আফশ্লুইটডাইক বান্ধ পৰিদৰ্শন প্ৰধানমন্ত্ৰীৰ
May 17th, 03:38 pm
নেদাৰলেণ্ডৰ প্ৰধানমন্ত্ৰী মাননীয় ৰব জেটেনৰ সৈতে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নেদাৰলেণ্ডৰ ঐতিহাসিক জল ব্যৱস্থাপনা গাঁথনি আফশ্লুইটডাইক বান্ধ পৰিদৰ্শন কৰে।ভাৰতৰ প্ৰধানমন্ত্ৰীৰ নেদাৰলেণ্ড ভ্ৰমণৰ সময়ত ভাৰত-নেদাৰলেণ্ডৰ যুটীয়া বিবৃতি
May 17th, 03:45 am
নেদাৰলেণ্ডৰ প্ৰধানমন্ত্ৰী শ্ৰী ৰব জেটেনৰ আমন্ত্ৰণ ক্ৰমে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬ চনৰ ১৬-১৭ মে’ত এক চৰকাৰী ভ্ৰমণসূচীৰে নেদাৰলেণ্ডত উপস্থিত হয়। এয়া আছিল প্ৰধানমন্ত্ৰী মোদীৰ দ্বিতীয়টো নেদাৰলেণ্ড ভ্ৰমণ।ভাৰত-নেদাৰলেণ্ডৰ কৌশলগত অংশীদাৰিত্বৰ ৰূপৰেখা [২০২৬-২০৩০]
May 17th, 03:15 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু নেদাৰলেণ্ডৰ প্ৰধানমন্ত্ৰী শ্ৰী ৰব জেটেনে ২০২৬ চনৰ ১৬ মে’ত হেগত এখন বৈঠকত মিলিত হয়। ইয়াৰ বাবে ভাৰত আৰু নেদাৰলেণ্ডে পৰৱৰ্তী পাঁচ বছৰৰ বাবে (২০২৬-২০৩০) ভাৰত-নেদাৰলেণ্ড কৌশলগত অংশীদাৰিত্বৰ কাঠামো গ্ৰহণ কৰে।নেদাৰলেণ্ডৰ প্ৰধানমন্ত্ৰীৰ সৈতে আনুষ্ঠানিক বৈঠকত মিলিত প্ৰধানমন্ত্ৰী
May 17th, 02:35 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হেগত থকা ডাচ প্ৰধানমন্ত্ৰীৰ চৰকাৰী বাসগৃহ (Catshuis)ত নেদাৰলেণ্ডৰ প্ৰধানমন্ত্ৰী মাননীয় ৰব জেটেনৰ সৈতে আনুষ্ঠানিক বৈঠকত মিলিত হয়।নেদাৰলেণ্ডৰ প্ৰধানমন্ত্ৰী ৰব জেটেনৰ সৈতে প্ৰতিনিধি পৰ্যায়ৰ বৈঠকত প্ৰধানমন্ত্ৰী মোদীয়ে আগবঢ়োৱা মন্তব্যৰ পূৰ্ণপাঠ
May 16th, 11:58 pm
মোক আৰু মোৰ প্ৰতিনিধি দলটোক উষ্ম আদৰণি জনোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ। প্ৰায় এটা দশকৰ পাছত নেদাৰলেণ্ড ভ্ৰমণ কৰিবলৈ পাই মই অতিশয় আনন্দিত হৈছো। বিগত দশকত ভাৰত-নেদাৰলেণ্ডৰ অংশীদাৰিত্বই উল্লেখযোগ্য অগ্ৰগতি লাভ কৰিছে।নেদাৰলেণ্ডৰ মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক
May 16th, 10:15 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ লগতে নেদাৰলেণ্ডৰ প্ৰধানমন্ত্ৰী মহামহিম শ্ৰীমান ৰব জেটেনে আজি শক্তি, বন্দৰ, স্বাস্থ্য, কৃষি বাণিজ্য আৰু প্ৰযুক্তি আদি বিভিন্ন খণ্ডৰ আগশাৰীৰ ডাচ কোম্পানীসমূহৰ বিশিষ্ট মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হয়। বৈঠকত ব্যৱসায়িক ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকলে তিনিটা ক্লাষ্টাৰৰ বিষয়ে উপস্থাপন আগবঢ়ায় : অৰ্ধপৰিবাহী, প্ৰযুক্তি আৰু উদ্ভাৱন; আন্তঃগাঁথনি, লজিষ্টিক আৰু সামুদ্ৰিক; তথা বহনক্ষমতা, শক্তি আৰু কৃষি। এই বাঠকতে ভাৰতৰ বাবে তেওঁলোকৰ কৌশলৰ ৰূপৰেখাও দাঙি ধৰিছে।নেদাৰলেণ্ডত মুখ্য কাৰ্যবাহী বিষয়াসকলৰ ঘূৰণীয়া মেজমেলত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা বক্তব্যৰ পূৰ্ণপাঠ
May 16th, 10:00 pm
আজি ইয়াত, বিশ্বৰ উদ্ভাৱনীমূলক কোম্পানীসমূহৰ বিশিষ্ট ব্যক্তিসকলৰ মাজত উপস্থিত থকাৰ কথাই মোক অপৰিসীম আনন্দ দিছে। আজি ৩০০ৰো অধিক ডাচ কোম্পানী ‘ইণ্ডিয়া ষ্ট’ৰী’ৰ এক অবিচ্ছেদ্য অংগ হৈ পৰিছে। আপোনালোকৰ দৃষ্টিভংগীৰ বাবেই—আৰু ভাৰতৰ প্ৰতি থকা আপোনালোকৰ আস্থাৰ বাবেই— ইউৰোপৰ পৰা নেদাৰলেণ্ডে ভাৰতৰ সৰ্ববৃহৎ বিনিয়োগকাৰী তথা ইয়াৰ দ্বিতীয় বৃহত্তম বাণিজ্যিক অংশীদাৰ হিচাপে আত্মপ্ৰকাশ কৰিছে।চোলা তামৰ প্লেট পুনৰুদ্ধাৰ
May 16th, 10:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু নেদাৰলেণ্ডৰ প্ৰধানমন্ত্ৰী মহামহিম শ্ৰীমান ৰব জেটেনৰ উপস্থিতিত লেইডেন বিশ্ববিদ্যালয়ৰ পুথিভঁৰালে আজি একাদশ শতিকাৰ চোলা তামৰ প্লেট ভাৰত চৰকাৰক পুনৰ অৰ্পণ কৰে।নেদাৰলেণ্ডত অনুষ্ঠিত ভাৰতীয় সম্প্ৰদায়ৰ অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীয়ে আগবঢ়োৱা ভাষণৰ অসমীয়া অনুবাদ
May 16th, 01:30 pm
ইমান মৰম। ইমান উৎসাহ। সঁচা কথা ক’বলৈ গ’লে ক্ষন্তেক সময়ৰ বাবে মই প্ৰায় পাহৰি গৈছিলো যে মই নেদাৰলেণ্ডত আছো। এনে লাগে যেন ভাৰতৰেই ক’ৰবাত কিবা এটা উৎসৱ চলি আছে!নেদাৰলেণ্ডত প্ৰবাসী ভাৰতীয়সমাজ'ক সম্বোধন প্ৰধানমন্ত্ৰী মোদীৰ
May 16th, 01:20 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হেগত ভাৰতীয় সম্প্ৰদায়ৰ অভ্যৰ্থনা অনুষ্ঠানত অংশগ্ৰহণ কৰে। নেদাৰলেণ্ডত উপস্থিত হোৱাৰ পিছতে প্ৰবাসী ভাৰতীয়সমাজ আৰু ভাৰতৰ বন্ধুসকলৰ এক বৃহৎ সমাৱেশে তেওঁক উষ্ম আদৰণি জনায়।নেদাৰলেণ্ডত উপস্থিত প্ৰধানমন্ত্ৰী মোদী
May 15th, 11:35 pm
পাঁচখন দেশৰ ভ্ৰমণৰ দ্বিতীয় পৰ্যায়ত নেদাৰলেণ্ডত উপস্থিত হয় প্ৰধানমন্ত্ৰী মোদী। তেওঁ গৈ পোৱাৰ লগে লগে তেওঁক উষ্ম আদৰণি জনোৱা হয়।Prime Minister’s Departure Statement ahead of his visit to the UAE, Netherlands, Sweden, Norway, and Italy
May 15th, 07:56 am
PM Modi is embarking on a five-nation visit to the UAE, the Netherlands, Sweden, Norway and Italy from 15-20 May 2026. During the visit, he will meet various Heads of State and hold discussions to further strengthen partnerships across key sectors. Highlights of the visit include his participation in the European Round Table for Industry in Sweden and the 3rd India-Nordic Summit in Oslo.ইউ এ ই, নেদাৰলেণ্ড, ছুইডেন, নৰৱে, আৰু ইটালীলৈ প্ৰধানমন্ত্ৰীৰ ভ্ৰমণ (১৫ - ২০ মে', ২০২৬)
May 11th, 09:00 pm
২০২৬ চনৰ ১৫ মে’ৰ পৰা ২০ মে’লৈ ইউ এ ই, নেদাৰলেণ্ড, ছুইডেন, নৰৱে আৰু ইটালী ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। এই ভ্ৰমণৰ সময়ত তেওঁ ইউ এ ইৰ ৰাষ্ট্ৰপতি শ্বেইখ মহম্মদ বিন জায়েদ আল নাহিয়ানক সাক্ষাৎ কৰি বিভিন্ন বিষয়ত মত বিনিময় কৰিব। নেদাৰলেণ্ডত প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰজা উইলেম-আলেকজেণ্ডাৰক সাক্ষাৎ কৰাৰ লগতে প্ৰধানমন্ত্ৰী ৰব জেটেনৰ সৈতে আলোচনাত মিলিত হ’ব। ছুইডেনত তেওঁ প্ৰধানমন্ত্ৰী ক্ৰীষ্টাৰছনৰ সৈতে আলোচনাত মিলিত হ’ব। নৰৱেত তেওঁ ৰজা পঞ্চম হাৰাল্ডক সাক্ষাৎ কৰাৰ লগতে প্ৰধানমন্ত্ৰী জ’নাছ গাহৰ ষ্ট’ৰৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ’ব। ইয়াৰ পিছত তেওঁ ইটালী ভ্ৰমণ কৰি প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলনীৰ সৈতে আলোচনাত মিলিত হ’ব।নেদাৰলেণ্ডৰ প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপ কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে
March 30th, 09:34 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নেদাৰলেণ্ডৰ প্ৰধানমন্ত্ৰী ৰব জেটেনৰ সৈতে বাৰ্তালাপ কৰে। আমি ভাৰত-নেদাৰলেণ্ডৰ সম্পৰ্ক আৰু অধিক শক্তিশালী কৰাৰ উপায়ৰ বিষয়ে আলোচনা কৰিলোঁ। অৰ্ধপৰিবাহী, জল প্ৰকল্প, সেউজ হাইড্ৰ'জেন আৰু প্ৰতিভাৰ গতিশীলতাৰ দৰে ক্ষেত্ৰত আমাৰ অংশীদাৰিত্বৰ সম্ভাৱনাৰ বিষয়ত আলোকপাত কৰিলোঁ, শ্ৰী মোদীয়ে কয়। শ্ৰী মোদীয়ে পশ্চিম এছিয়া অঞ্চললৈ শান্তি ঘূৰাই অনা আৰু স্থিতিশীলতা পুনৰুদ্ধাৰ কৰাৰ প্ৰয়োজনীয়তাৰ কথা পুনৰবাৰ উল্লেখ কৰে।নেদাৰলেণ্ডছৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰা ৰব জেটেনক প্ৰধানমন্ত্ৰীৰ অভিনন্দন
February 24th, 02:33 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নেদাৰলেণ্ডছৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰা ৰব জেটেনক অভিনন্দন জনাইছে।