শ্লোভাক ব্যৱসায়িক ক্ষেত্ৰৰ কৰ্ণধাৰসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক

June 15th, 09:14 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ লগতে শ্লোভাকিয়াৰ প্ৰধানমন্ত্ৰী ৰবাৰ্ট ফিকোৱে ৰে’লৱে, প্ৰতিৰক্ষা, অটোমোটিভ, শক্তি, তথ্য প্ৰযুক্তি, স্বাস্থ্যসেৱাকে ধৰি শ্লোভাকিয়াৰ বিভিন্ন ক্ষেত্ৰৰ প্ৰধান ব্যৱসায়িক আৰু উদ্যোগ জগতৰ নেতৃবৰ্গৰ সৈতে মত বিনিময় কৰে।

অজ্ঞাত সৈনিকৰ সমাধিক্ষেত্ৰত প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

June 15th, 06:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ব্ৰাটিশ্লাভাৰ অজ্ঞাত সৈনিকৰ সমাধিক্ষেত্ৰত শ্লোভাকিয়াৰ নিহত সৈনিকসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

শ্লভাক গণৰাজ্যৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

June 15th, 05:40 pm

ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক আজি ব্ৰাটিশ্লাভাৰ ঐতিহাসিক দুৰ্গত শ্লভাক গণৰাজ্যৰ প্ৰধানমন্ত্ৰী ৰবাৰ্ট ফিৎচোৱে উষ্ম আদৰণি জনায়। ব্ৰাটিশ্লাভাত উপস্থিত হোৱাৰ পিছতে প্ৰধানমন্ত্ৰী মোদীক আনুষ্ঠানিকভাৱে অভিবাদন জনোৱা হয়।

ভাৰত-শ্ল’ভাকিয়াৰ যৌথ বিবৃতি

June 15th, 05:32 pm

শ্ল’ভাক গণৰাজ্যৰ প্ৰধানমন্ত্ৰী ৰবাৰ্ট ফিৎচোৰ আমন্ত্ৰণ ক্ৰমে ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬ চনৰ ১৫ জুনত শ্ল’ভাক গণৰাজ্য ভ্ৰমণ কৰে।

প্ৰধানমন্ত্ৰীৰ শ্লভাকিয়া ভ্ৰমণৰ মূল সাফল্য আৰু ঘোষণাসমূহৰ তালিকা

June 15th, 05:17 pm

শ্ৰম প্ৰব্ৰজনৰ ক্ষেত্ৰত পাৰস্পৰিক সহযোগিতাৰ বুজাবুজি চুক্তি।

শ্লোভাকিয়াত উপস্থিত হৈছেহি প্ৰধানমন্ত্ৰী মোদী

June 15th, 02:15 am

ভাৰত-শ্লোভাকিয়াৰ সম্পৰ্কৰ এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি স্বৰূপে শ্লোভাকিয়াৰ ব্ৰাটিস্লাভাত উপস্থিত হয়হি প্ৰধানমন্ত্ৰী মোদী। পদাৰ্পণৰ মুহূৰ্তত তেওঁক উষ্ম আদৰণি জনোৱা হয়।

ফ্ৰান্স আৰু স্লোভাকিয়া ভ্ৰমণৰ পূৰ্বে প্ৰধানমন্ত্ৰীৰ বিবৃতি

June 13th, 10:03 am

ভাৰতৰ কৌশলগত দৃষ্টিভংগীৰ ক্ষেত্ৰত ফ্ৰান্সে এক বিশেষ স্থান দখল কৰিছে। এই বছৰৰ আৰম্ভণিতে ৰাষ্ট্ৰপতি মেক্ৰ’ই ভাৰত ভ্ৰমণ কৰিছিল আৰু আমি আমাৰ সম্পৰ্কক এক বিশেষ গোলকীয় কৌশলগত অংশীদাৰিত্বলৈ উন্নীত কৰিছিলো। যেতিয়া মই নিচত ৰাষ্ট্ৰপতি মেক্ৰ’ক সাক্ষাৎ কৰিম, তেতিয়া ফেব্ৰুৱাৰীৰ পৰা হোৱা অগ্ৰগতিৰ পৰ্যালোচনা কৰিম আৰু আমাৰ সহযোগিতাৰ পৰৱৰ্তী পদক্ষেপসমূহৰ তালিকা প্ৰস্তুত কৰিম। পাৰস্পৰিক স্বাৰ্থৰ গোলকীয় বিষয়সমূহৰ ওপৰতো আমাৰ আলোচনাৰ বাবে মই আগ্ৰহী।

প্ৰধানমন্ত্ৰীৰ ফ্ৰান্স আৰু স্লোভাকিয়া ভ্ৰমণ

June 09th, 07:20 pm

ফ্ৰান্সৰ ৰাষ্ট্ৰপতি মাননীয় ইমানুৱেল মেক্ৰ’ৰ আমন্ত্ৰণত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৩-১৪ জুন ২০২৬(নিচ),১৬-১৯ জুন ২০২৬ (ইভিয়ান আৰু পেৰিছ) ৰ পৰা ফ্ৰান্সলৈ আৰু লগতে ১৪-১৬ জুন ২০২৬ ৰ পৰা স্লোভাকিয়া ভ্ৰমণ কৰিব। ভ্ৰমণৰ প্ৰথম পৰ্যায়ত প্ৰধানমন্ত্ৰীয়ে ১৪ জুনত ৰাষ্ট্ৰপতি মেক্ৰ’ৰ সৈতে দ্বিপাক্ষিক বৈঠকৰ বাবে নিচ ভ্ৰমণ কৰিব। দুয়োগৰাকী নেতাই ভাৰত-ফ্ৰান্সৰ দ্বিপাক্ষিক সম্পৰ্কৰ সম্পূৰ্ণ পৰিসৰৰ পৰ্যালোচনা কৰিব, যাক এই বছৰৰ আৰম্ভণিতে বিশেষ গোলকীয় কৌশলগত অংশীদাৰিত্বৰ স্তৰলৈ উন্নীত কৰা হৈছিল। নিচত দুয়োগৰাকী নেতাই যুটীয়াভাৱে 'ভাৰত উদ্ভাৱন' অনুষ্ঠান উদ্বোধন কৰিব, যি ভাৰত, ফ্ৰান্স আৰু অন্যান্য দেশৰ শীৰ্ষ উদ্ভাৱন ষ্টাৰ্টআপ তথা ভেঞ্চাৰ কেপিটেল পুঁজি একত্ৰিত কৰিব। ভাৰত-ফ্ৰান্স উদ্ভাৱন বৰ্ষৰ সময়ত অনুষ্ঠিত হোৱা এই বিশেষ অনুষ্ঠানটোৱে দুয়োখন দেশৰ মাজত বিদ্যমান জীৱন্ত উদ্ভাৱন অংশীদাৰিত্বক শক্তিশালী কৰে।