তেওঁ কয় যে এই পবিত্ৰ স্থানসমূহত উপস্থিত হ’লে শ্ৰী সত্য সাই বাবাৰ অসীম সহানুভূতি আৰু মানৱতাৰ উত্থানৰ বাবে জীৱনজোৰা প্ৰতিশ্ৰুতিৰ কথা মনত পেলাই দিয়ে। তেওঁ লগতে কয় যে শ্ৰী সত্য সাই বাবাৰ নিঃস্বাৰ্থ সেৱাৰ বাৰ্তাই লাখ লাখ লোকক পথ প্ৰদৰ্শন আৰু অনুপ্ৰাণিত কৰি আহিছে।

অন্ধ্ৰপ্ৰদেশৰ পুট্টপৰ্থীত শ্ৰী সত্য সাই বাবাৰ জন্ম শতবাৰ্ষিকী উদযাপন কাৰ্য্যসূচীত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ পূৰ্ণপাঠ

November 19th, 11:00 am

মুখ্যমন্ত্ৰী শ্ৰী চন্দ্ৰবাবু নাইডু, কেন্দ্ৰত মোৰ সতীৰ্থ ৰামমোহন নাইডু, জি. কিষাণ ৰেড্ডী, ভূপতি ৰাজু শ্ৰীনিবাস বাৰ্মা, শচীন তেণ্ডুলকাৰ, উপ-মুখ্যমন্ত্ৰী পৱন কল্যাণ, ৰাজ্য চৰকাৰৰ মন্ত্ৰী নৰা লোকেশ, শ্ৰী সত্য সাই কেন্দ্ৰীয় ন্যাসৰ পৰিচালন ন্যাসৰক্ষী আৰ. জে. ৰত্নাকৰ, উপাচাৰ্য্য কে. চক্ৰৱৰ্তী, ঐশ্বৰ্য্য, বাকী সকলো বিশিষ্ট ব্যক্তি, ভদ্ৰলোক আৰু মহিলাসকল, সাই ৰাম!

অন্ধ্ৰপ্ৰদেশৰ পুট্টাপৰ্থীত শ্ৰী সত্য সাই বাবাৰ জন্ম শতবাৰ্ষিকী উদযাপন অনুষ্ঠানক সম্বোধন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

November 19th, 10:30 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অন্ধ্ৰ প্ৰদেশৰ পুট্টাপৰ্থীত ভগৱান শ্ৰী সত্য সাই বাবাৰ জন্ম শতবাৰ্ষিকী উদযাপন অনুষ্ঠানত ভাষণ প্ৰদান কৰে। প্ৰধানমন্ত্ৰীয়ে ‘সাই ৰাম’ৰে তেওঁৰ ভাষণ আৰম্ভ কৰে আৰু কয় যে পুট্টাপৰ্থীৰ পবিত্ৰ ভূমিত সকলোৰে মাজত উপস্থিত থকাটো এক আৱেগিক আৰু আধ্যাত্মিক অভিজ্ঞতা। তেওঁ কয় যে অলপ সময়ৰ পূৰ্বে তেওঁ বাবাৰ সমাধিত পুষ্পস্তবক অর্পণ কৰাৰ সুযোগ পাইছে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে বাবাৰ চৰণত প্ৰণিপাত কৰা আৰু তেওঁৰ আশীৰ্বাদ লাভ কৰাটোৱে সদায় গভীৰ আৱেগেৰে হৃদয় ভৰাই ৰাখে।

নৱ ৰায়পুৰৰ সত্য সাই সঞ্জীৱনী চাইল্ড হাৰ্ট হাস্পতালত হৃদৰোগৰ সফলতাৰে অস্ত্ৰোপচাৰ কৰা শিশুৰ সৈতে কৰা পাৰস্পৰিক মত-বিনিময়ৰ অসমীয়া অনুবাদ

November 01st, 05:30 pm

মই এজন হকী চেম্পিয়ন। মই ৫টা হকী পদক লাভ কৰিছো। মোৰ স্কুলত চেক আপৰ সময়ত তেওঁলোকে গম পালে যে মোৰ হৃদয়ত এটা ফুটা আছে। চিকিৎসাৰ বাবে ইয়ালৈ আহিলোঁ, অস্ত্ৰোপচাৰ কৰিলোঁ, এতিয়া আকৌ হকী খেলিব পাৰিম।

জন্মগত হৃদযন্ত্ৰৰ সমস্যা অতিক্ৰম কৰা শিশুৰ সৈতে প্ৰধানমন্ত্ৰীৰ মত বিনিময়

November 01st, 05:15 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ছত্তীশগড়ৰ নৱ ৰায়পুৰৰ শ্ৰী সত্য সাই সঞ্জীৱনী চিকিৎসালয়ত দিল কি বাত অনুষ্ঠানৰ অধীনত ‘জীৱনৰ উপহাৰ’ শীৰ্ষক কাৰ্যসূচীত অংশগ্ৰহণ কৰি জন্মগত হৃদৰোগৰ সমস্যাত ভুগি থকা আৰু সফলতাৰে চিকিৎসা কৰা ২৫০০ শিশুৰ সৈতে মত বিনিময় কৰে।