বিকশিত ভাৰত ইয়ং লীডাৰ্ছ ডায়লগ, ২০২৬-ৰ সামৰণি অধিবেশনত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

January 12th, 06:45 pm

কেন্দ্ৰীয় কেবিনেটত মোৰ সতীৰ্থ সকল, সকলো সাংসদ, বিকশিত ভাৰত ইয়ং লীডাৰ্ছ চেলেঞ্জৰ বিজয়ী সকল, আন আন গণ্যমান্য ব্যক্তি আৰু বহিঃৰাষ্ট্ৰৰ পৰা অহা সকলকে প্ৰমুখ্য কৰি দেশৰ ভিন্ন প্ৰান্তৰ পৰা ইয়ালৈ অহা মোৰ যুৱ বন্ধুসকল। তোমালোকে নিশ্চয় ইয়াত এক নতুন অভিজ্ঞতা লাভ কৰিছা। তোমালোকৰ ভাগৰ লাগিছে নেকি? তোমালোকৰ সমাৱেশৰ আজি দুদিন হ’ল, গতিকে আকৌ এবাৰ শুনিবলৈ ভাগৰ লগা নাই নে? যি নহওক, পিছৰ আসনৰ পৰাই মই ইতিমধ্যে ক’বলগীয়াখিনি কৈছো। মই প্ৰথম যেতিয়া মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিলো তেতিয়া তোমালোকৰ বহুতৰে জন্মই হোৱা নাছিল বুলি মোৰ অনুমান হৈছে। আৰু ২০১৪ ত যেতিয়া মই প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিলো তেতিয়াও তোমালোকৰ বহুতেই শিশু আছিলা। কিন্তু মুখ্যমন্ত্ৰী হিচাপেই হওক বা এতিয়া প্ৰধানমন্ত্ৰী হিচাপেই হওক, নৱ প্ৰজন্মৰ প্ৰতি মোৰ সদায় অসীম বিশ্বাস আছে। মই সদায় তোমালোকৰ সামৰ্থ্য আৰু তোমালোকৰ প্ৰতিভাৰ পৰা শক্তি আহৰণ কৰি আহিছো। আৰু আজি মই দেখিছো যে তোমালোকে এখনি উন্নত ভাৰত গঢ়াৰ অভিযানৰ বাঘজৰী ধাৰণ কৰিছা।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিকশিত ভাৰত ইয়ং লীডাৰ্ছ ডায়লগ, ২০২৬ সম্বোধন কৰে

January 12th, 06:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত বিকশিত ভাৰত ইয়ং লীডাৰ্ছ ডায়লগ, ২০২৬-ৰ সামৰণি অধিবেশন সম্বোধন কৰে। ইয়াত সমবেতসকলক সম্বোধন কৰি শ্ৰী মোদীয়ে কয় যে তেওঁ প্ৰথমবাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰোতে আজিৰ একাধিক যুৱ নাগৰিকৰ জন্মই হোৱা নাছিল আৰু ২০১৪-ত প্ৰধানমন্ত্ৰী হিচাপে কাৰ্য্যভাৰ গ্ৰহণ কৰাৰ সময়ত তেওঁলোকৰ অধিকাংশই শিশু আছিল। তথাপিও তেওঁ কয় যে নৱ-প্ৰজন্মৰ প্ৰতি তেওঁৰ আস্থা নিৰন্তৰ আৰু অদম্য হৈয়েই আছে। তোমালোকৰ সামৰ্থ্য, তোমালোকৰ প্ৰতিভা অনন্য আৰু মই সদায় তোমালোকৰ সামৰ্থ্যৰ পৰা শক্তি আহৰণ কৰি আহিছো। আৰু আজি চোৱাচোন, তোমালোক সকলোৱে এখনি উন্নত ভাৰতৰ লক্ষ্যৰ বাঘজৰী ধাৰণ কৰিছা, শ্ৰী মোদীয়ে কয়।

Gen Z & Gen Alpha will lead India to the goal of a Viksit Bharat: PM Modi

December 26th, 01:30 pm

While addressing the national programme marking ‘Veer Baal Diwas’ in New Delhi, PM Modi stated that the Sahibzades broke the boundaries of age and stage and stood like a rock against the cruel Mughal empire. The PM highlighted that the courage and ideals of Mata Gujri, Shri Guru Gobind Singh Ji, and the four Sahibzades continue to give strength to every Indian. He added that India will demonstrate complete liberation from the colonial mindset by 2035.

নতুন দিল্লীত বীৰ বাল দিৱসৰ কাৰ্যসূচীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণ

December 26th, 01:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত ‘বীৰ বাল দিৱস’ উপলক্ষে আয়োজিত ৰাষ্ট্ৰীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰে। এই উপলক্ষে ভাষণ দি প্ৰধানমন্ত্ৰীয়ে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা অতিথিসকলক আদৰণি জনাই উপস্থিত শিশুসকলক সম্বোধন কৰি মন্তব্য কৰে যে আজি দেশত বীৰ বাল দিৱস উদযাপন কৰা হৈছে। তেওঁ বন্দে মাতৰমৰ সুন্দৰ উপস্থাপনৰ ওপৰত আলোকপাত কৰি অভিনয় কৰা সকলৰ নিষ্ঠা আৰু প্ৰচেষ্টা স্পষ্টভাৱে দেখা পোৱা বুলি উল্লেখ কৰে।

নতুন দিল্লীত পৰম্পৰাগত চিকিৎসা সম্পৰ্কীয় দ্বিতীয় ডব্লিউএইচঅ’ বিশ্ব সন্মিলনত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

December 19th, 08:11 pm

আজি পৰম্পৰাগত চিকিৎসা সম্পৰ্কীয় দ্বিতীয় ডব্লিউএইচঅ’ বিশ্ব সন্মিলনৰ সামৰণি দিৱস। বিগত তিনিদিনত বিশ্বৰ ভিন্ন প্ৰান্তৰ পৰম্পৰাগত চিকিৎসা ক্ষেত্ৰৰ বিশেষজ্ঞসকলে গুৰুত্বপূৰ্ণ আৰু অৰ্থপূৰ্ণ আলোচনাত মিলিত হৈছে। মই এই উদ্দেশ্যে ভাৰতে এখনি শক্তিশালী মঞ্চ হিচাপে কাম কৰি থকাত সন্তোষ পাইছো। এই প্ৰক্ৰিয়াত বিশ্ব স্বাস্থ্য সংস্থাই (WHO) সক্ৰিয় ভূমিকা পালন কৰিছে। এই সন্মিলনৰ সফল আয়োজনৰ বাবে মই ডব্লিউএইচঅ’, ভাৰত চৰকাৰৰ আয়ুষ মন্ত্ৰালয় আৰু উপস্থিত সকলো অংশগ্ৰহণকাৰীলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলো।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পৰম্পৰাগত চিকিৎসা সম্পৰ্কীয় দ্বিতীয় ডব্লিউএইচঅ’ বিশ্ব সন্মিলনৰ সামৰণি অনুষ্ঠান সম্বোধন কৰে

December 19th, 07:07 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত পৰম্পৰাগত চিকিৎসা সম্পৰ্কীয় দ্বিতীয় ডব্লিউএইচঅ’ বিশ্ব সন্মিলনৰ সামৰণি অনুষ্ঠান সম্বোধন কৰে। ইয়াত প্ৰধানমন্ত্ৰীয়ে কয় যে বিগত তিনিদিনত বিশ্বৰ ভিন্ন প্ৰান্তৰ পৰম্পৰাগত চিকিৎসা ক্ষেত্ৰৰ বিশেষজ্ঞসকলে গুৰুত্বপূৰ্ণ আৰু অৰ্থপূৰ্ণ আলোচনাত মিলিত হৈছে। তেওঁ এই উদ্দেশ্যে ভাৰতে এখনি শক্তিশালী মঞ্চ হিচাপে কাম কৰি থকাত সন্তোষ প্ৰকাশ কৰি উক্ত প্ৰক্ৰিয়াত বিশ্ব স্বাস্থ্য সংস্থাৰ (WHO) সক্ৰিয় ভূমিকাৰ কথা উল্লেখ কৰে। এই সন্মিলনৰ সফল আয়োজনৰ বাবে তেওঁ ডব্লিউএইচঅ’, ভাৰত চৰকাৰৰ আয়ুষ মন্ত্ৰালয় আৰু উপস্থিত সকলো অংশগ্ৰহণকাৰীলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে।

অহা ২ ছেপ্টেম্বৰত নতুন দিল্লীৰ যশোভূমিত ‘ছেমিকন ইণ্ডিয়া - ২০২৫’ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে

September 01st, 03:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২ ছেপ্টেম্বৰৰ পুৱা প্ৰায় ১০ বজাত নতুন দিল্লীৰ যশোভূমিত ভাৰতৰ অৰ্ধপৰিবাহী পৰিৱেশ তন্ত্ৰৰ অনুঘটক হিচাপে কাম কৰিবলগীয়া ‘ছেমিকন ইণ্ডিয়া - ২০২৫’সন্মিলন উদ্বোধন কৰিব। প্ৰধানমন্ত্ৰীয়েও ৩ ছেপ্টেম্বৰৰ পুৱা প্ৰায় ৯:৩০ বজাৰ পৰা অনুষ্ঠিত হ’বলগীয়া সন্মিলনত অংশগ্ৰহণ কৰিব, য’ত তেওঁ মুখ্য কাৰ্যবাহী বিষয়াসকলৰ ঘূৰণীয়া মেজমেলতো অংশগ্ৰহণ কৰিব।

ভাৰত-জাপান অৰ্থনৈতিক মঞ্চত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণ

August 29th, 11:20 am

অৱশ্যে, এনেকুৱা বহু লোক আছে যাৰ সৈতে মোৰ ব্যক্তিগত পৰিচয় আছে। আনকি মই গুজৰাটত থকা কালত আৰু মই গুজৰাটৰ পৰা দিল্লীলৈ অহাৰ সময়তো। আপোনালোকৰ মাজৰ বহুতৰে সৈতে মোৰ ঘনিষ্ঠ পৰিচয় আছে। মই আনন্দিত যে আজি আপোনালোক সকলোকে লগ পোৱাৰ সুযোগ পাইছো।

প্ৰধানমন্ত্ৰীয়ে ভাৰত-জাপান ইকনমিক ফৰামত অংশগ্ৰহণ কৰে

August 29th, 11:02 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু জাপানৰ প্ৰধানমন্ত্ৰী মহামহিম শ্বিগেৰু ইছিবাই ২৯ আগষ্টত টকিঅ’ত কনফেডাৰেচন অৱ ইণ্ডিয়ান ইণ্ডাষ্ট্ৰী আৰু কেইডানৰেনে [জাপান বিজনেছ ফেডাৰেচন]-ৰ উদ্যোগত আয়োজিত ভাৰত-জাপান ইকনমিক ফৰামত অংশগ্ৰহণ কৰে। ইয়াত ভাৰত-জাপান বিজনেছ লিডাৰ্ছ ফৰামৰ চিইঅ’সকলকে প্ৰমুখ্য কৰি ভাৰত আৰু জাপানৰ উদ্যোগৰ আগশাৰীৰ ব্যক্তিসকলে ভাগ লয়।

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

April 27th, 11:30 am

নমস্কাৰ। আজি 'মন কী বাত'ত আপোনালোকৰ লগত কথা পাতি আছো যদিও মোৰ অন্তৰত এক গভীৰ দুখ অনুভৱ হৈ আছে। ২২ এপ্ৰিলত পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণে দেশৰ প্ৰতিজন নাগৰিকৰ মনত আঘাত দিছে। মৃতকৰ পৰিয়ালৰ প্ৰতি সমগ্ৰ ভাৰতীবাসীয়ে গভীৰ সমবেদনা জ্ঞাপন কৰিছে। তেওঁ যি ৰাজ্যৰেই নহওক বা যি ভাষা নকওক কিয়, এই আক্ৰমণত নিজৰ আপোনজনক হেৰুওৱা সেই লোকসকলৰ যন্ত্ৰণা ভুক্তভোগী লোকসকলেহে অনুভৱ কৰে। সন্ত্ৰাসবাদী আক্ৰমণৰ ছবি দেখি প্ৰতিজন ভাৰতীয়ৰ তেজ উতলি থকা যেন অনুভৱ হৈছে। পেহেলগামত এই আক্ৰমণে সন্ত্ৰাসবাদক পৃষ্ঠপোষকতা কৰা সকলৰ হতাশাৰ লগতে, তেওঁলোকৰ কাপুৰুষালি প্ৰদৰ্শন কৰিছে। কাশ্মীৰত শান্তি ঘূৰি আহিছিল, বিদ্যালয়-মহাবিদ্যালয়ত জীপাল হৈ উঠিছিল, নিৰ্মাণ কাৰ্য্যই অভূতপূৰ্ব গতি লাভ কৰিছিল, গণতন্ত্ৰ শক্তিশালী হৈ আহিছিল, পৰ্যটকৰ সংখ্যা অভিলেখ পৰিমাণৰ বৃদ্ধি পাইছিল, মানুহৰ আয় বাঢ়িছিল, যুৱক-যুৱতীসকলৰ বাবে নতুন সুযোগৰ সৃষ্টি হৈছিল। কিন্তু দেশ তথা জম্মু-কাশ্মীৰৰ শত্ৰুবোৰে এই কথাবোৰ ভাল নাপালে। সন্ত্ৰাসবাদী আৰু তেওঁলোকৰ পৃষ্ঠপোষকসকলে কাশ্মীৰ পুনৰ ধ্বংস হোৱাটো বিচাৰে আৰু সেয়েহে তেওঁলোকে ইমান ডাঙৰ ষড়যন্ত্ৰ ৰচনা কৰিছিল। দেশৰ ঐক্য, ১৪০ কোটি ভাৰতীয়ৰ একতা, সন্ত্ৰাসবাদৰ বিৰুদ্ধে এই যুদ্ধত আমাৰ সৰ্ববৃহৎ শক্তি। এই ঐক্যই সন্ত্ৰাসবাদৰ বিৰুদ্ধে আমাৰ নিৰ্ণায়ক যুঁজৰ আধাৰ। দেশৰ সন্মুখত দেখা দিয়া এই প্ৰত্যাহ্বান মোকাবিলা কৰিবলৈ আমি আমাৰ সংকল্প শক্তিশালী কৰিব লাগিব। দেশ হিচাপে আমি দৃঢ় ইচ্ছাশক্তি প্ৰদৰ্শন কৰিব লাগিব। এই ক্ষেত্ৰত আজি বিশ্বই দৃষ্টি ৰাখিছে আৰু সন্ত্ৰাসবাদী এই নৃশংস আক্ৰমণৰ পিছত সমগ্ৰ দেশে সমস্বৰে মাত মাতিছে।

"পৰীক্ষা পে’ চৰ্চা ২০২৫" কাৰ্যসূচীত শিক্ষাৰ্থীসকলৰ সৈতে প্ৰধানমন্ত্ৰীয়ে কৰা বাৰ্তালাপৰ পাঠ

February 10th, 11:30 am

আমি ‘পৰীক্ষা পে’ চৰ্চা’ৰ বাবে খুবেই উৎফুল্লিত হৈ আছোঁ।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পৰীক্ষা পে চৰ্চা ২০২৫ৰ সময়ত শিক্ষাৰ্থীসকলৰ সৈতে মত বিনিময় কৰে

February 10th, 11:00 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ সুন্দৰ নাৰ্চাৰীত পৰীক্ষা পে চৰ্চা (পি পি চি)ৰ অষ্টম সংস্কৰণৰ সময়ত শিক্ষাৰ্থীসকলৰ সৈতে মত বিনিময় কৰে। প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ দেশৰ শিক্ষাৰ্থীসকলৰ সৈতে এক অনানুষ্ঠানিক বাৰ্তালাপত বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰে। তেওঁ তিলৰ পৰা তৈয়াৰী মিঠাই বিতৰণ কৰে, যিটো পৰম্পৰাগতভাৱে শৰীৰ গৰম ৰাখিবলৈ শীতকালত পৰিবেশন কৰা হয়।

লোকসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ ওপৰত ধন্যবাদসূচক প্ৰস্তাৱৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ

February 04th, 07:00 pm

সন্মানীয় ৰাষ্ট্ৰপতি মহোদয়াৰ ভাষণ সন্দৰ্ভত কৃতজ্ঞতা জ্ঞাপন কৰিবলৈ মই উপস্থিত হৈছোঁ। কালি আৰু আজি তো গভীৰ নিশালৈকে সকলো সন্মানীয় সাংসদে নিজৰ চিন্তাৰে এই ধন্যবাদ প্ৰস্তাৱক সমৃদ্ধ কৰিলে। বহু মাননীয় অভিজ্ঞ সংসদ সদস্যইও নিজৰ মতামত প্ৰকাশ কৰিলে, আৰু স্বাভাৱিকতে গণতন্ত্ৰৰ পৰম্পৰাও আছে, য’ত প্ৰয়োজন আছিল, তাত প্ৰশংসা হ’ল, য’ত অসুবিধা আছিল, তাত কিছুমান নেতিবাচক কথাও হ’ল, কিন্তু এয়া অতি স্বাভাৱিক! অধ্যক্ষ মহোদয়, মোৰ বাবে বহুত ডাঙৰ সৌভাগ্য যে দেশৰ জনসাধাৰণে মোক ১৪ সংখ্যক বাৰৰ বাবে এই স্থানত বহি ৰাষ্ট্ৰপতি মহোদয়াৰ ভাষণৰ কৃতজ্ঞতা প্ৰকাশ কৰাৰ সুযোগ দিছে আৰু সেয়ে মই আজি জনতা জনাৰ্দনৰো অতি সন্মানেৰে কৃতজ্ঞতা প্ৰকাশ কৰিব বিচাৰোঁ আৰু সদনত আলোচনাত যিসকল লোকে অংশগ্ৰহণ কৰিলে, আলোচনাক সমৃদ্ধ কৰিলে, সেইসকলৰ প্ৰতিও মই মোৰ কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ।

লোকসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসুচক প্ৰস্তাৱৰ বিতৰ্কত উত্তৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

February 04th, 06:55 pm

লোকসভাত আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সংসদত ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসুচক প্ৰস্তাৱৰ উত্তৰ দিয়ে। সদনত ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰীয়ে কালি আৰু আজি আলোচনাত অংশগ্ৰহণ কৰা সকলো সন্মানীয় সাংসদৰ অৱদানৰ শলাগ লৈ গণতন্ত্ৰৰ পৰম্পৰাত প্ৰয়োজনত প্ৰশংসা আৰু প্ৰয়োজনত কিছু নেতিবাচক মন্তব্য দুয়োটাকে অন্তৰ্ভুক্ত কৰা বুলি উল্লেখ কৰে, যিটো স্বাভাৱিক। চতুৰ্দশ বাৰৰ বাবে ৰাষ্ট্ৰপতিৰ ভাষণৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰাৰ সুযোগ পোৱাৰ মহান সৌভাগ্যৰ ওপৰত আলোকপাত কৰি তেওঁ সকলো নাগৰিকক শ্ৰদ্ধা জনোৱাৰ লগতে আলোচনাত অংশগ্ৰহণ কৰা সকলোকে প্ৰস্তাৱটোক নিজৰ চিন্তাৰে সমৃদ্ধ কৰাৰ বাবে প্ৰশংসা কৰে।

'স্মাৰ্ট ইণ্ডিয়া হেকাথন, ২০২৪’-ত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ ইংৰাজী তৰ্জমাৰ অসমীয়া অনুবাদ

December 11th, 05:00 pm

মই সদায় লালকিল্লাৰ পৰা উল্লেখ কৰি অহা এটা কথা চাগৈ আপোনালোক সকলোৱে মনত ৰাখিছে। মই কৈ অহা কথাষাৰ হৈছে 'সব কা প্ৰয়াস' (সকলোৰে প্ৰচেষ্টা) হৈছে মূল চাবিকাঠি- আজিৰ ভাৰতে কেৱল সকলোৰে সামূহিক প্ৰচেষ্টাৰ জৰিয়তেহে দ্ৰুত গতিত আগবাঢ়িব পাৰিব। এই নীতিৰ এক উদাহৰণ হৈছে আজি। মই ‘স্মাৰ্ট ইণ্ডিয়া হেকাথন’ৰ এই বৰ্ণাঢ্য সামৰণিৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছোঁ। যেতিয়াই মই আপোনালোকৰ দৰে যুৱ উদ্ভাৱকসকলৰ মাজত থকাৰ সুযোগ পাওঁ মই নতুন অন্তৰ্দৃষ্টি শিকিবলৈ, বুজিবলৈ আৰু প্ৰাপ্ত কৰাৰ সুযোগ পাওঁ। আপোনালোক সকলোৰে পৰা মোৰ অপাৰ প্ৰত্যাশা আছে। একবিংশ শতিকাৰ ভাৰতখনক চোৱাৰ ক্ষেত্ৰত আপোনালোকৰ দৰে যুৱ উদ্ভাৱকসকলৰ এক অনন্য দৃষ্টিভংগী আছে, আৰু সেয়েহে আপোনালোকৰ সমাধানবোৰো অনন্য হয়। যেতিয়া আপোনালোকে নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হয়, আপোনালোকে নতুন আৰু সৃজনশীল সমাধানৰে সঁহাৰি দিয়ে। মই আগতে কেবাটাও হেকাথনত অংশগ্ৰহণ কৰিছিলোঁ, আৰু আপোনালোকে মোক কেতিয়াও হতাশ কৰা নাই। আপোনালোকে সদায় আপোনালোকৰ ওপৰত থকা মোৰ বিশ্বাসক শক্তিশালী কৰি আহিছে। আগতে অংশগ্ৰহণ কৰা দলবোৰে সমাধান প্ৰদান কৰিছে, যিবোৰ এতিয়া বিভিন্ন মন্ত্ৰালয়ত কাৰ্যকৰীভাৱে ব্যৱহাৰ কৰা হৈছে। এতিয়া, এই হেকাথনত মই জানিবলৈ আগ্ৰহী যে দেশৰ বিভিন্ন প্ৰান্তৰ দলবোৰে কি কি প্ৰসংগত কাম কৰি আছে। মই আপোনালোকৰ উদ্ভাৱনৰ বিষয়ে শিকিবলৈ বাৰুকৈয়ে আগ্ৰহী। গতিকে, আৰম্ভ কৰোঁ আহক! কোনে প্ৰথমে আমাৰ সৈতে কথা পাতিব বিচাৰিব?

আমাৰ যুৱ শক্তিৰ প্ৰতিভা আৰু কৌশল উল্লেখযোগ্য: প্ৰধানমন্ত্ৰী

December 11th, 04:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি স্মাৰ্ট ইণ্ডিয়া হেকাথন, ২০২৪ৰ গ্ৰেণ্ড ফিনালেত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে যুৱ উদ্ভাৱকসকলৰ সৈতে মত বিনিময় কৰে। এই উপলক্ষে আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে লালকিল্লাৰ পৰা দিয়া ভাষণৰ পৰা ‘সবকা প্ৰয়াস’ পুনৰাবৃত্তি কৰাৰ কথা সোঁৱৰাই দিয়ে। তেওঁ কয় যে আজিৰ ভাৰতবৰ্ষই ‘সবকা প্ৰয়াস’ বা সকলোৰে প্ৰচেষ্টাৰে দ্ৰুত গতিত আগবাঢ়িব পাৰে আৰু আজিৰ এই অনুষ্ঠানটো ইয়াৰে এক আদৰ্শ। “স্মাৰ্ট ইণ্ডিয়া হেকাথনৰ গ্ৰেণ্ড ফিনালেৰ বাবে মই আগ্ৰহেৰে অপেক্ষা কৰি আহিছো”, বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁ যুৱ উদ্ভাৱকসকলৰ মাজত থাকিলে নতুন কিবা এটা শিকিবলৈ আৰু বুজিবলৈ সুযোগ পায়। যুৱ উদ্ভাৱকসকলৰ প্ৰতি তেওঁৰ উচ্চ আশাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁলোকৰ একবিংশ শতিকাৰ ভাৰতক বেলেগ ধৰণে চোৱাৰ দৃষ্টিভংগী আছে। সেয়ে শ্ৰী মোদীয়ে কয় যে আপোনালোকৰ সমাধানো বেলেগ আৰু নতুন প্ৰত্যাহ্বান আহিলে নতুন আৰু অনন্য সমাধানৰ কথা উলিয়ায়। পূৰ্বতে হেকাথনৰ অংশ হোৱাৰ কথা স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ইয়াৰ ফলাফলত তেওঁ কেতিয়াও হতাশ হোৱা নাই। “আপোনালোকে মোৰ বিশ্বাসক মাত্ৰ সাহস দিছে”, পূৰ্বতে প্ৰদান কৰা সমাধানসমূহ বিভিন্ন মন্ত্ৰালয়ত ব্যৱহাৰ কৰা হৈছে বুলি আলোকপাত কৰি তেওঁ কয়। শ্ৰী মোদীয়ে অংশগ্ৰহণকাৰীসকলৰ বিষয়ে অধিক জানিবলৈ আগ্ৰহ প্ৰকাশ কৰি আদান-প্ৰদান আৰম্ভ কৰে।

মহাৰাষ্ট্ৰত ৯ অক্টোবৰত ৭৬০০ কোটিৰো অধিক মূল্যৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে

October 08th, 07:31 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহাৰাষ্ট্ৰত অহা ৯ অক্টোবৰৰ দিনৰ প্ৰায় ১ বজাত, ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে ৭৬০০ কোটিৰো অধিক মূল্যৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব।

স্মাৰ্ট ইণ্ডিয়া হেকাথন ২০২৩ৰ গ্ৰাণ্ড ফাইনেলৰ অংশগ্ৰহণকাৰীৰ সৈতে এক বাৰ্তালাপত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ পাঠ

December 19th, 11:32 pm

একবিংশ শতিকাৰ ভাৰত আজি জয় জোৱান, জয় কিষাণ, জয় জ্ঞান আৰু জয় অনুসন্ধান মন্ত্ৰত আগবাঢ়িছে। একো হ’বই নোৱাৰে, এইটো সলনি হ’বই নোৱাৰে, এই চিন্তাৰ পৰা এতিয়া প্ৰতিজন ভাৰতীয় ওলাই আহিছে। এই নতুন চিন্তাৰ বাবেই যোৱা ১০ বছৰত ভাৰত দশম স্থানৰ পৰা ৫ম স্থানৰ অৰ্থনীতিত পৰিণত হৈছে। আজি ভাৰতৰ ইউ পি আইৰ ডংকা সমগ্ৰ বিশ্বতে শুনা গৈছে। কৰোণা মহাসংকটৰ সময়ত ভাৰতে মেড ইন ইণ্ডিয়া ভেকচিন তৈয়াৰ কৰিছিল। ভাৰতে নিজৰ নাগৰিকক বিনামূলীয়াকৈ টিকাকৰণৰ প্ৰক্ৰিয়াও সম্পূৰ্ণ কৰে আৰু বিশ্বৰ কেইবা ডজন দেশক ভেকচিন প্ৰদান কৰে।

স্মাৰ্ট ইণ্ডিয়া হেকাথন ২০২৩ৰ চূড়ান্ত প্ৰতিযোগিতাত অংশগ্ৰহণকাৰীসকলক সম্বোধন প্ৰধানমন্ত্ৰীৰ

December 19th, 09:30 pm

কয়লা মন্ত্ৰালয়ৰ পৰিবহণ আৰু লজিষ্টিক বিষয়ত কাম কৰা কৰ্ণাটকৰ মহীচুৰুৰ ৰাষ্ট্ৰীয় অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ শ্ৰী সোইকত দাস আৰু প্ৰতীক সাহাৰ সৈতে মত বিনিময় কৰে। তেওঁলোকে ৰে’লৱেৰ মালবাহী সামগ্ৰীৰ বাবে আইঅটিভিত্তিক ব্যৱস্থা নিৰ্মাণ কৰি আছে। প্ৰধানমন্ত্ৰীয়ে তেওঁলোকক কয় যে হেকাথন তেওঁৰ বাবেও এক শিক্ষণৰ সুযোগ আৰু তেওঁ অংশগ্ৰহণকাৰীসকলৰ সৈতে মত বিনিময় কৰিবলৈ সদায় আগ্ৰহী। অংশগ্ৰহণকাৰীসকলৰ উজ্বল মুখখনলৈ চাই প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁলোকৰ উৎসাহ, ইচ্ছাশক্তি আৰু দেশ গঢ় দিয়াৰ আকাংক্ষা ভাৰতৰ যুৱ শক্তিৰ পৰিচয় হৈ পৰিছে। বাংলাদেশৰ ছাত্ৰ-ছাত্ৰীকো অন্তৰ্ভুক্ত কৰা দলটোৱে প্ৰধানমন্ত্ৰীক জনাইছে যে তেওঁলোকে ৰে’লৱে কয়লা ৱেগনৰ কম আৰু অতিৰিক্ত বোজাৰ সমস্যা সমাধানৰ বাবে চেষ্টা কৰিছে যাৰ ফলত লোকচান বা জৰিমনা বিহা হয়। তাৰ বাবে তেওঁলোকে আইঅ’টি আৰু কৃত্ৰিম বুদ্ধিমত্তাভিত্তিক প্ৰযুক্তি ব্যৱহাৰ কৰিছে। দলটোত বাংলাদেশ আৰু ভাৰতৰ পৰা ৩ জনকৈ ৬জন সদস্য আছে। প্ৰধানমন্ত্ৰীয়ে তেওঁলোকৰ এই প্ৰচেষ্টাই পৰিৱৰ্তনশীল পৰ্যায়ত চলি থকা ভাৰতীয় ৰে’লৱে লাভৱান হ’ব বুলি আস্থা প্ৰকাশ কৰে। তেওঁ লজিষ্টিকক মুল ক্ষেত্ৰ বুলি অৱগত কৰি ভৱিষ্যতে বাংলাদেশৰ পৰা আৰু বহু ছাত্ৰ-ছাত্ৰী ভাৰতলৈ আহিব বুলি আশা প্ৰকাশ কৰি ‘ষ্টাডী ইন ইণ্ডিয়া‘ কাৰ্যসূচীয়ে এনে ছাত্ৰ-ছাত্ৰীক সহায় কৰিব বুলি উল্লেখ কৰে।

১৯ ডিচেম্বৰত স্মাৰ্ট ইণ্ডিয়া হেকাথন, ২০২৩ৰ চুড়ান্ত প্ৰতিযোগিতাত অংশগ্ৰহণকাৰীসকলৰ সৈতে মত বিনিময় কৰিব প্ৰধানমন্ত্ৰীয়ে

December 18th, 06:52 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৯ ডিচেম্বৰ, ২০২৩ৰ নিশা ৯:৩০ বজাত স্মাৰ্ট ইণ্ডিয়া হেকাথন ২০২৩ৰ চুড়ান্ত প্ৰতিযোগিতাৰ অংশগ্ৰহণকাৰীসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে মত বিনিময় কৰিব। এই উপলক্ষে অংশগ্ৰহণকাৰীসকলক সম্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে।