"মন কি বাত’ত প্ৰধানমন্ত্ৰী মোদীয়ে গ্ৰীষ্মকালীন তাপপ্ৰবাহৰ সৈতে মোকাবিলাৰ পৰামৰ্শ শ্বেয়াৰ কৰি নাগৰিকসকলক শৰীৰত পানীৰ ভাৰসাম্য বজাই ৰাখিবলৈ আহ্বান জনাইছে
May 31st, 11:30 am
মোৰ প্ৰিয় দেশবাসী, 'মন কী বাত'ত আকৌ এবাৰ আপোনালোকৰ লগত যোগদান কৰি আনন্দিত হৈছোঁ। দেশৰ বিভিন্ন প্ৰান্তৰ লোকে ৰাষ্ট্ৰ আৰু সমাজৰ স্বাৰ্থত এনে কিছুমান আচৰিত কাম কৰি আছে, সেইবোৰৰ কথা শুনিলে আমি এক নতুন প্ৰেৰণা অনুভৱ কৰোঁ। আজি মই এই কাৰ্যসূচী আৰম্ভ কৰিম এথলেটিকছত দেশৰ এনে এক কৃতিত্বৰ প্ৰসংগৰে। কিছুদিন পূৰ্বে ঝাৰখণ্ডৰ ৰাঁচীত অনুষ্ঠিত হৈছিল নেচনেল ছিনিয়ৰ এথলেটিকছ ফেডাৰেচন প্ৰতিযোগিতা। সমগ্ৰ দেশৰ প্ৰায় ৮০০ খেলুৱৈয়ে ইয়াত অংশগ্ৰহণ কৰে। এই প্ৰতিযোগিতাৰ সময়ত চাৰিটা ভিন্ন ইভেণ্টত চাৰিটা ৰাষ্ট্ৰীয় অভিলেখ ভংগ কৰা হয়। গুৰিন্দৰ বীৰ সিং, বিশাল টি কে, তেজস্বীন শংকৰ, দেৱ মীনা আৰু কুলদীপ কুমাৰ আদিয়ে বিভিন্ন শিতানত নতুন অভিলেখ গঢ়িবলৈ সক্ষম হয়। পোনপ্ৰথমে সকলোকে অভিনন্দন জনাইছোঁ।১০ মে’ত কৰ্ণাটক আৰু তেলেংগানা ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে
May 09th, 11:17 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ১০ মে, ২০২৬ ত কৰ্ণাটক আৰু তেলেংগানা ভ্ৰমণ কৰিব।সিদিনা প্ৰায় ১১ বজাত প্ৰধানমন্ত্ৰীয়ে বাংগালুৰুত অনুষ্ঠিত হ’বলগীয়া দ্য আৰ্ট অৱ লিভিঙৰ ৪৫ বছৰীয়া জয়ন্তী উদযাপনত অংশগ্ৰহণ কৰিব আৰু এই উপলক্ষ্যে আয়োজিত সভাত ভাষণ দিব। ইয়াৰ পিছত প্ৰধানমন্ত্ৰীয়ে হায়দৰাবাদলৈ যাত্ৰা কৰিব আৰু প্ৰায় ৩ বজাত প্ৰায় ৯,৪০০ কোটি টকাৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন আৰু দেশৰ বাবে উৎসৰ্গা কৰিব। লগতে এই উপলক্ষ্যে আয়োজিত সভাত তেওঁ ভাষণ দিব। প্ৰায় ৩:৪৫ বজাত প্ৰধানমন্ত্ৰীয়ে হায়দৰাবাদৰ সিন্ধু হাস্পতাল দেশৰ বাবে উৎসৰ্গা কৰিব।গুজৰাটৰ ভাব-থাৰাদত বিভিন্ন উন্নয়নমূলক কামৰ শুভাৰম্ভ অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ ইংৰাজী অনুবাদ
March 31st, 05:00 pm
মাত্ৰ কেইদিনমান পূৰ্বে পবিত্ৰ নৱৰাত্ৰি উৎসৱ সমাপ্ত হৈছে। এইটো মা অম্বাজীৰ অনুগ্ৰহ যে মই আজি তেওঁৰ চৰণলৈ অহাৰ সৌভাগ্য লাভ কৰিলো। আজি তেওঁৰ অনুগ্ৰহৰ দ্বাৰা মই আপোনালোক সকলোকে মোৰ নিজৰ পৰিয়ালৰ সদস্যসকলক দেখাৰ সুবিধা পাইছো। মই মা অম্বাজীৰ চৰণত প্ৰণিপাত জনাইছো। ভগৱান শ্ৰী ধৰণীধৰজী, ‘মুখড়া কৃষ্ণ’ৰ ওচৰতো আজি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। এইটোও এক আনন্দদায়ক কাকতালীয় ঘটনা যে আজি আমি ভগৱান মহাবীৰ জয়ন্তীও উদযাপন কৰিছো। আমাৰ এই অঞ্চলটো বহু জৈন তীৰ্থযাত্ৰাৰ ভূমি। মই ভগৱান মহাবীৰৰ প্ৰতি প্ৰণাম জনাইছো আৰু লগতে পবিত্ৰ মহাবীৰ জন্ম কল্যাণক দিৱস, মহাবীৰ জয়ন্তীত আপোনালোক সকলোকে অভিনন্দন জনাইছো।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ গুজৰাটৰ ভাৱ-থাৰাদত ২০,০০০কোটি টকাতকৈও অধিক মূল্যৰ উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন আৰু ৰাষ্ট্ৰলৈ উৎসৰ্গা
March 31st, 04:32 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বানাচকাণ্ঠা জিলাৰ ভাৱ-থাৰাদত এখন ৰাজহুৱা সভাত ভাষণ দিয়ে, য’ত তেওঁ উত্তৰ গুজৰাটৰ বাবে প্ৰায় ২০,০০০ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। পবিত্ৰ নৱৰাত্ৰি উৎসৱ অলপতে সমাপ্ত হয় আৰু সেই দিনটোত ভগৱান মহাবীৰ জয়ন্তীও আছিল, প্ৰধানমন্ত্ৰীয়ে মা আম্বাজী আৰু ভগৱান শ্ৰী ধৰণীধৰজীলৈ শ্ৰদ্ধা নিবেদন কৰে।৩১ মাৰ্চত প্ৰধানমন্ত্ৰীৰ গুজৰাট ভ্ৰমণ
March 30th, 11:05 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬চনৰ ৩১ মাৰ্চত গুজৰাট ভ্ৰমণ কৰিব। পুৱা প্ৰায় ১০বজাত প্ৰধানমন্ত্ৰীয়ে গান্ধীনগৰত সম্ৰাট সম্প্ৰতি সংগ্ৰহালয় উদ্বোধন কৰিব। এই উপলক্ষে তেওঁ সমাৱেশকো সম্বোধন কৰিব। প্ৰায় ১বজাত প্ৰধানমন্ত্ৰীয়ে আহমেদাবাদৰ সানন্দত কেইন্স ছেমিকন প্ৰকল্প উদ্বোধন কৰিব আৰু লগতে এখন ৰাজহুৱা সমাৱেশকো সম্বোধন কৰিব। ইয়াৰ পিছতে প্ৰধানমন্ত্ৰীয়ে ভাভ-থাৰাডলৈ যাত্ৰা কৰিব য’ত সন্ধিয়া প্ৰায় ৪বজাত তেওঁ ২০,০০০ কোটি টকাতকৈও অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন আৰু ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰিব। এই উপলক্ষে তেওঁ সমাৱেশকো সম্বোধন কৰিব।Cabinet approves scheme on ‘Small Hydro Power (SHP) Development Scheme for the period FY 2026-27 to FY 2030-31’
March 18th, 04:12 pm
The Union Cabinet, chaired by PM Narendra Modi, has approved the ‘Small Hydro Power (SHP) Development Scheme for the period FY 2026–27 to FY 2030–31’ with an outlay of Rs. 2,584.60 crore. The scheme will particularly benefit hilly and North Eastern states and also incentivise states to prepare detailed project reports for about 200 projects, creating a pipeline of small hydro projects in the future.তামিলনাডুৰ তিৰুচিৰাপল্লীত একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰি প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ পূৰ্ণ পাঠ
March 11th, 05:45 pm
আজিৰ এই কাৰ্য্যসূচী তামিলনাডুৰ ভৱিষ্যতৰ বাবে এক গুৰুত্বপূৰ্ণ অনুষ্ঠান। ইয়াৰ সৈতে পাঁচ হাজাৰ ছশ কোটি টকাৰ প্ৰকল্প জড়িত হৈ আছে। এই প্ৰকল্পসমূহ হৈছে স্বচ্ছ শক্তিৰ বাবে আন্তঃগাঁথনি, পেট্ৰলিয়াম সম্পৰ্কীয় উৎপাদন, ঘাইপথ, ৰেলপথ আৰু গ্ৰামীণ পথেৰে সম্পৰ্কীয়। ইয়াৰ দ্বাৰা শক্তিৰ সুবিধা, যোগাযোগ ব্যৱস্থাৰ বৰ্ধনৰ লগতে তামিলনাডুৰ যুৱক-যুৱতীসকলৰ বাবে হাজাৰ-হাজাৰ চাকৰিৰ সৃষ্টি হ’ব।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তামিলনাডুৰ তিৰুচিৰাপল্লীত প্ৰায় ৫,৬৫০ কোটি টকা মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন, ৰাষ্ট্ৰলৈ উৎসৰ্গা, আধাৰশিলা স্থাপন আৰু ফ্লেগ অফ কৰে
March 11th, 05:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ঐতিহাসিক চহৰ ত্ৰিচি ভ্ৰমণ কৰি তামিলনাডুৰ আন্তঃগাঁথনি আৰু অৰ্থনীতিক শক্তিশালী কৰাৰ লক্ষ্যৰে এলানি ৰূপান্তৰশীল উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ কৰে। মুঠ পাঁচ হাজাৰ ছশ কোটি টকা বিনিয়োগ সাপেক্ষে এই পদক্ষেপসমূহে স্বচ্ছ শক্তি, পেট্ৰলিয়াম-সম্পৰ্কীয় উৎপাদন আৰু ঘাইপথ, ৰেলপথ তথা গ্ৰামীণ পথৰ জৰিয়তে মাল্টি-মডেল সংযোগ বৃদ্ধিক সামৰি লৈছে। ইয়াত সমবেতসকলক সম্বোধনেৰে প্ৰধানমন্ত্ৰীয়ে কয়, “এই প্ৰকল্পসমূহে শক্তি লাভ, যোগাযোগ ব্যৱস্থাৰ বৰ্ধন ঘটাব আৰু তামিলনাডুৰ যুৱক-যুৱতীসকলৰ বাবে হাজাৰ-হাজাৰ নিয়োগ সৃষ্টি কৰিব।”৬ মাৰ্চত “কৃষি আৰু গ্ৰাম্য ৰূপান্তৰ” শীৰ্ষক বাজেটোত্তৰ ৱেবিনাৰত ভাষণ আগবঢ়াব প্ৰধানমন্ত্ৰীয়ে
March 05th, 06:04 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৬ মাৰ্চ, ২০২৬ৰ পুৱা ১১:১৫ বজাত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে “কৃষি আৰু গ্ৰাম্য ৰূপান্তৰ” শীৰ্ষক বাজেটোত্তৰ ৱেবিনাৰত ভাষণ আগবঢ়াব।নতুন দিল্লীৰ কাৰিয়াপ্পা খেলপথাৰত এনচিচিৰ ৰেলীত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ অসমীয়া অনুবাদ
January 28th, 04:00 pm
কেন্দ্ৰীয় কেবিনেটত থকা মোৰ সহকৰ্মী, দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰীযুত ৰাজনাথ সিং জী, মঞ্চত উপবিষ্ট আন সকলো গণ্যমান্য ব্যক্তি, দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা এন চি চি আৰু এন এছ এছৰ কেডেটসকল, টেবলো শিল্পী, ৰাষ্ট্ৰীয় ৰংশালাৰ কৰ্মীসকল আৰু মোৰ মৰমৰ যুৱ বন্ধুসকল। আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ চিন ইয়াত দেখা গৈছে।আপোনালোকে প্ৰদৰ্শন অতি সমন্বয়ৰে পৰিৱেশন কৰিছে।দিল্লীত বাৰ্ষিক এন চি চি পিএম ৰেলীত ভাষণ আগবঢ়ালে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে
January 28th, 03:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিল্লীৰ চৰিয়াপ্পা পেৰেড খেলপথাৰত এন চি চিৰ বাৰ্ষিক পিএম ৰেলীত ভাষণ প্ৰদান কৰে। এন চি চি দিৱস উপলক্ষ্যে আয়োজন কৰা অনুষ্ঠানটিলৈ শুভেচ্ছা জনাই প্ৰধানমন্ত্ৰীয়ে কয় যে এন চি চি, এন এছ এছৰ কেডেট, টাবলো শিল্পী, ৰাষ্ট্ৰীয় ৰংশালাৰ কৰ্মী আৰু দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা যুৱ অংশগ্ৰহণকাৰীসকলৰ প্ৰচেষ্টা তেওঁলোকৰ সমন্বিত প্ৰদৰ্শনত স্পষ্ট হৈ পৰিছে।The greatest pride of my life is that I am a karyakarta of the Bharatiya Janata Party: PM Modi at BJP HQ
January 20th, 11:16 am
Prime Minister Narendra Modi today addressed party leaders and karyakartas during the felicitation ceremony of the newly elected BJP President, Nitin Nabin, at the party headquarters in New Delhi. Congratulating Nitin Nabin, the Prime Minister said, “The organisational election process reflects the BJP’s commitment to internal democracy, discipline and a karyakarta-centric culture. I congratulate karyakartas across the country for strengthening this democratic exercise.”PM Modi addresses BJP karyakartas at felicitation of New Party President
January 20th, 11:15 am
Prime Minister Narendra Modi today addressed party leaders and karyakartas during the felicitation ceremony of the newly elected BJP President, Nitin Nabin, at the party headquarters in New Delhi. Congratulating Nitin Nabin, the Prime Minister said, “The organisational election process reflects the BJP’s commitment to internal democracy, discipline and a karyakarta-centric culture. I congratulate karyakartas across the country for strengthening this democratic exercise.”তামিলনাডুৰ কইম্বাটুৰত আয়োজিত দক্ষিণ ভাৰত প্ৰাকৃতিক কৃষি সন্মিলন, ২০২৫-ৰ কাৰ্য্যসূচীত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ পূৰ্ণপাঠ
November 19th, 07:01 pm
মঞ্চত উপৱিষ্ট তামিলনাডুৰ ৰাজ্যপাল আৰ এন ৰবি জী, কেন্দ্ৰীয় কেবিনেটত মোৰ সতীৰ্থ এল মুৰুগান জী, তামিলনাডু কৃষি বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য্য ডঃ কে. ৰামাস্বামী জী, ভিন্ন কৃষি সংগঠনৰ সকলো গণ্যমান্য ব্যক্তি আৰু উপস্থিত থকা আন-আন জনপ্ৰতিনিধি, মোৰ মৰমৰ কৃষক ভাই-ভনীসকল তথা ডিজিটেল প্ৰযুক্তিৰ জৰিয়তে আমাৰ সৈতে সংযুক্ত হোৱা সমগ্ৰ দেশৰ লক্ষ-লক্ষ কৃষকক মই ইয়াৰ পৰা বনাক্কম কৈছোঁ, তেওঁলোকক মই নমস্কাৰ জনাইছোঁ। প্ৰথমে আপোনালোকৰ ওচৰত আৰু দেশজুৰি সমবেত হোৱা মোৰ খেতিয়ক ভাই-ভনীসকলৰ ওচৰত ক্ষমা বিচাৰিছোঁ। আজি পুট্টপৰ্থীত আয়োজিত সত্য সাই বাবাৰ অনুষ্ঠানত উপস্থিত থকাৰ বাবে ইয়ালৈ আহি পোৱাত প্ৰায় এঘন্টা পলম হ’ল। সেই অনুষ্ঠানটো অলপ দীঘলীয়া হ’ল, সেয়ে পলম হ’ল। মই আপোনালোকৰ বাবে সৃষ্টি কৰা অসুবিধাৰ বাবে আপোনালোক সকলোৰে ওচৰত ক্ষমা বিচাৰিছোঁ। দেশজুৰি বহুত লোক গোট খোৱা দেখিছোঁ।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তামিলনাডুৰ কইম্বাটুৰত দক্ষিণ ভাৰত প্ৰাকৃতিক কৃষি সন্মিলন, ২০২৫-ৰ কাৰ্য্যসূচী সম্বোধন কৰে
November 19th, 02:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তামিলনাডুৰ কইম্বাটুৰত দক্ষিণ ভাৰত প্ৰাকৃতিক কৃষি সন্মিলন, ২০২৫ উদ্বোধন কৰে। এই উপলক্ষে সমবেতসকলক সম্বোধনেৰে শ্ৰী মোদীয়ে কইম্বাটুৰৰ পবিত্ৰ ভূমিত মৰুধামলাইৰ ভগৱান মুৰুগানক প্ৰণাম জনাই ভাষণৰ আৰম্ভণি কৰে। তেওঁ কইম্বাটুৰক সংস্কৃতি, মমতা আৰু সৃষ্টিশীলতাৰ দেশ বুলি অভিহিত কৰে তথা ইয়াক দক্ষিণ ভাৰতৰ উদ্যমিতা শক্তিৰ কেন্দ্ৰ হিচাপে স্বীকৃতি জনায়। তেওঁ কয় যে ইয়াৰ বস্ত্ৰ খণ্ডই ৰাষ্ট্ৰীয় অৰ্থনীতিত এক প্ৰধান অৰিহণা যোগায়। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে কইম্বাটুৰে এতিয়া অধিক সুখ্যাতি লাভ কৰিছে, কিয়নো ইয়াৰ প্ৰাক্তন সাংসদ শ্ৰী চি.পি. ৰাধাকৃষ্ণনে এতিয়া উপ-ৰাষ্ট্ৰপতি হিচাপে দায়িত্ব পালনেৰে ৰাষ্ট্ৰক পথ প্ৰদৰ্শন কৰিছে।অন্ধ্ৰপ্ৰদেশৰ পুট্টপৰ্থীত শ্ৰী সত্য সাই বাবাৰ জন্ম শতবাৰ্ষিকী উদযাপন কাৰ্য্যসূচীত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ পূৰ্ণপাঠ
November 19th, 11:00 am
মুখ্যমন্ত্ৰী শ্ৰী চন্দ্ৰবাবু নাইডু, কেন্দ্ৰত মোৰ সতীৰ্থ ৰামমোহন নাইডু, জি. কিষাণ ৰেড্ডী, ভূপতি ৰাজু শ্ৰীনিবাস বাৰ্মা, শচীন তেণ্ডুলকাৰ, উপ-মুখ্যমন্ত্ৰী পৱন কল্যাণ, ৰাজ্য চৰকাৰৰ মন্ত্ৰী নৰা লোকেশ, শ্ৰী সত্য সাই কেন্দ্ৰীয় ন্যাসৰ পৰিচালন ন্যাসৰক্ষী আৰ. জে. ৰত্নাকৰ, উপাচাৰ্য্য কে. চক্ৰৱৰ্তী, ঐশ্বৰ্য্য, বাকী সকলো বিশিষ্ট ব্যক্তি, ভদ্ৰলোক আৰু মহিলাসকল, সাই ৰাম!অন্ধ্ৰপ্ৰদেশৰ পুট্টাপৰ্থীত শ্ৰী সত্য সাই বাবাৰ জন্ম শতবাৰ্ষিকী উদযাপন অনুষ্ঠানক সম্বোধন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
November 19th, 10:30 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অন্ধ্ৰ প্ৰদেশৰ পুট্টাপৰ্থীত ভগৱান শ্ৰী সত্য সাই বাবাৰ জন্ম শতবাৰ্ষিকী উদযাপন অনুষ্ঠানত ভাষণ প্ৰদান কৰে। প্ৰধানমন্ত্ৰীয়ে ‘সাই ৰাম’ৰে তেওঁৰ ভাষণ আৰম্ভ কৰে আৰু কয় যে পুট্টাপৰ্থীৰ পবিত্ৰ ভূমিত সকলোৰে মাজত উপস্থিত থকাটো এক আৱেগিক আৰু আধ্যাত্মিক অভিজ্ঞতা। তেওঁ কয় যে অলপ সময়ৰ পূৰ্বে তেওঁ বাবাৰ সমাধিত পুষ্পস্তবক অর্পণ কৰাৰ সুযোগ পাইছে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে বাবাৰ চৰণত প্ৰণিপাত কৰা আৰু তেওঁৰ আশীৰ্বাদ লাভ কৰাটোৱে সদায় গভীৰ আৱেগেৰে হৃদয় ভৰাই ৰাখে।গুজৰাটৰ ডেদিয়াপাড়াত আয়োজিত জনজাতীয় গৌৰৱ দিৱসৰ কাৰ্য্যসূচীত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ পূৰ্ণপাঠ
November 15th, 03:15 pm
দৰাচলতে আপোনালোকৰ সন্মুখত গুজৰাটী ভাষাত কথা ক’ব লাগে যদিও বৰ্তমান দেশৰ ভিন্ন প্ৰান্তৰ লোক আমাৰ অনুষ্ঠানৰ সৈতে সংযুক্ত হৈ আছে। সেয়েহে আপোনালোক সকলোৰে আশীৰ্বাদ আৰু অনুমতি সাপেক্ষে মই হিন্দীত ক’বলৈ আগবাঢ়িছোঁ।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ ডেদিয়াপাড়াত ধৰতী আবা ভগৱান বীৰছা মুণ্ডাৰ ১৫০ সংখ্যক জয়ন্তী উপলক্ষে জনজাতীয় গৌৰৱ দিৱসৰ কাৰ্য্যসূচী সম্বোধন কৰে
November 15th, 03:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ ডেদিয়াপাড়াত ধৰতী আবা ভগৱান বীৰছা মুণ্ডাৰ ১৫০ সংখ্যক জয়ন্তী উপলক্ষে জনজাতীয় গৌৰৱ দিৱসৰ কাৰ্য্যসূচী সম্বোধন কৰে। ইয়াতে তেওঁ ৯,৭০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক আন্তঃগাঁথনি আৰু উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। মা নৰ্মদাৰ পবিত্ৰ ভূমি আজি আন এক ঐতিহাসিক অনুষ্ঠানৰ সাক্ষী হৈ পৰিছে বুলি উল্লেখেৰে শ্ৰী মোদীয়ে কয় যে ৩১ অক্টোবৰত ভাৰতৰ ঐক্য আৰু বৈচিত্ৰ্যক উদযাপনৰ বাবে একেটা স্থানতে চৰ্দাৰ পেটেলৰ ১৫০ সংখ্যক জয়ন্তী উদযাপন কৰা হৈছিল। প্ৰধানমন্ত্ৰীয়ে কয় যে আজি ভগৱান বীৰছা মুণ্ডাৰ ১৫০ সংখ্যক জয়ন্তীৰ বিশাল উদযাপনৰ লগে-লগে আমি ভাৰত পৰ্বৰ শিখৰত উপনীত হৈছোঁ। এই পবিত্ৰ অনুষ্ঠানত তেওঁ ভগৱান বীৰছা মুণ্ডালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে এই অনুষ্ঠানলৈ গুজৰাট, ৰাজস্থান, মধ্যপ্ৰদেশ আৰু সমগ্ৰ জনজাতীয় বেল্টত স্বাধীনতাৰ মনোভাৱক জাগ্ৰত কৰা গোবিন্দ গুৰুৰ আশীৰ্বাদো আছে। তেওঁ মঞ্চৰ পৰাই গোবিন্দ গুৰুলৈ শ্ৰদ্ধাঞ্জলি জনায়। তেওঁ আৰু কয় যে কিছু সময়ৰ পূৰ্বে তেওঁ দেৱমোগৰা মাতাৰ মন্দিৰ দৰ্শনৰ সৌভাগ্য লাভ কৰিছিল আৰু পুনৰবাৰ তেওঁৰ চৰণত প্ৰণাম জনাইছিল।Bihar has defeated lies and upheld the truth: PM Modi from BJP HQ post NDA’s major victory
November 14th, 07:30 pm
PM Modi addressed the BJP headquarters in Delhi after the NDA’s historic mandate in Bihar, expressing deep gratitude to the people of the state for their unprecedented support. He said that this resounding victory reflects the unshakeable trust of Bihar’s citizens who have “created a storm” with their verdict. “Bihar Ne Garda Uda Diya,” he remarked.