১৭-১৮ জানুৱাৰীত পশ্চিমবংগ ভ্ৰমণ প্ৰধানমন্ত্ৰীৰ
January 16th, 01:55 pm
১৭ জানুৱাৰীত প্ৰায় ১২.৪৫ বজাত প্ৰধানমন্ত্ৰীয়ে মালদা ভ্ৰমণ কৰি মালদা টাউন ৰে’লৱে ষ্টেচনত হাওৰা আৰু গুৱাহাটী (কামাখ্যা)ৰ মাজত ভাৰতৰ প্ৰথমখন বন্দে ভাৰত শ্লিপাৰ ট্ৰেইনৰ শুভাৰম্ভ কৰিব। তাৰ পাছত বিয়লি প্ৰায় ১.৪৫ বজাত, প্ৰধানমন্ত্ৰীয়ে মালদাত এক ৰাজহুৱা অনুষ্ঠানত ৩,২৫০ কোটি টকাতকৈও অধিক ব্যয়সাপেক্ষ একাধিক ৰে’ল আৰু পথ আন্তঃগাঁথনি প্ৰকল্প ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰিব আৰু কিছুসংখ্যক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব।প্ৰধানমন্ত্ৰীয়ে ১৩ ডিচেম্বৰত উত্তৰ প্ৰদেশ ভ্ৰমণ কৰিব
December 12th, 02:10 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৩ ডিচেম্বৰত উত্তৰ প্ৰদেশ ভ্ৰমণ কৰিব। তেওঁ প্ৰয়াগৰাজলৈ যাত্ৰা কৰিব আৰু দুপৰীয়া প্ৰায় ১২:১৫ বজাত সংগমস্থলত পূজা-অৰ্চনা কৰাৰ লগতে দৰ্শন কৰিব। ইয়াৰ পিছত প্ৰায় ১২:৪০ বজাত প্ৰধানমন্ত্ৰীয়ে অক্ষয় বটবৃক্ষ স্থলীত পূজা কৰাৰ পিছত হনুমান মন্দিৰ আৰু সৰস্বতী কুপত দৰ্শন আৰু পূজা কৰিব। প্ৰায় ১:৩০ বজাত তেওঁ মহাকুম্ভ প্ৰদৰ্শনী স্থান পৰিদৰ্শন কৰিব। ইয়াৰ পিছত তেওঁ প্ৰায় ২ বজাত প্ৰয়াগৰাজত প্ৰায় ৫৫০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু শুভাৰম্ভ কৰিব।