ফলাফলৰ তালিকাঃ ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণ
December 05th, 05:53 pm
ভাৰত চৰকাৰ আৰু ৰাছিয়ান চৰকাৰৰ মাজত এখন ৰাজ্যৰ ভূখণ্ডত থকা আনএখন দেশৰ নাগৰিকৰ অস্থায়ী শ্ৰম কাৰ্যকলাপৰ ওপৰত চুক্তি২৩সংখ্যক ভাৰত-ৰাছিয়া বাৰ্ষিক সন্মিলনৰ পাছত যুটীয়া বিবৃতি
December 05th, 05:43 pm
ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণত ৰাছিয়ান ফেডাৰেচনৰ ৰাষ্ট্ৰপতি শ্ৰীযুত ভ্লাদিমিৰ পুটিনে ২০২৫ চনৰ ডিচেম্বৰ মাহত ২৩সংখ্যক ভাৰত-ৰাছিয়া বাৰ্ষিক সন্মিলনৰ বাবে ভাৰত ভ্ৰমণ কৰে।নতুন দিল্লীৰ ভাৰত মণ্ডপমত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে ভাৰত-ৰাছিয়া ব্যৱসায়িক মঞ্চত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
December 05th, 03:45 pm
মই বিশ্বাস কৰোঁ যে আজি ইমান বৃহৎ প্ৰতিনিধি দলৰ সৈতে ভাৰত-ৰাছিয়া ব্যৱসায়িক মঞ্চৰ অনুষ্ঠানত অংশগ্ৰহণ কৰাটো ৰাষ্ট্ৰপতি পুটিনৰ এক অতি গুৰুত্বপূৰ্ণ পদক্ষেপ আছিল। আৰু মই আপোনালোক সকলোকে অন্তৰৰ পৰা আদৰণি জনাইছো আৰু আপোনালোক সকলোৰে মাজত উপস্থিত থকাটো মোৰ বাবে অতি আনন্দৰ কথা। এই মঞ্চত যোগদান কৰি তেওঁৰ বহুমূলীয়া অন্তৰ্দৃষ্টি শ্বেয়াৰ কৰাৰ বাবে মোৰ বন্ধু ৰাষ্ট্ৰপতি পুটিনক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো। ব্যৱসায়ৰ বাবে সৰলীকৃত ভৱিষ্যদ্বাণীযোগ্য প্ৰক্ৰিয়া সৃষ্টি কৰা হৈছে। ভাৰত আৰু ইউৰেছিয়ান অৰ্থনৈতিক সংঘৰ মাজত মুক্ত বাণিজ্য চুক্তিৰ আলোচনা আৰম্ভ হৈছে।ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক সৈতে ভাৰত – ৰাছিয়া ব্যৱসায়িক মঞ্চত সম্বোধন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
December 05th, 03:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কালি নতুন দিল্লীৰ ভাৰত মণ্ডপমত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে ভাৰত-ৰাছিয়া ব্যৱসায়িক মঞ্চত ভাষণ আগবঢ়ায়। এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতি পুটিন, ভাৰত আৰু বিদেশৰ নেতা আৰু সকলো বিশিষ্ট অতিথিক শুভেচ্ছা জ্ঞাপন কৰে। তেওঁ কয় যে ভাৰত-ৰাছিয়া ব্যৱসায়িক মঞ্চ ৰাষ্ট্ৰপতি পুটিনৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপৰ প্ৰতিফলন। ৰাছিয়াৰ ৰাষ্ট্ৰপতিয়ে এই অনুষ্ঠানত অংশগ্ৰহণৰ বাবে লৈ আহিছে বৃহৎ প্ৰতিনিধি দল। তেওঁ সকলো অংশগ্ৰহণকাৰীক উষ্ম আদৰণি জনাই তেওঁলোকৰ মাজত থাকিবলৈ পাই তেওঁ সুখী বুলি কয়। শ্ৰী মোদীয়ে তেওঁৰ বন্ধু ৰাষ্ট্ৰপতি পুটিনক মঞ্চত যোগদান কৰি তেওঁৰ বহুমূলীয়া চিন্তাধাৰা শ্বেয়াৰ কৰাৰ বাবে গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ দৃঢ়তাৰে কয় যে ব্যৱসায় কৰাৰ বাবে সৰলীকৃত আৰু পূৰ্বানুমানযোগ্য প্ৰক্ৰিয়া সৃষ্টি কৰা হৈছে আৰু ভাৰত আৰু ইউৰেছিয়ান অৰ্থনৈতিক সংঘৰ মাজত মুক্ত বাণিজ্য চুক্তিৰ আলোচনা আৰম্ভ হৈছে।ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ সৈতে যুটীয়া সংবাদ মেলত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতিৰ অসমীয়া অনুবাদ
December 05th, 02:00 pm
আজি ২৩সংখ্যক ভাৰত-ৰাছিয়া সন্মিলনৰ বাবে ৰাষ্ট্ৰপতি পুটিনক আদৰণি জনাই মই আনন্দিত হৈছো। তেওঁৰ এই ভ্ৰমণ এনে এটা সময়ত হৈছে যেতিয়া আমাৰ দ্বিপাক্ষিক সম্পৰ্কই কেইবাটাও ঐতিহাসিক মাইলৰ খুঁটি অতিক্ৰম কৰিছে। ঠিক ২৫ বছৰৰ আগতে ৰাষ্ট্ৰপতি পুটিনে আমাৰ কৌশলগত অংশীদাৰিত্বৰ ভেটি স্থাপন কৰিছিল। পোন্ধৰ বছৰৰ আগতে ২০১০ চনত আমাৰ অংশীদাৰিত্বক বিশেষ আৰু সুবিধাজনক কৌশলগত অংশীদাৰিত্বৰ মৰ্যাদালৈ উন্নীত কৰা হৈছিল।PM Modi’s remarks during the joint press meet with Russian President Vladimir Putin
December 05th, 01:50 pm
PM Modi addressed the joint press meet with President Putin, highlighting the strong and time-tested India-Russia partnership. He said the relationship has remained steady like the Pole Star through global challenges. PM Modi announced new steps to boost economic cooperation, connectivity, energy security, cultural ties and people-to-people linkages. He reaffirmed India’s commitment to peace in Ukraine and emphasised the need for global unity in the fight against terrorism.ৰাছিয়াৰ ৰাষ্ট্ৰপতিক আদৰণি প্ৰধানমন্ত্ৰীৰ
December 05th, 10:30 am
আজি সন্ধিয়া আৰু কাইলৈৰ আমাৰ মত বিনিময় কাৰ্যসূচীৰ বাবে অপেক্ষা কৰি আছো। ভাৰত-ৰাছিয়াৰ দীৰ্ঘদিনীয়া মিত্ৰতাই আমাৰ জনসাধাৰণক যথেষ্ট উপকৃত কৰিছে।, শ্ৰী মোদীয়ে কয়।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কথা পাতিলে ৰাষ্ট্ৰপতি পুটিনৰ সৈতে, পুটিনক জনালে ৭৩ সংখ্যক জন্মদিনৰ শুভেচ্ছা
October 07th, 06:43 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাছিয়ান ফেডাৰেচনৰ ৰাষ্ট্ৰপতি মহামহিম ভ্লাদিমিৰ পুটিন ডাঙৰীয়াৰ সৈতে টেলিফোনত কথা পাতে। ।৮ অক্টোবৰত ইণ্ডিয়া মোবাইল কংগ্ৰেছৰ নৱম সংস্কৰণ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে
October 07th, 10:27 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৫ চনৰ ৮ অক্টোবৰৰ পুৱা প্ৰায় ৯:৪৫ বজাত নতুন দিল্লীৰ যশোভূমিত এছিয়াৰ সৰ্ববৃহৎ টেলিকম, মিডিয়া আৰু প্ৰযুক্তিবিদ্যা অনুষ্ঠান ইণ্ডিয়া মোবাইল কংগ্ৰেছ (আই এম চি) ২০২৫ৰ নৱম সংস্কৰণ উদ্বোধন কৰিব।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিলে ৰাছিয়াৰ উপ প্ৰধানমন্ত্ৰী দিমিত্ৰী পাত্ৰুশ্বেভে
September 25th, 08:56 pm
ৰাছিয়ান ফেডাৰেচনৰ উপ-প্ৰধানমন্ত্ৰী মহামহিম দিমিত্ৰী পাত্ৰুশ্বেভে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।প্ৰধানমন্ত্ৰীৰ জন্মদিনত উষ্ম শুভেচ্ছা জনালে ৰাষ্ট্ৰপতি পুটিনে
September 17th, 07:14 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাছিয়ান ফেডাৰেচনৰ ৰাষ্ট্ৰপতি মহামহিম ভ্লাদিমিৰ পুটিন ডাঙৰীয়াৰ এটা ফোনকল গ্ৰহণ কৰে।ৰাছিয়া-ইউক্ৰেইনৰ সংঘাতৰ অন্ত পেলোৱাৰ সন্দৰ্ভত বৃহৎ বক্তব্য প্ৰধানমন্ত্ৰী মোদীৰ
September 01st, 12:48 pm
চীনৰ টিয়ানঝিনত অনুষ্ঠিত এছচিঅ’ সন্মিলনৰ সমান্তৰালভাৱে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে প্ৰধানমন্ত্ৰী মোদীয়ে এক বৈঠকত মিলিত হয়, য’ত ইউক্ৰেইনৰ সংঘাত আলোচনাৰ এক প্ৰধান বিষয় আছিল। শেহতীয়াভাৱে শান্তিৰ দিশত কৰা প্ৰচেষ্টাক আদৰণি জনাই প্ৰধানমন্ত্ৰী মোদীয়ে সকলো পক্ষই গঠনমূলকভাৱে আগবাঢ়ি যাব বুলি আশা প্ৰকাশ কৰে। তেওঁ সংঘাতৰ অতি সোনকালে অন্ত পেলোৱাটো অতি প্ৰয়োজনীয় বুলি গুৰুত্ব আৰোপ কৰি স্থায়ী শান্তিৰ পথ বিচাৰি উলিওৱাত জোৰ দিয়ে। বৃহত্তৰ মানৱীয় দিশটোৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এয়া কেৱল আঞ্চলিক উদ্বেগ নহয় বৰঞ্চ মানৱতাৰ আহ্বান।মন কী বাতত ভোকেল ফৰ লোকেল’ৰ প্ৰসংগৰে স্বদেশী গৌৰৱেৰে উৎসৱ উদযাপন কৰিবলৈ আহ্বান জনালে প্ৰধানমন্ত্ৰী মোদীয়ে
August 31st, 11:30 am
এই মাহৰ মন কী বাত ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে বানপানী আৰু ভূমিস্খলনৰ ফলত ক্ষতিগ্ৰস্তসকলক সহায় আগবঢ়োৱা নিৰাপত্তা বাহিনী আৰু নাগৰিকসকলৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰে। জম্মু-কাশ্মীৰৰ ক্ৰীড়া অনুষ্ঠান, সৌৰশক্তি, ‘অপাৰেচন প’ল’, ভাৰতীয় সংস্কৃতিৰ বৈশ্বিক প্ৰসাৰ আদি গুৰুত্বপূৰ্ণ বিষয়সমূহো তেওঁ স্পৰ্শ কৰে। প্ৰধানমন্ত্ৰীয়ে লগতে নাগৰিকসকলক উৎসৱৰ বতৰত মেড-ইন-ইণ্ডিয়া সামগ্ৰী ক্ৰয় আৰু স্বচ্ছতা বজাই ৰখাৰ গুৰুত্বৰ কথা সোঁৱৰাই দিয়ে।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰপতি পুটিনৰ সৈতে বাৰ্তালাপ কৰে
August 08th, 06:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আজি ৰাছিয়ান ফেডাৰেচনৰ ৰাষ্ট্ৰপতি মহামহিম ভ্লাদিমিৰ পুটিনৰ সৈতে এক টেলিফোনিক বাৰ্তালাপত মিলিত হয়।ৰাছিয়াত ভয়াবহ বিমান দুৰ্ঘটনাত প্ৰাণ হানি, প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ
July 24th, 11:04 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাছিয়াত সংঘটিত হোৱা কৰুণ বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি সমবেদনা যাচে আৰু শোক প্ৰকাশ কৰে। শ্ৰী মোদীয়ে কয়, আমি ৰাছিয়া আৰু ইয়াৰ জনসাধাৰণৰ সৈতে এনে এক কৰুণ সময়ত একতাৰে থিয় দিছোপ্ৰধানমন্ত্ৰী মোদী আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ মাজত হোৱা টেলিফোনিক বাৰ্তালাপ সন্দৰ্ভত বৈদেশিক সচিবৰ বক্তব্যৰ অসমীয়া অনুবাদ
June 18th, 12:32 pm
জি-৭ শীৰ্ষ সন্মিলনৰ সময়তে প্ৰধানমন্ত্ৰী মোদী আৰু ৰাষ্ট্ৰপতি ট্ৰাম্পৰ মাজত বৈঠক অনুষ্ঠিত হোৱাৰ কথা আছিল। কিন্তু ৰাষ্ট্ৰপতি ট্ৰাম্পে হঠাতে আমেৰিকালৈ উভতি যাবলগীয়া হোৱা বাবে এই বৈঠক অনুষ্ঠিত নহ’ল।এই সপ্তাহত ভাৰতৰ ওপৰত বিশ্বৰ দৃষ্টি
April 22nd, 12:27 pm
কূটনৈতিক ফোন কলৰ পৰা আৰম্ভ কৰি যুগান্তকাৰী বৈজ্ঞানিক আৱিষ্কাৰলৈকে এই সপ্তাহত বিশ্বৰ মঞ্চত ভাৰতৰ উপস্থিতি সহযোগিতা, উদ্ভাৱন, আৰু সাংস্কৃতিক গৌৰৱৰ দ্বাৰা চিহ্নিত কৰা হৈছে।লেক্স ফ্ৰিডমেনৰ সৈতে এক পডকাষ্টত প্ৰধানমন্ত্ৰীৰ কথোপকথনৰ পাঠ
March 16th, 11:47 pm
প্ৰধানমন্ত্ৰী- মোৰ যি সামৰ্থ্য সেয়া মোদীৰ নহয়, এয়া হৈছে ১৪০ কোটি দেশবাসীৰ, হাজাৰ হাজাৰ বছৰৰ মহান সংস্কৃতি, পৰম্পৰা, সেয়াই হৈছে মোৰ সামৰ্থ্য। সেয়েহে, মই য'লৈকে যাওঁ, মোদীয়েই নাযায়, বৰঞ্চ মই বেদৰ পৰা বিবেকানন্দলৈ মহান পৰম্পৰাক, ১৪০ কোটি লোকৰ সপোন আৰু আকাংক্ষাকো কঢ়িয়াই নিছোঁ। গতিকে মই যেতিয়া পৃথিৱীৰ কোনো নেতাৰ সৈতে হাত মিলাওঁ, এয়া মোদীয়েই কেৱল হাত নিমিলাই, এয়া হৈছে ১৪০ কোটি লোকৰ হাত। গতিকে এই সামৰ্থ্য মোদীৰ নহয়, এই সামৰ্থ্য হৈছে ভাৰতৰ। যেতিয়াই আমি শান্তিৰ কথা কওঁ, পৃথিৱীয়ে আমাৰ কথা শুনে। কিয়নো এয়া হৈছে বুদ্ধৰ দেশ, এয়া হৈছে মহাত্মা গান্ধীৰ দেশ, সেয়েহে বিশ্বই আমাৰ কথা শুনিছে আৰু আমিতো সংঘাতৰ পক্ষপাতীয়েই নহয়। আমি হৈছোঁ সমন্বয়ৰ পক্ষপাতী। না আমি প্ৰকৃতিৰ সৈতে সংঘাত কৰিব বিচাৰো, না আমি ৰাষ্ট্ৰসমূহৰ মাজত সংঘৰ্ষ বিচাৰো; আমি হৈছোঁ সমন্বয় বিচৰা মানুহ। আৰু যদি আমি ইয়াৰ বাবে কোনো ভূমিকা পালন কৰিব পাৰোঁ, আমি নিৰন্তৰভাৱে এনে কৰিবলৈ চেষ্টা কৰি আহিছোঁ। মোৰ জীৱন চৰম দাৰিদ্ৰ্যৰ মাজেৰে উন্মেষিত হৈছিল। কিন্তু আমি কেতিয়াও দাৰিদ্ৰ্যৰ বোজা অনুভৱ কৰা নাছিলো, কিয়নো ভাল জোতা পিন্ধি ফুৰা এগৰাকী ব্যক্তিয়েহেজোতাযোৰ নথকা পৰিস্থিতি এটাত অনুভৱ কৰিব যে এৰাটো, এইটোতো এক ডাঙৰ কথা।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে লেক্স ফ্ৰিডমেনৰ সৈতে প’ডকাষ্টত মত বিনিময় কৰে
March 16th, 05:30 pm
আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে লেক্স ফ্ৰিডমেনৰ সৈতে বিভিন্ন বিষয়ৰ ওপৰত প’ডকাষ্টত মত বিনিময় কৰে। এক স্পষ্ট বাৰ্তালাপত, তেওঁ কিয় উপবাস কৰে আৰু কেনেকৈ পৰিচালনা কৰে সেই বিষয়ে সোধাত, প্ৰধানমন্ত্ৰীয়ে তেওঁৰ প্ৰতি সন্মানৰ চিন হিচাপে উপবাসৰ ইংগিত দিয়াৰ বাবে লেক্স ফ্ৰিডমেনক কৃতজ্ঞতা প্ৰকাশ কৰে। “ভাৰতত ধৰ্মীয় পৰম্পৰা দৈনন্দিন জীৱনৰ সৈতে গভীৰভাৱে জড়িত হৈ আছে”, শ্ৰী মোদীয়ে কয়, তেওঁ লগতে কয় যে হিন্দু ধৰ্ম কেৱল আচাৰ-অনুষ্ঠানৰ বিষয় নহয়, বৰঞ্চ ভাৰতৰ সন্মানীয় উচ্চতম ন্যায়ালয়ে ব্যাখ্যা কৰা জীৱনৰ পথ প্ৰদৰ্শক দৰ্শন। তেওঁ জোৰ দি কয় যে উপবাস হৈছে অনুশাসনৰ কৰ্ষণ আৰু অন্তৰ্নিহিত আৰু বাহ্যিক আত্মাৰ ভাৰসাম্য ৰক্ষাৰ এক আহিলা। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে উপবাসে ইন্দ্ৰিয়সমূহক উচ্চ কৰি তোলে, ইন্দ্ৰিয়ক অধিক সংবেদনশীল আৰু সচেতন কৰি তোলে। তেওঁ লক্ষ্য কৰিছিল যে উপবাসৰ সময়ত আনকি সূক্ষ্ম সুগন্ধি আৰু সবিশেষো অধিক স্পষ্টভাৱে অনুভৱ কৰিব পাৰি। তেওঁ লগতে আলোকপাত কৰে যে উপবাসে চিন্তা প্ৰক্ৰিয়া ত্বৰান্বিত কৰে, সতেজ দৃষ্টিভংগী প্ৰদান কৰে আৰু প্ৰসাৰিত চিন্তাধাৰাক উৎসাহিত কৰে। শ্ৰী মোদীয়ে স্পষ্ট কৰি দিয়ে যে উপবাস কেৱল খাদ্যৰ পৰা বিৰত থকা নহয়; ইয়াৰ লগত প্ৰস্তুতি আৰু বিষমুক্তকৰণৰ বৈজ্ঞানিক প্ৰক্ৰিয়া জড়িত হৈ থাকে। তেওঁ আগতীয়াকৈ কেইবাদিনো আয়ুৰ্বেদিক আৰু যোগাভ্যাস পালন কৰি শৰীৰটো উপবাসৰ বাবে প্ৰস্তুত কৰা বুলি জোৰ দি এই সময়ছোৱাত হাইড্ৰেচনৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। উপবাস আৰম্ভ হ’লেই তেওঁ ইয়াক ভক্তি আৰু আত্ম-অনুশাসনৰ কাৰ্য্য হিচাপে লয়, যাৰ ফলত গভীৰ আত্মনিৰীক্ষণ আৰু মনোনিৱেশৰ সুবিধা হয়। প্ৰধানমন্ত্ৰীয়ে শ্বেয়াৰ কৰে যে তেওঁৰ উপবাসৰ প্ৰথা ব্যক্তিগত অভিজ্ঞতাৰ পৰাই উদ্ভৱ হৈছিল, যিটো তেওঁৰ স্কুলীয়া দিনত মহাত্মা গান্ধীৰ পৰা অনুপ্ৰাণিত হৈ এক আন্দোলনৰ পৰা আৰম্ভ হৈছিল। প্ৰথম উপবাসৰ সময়ত তেওঁ শক্তি আৰু সচেতনতাৰ লহৰ অনুভৱ কৰিছিল, যিয়ে তেওঁক ইয়াৰ পৰিৱৰ্তনশীল শক্তিৰ বিষয়ে পতিয়ন নিয়াইছিল। তেওঁ আলোকপাত কৰে যে উপবাসে তেওঁক লেহেমীয়া নকৰে; বৰঞ্চ ই প্ৰায়ে তেওঁৰ উৎপাদনশীলতা বৃদ্ধি কৰে। তেওঁ লক্ষ্য কৰিছিল যে উপবাসৰ সময়ত তেওঁৰ চিন্তাবোৰ অধিক মুক্ত আৰু সৃষ্টিশীলভাৱে প্ৰবাহিত হয়, যাৰ ফলত ই নিজকে প্ৰকাশ কৰাৰ বাবে এক অবিশ্বাস্য অভিজ্ঞতা হৈ পৰে।The World This Week on India
December 24th, 11:59 am
India’s footprint on the global stage this week has been marked by a blend of diplomatic engagements, economic aspirations, cultural richness, and strategic initiatives.