
প্ৰধানমন্ত্ৰীয়ে ১৩ ডিচেম্বৰত উত্তৰ প্ৰদেশ ভ্ৰমণ কৰিব
December 12th, 02:10 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৩ ডিচেম্বৰত উত্তৰ প্ৰদেশ ভ্ৰমণ কৰিব। তেওঁ প্ৰয়াগৰাজলৈ যাত্ৰা কৰিব আৰু দুপৰীয়া প্ৰায় ১২:১৫ বজাত সংগমস্থলত পূজা-অৰ্চনা কৰাৰ লগতে দৰ্শন কৰিব। ইয়াৰ পিছত প্ৰায় ১২:৪০ বজাত প্ৰধানমন্ত্ৰীয়ে অক্ষয় বটবৃক্ষ স্থলীত পূজা কৰাৰ পিছত হনুমান মন্দিৰ আৰু সৰস্বতী কুপত দৰ্শন আৰু পূজা কৰিব। প্ৰায় ১:৩০ বজাত তেওঁ মহাকুম্ভ প্ৰদৰ্শনী স্থান পৰিদৰ্শন কৰিব। ইয়াৰ পিছত তেওঁ প্ৰায় ২ বজাত প্ৰয়াগৰাজত প্ৰায় ৫৫০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু শুভাৰম্ভ কৰিব।