১৬ ফেব্ৰুৱাৰীত ইণ্ডিয়া এ আই ইমপেক্ট এক্সপ’ ২০২৬ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে

February 15th, 02:21 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬ বৰ্ষৰ ১৬ ফেব্ৰুৱাৰীৰ সন্ধিয়া ৫ বজাত নতুন দিল্লীৰ ভাৰত মণ্ডপমত ভাৰত এ আই ইমপেক্ট এক্সপ’ ২০২৬ উদ্বোধন কৰিব।

ভগৱান বুদ্ধৰ সৈতে জড়িত পৱিত্ৰ পিপ্ৰহৱা ধ্বংসাৱশেষৰ বিশাল আন্তঃৰাষ্ট্ৰীয় প্ৰদৰ্শনীৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ

January 03rd, 12:00 pm

কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা মোৰ সহযোগী গজেন্দ্ৰ সিং শ্বেখাৱটজী, কিৰেণ ৰিজিজুজী, ৰামদাস আথাৱালেজী, ৰাও ইন্দৰজিৎজী, দিল্লীৰ মুখ্যমন্ত্ৰীৰ পূৰ্বৰ এটা অনুষ্ঠান আছিল আৰু তেওঁ যাবলগীয়া হৈছে, দিল্লীৰ অন্যান্য সকলো সতীৰ্থ মন্ত্ৰী, দিল্লীৰ লেফটেনেণ্ট গৱৰ্ণৰ শ্ৰী ছাক্সেনাজী, মহামহিমসকল, কূটনৈতিক সম্প্ৰদায়ৰ সন্মানীয় সদস্যসকল, বৌদ্ধ পণ্ডিতগণ, ধৰ্ম অনুগামী ভদ্ৰ পুৰুষ আৰু মহিলাসকল।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত ভগৱান বুদ্ধৰ সৈতে জড়িত পৱিত্ৰ পিপ্ৰহৱা ধ্বংসাৱশেষৰ বিশাল আন্তঃৰাষ্ট্ৰীয় প্ৰদৰ্শনী উদ্বোধন কৰে

January 03rd, 11:30 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ৰায় পিথোৰা সাংস্কৃতিক কমপ্লেক্সত “দ্য লাইট এণ্ড দ্য লোটাছ ঃ ৰেলিছ অব্ দ্য এৱেকেনড ৱান” শীৰ্ষক ভগৱান বুদ্ধৰ সৈতে জড়িত পৱিত্ৰ পিপ্ৰহৱা ধ্বংসাৱশেষৰ বিশাল আন্তঃৰাষ্ট্ৰীয় প্ৰদৰ্শনী উদ্বোধন কৰে। এই উপলক্ষে সভাত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে এশ পঁচিশ বছৰ অপেক্ষাৰ অন্তত ভাৰতৰ ঐতিহ্য ঘূৰি আহিছে, ভাৰতৰ উত্তৰাধিকাৰ পুনৰ উভতি আহিছে। তেওঁ আলোকপাত কৰে যে আজিৰ পৰা ভাৰতৰ জনসাধাৰণে ভগৱান বুদ্ধৰ এই পৱিত্ৰ ধ্বংসাৱশেষসমূহ প্ৰত্যক্ষ কৰি তেওঁৰ আশীৰ্বাদ লাভ কৰিব পাৰিব। এই শুভ অনুষ্ঠানত উপস্থিত থকা সকলো অতিথিক শ্ৰী মোদীয়ে আদৰণি জনাই শুভেচ্ছা জ্ঞাপন কৰে। তেওঁ বৌদ্ধ পৰম্পৰাৰ লগত জড়িত সন্ন্যাসী আৰু ধৰ্মাচাৰ্যও উপস্থিত থকা বুলি উল্লেখ কৰি তেওঁলোকৰ প্ৰতি তেওঁৰ শ্ৰদ্ধা ব্যক্ত কৰে। তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে তেওঁলোকৰ উপস্থিতিয়ে এই অনুষ্ঠানটোক নতুন শক্তি প্ৰদান কৰিছে। প্ৰধানমন্ত্ৰীয়ে এই কথাতো আলোকপাত কৰে যে ২০২৬ চনৰ একেবাৰে আৰম্ভণিতে এই শুভ উদযাপন অতি প্ৰেৰণাদায়ক। ভগৱান বুদ্ধৰ আশীৰ্বাদত ২০২৬ বৰ্ষই বিশ্বৰ বাবে শান্তি, সমৃদ্ধি, সম্প্ৰীতিৰ এক নতুন যুগৰ সূচনা কৰক তাকেই কামনা কৰে।

ফলাফলৰ তালিকাঃ ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণ

December 05th, 05:53 pm

ভাৰত চৰকাৰ আৰু ৰাছিয়ান চৰকাৰৰ মাজত এখন ৰাজ্যৰ ভূখণ্ডত থকা আনএখন দেশৰ নাগৰিকৰ অস্থায়ী শ্ৰম কাৰ্যকলাপৰ ওপৰত চুক্তি

২৩সংখ্যক ভাৰত-ৰাছিয়া বাৰ্ষিক সন্মিলনৰ পাছত যুটীয়া বিবৃতি

December 05th, 05:43 pm

ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণত ৰাছিয়ান ফেডাৰেচনৰ ৰাষ্ট্ৰপতি শ্ৰীযুত ভ্লাদিমিৰ পুটিনে ২০২৫ চনৰ ডিচেম্বৰ মাহত ২৩সংখ্যক ভাৰত-ৰাছিয়া বাৰ্ষিক সন্মিলনৰ বাবে ভাৰত ভ্ৰমণ কৰে।

নতুন দিল্লীৰ ভাৰত মণ্ডপমত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে ভাৰত-ৰাছিয়া ব্যৱসায়িক মঞ্চত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

December 05th, 03:45 pm

মই বিশ্বাস কৰোঁ যে আজি ইমান বৃহৎ প্ৰতিনিধি দলৰ সৈতে ভাৰত-ৰাছিয়া ব্যৱসায়িক মঞ্চৰ অনুষ্ঠানত অংশগ্ৰহণ কৰাটো ৰাষ্ট্ৰপতি পুটিনৰ এক অতি গুৰুত্বপূৰ্ণ পদক্ষেপ আছিল। আৰু মই আপোনালোক সকলোকে অন্তৰৰ পৰা আদৰণি জনাইছো আৰু আপোনালোক সকলোৰে মাজত উপস্থিত থকাটো মোৰ বাবে অতি আনন্দৰ কথা। এই মঞ্চত যোগদান কৰি তেওঁৰ বহুমূলীয়া অন্তৰ্দৃষ্টি শ্বেয়াৰ কৰাৰ বাবে মোৰ বন্ধু ৰাষ্ট্ৰপতি পুটিনক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো। ব্যৱসায়ৰ বাবে সৰলীকৃত ভৱিষ্যদ্বাণীযোগ্য প্ৰক্ৰিয়া সৃষ্টি কৰা হৈছে। ভাৰত আৰু ইউৰেছিয়ান অৰ্থনৈতিক সংঘৰ মাজত মুক্ত বাণিজ্য চুক্তিৰ আলোচনা আৰম্ভ হৈছে।

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক সৈতে ভাৰত – ৰাছিয়া ব্যৱসায়িক মঞ্চত সম্বোধন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

December 05th, 03:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কালি নতুন দিল্লীৰ ভাৰত মণ্ডপমত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে ভাৰত-ৰাছিয়া ব্যৱসায়িক মঞ্চত ভাষণ আগবঢ়ায়। এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতি পুটিন, ভাৰত আৰু বিদেশৰ নেতা আৰু সকলো বিশিষ্ট অতিথিক শুভেচ্ছা জ্ঞাপন কৰে। তেওঁ কয় যে ভাৰত-ৰাছিয়া ব্যৱসায়িক মঞ্চ ৰাষ্ট্ৰপতি পুটিনৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপৰ প্ৰতিফলন। ৰাছিয়াৰ ৰাষ্ট্ৰপতিয়ে এই অনুষ্ঠানত অংশগ্ৰহণৰ বাবে লৈ আহিছে বৃহৎ প্ৰতিনিধি দল। তেওঁ সকলো অংশগ্ৰহণকাৰীক উষ্ম আদৰণি জনাই তেওঁলোকৰ মাজত থাকিবলৈ পাই তেওঁ সুখী বুলি কয়। শ্ৰী মোদীয়ে তেওঁৰ বন্ধু ৰাষ্ট্ৰপতি পুটিনক মঞ্চত যোগদান কৰি তেওঁৰ বহুমূলীয়া চিন্তাধাৰা শ্বেয়াৰ কৰাৰ বাবে গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ দৃঢ়তাৰে কয় যে ব্যৱসায় কৰাৰ বাবে সৰলীকৃত আৰু পূৰ্বানুমানযোগ্য প্ৰক্ৰিয়া সৃষ্টি কৰা হৈছে আৰু ভাৰত আৰু ইউৰেছিয়ান অৰ্থনৈতিক সংঘৰ মাজত মুক্ত বাণিজ্য চুক্তিৰ আলোচনা আৰম্ভ হৈছে।

ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ সৈতে যুটীয়া সংবাদ মেলত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতিৰ অসমীয়া অনুবাদ

December 05th, 02:00 pm

আজি ২৩সংখ্যক ভাৰত-ৰাছিয়া সন্মিলনৰ বাবে ৰাষ্ট্ৰপতি পুটিনক আদৰণি জনাই মই আনন্দিত হৈছো। তেওঁৰ এই ভ্ৰমণ এনে এটা সময়ত হৈছে যেতিয়া আমাৰ দ্বিপাক্ষিক সম্পৰ্কই কেইবাটাও ঐতিহাসিক মাইলৰ খুঁটি অতিক্ৰম কৰিছে। ঠিক ২৫ বছৰৰ আগতে ৰাষ্ট্ৰপতি পুটিনে আমাৰ কৌশলগত অংশীদাৰিত্বৰ ভেটি স্থাপন কৰিছিল। পোন্ধৰ বছৰৰ আগতে ২০১০ চনত আমাৰ অংশীদাৰিত্বক বিশেষ আৰু সুবিধাজনক কৌশলগত অংশীদাৰিত্বৰ মৰ্যাদালৈ উন্নীত কৰা হৈছিল।

PM Modi’s remarks during the joint press meet with Russian President Vladimir Putin

December 05th, 01:50 pm

PM Modi addressed the joint press meet with President Putin, highlighting the strong and time-tested India-Russia partnership. He said the relationship has remained steady like the Pole Star through global challenges. PM Modi announced new steps to boost economic cooperation, connectivity, energy security, cultural ties and people-to-people linkages. He reaffirmed India’s commitment to peace in Ukraine and emphasised the need for global unity in the fight against terrorism.

ৰাছিয়াৰ ৰাষ্ট্ৰপতিক আদৰণি প্ৰধানমন্ত্ৰীৰ

December 05th, 10:30 am

আজি সন্ধিয়া আৰু কাইলৈৰ আমাৰ মত বিনিময় কাৰ্যসূচীৰ বাবে অপেক্ষা কৰি আছো। ভাৰত-ৰাছিয়াৰ দীৰ্ঘদিনীয়া মিত্ৰতাই আমাৰ জনসাধাৰণক যথেষ্ট উপকৃত কৰিছে।, শ্ৰী মোদীয়ে কয়।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কথা পাতিলে ৰাষ্ট্ৰপতি পুটিনৰ সৈতে, পুটিনক জনালে ৭৩ সংখ্যক জন্মদিনৰ শুভেচ্ছা

October 07th, 06:43 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাছিয়ান ফেডাৰেচনৰ ৰাষ্ট্ৰপতি মহামহিম ভ্লাদিমিৰ পুটিন ডাঙৰীয়াৰ সৈতে টেলিফোনত কথা পাতে। ।

৮ অক্টোবৰত ইণ্ডিয়া মোবাইল কংগ্ৰেছৰ নৱম সংস্কৰণ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে

October 07th, 10:27 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৫ চনৰ ৮ অক্টোবৰৰ পুৱা প্ৰায় ৯:৪৫ বজাত নতুন দিল্লীৰ যশোভূমিত এছিয়াৰ সৰ্ববৃহৎ টেলিকম, মিডিয়া আৰু প্ৰযুক্তিবিদ্যা অনুষ্ঠান ইণ্ডিয়া মোবাইল কংগ্ৰেছ (আই এম চি) ২০২৫ৰ নৱম সংস্কৰণ উদ্বোধন কৰিব।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিলে ৰাছিয়াৰ উপ প্ৰধানমন্ত্ৰী দিমিত্ৰী পাত্ৰুশ্বেভে

September 25th, 08:56 pm

ৰাছিয়ান ফেডাৰেচনৰ উপ-প্ৰধানমন্ত্ৰী মহামহিম দিমিত্ৰী পাত্ৰুশ্বেভে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।

প্ৰধানমন্ত্ৰীৰ জন্মদিনত উষ্ম শুভেচ্ছা জনালে ৰাষ্ট্ৰপতি পুটিনে

September 17th, 07:14 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাছিয়ান ফেডাৰেচনৰ ৰাষ্ট্ৰপতি মহামহিম ভ্লাদিমিৰ পুটিন ডাঙৰীয়াৰ এটা ফোনকল গ্ৰহণ কৰে।

ৰাছিয়া-ইউক্ৰেইনৰ সংঘাতৰ অন্ত পেলোৱাৰ সন্দৰ্ভত বৃহৎ বক্তব্য প্ৰধানমন্ত্ৰী মোদীৰ

September 01st, 12:48 pm

চীনৰ টিয়ানঝিনত অনুষ্ঠিত এছচিঅ’ সন্মিলনৰ সমান্তৰালভাৱে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে প্ৰধানমন্ত্ৰী মোদীয়ে এক বৈঠকত মিলিত হয়, য’ত ইউক্ৰেইনৰ সংঘাত আলোচনাৰ এক প্ৰধান বিষয় আছিল। শেহতীয়াভাৱে শান্তিৰ দিশত কৰা প্ৰচেষ্টাক আদৰণি জনাই প্ৰধানমন্ত্ৰী মোদীয়ে সকলো পক্ষই গঠনমূলকভাৱে আগবাঢ়ি যাব বুলি আশা প্ৰকাশ কৰে। তেওঁ সংঘাতৰ অতি সোনকালে অন্ত পেলোৱাটো অতি প্ৰয়োজনীয় বুলি গুৰুত্ব আৰোপ কৰি স্থায়ী শান্তিৰ পথ বিচাৰি উলিওৱাত জোৰ দিয়ে। বৃহত্তৰ মানৱীয় দিশটোৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এয়া কেৱল আঞ্চলিক উদ্বেগ নহয় বৰঞ্চ মানৱতাৰ আহ্বান।

মন কী বাতত ভোকেল ফৰ লোকেল’ৰ প্ৰসংগৰে স্বদেশী গৌৰৱেৰে উৎসৱ উদযাপন কৰিবলৈ আহ্বান জনালে প্ৰধানমন্ত্ৰী মোদীয়ে

August 31st, 11:30 am

এই মাহৰ মন কী বাত ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে বানপানী আৰু ভূমিস্খলনৰ ফলত ক্ষতিগ্ৰস্তসকলক সহায় আগবঢ়োৱা নিৰাপত্তা বাহিনী আৰু নাগৰিকসকলৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰে। জম্মু-কাশ্মীৰৰ ক্ৰীড়া অনুষ্ঠান, সৌৰশক্তি, ‘অপাৰেচন প’ল’, ভাৰতীয় সংস্কৃতিৰ বৈশ্বিক প্ৰসাৰ আদি গুৰুত্বপূৰ্ণ বিষয়সমূহো তেওঁ স্পৰ্শ কৰে। প্ৰধানমন্ত্ৰীয়ে লগতে নাগৰিকসকলক উৎসৱৰ বতৰত মেড-ইন-ইণ্ডিয়া সামগ্ৰী ক্ৰয় আৰু স্বচ্ছতা বজাই ৰখাৰ গুৰুত্বৰ কথা সোঁৱৰাই দিয়ে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰপতি পুটিনৰ সৈতে বাৰ্তালাপ কৰে

August 08th, 06:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আজি ৰাছিয়ান ফেডাৰেচনৰ ৰাষ্ট্ৰপতি মহামহিম ভ্লাদিমিৰ পুটিনৰ সৈতে এক টেলিফোনিক বাৰ্তালাপত মিলিত হয়।

ৰাছিয়াত ভয়াবহ বিমান দুৰ্ঘটনাত প্ৰাণ হানি, প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ

July 24th, 11:04 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাছিয়াত সংঘটিত হোৱা কৰুণ বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি সমবেদনা যাচে আৰু শোক প্ৰকাশ কৰে। শ্ৰী মোদীয়ে কয়, আমি ৰাছিয়া আৰু ইয়াৰ জনসাধাৰণৰ সৈতে এনে এক কৰুণ সময়ত একতাৰে থিয় দিছো

প্ৰধানমন্ত্ৰী মোদী আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ মাজত হোৱা টেলিফোনিক বাৰ্তালাপ সন্দৰ্ভত বৈদেশিক সচিবৰ বক্তব্যৰ অসমীয়া অনুবাদ

June 18th, 12:32 pm

জি-৭ শীৰ্ষ সন্মিলনৰ সময়তে প্ৰধানমন্ত্ৰী মোদী আৰু ৰাষ্ট্ৰপতি ট্ৰাম্পৰ মাজত বৈঠক অনুষ্ঠিত হোৱাৰ কথা আছিল। কিন্তু ৰাষ্ট্ৰপতি ট্ৰাম্পে হঠাতে আমেৰিকালৈ উভতি যাবলগীয়া হোৱা বাবে এই বৈঠক অনুষ্ঠিত নহ’ল।

এই সপ্তাহত ভাৰতৰ ওপৰত বিশ্বৰ দৃষ্টি

April 22nd, 12:27 pm

কূটনৈতিক ফোন কলৰ পৰা আৰম্ভ কৰি যুগান্তকাৰী বৈজ্ঞানিক আৱিষ্কাৰলৈকে এই সপ্তাহত বিশ্বৰ মঞ্চত ভাৰতৰ উপস্থিতি সহযোগিতা, উদ্ভাৱন, আৰু সাংস্কৃতিক গৌৰৱৰ দ্বাৰা চিহ্নিত কৰা হৈছে।